তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
ইউটিউব ইমপেক্ট ছামিট ২০২৬ত বিকশিত ভাৰত গঢ়াত ক্ৰিয়েটৰ অৰ্থনীতি আৰু এআইৰ ভূমিকাৰ ওপৰত ড° এল মুৰুগানৰ আলোকপাত
প্ৰযুক্তি দ্ৰুতগতিত সলনি হ’ব পাৰে, কিন্তু সাংবিধানিক মূল্যবোধ অটুট থাকিব লাগিব: ইউটিউব ইমপেক্ট ছামিট ২০২৬ত যুৱ ক্ৰিয়েটৰসকলক উদ্দেশ্য়ি ড° এল মুৰুগানৰ বাৰ্তা
১৮,০০০ৰো অধিক ভাৰতীয় ইউটিউব চেনেলে ১০ লাখতকৈ অধিক ছাব্সক্সাইবাৰৰ সংখ্যা অতিক্ৰম কৰিছে, যিয়ে ক্ৰিয়েটৰ অৰ্থনীতিৰ ক্ৰমবৰ্ধমান পৰিসৰ প্ৰতিফলিত কৰিছে
পোষ্ট কৰা হৈছে:
29 SEP 2026 7:46PM by PIB Guwahati
যুৱ ক্ৰিয়েটৰসকলক উদ্ভাৱন আৰু সবলীকৰণৰ আহিলা হিচাপে কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰ কৰিবলৈ আহ্বান জনাই তথ্য আৰু সম্প্ৰচাৰ তথা সংসদীয় পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী ড° এল মুৰুগানে কয়, “ভৱিষ্যৎটো ‘এআই বনাম ক্ৰিয়েটৰ’ হোৱা উচিত নহয়। বৰং ভৱিষ্যৎটো ‘এআইয়ে ক্ৰিয়েটৰসকলক সবলীকৰণ কৰা’ হোৱা উচিত।” যুৱ ক্ৰিয়েটৰসকলক “সাহসেৰে সৃষ্টি কৰক। দায়িত্বশীলভাৱে সৃষ্টি কৰক। উদ্দেশ্যপূৰ্ণভাৱে সৃষ্টি কৰক” বুলি আহ্বান জনাই তেওঁ লগতে কয়, “প্ৰযুক্তি দ্ৰুতগতিত সলনি হয়। সাংবিধানিক মূল্যবোধ অটুট থাকে।”
আজি নতুন দিল্লীত “কো-ক্ৰিয়েটিং ইমপেক্ট: ইণ্ডিয়াজ ডিজিটেল লিডাৰশ্বিপ এণ্ড দ্য অ’ৰেঞ্জ ইক’নমি” শীৰ্ষক বিষয়বস্তুৰে অনুষ্ঠিত ইউটিউব ইমপেক্ট ছামিট ২০২৬ত ভাষণ দি মন্ত্ৰীগৰাকীয়ে অৰ্থনৈতিক বৃদ্ধি, নিয়োগ আৰু বিশ্বজনীন সাংস্কৃতিক প্ৰচাৰক আগুৱাই নিয়াৰ ক্ষেত্ৰত ভাৰতৰ ডিজিটেল আৰু সৃজনশীল অৰ্থনীতিৰ ক্ৰমবৰ্ধমান ভূমিকাৰ ওপৰত আলোকপাত কৰে। সন্মিলনখনত নীতি নিৰ্ধাৰক, প্ৰযুক্তি খণ্ডৰ নেতা, ক্ৰিয়েটৰ, উদ্যোগী আৰু উদ্ভাৱকসকল একত্ৰিত হয়। ড° এল মুৰুগানে সন্মিলনত মূল ভাষণ প্ৰদান কৰে।
ক্ৰিয়েটৰ অৰ্থনীতিয়ে বৃদ্ধি আৰু নিয়োগৰ গতি ত্বৰান্বিত কৰিছে
সন্মিলনত উন্মোচিত ইউটিউব ইমপেক্ট প্ৰতিবেদন অনুসৰি, ২০২৫ চনত ইউটিউবৰ সৃজনশীল পৰিৱেশতন্ত্ৰই ভাৰতৰ জিডিপিত ১৮,০০০ কোটি টকাতকৈ অধিক অৰিহণা যোগোৱাৰ লগতে দেশজুৰি ৯.৬ লাখতকৈ অধিক পূৰ্ণকালীন সমতুল্য নিয়োগৰ সুযোগ সৃষ্টি কৰাত সহায় কৰিছে।

মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে ভাৰতত সৃষ্টি কৰা বিষয়বস্তুৰ ৱাট্চ টাইমৰ ১৫ শতাংশতকৈ অধিক ভাৰতৰ বাহিৰৰ দৰ্শকৰ পৰা আহে। আনহাতে, ১৮,০০০ৰো অধিক ভাৰতীয় ইউটিউব চেনেলে ১০ লাখতকৈ অধিক ছাব্সক্ৰাইবাৰৰ সংখ্যা অতিক্ৰম কৰিছে।
ডিজিটেল ইণ্ডিয়াৰ পৰা ক্ৰিয়েটিভ ইণ্ডিয়ালৈ
ড° মুৰুগানে ডিজিটেল পেমেণ্ট, ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি, ষ্টাৰ্টআপ, কৃত্ৰিম বুদ্ধিমত্তা, সুলভ সংযোগ আৰু ডিজিটেল শিক্ষাৰ জৰিয়তে ভাৰতৰ ডিজিটেল ৰূপান্তৰৰ ওপৰত আলোকপাত কৰে। তেওঁ উপভোক্তাৰ পৰা ক্ৰিয়েটৰলৈ, ব্যৱহাৰকাৰীৰ পৰা উদ্ভাৱকলৈ আৰু বিষয়বস্তু উপভোগৰ পৰা বৌদ্ধিক সম্পত্তি সৃষ্টিলৈ আগবাঢ়ি যোৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
তেওঁ কয় যে ডিজিটেল প্ৰযুক্তিয়ে সুযোগৰ পৰিসৰ সলনি কৰিছে আৰু দেশৰ প্ৰতিখন জিলাৰ, প্ৰতিটো ভাষাৰ আৰু প্ৰতিটো সম্প্ৰদায়ৰ প্ৰতিভাক বিশ্বজনীন দৰ্শকৰ ওচৰলৈ যোৱাৰ সুযোগ প্ৰদান কৰিছে।
অ’ৰেঞ্জ অৰ্থনীতি সবলীকৰণ
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ “ভাৰতত সৃষ্টি কৰক, বিশ্বৰ বাবে সৃষ্টি কৰক” দৃষ্টিভংগীৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে অ’ৰেঞ্জ অৰ্থনীতিৰ তিনিটা স্তম্ভ—বিষয়বস্তু, সৃজনশীলতা আৰু সংস্কৃতিৰ ওপৰত আলোকপাত কৰে।
তেওঁ কয় যে সৃজনশীলতা কেৱল মনোৰঞ্জনৰ মাজতে সীমাবদ্ধ নহয়; ই নিয়োগ, ব্যৱসায়, বৌদ্ধিক সম্পত্তি, ৰপ্তানি আৰু সাংস্কৃতিক প্ৰভাৱ সৃষ্টি কৰিব পাৰে।
এআই ক্ৰিয়েটৰসকলক সবলীকৰণ বাবেহে, বদলিৰ বাবে নহয়
ড° মুৰুগানে কয় যে এআইয়ে ক্ৰিয়েটৰসকলক লিখন, অনুবাদ, সম্পাদনা, এনিমেচন, সংগীত ৰচনা, ডিজাইন আৰু বিতৰণৰ ক্ষেত্ৰত সহায় কৰিব পাৰে। অৱশ্যে, সৃজনশীলতাৰ কেন্দ্ৰবিন্দু হৈ থাকিব মানৱীয় কল্পনাশক্তি।
তেওঁ পুনৰ উল্লেখ কৰে যে এআইয়ে ক্ৰিয়েটৰসকলক প্ৰতিস্থাপন কৰাৰ পৰিৱৰ্তে তেওঁলোকক সবলীকৰণ কৰিব লাগে। লগতে উদীয়মান প্ৰযুক্তিৰ সুলভ, দায়িত্বশীল আৰু নৈতিক ব্যৱহাৰৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
সন্মিলনত ভাৰতীয় ক্ৰিয়েটিভ টেকন’লজিছ ইনষ্টিটিউট (আইআইচিটি)-ৰ সহযোগত প্ৰস্তুত কৰা “ক্ৰিয়েট উইথ এআই” চলচ্চিত্ৰসমূহো উন্মোচন কৰা হয়।
সৃজনশীল প্ৰতিভাৰ বাবে চৰকাৰী পদক্ষেপ
মন্ত্ৰীগৰাকীয়ে সৃজনশীল প্ৰতিভা চিনাক্তকৰণ, বিকাশ আৰু বজাৰৰ সৈতে সংযোগ স্থাপনৰ পথ শক্তিশালী কৰাৰ বাবে ৱেভছ, আইআইচিটি, ক্ৰিয়েট ইন ইণ্ডিয়া চেলেঞ্জেছ, জেমছ অৱ ইণ্ডিয়া, ৱেভছ বজাৰ, মাইৱেভছ আৰু ক্ৰিয়েটৰছ কৰ্ণাৰৰ দৰে পদক্ষেপসমূহৰ ওপৰত আলোকপাত কৰে।
তেওঁ ২০২৬-২৭ কেন্দ্ৰীয় বাজেটত ১৫,০০০খন মাধ্যমিক বিদ্যালয় আৰু ৫০০খন মহাবিদ্যালয়ত এভিজিচি বিষয়বস্তু-সৃষ্টিকাৰী পৰীক্ষাগাৰ স্থাপনৰ বাবে কৰা ব্যৱস্থাৰ কথাও উল্লেখ কৰে। তেওঁ কয় যে ২০৩০ চনৰ ভিতৰত এই উদ্যোগটোত প্ৰায় ২০ লাখ পেছাদাৰী লোকৰ প্ৰয়োজন হোৱাৰ সম্ভাৱনা আছে।
ডিজিটেল যুগত সাংবিধানিক মূল্যবোধ
“প্ৰযুক্তি দ্ৰুতগতিত সলনি হয়। সাংবিধানিক মূল্যবোধ অটুট থাকে” বুলি উল্লেখ কৰি ড° মুৰুগানে ভাৰতৰ ডিজিটেল ৰূপান্তৰত ন্যায়, স্বাধীনতা, সমতা আৰু ভ্ৰাতৃত্ববোধৰ প্ৰাসংগিকতাৰ ওপৰত আলোকপাত কৰে।
অনুচ্ছেদ ১৯ আৰু যুক্তিসংগত সাংবিধানিক বিধিনিষেধৰ অধীনত থকা বাক-স্বাধীনতা আৰু মত প্ৰকাশৰ স্বাধীনতাৰ কথা উল্লেখ কৰি তেওঁ কয় যে সৃষ্টি কৰাৰ স্বাধীনতাৰ সৈতে দায়িত্বও জড়িত থাকিব লাগিব।
তেওঁ অনুচ্ছেদ ৫১এৰ অধীনত থকা মৌলিক কৰ্তব্যসমূহৰ কথাও উল্লেখ কৰি ডিজিটেল যুগত দায়িত্বশীলভাৱে সৃষ্টি, শ্বেয়াৰ, সত্যতা পৰীক্ষা আৰু উদ্ভাৱনৰ আহ্বান জনায়।
ভাৰতৰ কাহিনী বিশ্বৰ ওচৰলৈ লৈ যোৱা
ড° মুৰুগানে কয় যে চলচ্চিত্ৰ, সংগীত, গেমিং, এনিমেচন, ডিজিটেল ষ্ট’ৰীটেলিং, ডিজাইন, হস্তশিল্প আৰু সাহিত্যৰ জৰিয়তে ভাৰতৰ সাংস্কৃতিক ঐতিহ্যক নতুন দৰ্শকৰ ওচৰলৈ লৈ যাব পাৰি।
যুৱ ক্ৰিয়েটৰসকলক সম্বোধন কৰি তেওঁ কয় যে তেওঁলোকৰ ভাষা, সংস্কৃতি আৰু কাহিনী বিশ্বজনীন হ’ব পাৰে। তেওঁ যুৱ ক্ৰিয়েটৰসকলক ভাৰতৰ বৈচিত্ৰ্যৰ ওপৰত আত্মবিশ্বাস ৰাখি সৃষ্টি কৰিবলৈ আহ্বান জনায়।
মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতৰ ডিজিটেল অৰ্থনীতিৰ ভৱিষ্যৎ দেশখনে প্ৰযুক্তিৰ সহায়ত কি সৃষ্টি কৰে তাৰ ওপৰত নিৰ্ভৰ কৰিব। বিকশিত ভাৰত ২০৪৭ৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত তেওঁ নিয়োগ, বৌদ্ধিক সম্পত্তি, বিশ্বজনীন সুযোগ আৰু অন্তৰ্ভুক্তিমূলক বৃদ্ধিৰ গুৰুত্বৰ ওপৰত জোৰ দিয়ে।
সন্মিলনখনত বিকশিত ভাৰত ২০৪৭ৰ লক্ষ্য আগুৱাই নিয়াৰ ক্ষেত্ৰত ভাৰতৰ ডিজিটেল আৰু সৃজনশীল উদ্যোগসমূহৰ ক্ৰমবৰ্ধমান ভূমিকাৰ ওপৰত আলোকপাত কৰা হয়। মন্ত্ৰীগৰাকীয়ে এক অন্তৰ্ভুক্তিমূলক আৰু বিশ্বজনীনভাৱে প্ৰতিযোগিতামূলক সৃজনশীল পৰিৱেশতন্ত্ৰ গঢ়ি তুলিবলৈ সামূহিক প্ৰচেষ্টাৰ আহ্বান জনায়। ইউটিউব ইণ্ডিয়াৰ কান্ট্ৰী মেনেজিং ডাইৰেক্টৰ শ্ৰীমতী গুঞ্জন ছোনী, ইউটিউবৰ গ্ল’বেল গভৰ্ণমেণ্ট এফেয়াৰ্ছ এণ্ড পাব্লিক পলিচীৰ ভাইচ প্ৰেছিডেণ্ট শ্ৰীমতী লেছলি মিলাৰ আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ যুটীয়া সচিব শ্ৰী সন্তিল ৰাজনো অনুষ্ঠানত উপস্থিত থাকে।
*****
Mahesh Kuamr/ Aparajita Priyadarshini/AA
(ৰিলিজ আই ডি : 2316773)
অতিথি কক্ষ : 8