57th International Film Festival of India 2026
20 – 28 Nov 2026

৫৭ সংখ্যক ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (IFFI) সকলোৰে বাবে সহজে প্ৰৱেশযোগ্য আৰু সৰ্বাংগীণ কৰি তুলিবলৈ এন এফ ডি চি(NFDC)ৰ সৈতে স্বয়ম(Svayam)ৰ সহযোগিতা

মহোৎসৱৰ স্থানসমূহত প্ৰৱেশ সম্পৰ্কীয় নিৰীক্ষণ, স্বেচ্ছাসেৱকসকল সংবেদনশীল কৰি তোলা আৰু চলচ্চিত্ৰ উপভোগৰ সৰ্বাংগীণ অভিজ্ঞতা প্ৰসাৰৰ বাবে এক পাৰস্পৰিক অংশগ্ৰহণমূলক অনুকৰণ ক্ষেত্ৰ(simulation zone ) গঢ়ি তোলাত গুৰুত্ব আৰোপ কৰিব এই সহযোগিতাই।

সাংস্কৃতিক অনুষ্ঠানসমূহত প্ৰৱেশ আৰু সকলোৰে অংশগ্ৰহণ নিশ্চিত কৰাৰ ক্ষেত্ৰত এক আদৰ্শ মান নিৰ্দ্ধাৰণ কৰাই এই পদক্ষেপৰ লক্ষ্য।

পোষ্ট কৰা হৈছে: 20 NOV 2026 12:12PMby PIB Guwahatiৰিলিজ আই ডি : 2339086Views: 8

ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগম (NFDC)-এ  ৫৭ সংখ্যক ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (IFFI) সকলো চলচ্চিত্ৰপ্ৰেমীৰ বাবে সহজে প্ৰৱেশযোগ্য  আৰু সকলোকে সামৰি লোৱাকৈ গঢ়ি তুলিবলৈ স্বয়ম(Svayam)ৰ  সৈতে সহযোগিতাৰে  আগবাঢ়িছে । ইয়াৰ ভিতৰত বিশেষভাৱে সক্ষম ব্যক্তি আৰু চলাচলৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হোৱা ব্যক্তিসকলো অন্তৰ্ভুক্ত। এই সহযোগিতাৰ জৰিয়তে দুয়োটা প্ৰতিষ্ঠানৰ মাজত এইবাৰ তৃতীয়বাৰৰ বাবে অংশীদাৰিত্ব স্থাপন হৈছে। ইয়াৰ পূৰ্বে ৫৫ সংখ্যক ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (IFFI)  আৰু ১৮ সংখ্যক মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (MIFF)তো দুয়োটা প্ৰতিষ্ঠানে অংশীদাৰ হিচাপে একেলগে কাম কৰিছিল।

প্ৰৱেশগম্যতা সম্পৰ্কীয় সহযোগী প্ৰতিষ্ঠান হিচাপে স্বয়ম(Svayam)-এ মহোৎসৱৰ বিভিন্ন স্থানত প্ৰৱেশগম্যতাৰ নিৰীক্ষণ চলাই আছে। ইয়াৰ জৰিয়তে সম্ভাৱ্য বাধাসমূহ চিনাক্ত কৰাৰ লগতে দৰ্শনাৰ্থীসকলে যাতে অধিক নিৰাপদ, আৰামদায়ক আৰু স্বতন্ত্ৰভাৱে যাতায়াত তথা প্ৰৱেশ কৰিব পাৰে, তাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থাৰ পৰামৰ্শ আগবঢ়োৱা হ'ব।

এই অংশীদাৰিত্বৰ অধীনত মহোৎসৱৰ স্বেচ্ছাসেৱকসকলৰ বাবে বিশেষভাৱে সক্ষমতা আৰু প্ৰৱেশগম্যতা সম্পৰ্কীয় সজাগতা কৰ্মশালাৰো আয়োজন কৰা হৈছে। এই কৰ্মশালাসমূহত সন্মানজনক যোগাযোগ, সকলোকে সামৰি লোৱা সহায়-সহযোগিতা আৰু বিভিন্ন ধৰণৰ প্ৰৱেশগম্যতাৰ প্ৰয়োজন থকা ব্যক্তিসকলক সহায় কৰাৰ ব্যৱহাৰিক উপায়সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ'ব।

তদুপৰি, প্ৰৱেশগম্যতা অনুকৰণ ক্ষেত্ৰ (Accessibility Simulation Zone) ৰ জৰিয়তে দৰ্শনাৰ্থী আৰু মহোৎসৱৰ সৈতে জড়িত বিভিন্ন পক্ষই বিশেষভাৱে সক্ষম ব্যক্তি আৰু চলাচলৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হোৱা লোকসকলে দৈনন্দিন জীৱনত সন্মুখীন হোৱা বাধাসমূহৰ বিষয়ে পাৰস্পৰিক অংশগ্ৰহণৰ জৰিয়তে বুজি পোৱাৰ সুযোগ লাভ কৰিব। এই পদক্ষেপৰ লক্ষ্য হৈছে সকলোৰে বাবে সহজে ব্যৱহাৰোপযোগী ৰাজহুৱা স্থানৰ গুৰুত্ব সম্পৰ্কে অধিক সজাগতা, সহমৰ্মিতা আৰু বুজাবুজিৰ মনোভাৱ গঢ়ি তোলা।

এই অংশীদাৰিত্ব সন্দৰ্ভত স্বয়ম (Svayam)ৰ পৰিচালন সঞ্চালক শ্ৰীমতী স্মিনু জিন্দালে কয়, “প্ৰৱেশগম্যতা কেৱল ৰেম্প (Ramp) নিৰ্মাণ কৰা বা ভৌতিক স্থানসমূহ বাধামুক্ত কৰি তোলাৰ মাজতে সীমাবদ্ধ নহয়; বৰঞ্চ সমাজৰ প্ৰতিগৰাকী ব্যক্তিয়ে যাতে সমান মৰ্যাদা, স্বতন্ত্ৰতা আৰু সুযোগ লাভ কৰি সমানে অংশগ্ৰহণ কৰিব পাৰে, সেয়া নিশ্চিত কৰাটোহে ইয়াৰ প্ৰকৃত অৰ্থ। চলচ্চিত্ৰ হৈছে এনে এক শক্তিশালী মাধ্যম, যিয়ে মানুহক একত্ৰিত কৰে, সীমাৰ পৰিধি অতিক্ৰম কৰে আৰু মানৱ জীৱনৰ বৈচিত্ৰ্যময় অভিজ্ঞতাক উদযাপন কৰে। সেয়েহে, চলচ্চিত্ৰ মহোৎসৱসমূহো যাতে সকলোৰে বাবে সমানে আদৰণীয় আৰু সহজে প্ৰৱেশযোগ্য হয়, সেয়া অত্যন্ত জৰুৰী। ৫৭ সংখ্যক আই এফ এফ আই (IFFI)ৰ বাবে এন এফ ডি চি (NFDC)ৰ সৈতে আমাৰ এই সহযোগিতা মহোৎসৱৰ অভিজ্ঞতাৰ অবিচ্ছেদ্য অংগ হিচাপে সকলোকে সামৰি লোৱাৰ ধাৰণাক প্ৰতিষ্ঠা কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ। আমি এনে এখন আই এফ এফ আই (IFFI)ৰ  কল্পনা কৰোঁ, য'ত বয়স, সাময়িক আঘাত অথবা স্থায়ীভাৱে বিশেষভাৱে সক্ষম হোৱাৰ বাবে চলাচলৰ ক্ষেত্ৰত হোৱা অসুবিধাই চলচ্চিত্ৰ উপভোগৰ আনন্দ লাভৰ পথত কোনো বাধাৰ সৃষ্টি নকৰে।”

এই পদক্ষেপৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক শ্ৰী ধীৰাজ সিঙে কয়, “ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱে চলচ্চিত্ৰৰ সাৰ্বজনীন ভাষাক উদযাপন কৰে আৰু এই উদযাপন যাতে প্ৰকৃতাৰ্থতে সকলোৰে বাবে মুকলি হয়, সেয়া নিশ্চিত কৰাটো গুৰুত্বপূৰ্ণ। স্বয়ম (Svayam)ৰ সৈতে আমাৰ অংশীদাৰিত্ব ৫৭ সংখ্যক আইএফএফআই (IFFI)ক সকলো চলচ্চিত্ৰপ্ৰেমীৰ বাবে অধিক প্ৰৱেশগম্য, সকলোকে সামৰি লোৱা আৰু আদৰণীয় কৰি তোলাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ। প্ৰৱেশগম্য মহোৎসৱস্থলী, প্ৰশিক্ষণপ্ৰাপ্ত আৰু সংবেদনশীল স্বেচ্ছাসেৱকৰ জৰিয়তে আমি এনে এক পৰিৱেশ গঢ়ি তুলিবলৈ প্ৰয়াস কৰিছোঁ, য'ত সকলোৱে মৰ্যাদা, স্বাচ্ছন্দ্য আৰু স্বতন্ত্ৰতাৰে মহোৎসৱত অংশগ্ৰহণ কৰিব পাৰে। আমি আশা কৰোঁ, এই পদক্ষেপে ভাৰতত সকলোকে সামৰি লোৱা সাংস্কৃতিক আৰু চলচ্চিত্ৰ সম্পৰ্কীয় অনুষ্ঠানসমূহৰ ক্ষেত্ৰত এক অৰ্থপূৰ্ণ আদৰ্শ মান স্থাপন কৰিব।”

এই সহযোগিতা ভাৰতৰ এই অগ্ৰণী চলচ্চিত্ৰ মহোৎসৱক চলচ্চিত্ৰৰ  প্ৰকৃতাৰ্থত সকলোকে সামৰি লোৱা উদযাপন হিচাপে গঢ়ি তোলাৰ দিশত আন এক পদক্ষেপ। ইয়াৰ জৰিয়তে বিশেষভাৱে সক্ষম ব্যক্তি আৰু চলাচলৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হোৱা ব্যক্তিসকলে যাতে মৰ্যাদা আৰু স্বতন্ত্ৰতাৰে মহোৎসৱত অংশগ্ৰহণ কৰিব পাৰে, আনৰ সৈতে সংযোগ স্থাপন কৰিব পাৰে আৰু কাহিনী কোৱাৰ শক্তি অনুভৱ কৰিব পাৰে, সেয়া নিশ্চিত কৰাৰ প্ৰয়াস কৰা হৈছে।

IFFILOID – Volume 5, Issue 1 : 20 November 2026

* * *

PIB IFFI Team | Rajith Chandran/ Supriya Ghaytadak/ Darshana Rane | IFFI 57 - 036


Great films resonate through passionate voices. Share your love for cinema with #IFFI2026 and #StoriesWithoutBorders. Tag us @pibindia on Instagram and @PIB_India on X, and we will help amplify your festival moments!

For accredited journalists, critics, bloggers, and vloggers seeking 1-on-1 interviews with filmmakers and festival juries, write to us at:
iffi.mediadesk@pib.gov.in with the subject line: Take One with PIB.


Official Release ID: 2339086
•
Media Centre: Goa
•
Festival Dates: Nov 20 – 28, 2026