গোৱা, ১৯ নৱেম্বৰ ২০২৬
পৰ্দাত প্ৰদৰ্শিত প্ৰতিখন চলচ্চিত্ৰৰ আঁৰত থাকে একাংশ এদল সৃজনশীল মনৰ লোক, যিসকলৰ অৱদানে ছবিখনৰ কাহিনী, শব্দ আৰু দৃশ্যগত পৰিচয় গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এই সামূহিক প্ৰতিভাৰ গুৰুত্বক স্বীকৃতি জনাই তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অন্যতম পদক্ষেপ তথা নেচনেল ফিল্ম ডেভেলপমেণ্ট কৰ্প’ৰেচন (NFDC)ৰ দ্বাৰা ৰূপায়িত ক্ৰিয়েটিভ মাইণ্ডছ অৱ টুম’ৰ’ (CMOT)-এ গোৱাত অনুষ্ঠিত ৫৭সংখ্যক ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (IFFI) ত ভাৰতৰ১০০গৰাকী যুৱ সৃষ্টিশীল প্ৰতিভাক একত্ৰিত কৰিছে। এয়া ক্ৰিয়েটিভ মাইণ্ডছ অৱ টুম’ৰ’ (CMOT)-ৰ ষষ্ঠ সংস্কৰণ।
২০২৬ বৰ্ষৰ এই দলটোৱে পৰিচালনা, অভিনয়, চিনেমাট’গ্ৰাফী, সম্পাদনা আৰু ছাবটাইটেলিং, চিত্ৰনাট্য ৰচনা, নেপথ্য কণ্ঠদান (প্লেবেক ছিংগিং), সংগীত পৰিচালনা, শব্দ বাণীবন্ধন, সাজ-পোছাকৰ আৰ্হি (কষ্টিউম ডিজাইন), কেশসজ্জা আৰু ৰূপসজ্জা (মেকআপ), কলা নিৰ্দেশনা, এনিমেচন, ভিজুৱেল ইফেক্টছ (VFX), অগমেণ্টেড ৰিয়েলিটি (AR), ভাৰ্চুৱেল ৰিয়েলিটি (VR), আৰু ভইচ-অভাৰ তথা ডাবিঙকে ধৰি চলচ্চিত্ৰ নিৰ্মাণৰ ১৩ টা কলা-কৌশলৰ আগ্ৰহী পেছাদাৰীসকলক একত্ৰিত কৰিছে। বিভিন্ন সৃজনশীল ক্ষেত্ৰৰ অংশগ্ৰহণকাৰীসকলক একগোট কৰা এই বিশেষ উদ্যোগে চলচ্চিত্ৰ নিৰ্মাণৰ অভিজ্ঞতাৰ কেন্দ্ৰবিন্দুত পাৰস্পৰিক সহযোগিতাক স্থান দিছে।

বাছনি প্ৰক্ৰিয়াটোত চলচ্চিত্ৰ শিক্ষা আৰু উদ্যোগটোৰ ব্যৱহাৰিক দিশৰ দৃষ্টিভংগী একত্ৰিত কৰা হৈছে। ভাৰতৰ ফিল্ম এণ্ড টেলিভিচন ইন্সটিটিউট (FTII)ৰ অধ্যাপকসকলক লৈ গঠিত ১৩ জনীয়া বাছনি সমিতিয়ে সংশ্লিষ্ট কলা-কৌশলসমূহৰ আবেদনসমূহৰ মূল্যায়ন কৰে। পৰৱৰ্তী পৰ্যায়ৰ দায়িত্ব উদ্যোগটোৰ প্ৰতিষ্ঠিত পেছাদাৰীসকলক লৈ গঠিত ১২ জনীয়া বিশেষ বিচাৰকমণ্ডলী(Grand Jury)-এ গ্ৰহণ কৰে, যিয়ে নিৰ্বাচিত অংশগ্ৰহণকাৰীসকলক বাছনি কৰে। চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰত্যাহ্বান আৰু ইয়াৰ চূড়ান্ত বঁটাসমূহৰ বাবে পৰৱৰ্তী সময়ত বিশিষ্ট চলচ্চিত্ৰ পেছাদাৰীসকলক লৈ গঠিত পাঁচজনীয়া উচ্চস্তৰীয় বিচাৰকমণ্ডলী (Great Grand Jury)-এ মূল্যায়ন কৰে।
এই কাৰ্যসূচীৰ এটা মূল অংশ হৈছে এনএফডিচিৰ (NFDC) সহযোগত পুনেৰ এফটিআইআই (FTII)-ৰ দ্বাৰা পৰিচালিত ৪৮ ঘণ্টীয়া চলচ্চিত্ৰ নিৰ্মাণ প্ৰতিযোগিতা তথা প্ৰত্যাহ্বান(48-Hour Filmmaking Challenge)। বিভিন্ন কলা-কৌশলৰ অংশগ্ৰহণকাৰীসকলে একেলগে কাম কৰি ৪৮ ঘণ্টাৰ নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত চুটি ছবিৰ ধাৰণা গ্ৰহন কৰি সেই ছবি নিৰ্মাণ কৰিব। বিশেষজ্ঞৰ দিহা-পৰামৰ্শ আৰু প্ৰতিষ্ঠানিক নিৰ্দেশনাৰ দ্বাৰা সমৰ্থিত এই প্ৰত্যাহ্বানে পেছাদাৰী প্ৰযোজনাৰ সীমাবদ্ধতাৰ মাজত এটা চলচ্চিত্ৰ নিৰ্মাণকাৰী দল হিচাপে কাম কৰাৰ এক গভীৰ ব্যৱহাৰিক অভিজ্ঞতা প্ৰদান কৰিব। নিৰ্মাণ সম্পূৰ্ণ হোৱা ছবিসমূহ আইএফ এফ আই (IFFI)ত বিশেষভাৱে প্ৰদৰ্শন কৰা হ'ব আৰু চলচ্চিত্ৰ উদ্যোগৰ বিশিষ্ট পেছাদাৰীসকলৰ এখন জুৰীয়ে ইয়াৰ মূল্যায়ন কৰিব, লগতে বিভিন্ন শিতানত উৎকৰ্ষৰ স্বীকৃতি স্বৰূপে বঁটা প্ৰদান কৰা হ'ব।
চিএমঅ’টি টেলেণ্ট কেম্প (CMOT Talent Camp)-এ অংশগ্ৰহণকাৰীসকলক বৃহত্তৰ সংবাদ মাধ্যম আৰু মনোৰঞ্জন উদ্যোগৰ সৈতে অধিক সংযোগ স্থাপন কৰাত সহায় কৰিব, যাৰ জৰিয়তে তেওঁলোকে প্ৰডাকচন হাউছ, ষ্টুডিঅ’, মিউজিক লেবেল, অ’টিটি (OTT) প্লেটফৰ্ম, সম্প্ৰচাৰক আৰু উদ্যোগটোৰ অন্যান্য অংশীদাৰসকলৰ সান্নিধ্য লাভ কৰিব। ই যুৱ প্ৰতিভাসমূহক তেওঁলোকৰ মৌলিক কামসমূহ উপস্থাপন কৰিবলৈ, উদ্যোগটোৰ প্ৰতিনিধিসকলৰ সৈতে মত বিনিময় কৰিবলৈ আৰু পেছাদাৰী সুযোগসমূহ অন্বেষণ কৰিবলৈ সক্ষম কৰি তুলিব।
২০২১ চনত আৰম্ভ হোৱাৰে পৰা চিএমঅ’টি (CMOT) উদীয়মান সৃজনশীল পেছাদাৰীসকলক সংবাদ মাধ্যম আৰু মনোৰঞ্জন উদ্যোগৰ সৈতে সংযোগ কৰোৱা এখন মঞ্চ হিচাপে গঢ় লৈ উঠিছে। ইয়াৰ প্ৰাক্তন অংশগ্ৰহণকাৰীসকলে আন্তঃৰাষ্ট্ৰীয় প্ৰযোজনাত কাম কৰাৰ লগতে কাঁ (Cannes), বাৰ্লিনালে (Berlinale), টৰণ্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (TIFF) আৰু আন্তঃৰাষ্ট্ৰীয় এমি বঁটাৰ দৰে মঞ্চ আৰু মহোৎসৱত স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে।
ভাৰতৰ সৃজনশীল অৰ্থনীতি ক্ৰমাগতভাৱে বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত চলচ্চিত্ৰ নিৰ্মাণৰ বিভিন্ন শাখাত দক্ষ আৰু উদ্ভাৱনী পেছাদাৰীসকলক গঢ়ি তোলাটো ক্ৰমান্বয়ে অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছে। শিক্ষা, ব্যৱহাৰিক সহযোগিতা আৰু উদ্যোগটোৰ সৈতে জড়িত হোৱাৰ সুযোগ একত্ৰিত কৰি চিএমঅ’টি (CMOT)-এ উদীয়মান প্ৰতিভাসমূহৰ সৃজনশীল সামৰ্থ্যক পেছাদাৰী সুযোগলৈ ৰূপান্তৰিত কৰাৰ বাবে পথ প্ৰশস্ত কৰিব বিচাৰিছে।
গোৱাত সমবেত হোৱা ১০০ গৰাকী অংশগ্ৰহণকাৰীৰ বাবে আই এফ এফ আই (IFFI) বিশ্ব চলচ্চিত্ৰৰ এক প্ৰদৰ্শনীতকৈও অধিকৰূপে পৰিগণিত হ’ব। ই হ’ব পাৰস্পৰিক সহযোগিতা, জ্ঞান আহৰণ আৰু ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাণৰ ভৱিষ্যৎ গঢ় দিয়াৰ দিশত প্ৰথম খোজ দিয়াৰ এক সুন্দৰ সুযোগ।
* * *
PIB IFFI Team | Rajith Chandran/ Lekshmi Priya/ Nikhitha A. S. | IFFI 57 - 30