তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰ-ৰাজ্য সমন্বয় শক্তিশালী কৰাৰ লক্ষ্যৰে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ উদ্যোগত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ তথ্য আৰু জনসংযোগ বিভাগৰ সচিবসকলৰ সৈতে ৰাষ্ট্ৰীয় সন্মিলন অনুষ্ঠিত

ৱেভছ ২০২৭ৰ পৰা লাইভ ইভেণ্টলৈ—ভাৰতৰ সৃষ্টিশীল অৰ্থনীতি আৰু মিডিয়া পৰিৱেশ তন্ত্ৰ শক্তিশালী কৰাৰ বাবে মন্ত্ৰালয়ে প্ৰস্তুত কৰিলে ৰোডমেপ

পোষ্ট কৰা হৈছে: 25 AUG 2026 6:46PM by PIB Guwahati

কেন্দ্ৰ-ৰাজ্য সমন্বয় শক্তিশালী কৰাৰ লক্ষ্যৰে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ উদ্যোগত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ তথ্য আৰু জনসংযোগ বিভাগৰ সচিবসকলৰ সৈতে ৰাষ্ট্ৰীয় সন্মিলন অনুষ্ঠিত

ৱেভছ ২০২৭ৰ পৰা লাইভ ইভেণ্টলৈ—ভাৰতৰ সৃষ্টিশীল অৰ্থনীতি আৰু মিডিয়া পৰিৱেশ তন্ত্ৰ শক্তিশালী কৰাৰ বাবে মন্ত্ৰালয়ে প্ৰস্তুত কৰিলে ৰোডমেপ

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে আজি নতুন দিল্লীত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ তথ্য আৰু জনসংযোগ বিভাগৰ সচিবসকলৰ সৈতে এখন ৰাষ্ট্ৰীয় সন্মিলনৰ আয়োজন কৰে। সন্মিলনখনত কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ জ্যেষ্ঠ বিষয়াসকল একত্ৰিত হৈ তথ্য, সম্প্ৰচাৰ, মিডিয়া আৰু সৃষ্টিশীল অৰ্থনীতিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপসমূহৰ বিষয়ে আলোচনা কৰাৰ লগতে সমন্বয় অধিক শক্তিশালী কৰাৰ ওপৰত আলোচনা কৰে।

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব শ্ৰী চঞ্চল কুমাৰে সন্মিলনখনত সভাপতিত্ব কৰে আৰু আলোচনাৰ সময়ত অংশগ্ৰহণকাৰী ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ বিষয়াসকলৰ সৈতে মত-বিনিময় কৰে। মাননীয় প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগী- যাৰ অধীনত ভাৰতৰ ‘ছফ্ট পাৱাৰ’ আৰু সৃষ্টিশীল অৰ্থনীতিক ৰাষ্ট্ৰীয় প্ৰগতিৰ সাতটা ধাৰা অৰ্থাৎ ‘সপ্তধাৰা’ৰ অন্যতম হিচাপে স্থান দিয়া হৈছে, সেই দৃষ্টিভংগীৰ কথা উল্লেখ কৰি সচিবগৰাকীয়ে ভাৰতৰ বিপুল সৃষ্টিশীল সম্ভাৱনাক ব্যৱহাৰ কৰা আৰু জনসংযোগ শক্তিশালী কৰাৰ বাবে কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ মাজত অধিক শক্তিশালী আৰু সু-গাঁথনিযুক্ত সহযোগিতাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে সংস্কৃতি, সৃষ্টিশীলতা আৰু বাণিজ্যক সামৰি লোৱা সৃষ্টিশীল অৰ্থনীতিৰ জৰিয়তে নিয়োগ সৃষ্টি, বিনিয়োগ আকৰ্ষণ আৰু বিশ্ব পৰ্যায়ত ভাৰতৰ প্ৰভাৱ বৃদ্ধি কৰাৰ যথেষ্ট সম্ভাৱনা আছে।

ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ বৈচিত্ৰ্যপূৰ্ণ শক্তিৰ ওপৰত আলোকপাত কৰি সচিবগৰাকীয়ে কয় যে সৃষ্টিশীল অৰ্থনীতিৰ বিকাশৰ বাবে একেটা আৰ্হি সকলোৰে ক্ষেত্ৰত প্ৰযোজ্য হ’ব নোৱাৰে। তেওঁ কয় যে প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ সাংস্কৃতিক শক্তি, প্ৰতিষ্ঠানিক সক্ষমতা আৰু আঞ্চলিক প্ৰতিভাক ব্যৱহাৰ কৰি ইয়াৰ সৃষ্টিশীল সম্ভাৱনা বাস্তৱায়িত কৰিব লাগিব।

তেওঁ কেন্দ্ৰ-ৰাজ্য সহযোগিতা অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰসমূহৰ ওপৰতো আলোকপাত কৰে, যাৰ ভিতৰত আন্তঃগাঁথনি, ব্যৱসায় কৰাৰ সহজতা, সক্ষমতা নিৰ্মাণ, আঞ্চলিক সমল আৰু সৃষ্টিশীল পৰিৱেশ তন্ত্ৰ অন্যতম। ৱেভছ ২০২৭, ৱেভছ বজাৰ, ৱেভেক্স আৰু ক্ৰিয়েট ইন ইণ্ডিয়া চেলেঞ্জেছৰ দৰে ৰাষ্ট্ৰীয় মঞ্চই দেশৰ বিভিন্ন প্ৰান্তৰ সৃষ্টিশীল ব্যক্তি আৰু ষ্টাৰ্ট-আপসমূহক বজাৰ, বিনিয়োগকাৰী, প্ৰযুক্তি আৰু বিশ্বব্যাপী অংশীদাৰিত্বৰ অধিক সুযোগ প্ৰদান কৰিব পাৰে।

সন্মিলনত অংশগ্ৰহণ কৰা ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ বিষয়াসকলে বিভিন্ন পদক্ষেপ ৰূপায়ণৰ ক্ষেত্ৰত তেওঁলোকৰ অভিজ্ঞতা আৰু উদ্বেগসমূহ অৱগত কৰে আৰু মন্ত্ৰালয়ৰ সৈতে সমন্বয় আৰু সম্পৰ্ক অধিক শক্তিশালী কৰাৰ উপায়সমূহৰ বিষয়ে আলোচনা কৰে। ৰাজ্যিক পৰ্যায়ত সক্ষমতা নিৰ্মাণৰ প্ৰয়োজনীয়তাৰ কথাও উত্থাপন কৰা হয় আৰু ৰাজ্যসমূহে উন্নত যোগাযোগ, সম্পৰ্ক আৰু নিয়মীয়া সন্মিলনৰ জৰিয়তে মন্ত্ৰালয়ৰ পৰা অধিক সহায় বিচাৰে। বিষয়াসকলে মন্ত্ৰালয়ৰ সৈতে অধিক ঘনিষ্ঠভাৱে সহযোগিতা কৰাৰ লগতে ‘অৰেঞ্জ ইকনমি’ শক্তিশালী কৰাৰ ক্ষেত্ৰত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰাৰ বাবেও আগ্ৰহ প্ৰকাশ কৰে।

সন্মিলনৰ সময়ত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা অনুষ্ঠিত হয়। ইয়াৰ ভিতৰত ৰাজ্য চৰকাৰসমূহে কেবল অপাৰেটৰসকলৰ বাবে ‘ৰাইট অৱ ৱে’ (আৰঅ’ডব্লিউ) ব্যৱস্থা ৰূপায়ণ; ৱেভছ ২০২৭ৰ ৰোডমেপ; ৱেভছ বজাৰ আৰু বজাৰ সংযোগ শক্তিশালী কৰা; ৰাজহুৱা সেৱা সম্প্ৰচাৰ আন্তঃগাঁথনিৰ সম্প্ৰসাৰণ; ৱেভছ অ’টিটি প্লেটফৰ্মত ব্যৱহাৰকাৰী-সৃষ্টিশীল সমলৰ প্ৰচাৰ; ইণ্ডিয়ান চিনে হাব (আইচিএইচ) আৰু ফিল্ম ফেচিলিটেচন অফিচ (এফএফঅ’) প’ৰ্টেলৰ দ্বিমুখী সংহতি; আৰু চলচ্চিত্ৰৰ শ্বুটিং আৰু লাইভ ইভেণ্টৰ অনুমতিৰ বাবে একক-খিৰিকী আইচিএইচ প’ৰ্টেল গ্ৰহণ আদি বিষয় অন্তৰ্ভুক্ত আছিল।

সন্মিলনত সমলৰ সহ-প্ৰযোজনা, ৰাজ্যভিত্তিক কাৰ্যসূচী আৰু অধিক জনসম্পৰ্কৰ জৰিয়তে ৰাজহুৱা সেৱা সম্প্ৰচাৰ শক্তিশালী কৰা; লাইভ ইভেণ্ট খণ্ডৰ প্ৰচাৰ; আইআইএমচিৰ প্ৰশিক্ষণ সুবিধাৰ জৰিয়তে ডিআইপিআৰ বিষয়াসকলৰ সক্ষমতা নিৰ্মাণ; প্ৰেছ এণ্ড ৰেজিষ্ট্ৰেচন অৱ পিৰিয়ডিকেলছ (পিআৰপি) আইন, ২০২৩ৰ অধীনত প্ৰেছ সেৱা প’ৰ্টেলৰ জৰিয়তে ডিজিটেল ব্যৱস্থালৈ পৰিৱৰ্তন; আৰু সমগ্ৰ শিক্ষা কাঠামোৰ অধীনত ৰাজ্য চৰকাৰসমূহক কিতাপ যোগান ধৰাৰ জৰিয়তে গ্ৰন্থাগাৰসমূহ শক্তিশালী কৰাৰ বিষয়েও আলোচনা কৰা হয়।

সন্মিলনত ৰাজহুৱা সেৱা সম্প্ৰচাৰ, লাইভ ইভেণ্ট খণ্ড, ডিআইপিআৰ বিষয়াসকলৰ সক্ষমতা নিৰ্মাণ, মিডিয়া আৰু প্ৰকাশন খণ্ডৰ ডিজিটেল ৰূপান্তৰ আৰু জনসম্পৰ্কমূলক পদক্ষেপৰ সৈতে জড়িত বিভিন্ন বিষয়ৰ ওপৰতো আলোচনা কৰা হয়।

সচিবগৰাকীয়ে ৰাজ্যভিত্তিক সমল আৰু জনসম্পৰ্কৰ বাবে পিআইবিৰ আঞ্চলিক কাৰ্যালয়, ৰাজ্যিক তথ্য আৰু জনসংযোগ বিভাগ আৰু দূৰদৰ্শন তথা আকাশবাণীৰ আঞ্চলিক গোটসমূহৰ মাজত অধিক ঘনিষ্ঠ সমন্বয়ৰ আহ্বান জনায়। তেওঁ পুনৰ কয় যে সৃষ্টিশীল অৰ্থনীতি শক্তিশালী কৰা আৰু জনসম্পৰ্ক উন্নত কৰাৰ বাবে মন্ত্ৰালয় নতুন চিন্তা, ৰাজ্যৰ নেতৃত্বত গ্ৰহণ কৰা পদক্ষেপ আৰু অংশীদাৰিত্বৰ আৰ্হিৰ প্ৰতি সদায় মুকলি।

সন্মিলনত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলৰ লগতে দেশৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ তথ্য আৰু জনসংযোগ বিভাগৰ সচিব আৰু প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে। ইয়াৰ জৰিয়তে কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ মাজত ঘনিষ্ঠ সমন্বয় আৰু উমৈহতীয়া প্ৰতিশ্ৰুতিৰ প্ৰতিফলন ঘটে।

 

 

*****

Mahesh Kumar/ Vivek Vishwash/AA


(ৰিলিজ আই ডি : 2303314) অতিথি কক্ষ : 19