গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

সমগ্ৰ দেশৰ বান পৰিস্থিতি সক্ৰিয়ভাৱে নিৰীক্ষণ কৰি আছে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহৰ নিৰ্দেশনাত এম এইচ এয়ে ক্ষতিগ্ৰস্ত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক প্ৰচণ্ড বৰষুণৰ ফলত সৃষ্টি হোৱা প্ৰত্যাহ্বানসমূহ পৰিচালনাৰ ক্ষেত্ৰত সকলো প্ৰয়োজনীয় সহায় আগবঢ়াইছে।

এমএইচএৰ সংহত নিয়ন্ত্ৰণ কক্ষই আইএমডি, চিডব্লিউচি আৰু ইনক’আইএছকে ধৰি অন্যান্য কেন্দ্ৰীয় সংস্থাসমূহৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি ৰাজ্যিক জৰুৰীকালীন অভিযান কেন্দ্ৰ আৰু জিলা জৰুৰীকালীন অভিযান কেন্দ্ৰসমূহলৈ সময়মতে সতৰ্কবাণী দিছে

ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল আৰু জিলালৈকে আগতীয়া সতৰ্কবাণী প্ৰচাৰ কৰাৰ উপৰি নিয়ন্ত্ৰণ কক্ষই ২৪ ঘণ্টাই সকলো উদ্ধাৰ কাৰ্য্যকলাপ নিৰীক্ষণ কৰি আছে

যোৱা এসপ্তাহৰ ভিতৰত ৫২ জন সাধাৰণ নাগৰিকক উদ্ধাৰ কৰি ২২০৬ জন লোকক ক্ষতিগ্ৰস্ত সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে।

কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ নিৰ্দেশত আন্তঃ মন্ত্ৰালয় কেন্দ্ৰীয় দলে ৭ৰ পৰা ১০ জুলাই, ২০২৬ৰ ভিতৰত অৰুণাচল প্ৰদেশ আৰু অসমৰ ক্ষতিগ্ৰস্ত অঞ্চলসমূহ ভ্ৰমণ কৰি ক্ষয়-ক্ষতিৰ মূল্যায়ন কৰে

আন এটা আন্তঃমন্ত্ৰালয় কেন্দ্ৰীয় দলে অবিৰত বৰষুণ আৰু বানপানীৰ ফলত হোৱা লোকচান আৰু ক্ষয়-ক্ষতিৰ মূল্যায়নৰ বাবে ২০২৬ চনৰ ২৫ জুলাইৰ পৰা অসমৰ ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰিব।

प्रविष्टि तिथि: 23 JUL 2026 6:08PM by PIB Guwahati

সমগ্ৰ দেশৰ বাৰিষাৰ পৰিস্থিতিৰ ওপৰত সক্ৰিয়ভাৱে নিৰীক্ষণ কৰি আছে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহৰ নিৰ্দেশনাত  গৃহ মন্ত্ৰালয়ে ক্ষতিগ্ৰস্ত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক প্ৰচণ্ড বৰষুণৰ ফলত সৃষ্টি হোৱা প্ৰত্যাহ্বানসমূহ পৰিচালনাৰ ক্ষেত্ৰত সকলো প্ৰয়োজনীয় সহায় আগবঢ়াইছে।

২০২৬ চনৰ জুলাই মাহত নগালেণ্ড, অৰুণাচল প্ৰদেশ, পশ্চিম বংগ, অসম, গুজৰাট, মহাৰাষ্ট্ৰ, দাদৰ আৰু নগৰ হাভেলী, দমন, জে এণ্ড কে আদি কিছু অঞ্চলত প্ৰবল বৰষুণ আৰু ভূমিস্খলনৰ সন্মুখীন হৈছে।

গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ সংহত নিয়ন্ত্ৰণ কক্ষই ভাৰত বতৰ বিজ্ঞান বিভাগ (আই এম ডি), কেন্দ্ৰীয় জল আয়োগ (চি ডব্লিউ চি) আৰু ভাৰতীয় ৰাষ্ট্ৰীয় মহাসাগৰ তথ্য সেৱা কেন্দ্ৰ (আই এন চি অ’ আই এছ)কে ধৰি অন্যান্য কেন্দ্ৰীয় সংস্থাসমূহৰ সৈতে ঘনিষ্ঠ সমন্বয়ৰে ৰাজ্যিক জৰুৰীকালীন অভিযান কেন্দ্ৰ আৰু জিলা জৰুৰীকালীন অভিযান কেন্দ্ৰসমূহলৈ সময়মতে সতৰ্কবাণী প্ৰদানৰ বাবে কাম কৰি আছে। ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল আৰু জিলালৈকে আগতীয়া সতৰ্কবাণী প্ৰচাৰ কৰাৰ উপৰিও নিয়ন্ত্ৰণ কক্ষই ২৪ ঘণ্টাই সকলো উদ্ধাৰ কাৰ্য্যকলাপ নিৰীক্ষণ কৰি আছে।

ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী (এন ডি আৰ এফ)-এ এই সকলোবোৰ স্থানত ৰাজ্য চৰকাৰী সংস্থা, ৰাজ্যিক আৰক্ষী আৰু এছ ডি আৰ এফৰ সৈতে অক্লান্তভাৱে কাম কৰি উদ্ধাৰ আৰু সাহায্য অভিযানৰ জৰিয়তে মানৱ জীৱন ৰক্ষাৰ বাবে কাম কৰি আহিছে। এন ডি আৰ এফে সঁহাৰিৰ সময় হ্ৰাস কৰিবলৈ নিজৰ দলসমূহক দুৰ্বল স্থানত প্ৰি-পজিচন কৰিছিল। যোৱা এসপ্তাহৰ ভিতৰত এন ডি আৰ এফৰ দলে ৫২ জন সাধাৰণ নাগৰিকক উদ্ধাৰ কৰাৰ বিপৰীতে ২২০৬ জন সাধাৰণ নাগৰিকক সকলো আক্ৰান্ত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰতে নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে।এম এইচ এৰ সৈতে সমন্বয়ত প্ৰতিৰক্ষা মন্ত্ৰালয়েও আৱদ্ধ লোকক বচাবলৈ, উদ্ধাৰ সংস্থাসমূহক পুৰুষ আৰু সামগ্ৰী পৰিবহণ আৰু সাহায্য সামগ্ৰী বিতৰণৰ ক্ষেত্ৰত সহায় আগবঢ়াবলৈ সম্ভৱপৰ কম সময়ৰ ভিতৰতে নিজৰ সম্পদসমূহ সংগঠিত কৰে।

সমগ্ৰ দেশতে বাৰিষাৰ পূৰ্বে হোৱা বানপানী আৰু গৰমৰ ঢৌৰ বাবে প্ৰস্তুতি সম্পৰ্কে এখন পৰ্যালোচনা বৈঠক, কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহেৰ সভাপতিত্বত ১০ মে', ২০২৬ তাৰিখে অনুষ্ঠিত হয়। চৰ ধাম যাত্ৰা পথৰ প্ৰস্তুতিও এম এইচ এৰ দ্বাৰা নিয়মিতভাৱে পৰ্যালোচনা কৰা হৈছে।

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰীযুত অমিত শ্বাহৰ নিৰ্দেশত আন্তঃমন্ত্ৰালয়ৰ কেন্দ্ৰীয় দলসমূহে ইতিমধ্যে ২০২৬ চনৰ ০৭ জুলাইৰ পৰা ১০ জুলাইলৈকে অৰুণাচল প্ৰদেশ আৰু অসমৰ ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰিছে, ক্ষতিৰ পৰিসৰৰ মূল্যায়নৰ বাবে আৰু এন ডি আৰ এফৰ পৰা এই ৰাজ্যসমূহক প্ৰয়োজনীয় আৰ্থিক সাহায্য প্ৰদানৰ বাবে। অবিৰত বৰষুণ আৰু বানপানীৰ ফলত হোৱা লোকচান আৰু ক্ষয়-ক্ষতিৰ মূল্যায়নৰ বাবে ২৫.০৭.২০২৬ তাৰিখৰ পৰা অসমৰ ক্ষতিগ্ৰস্ত অঞ্চলত আন এটা আন্তঃমন্ত্ৰালয়ৰ কেন্দ্ৰীয় দলে পৰিদৰ্শন কৰাৰ কথা।

যদিও শেহতীয়াকৈ হোৱা বৰষুণৰ ফলত  ৰাজ্যৰ  বহু মানুহৰ অসুবিধাৰ সৃষ্টি হৈছে, তথাপি  পূৰ্বে ভৱিষ্যদ্বাণী কৰা বৰষুণৰ ঘাটি প্ৰায় ৩০ শতাংশৰ পৰা প্ৰায় ১৫ শতাংশলৈ হ্ৰাস পাইছে।

******

RK/PR/PSDM


(रिलीज़ आईडी: 2288696) आगंतुक पटल : 12
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Khasi , English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Bengali-TR , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam