তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
পৰৱৰ্তী পৰ্যায়ৰ বাবে প্ৰস্তুতি: ২০৩০ চনৰ ভিতৰত বিশ্বৰ লাইভ ইভেণ্টছৰ ক্ষেত্ৰত নেতৃত্বৰ লক্ষ্য ভাৰতৰ
পৰৱৰ্তী পৰ্যায়ৰ বাবে প্ৰস্তুতি: ২০৩০ চনৰ ভিতৰত বিশ্বৰ লাইভ ইভেণ্টছৰ ক্ষেত্ৰত নেতৃত্বৰ লক্ষ্য ভাৰতৰ
মডেল লাইচেন্সিং ফ্ৰেমৱৰ্ক, ঐতিহ্যক্ষেত্ৰত অনুষ্ঠান আয়োজনৰ এছঅ’পি আৰু গ্ৰীণফিল্ড ভেন্যু নীতি এলইডিচিৰ গুৰুত্বপূৰ্ণ সংস্কাৰৰ ভিতৰত অন্যতম
এলইডিচিৰ পৰামৰ্শ মতে ৫,০০,০০০ মাৰ্কিন ডলাৰ আৰু তাতকৈ অধিক অগ্ৰিম ৰেমিটেন্সৰ বাবে বেংক গেৰাণ্টিৰ প্ৰয়োজনীয়তা শিথিল কৰাৰ সিদ্ধান্ত আৰবিআইৰ
ভাৰত চিনে হাব প’ৰ্টেলত লাইভ ইভেণ্টৰ অনুমতিৰ বাবে ২৯খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলে নোডেল বিষয়া নিযুক্ত কৰিছে
আইআইএমচিয়ে এমইএছচি আৰু ইইএমএৰ সহযোগত লাইভ ইভেণ্টছৰ ক্ষেত্ৰত চাৰ্টিফিকেট আৰু হ্ৰস্বম্যাদী পাঠ্যক্ৰম প্ৰস্তুত কৰিব
प्रविष्टि तिथि:
29 JUL 2026 3:16PM by PIB Guwahati
চৰকাৰে লাইভ ইভেণ্টছ খণ্ডক অৰ্থনৈতিক বিকাশ, নিয়োগ সৃষ্টি, পৰ্যটন আৰু সাংস্কৃতিক প্ৰচাৰৰ এক গুৰুত্বপূৰ্ণ চালিকাশক্তি হিচাপে চিনাক্ত কৰিছে।
খণ্ডটোৰ বহনক্ষম বিকাশত সহায় কৰা আৰু ২০৩০ চনৰ ভিতৰত ভাৰতক লাইভ ইভেণ্টছৰ বাবে বিশ্বজনীন কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে ২০২৫ চনৰ জুলাই মাহত লাইভ ইভেণ্টছ ডেভেলপমেণ্ট চেল (এলইডিচি) গঠন কৰা হয়। ইয়াৰ অধ্যক্ষ হৈছে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব আৰু কেন্দ্ৰীয় মন্ত্ৰালয় তথা বিভাগ, ৰাজ্য চৰকাৰ, উদ্যোগ সংস্থা আৰু অন্যান্য অংশীদাৰসকলৰ প্ৰতিনিধিসকল ইয়াৰ সদস্য।
এলইডিচিৰ চাৰিখন বৈঠক ২৬.০৮.২০২৫, ১৬.১০.২০২৫, ০৪.০২.২০২৬ আৰু ৩০.০৪.২০২৬ তাৰিখে অনুষ্ঠিত হৈছে আৰু লাইভ ইভেণ্টছ খণ্ডৰ আন্তঃগাঁথনি শক্তিশালী কৰা, নিয়ন্ত্ৰণমূলক প্ৰক্ৰিয়া সৰল কৰা, ব্যৱসায়ৰ সহজতা বৃদ্ধি কৰা আৰু এক শক্তিশালী পৰিৱেশতন্ত্ৰ গঢ়ি তোলাৰ বাবে কেইবাটাও পদক্ষেপ আৰম্ভ কৰিছে।
প্ৰধান ফলাফলসমূহ তলত উল্লেখ কৰা হ’ল:
- খণ্ডটোৰ বিকাশৰ বাবে এক সামগ্ৰিক কৌশল নিৰ্ধাৰণ কৰি এখন এক্সিকিউচন ফ্ৰেমৱৰ্ক প্ৰস্তুত কৰা হৈছে আৰু সকলো অংশীদাৰৰ মাজত প্ৰচাৰ কৰা হৈছে।
- লাইভ ইভেণ্টৰ অনুমতিৰ বাবে এটা অনলাইন ব্যৱস্থা বিকশিত কৰি ভাৰত চিনে হাব (আইচিএইচ) প’ৰ্টেলত কাৰ্যকৰী কৰা হৈছে। ইয়াত আবেদন, সমন্বয়, অনুমোদন, মাচুল পৰিশোধ আৰু পৰিদৰ্শন সামৰি একক ডিজিটেল ৱৰ্কফ্ল’ৰ ব্যৱস্থা কৰা হৈছে, য’ত সময়সীমাবদ্ধ প্ৰক্ৰিয়াকৰণ, বাস্তৱ-সময়ৰ ট্ৰেকিং, বিলম্বৰ ক্ষেত্ৰত এস্কেলেচন, সংহত ডিজিটেল পেমেণ্ট আৰু ডিজিটেল অডিট ট্ৰেইলৰ সুবিধা আছে।
- ২৯খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলে আইচিএইচ প’ৰ্টেলত লাইভ ইভেণ্টৰ অনুমতিৰ বাবে তেওঁলোকৰ নোডেল বিষয়া নিযুক্ত কৰিছে।
- “মডেল এগজিকিউটিভ অৰ্ডাৰ ফৰ ষ্ট্ৰীমলাইনিং লাইচেন্সিং এণ্ড পাৰ্মিছনছ ফৰ লাইভ ইভেণ্টছ ইন ইণ্ডিয়া, ২০২৬” এলইডিচিয়ে প্ৰস্তুত কৰি ১৩.০৩.২০২৬ তাৰিখে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ প্ৰেৰণ কৰিছে। বৰ্তমানলৈকে ৩খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলে ইয়াক কাৰ্যকৰী কৰিছে।
- ভাৰতীয় পুৰাতত্ত্ব জৰীপ বিভাগে সংৰক্ষিত কীৰ্তিচিহ্নসমূহত লাইভ ইভেণ্ট আয়োজনৰ বাবে এখন ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ (এছঅ’পি) প্ৰস্তুত কৰিছে আৰু এই উদ্দেশ্যে ২২৪টা ঐতিহ্যক্ষেত্ৰৰ এখন তালিকা প্ৰেৰণ কৰিছে।
- গ্ৰীণফিল্ড ভেন্যু ডেভেলপমেণ্ট পলিচী সন্দৰ্ভত এখন কনচেপ্ট নোট প্ৰস্তুত কৰি ৰাজ্য চৰকাৰ, ক্ৰীড়া কৰ্তৃপক্ষ আৰু উদ্যোগ খণ্ডৰ অংশীদাৰসকলৰ মাজত প্ৰচাৰ কৰা হৈছে।
- এখন স্কিলিং কমিটী গঠন কৰা হৈছে। ভাৰতীয় গণসংযোগ প্ৰতিষ্ঠানে মিডিয়া এণ্ড এণ্টাৰটেইনমেণ্ট স্কিলছ কাউন্সিল আৰু ইভেণ্ট এণ্ড এণ্টাৰটেইনমেণ্ট মেনেজমেণ্ট এছ’চিয়েচনৰ সহযোগত লাইভ ইভেণ্টছৰ ক্ষেত্ৰত চাৰ্টিফিকেট আৰু হ্ৰস্বম্যাদী পাঠ্যক্ৰম তথা ইয়াৰ বৰ্তমানৰ কাৰ্যসূচীসমূহত ঐচ্ছিক মডিউল প্ৰৱৰ্তনৰ সৈতে জড়িত প্ৰস্তুতিমূলক কাম হাতত লৈছে।
- এলইডিচিয়ে ভ্ৰমণকাৰী শিল্পী আৰু ক্ৰুসকলৰ বাবে ভিছা আৰু এফআৰআৰঅ’ সুবিধা, ক্ৰীড়া আৰু ঐতিহ্যক্ষেত্ৰৰ ব্যৱহাৰ, সংগীত লাইচেন্সিং সৰলীকৰণ, নিশা ১০ বজাৰ পাছত অনুষ্ঠিত অনুষ্ঠানৰ অনুমতি, কৰ আৰু বিত্তীয় সুবিধা লাভৰ সৈতে জড়িত বিষয়সমূহ চিনাক্ত কৰিছে আৰু সংশ্লিষ্ট মন্ত্ৰালয় আৰু বিভাগসমূহৰ বিবেচনাৰ বাবে সেইসমূহ প্ৰেৰণ কৰিছে।
- এলইডিচিৰ পৰামৰ্শৰ ভিত্তিত ভাৰতীয় ৰিজাৰ্ভ বেংকে ১৫ জানুৱাৰী ২০২৬ তাৰিখে অধিসূচিত বৈদেশিক মুদ্ৰা ব্যৱস্থাপনা নিয়মাৱলী, ২০২৬ৰ অধীনত সেৱা আমদানিৰ বাবে ৫,০০,০০০ মাৰ্কিন ডলাৰ আৰু তাতকৈ অধিক অগ্ৰিম ৰেমিটেন্সৰ ক্ষেত্ৰত বেংক গেৰাণ্টি দাখিল কৰাৰ প্ৰয়োজনীয়তা বাতিল কৰিছে। এই নিয়মাৱলী ০১.১০.২০২৬ তাৰিখৰ পৰা কাৰ্যকৰী হ’ব।
আজি লোকসভাত এক আনষ্টাৰড প্ৰশ্নৰ লিখিত উত্তৰত তথ্য আৰু সম্প্ৰচাৰ তথা সংসদীয় পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ড০ এল মুৰুগানে এই তথ্য প্ৰদান কৰে।
*****
Mahesh Kumar/ Vivek Vishwash/AA
(रिलीज़ आईडी: 2291115)
आगंतुक पटल : 10