প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ক’ভিড-১৯ সন্দৰ্ভত পুনৰীক্ষণ বৈঠকত প্ৰধানমন্ত্ৰীৰ সভাপতিত্ব

Posted On: 18 MAR 2020 10:38PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ক’ভিড-১৯ৰ প্ৰতিৰোধৰ বাবে চলিত প্ৰয়াসসমূহৰ পুনৰীক্ষণৰ বাবে এক উচ্চস্তৰীয় বৈঠকত সভাপতিত্ব প্ৰদান কৰে৷

আগন্তুক সময়ত ভাৰতৰ প্ৰস্তুতি শক্তিশালী কৰাৰ বিষয়ে বৈঠকত আলোচনা কৰা হয়৷ বৈঠকত পৰীক্ষণ সুবিধা সম্প্ৰসাৰণ কৰাৰ বিষয়েও আলোচনা কৰা হয়৷

প্ৰধানমন্ত্ৰীয়ে ব্যক্তিবিশেষে, স্থানীয় সম্প্ৰদায় আৰু সংস্থাসমূহক ক’ভিড-১৯ক প্ৰতিৰোধ কৰাৰ দিশত সক্ৰিয়ভাৱে জড়িত হ’বলৈ আহ্বান জনায়৷ তদুপৰি তেওঁ কাৰ্যকৰী বিষয়া আৰু প্ৰযুক্তি বিশেষজ্ঞসকলকো পৰৱৰ্তী পৰ্যায়ত গ্ৰহণ কৰিবলগীয়া পদক্ষেপসমূহৰ বাবে স্বেচ্ছাই অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়৷

ক’ভিড-১৯ক প্ৰতিৰোধ কৰিবলৈ ৰাজ্য চৰকাৰ, চিকিৎসা কৰ্মী, পেৰামেডিকেল কৰ্মী, সৈন্য আৰু পেৰামিলিটেৰী শক্তি, বিমানখণ্ড, পৌৰনিগম তথা অন্যান্য যিসকল লোক জড়িত হৈ আছে, তেওঁলোকৰ প্ৰতি প্ৰধানমন্ত্ৰীয়ে কৃতজ্ঞতা প্ৰকাশ কৰে৷

প্ৰধানমন্ত্ৰীয়ে ১৯ মাৰ্চ ২০২০ তাৰিখে নিশা ৮ বজাত ৰাষ্ট্ৰক উদ্দেশ্যি ক’ভিড-১৯ সম্পৰ্কীয় বিষয় তথা ইয়াক প্ৰতিৰোধ কৰাৰ প্ৰয়াসৰ বিষয়ে ভাষণ প্ৰদান কৰিব৷

***

VRRK/AK/MANN



(Release ID: 1607038) Visitor Counter : 140