তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
azadi ka amrit mahotsav

আকাশবাণীৰ ৯০ বৰ্ষপূৰ্তি উদ্‌যাপনৰ অংশ হিচাপে ‘স্বৰ প্ৰেৰণাৰ বীথিকা’ মুকলি


পদ্ম বিভূষণ পণ্ডিত হৰিপ্ৰসাদ চৌৰাছীয়াই কিংবদন্তি সংগীত শিল্পীসকলক উৎসৰ্গিত আলোকচিত্ৰ বীথিকাৰ উদ্বোধন কৰে

प्रविष्टि तिथि: 01 JUL 2026 6:23PM by PIB Guwahati

আকাশবাণীৰ ৯০ বছৰ পূৰ্ণ হোৱা উপলক্ষে আৰু ২০২৭ চনত ভাৰতত ৰেডিঅ’ সম্প্ৰচাৰৰ শতবৰ্ষ উদ্‌যাপনৰ প্ৰাক্‌ক্ষণত আকাশবাণীয়ে আজি ‘স্বৰ প্ৰেৰণাৰ বীথিকা’ নামৰ এক বিশেষ আলোকচিত্ৰ বীথিকাৰ শুভাৰম্ভণি কৰে। এই বীথিকাখন আকাশবাণী আৰু ভাৰতৰ কিংবদন্তি সংগীত শিল্পীসকলৰ মাজৰ চিৰন্তন সম্পৰ্কক উদ্‌যাপন কৰাৰ উদ্দেশ্যে উৎসৰ্গিত। নতুন দিল্লীৰ আকাশবাণী ভৱনৰ আকাশবাণী ৰং ভৱন প্ৰেক্ষাগৃহত পদ্ম বিভূষণ পণ্ডিত হৰিপ্ৰসাদ চৌৰাছীয়াই এই বীথিকাৰ উদ্বোধন কৰে।

প্ৰায় নটা দশক ধৰি আকাশবাণীয়ে দেশৰ শীৰ্ষস্থানীয় জনসেৱামূলক সম্প্ৰচাৰক হিচাপে ভাৰতৰ সমৃদ্ধ সংগীত ঐতিহ্য সংৰক্ষণ আৰু প্ৰসাৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। দেশৰ কিংবদন্তি শিল্পীসকলৰ পৰিবেশন লাখ লাখ শ্ৰোতাৰ কাষলৈ লৈ গৈ আকাশবাণীয়ে এই ঐতিহ্যক সুদৃঢ় কৰি তুলিছে। এই অক্ষয় ঐতিহ্যৰ প্ৰতি শ্ৰদ্ধাঞ্জলি স্বৰূপে ‘স্বৰ প্ৰেৰণাৰ বীথিকা’ৰ পৰিকল্পনা কৰা হৈছে। আকাশবাণীৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান লাভ কৰা বিশিষ্ট শিল্পীসকলক এই বীথিকাত সন্মান জনোৱা হৈছে। এই পদক্ষেপৰ লক্ষ্য হৈছে ভাৰতীয় সংগীতলৈ তেওঁলোকৰ অমূল্য অৱদান সংৰক্ষণ কৰাৰ লগতে ভৱিষ্যৎ প্ৰজন্মৰ শিল্পী আৰু সংগীতপ্ৰেমীসকলক অনুপ্ৰাণিত কৰা।

এই পদক্ষেপৰ প্ৰথম পৰ্যায়ত ২০ গৰাকী বিশিষ্ট সংগীত মনীষীৰ প্ৰতিচ্ছবি উন্মোচন কৰা হয়। বীথিকাখনত ভাৰত ৰত্ন সন্মানপ্ৰাপ্ত বিদূষী এমএছ সুব্বুলক্ষ্মী (কাৰ্ণাটক কণ্ঠ সংগীত), পণ্ডিত ৰবিশংকৰ (চিতাৰ), বিদূষী লতা মংগেশকৰ (নেপথ্য-গায়িকা), উস্তাদ বিস্মিল্লা খান (শ্বেহনাই), পণ্ডিত ভীমসেন যোশী (হিন্দুস্তানী শাস্ত্ৰীয় কণ্ঠ সংগীত) আৰু ড০ ভূপেন হাজৰিকাৰ (লোকসংগীত) প্ৰতিচ্ছবি সন্নিবিষ্ট কৰা হৈছে। ইয়াৰ উপৰিও পদ্ম বিভূষণ সন্মানপ্ৰাপ্ত পণ্ডিত হৰিপ্ৰসাদ চৌৰাছীয়া (বাঁহী), উস্তাদ আমজাদ আলী খান (ছৰোদ) আৰু উস্তাদ আলাউদ্দিন খান (ছৰোদ)কো সন্মান জনোৱা হৈছে। লগতে পদ্মভূষণ সন্মানপ্ৰাপ্ত উস্তাদ হাফিজ আলী খান (ছৰোদ), পণ্ডিত বিৰজু মহাৰাজ (কথক), উস্তাদ আহমদ জান থিৰকোৱা (তবলা), পণ্ডিত কৃষ্ণৰাও শংকৰ পণ্ডিত (হিন্দুস্তানী কণ্ঠ সংগীত), বিদূষী শান্নো খুৰানা (কণ্ঠ সংগীত), পণ্ডিত দেবু চৌধুৰী (চিতাৰ), বিদূষী শৰণ ৰাণী বাকলীৱাল (ছৰোদ), উস্তাদ ছাবৰি খান (ছাৰেংগী), পণ্ডিত ৰাজন মিশ্ৰ আৰু পণ্ডিত সাজন মিশ্ৰ (হিন্দুস্তানী কণ্ঠ সংগীত), উস্তাদ আছাদ আলী খান (ৰুদ্ৰ বীণা) আৰু উস্তাদ মুছ্তাক হুছেইন খান (হিন্দুস্তানী কণ্ঠ সংগীত)ৰ প্ৰতিচ্ছবিও বীথিকাত স্থান লাভ কৰিছে।

এই উপলক্ষে ভাষণ প্ৰদান কৰি প্ৰসাৰ ভাৰতীৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী গৌৰৱ দ্বিবেদীয়ে কয় যে ‘স্বৰ প্ৰেৰণাৰ বীথিকা’ৰ উদ্বোধনে আকাশবাণীৰ সেই মহান শিল্পীসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশৰ প্ৰথম পৰ্যায়ৰ সূচনা কৰিছে, যিসকলৰ অসামান্য অৱদানে আকাশবাণীক দেশৰ অন্যতম শ্ৰেষ্ঠ সাংস্কৃতিক প্ৰতিষ্ঠান হিচাপে প্ৰতিষ্ঠিত কৰাত সহায় কৰিছে। তেওঁ কয় যে পৰৱৰ্তী পৰ্যায়সমূহত আৰু অধিক বিশিষ্ট শিল্পীৰ প্ৰতিচ্ছবি এই বীথিকাত সংযোজন কৰা হ’ব। লগতে দেশজুৰি আকাশবাণীৰ বিভিন্ন কেন্দ্ৰত সংশ্লিষ্ট অঞ্চলৰ বিশিষ্ট সংগীতশিল্পীসকলক উৎসৰ্গিত একেধৰণৰ বীথিকাও গঢ়ি তোলা হ’ব।

ভাৰতীয় সংগীতৰ প্ৰতি আকাশবাণীৰ দীৰ্ঘদিনীয়া অংগীকাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ কয় যে, জনসেৱামূলক সম্প্ৰচাৰকটোৱে বিভিন্ন সংগীত পৰম্পৰাক ধাৰাবাহিকভাৱে লালন-পালন কৰি আহিছে আৰু প্ৰজন্মৰ পিছত প্ৰজন্ম শিল্পীসকলক নিজৰ প্ৰতিভা প্ৰদৰ্শনৰ এক বলিষ্ঠ মঞ্চ প্ৰদান কৰাৰ লগতে শ্ৰোতাসকলৰ বৈচিত্ৰ্যপূৰ্ণ ৰুচিৰো যত্ন লৈ আহিছে। তেওঁ লগতে উল্লেখ কৰে যে, হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ বাবে উৎসৰ্গিত ‘ৰাগম’ আৰু ভক্তিমূলক সংগীতৰ বাবে ‘আৰাধনা’ নামৰ আকাশবাণীৰ বিশেষ ডিজিটেল চেনেল দুটা ইউটিউব, নিউজ-অন-এয়াৰ এপ আৰু ৱেভছ অ’টিটি মঞ্চত চৌবিশ ঘণ্টাই উপলব্ধ। তেওঁ কয় যে, আকাশবাণীৰ শিল্পীসকলে ভাৰতৰ সমৃদ্ধ সংগীত ঐতিহ্য দেশ-বিদেশৰ শ্ৰোতাসকলৰ কাষলৈ লৈ যোৱাত উল্লেখযোগ্য ভূমিকা পালন কৰিছে।

সমবেত অতিথিসকলক সম্বোধন কৰি পদ্ম বিভূষণ পণ্ডিত হৰিপ্ৰসাদ চৌৰাছীয়াই এই অনুষ্ঠানক “ঘৰলৈ উভতি অহা” বুলি অভিহিত কৰে। তেওঁ স্মৰণ কৰে যে আকাশবাণীৰ শিশু কাৰ্যসূচীৰ জৰিয়তেই তেওঁৰ সংগীত যাত্ৰাৰ আৰম্ভণি হৈছিল। আকাশবাণীক প্ৰজন্মৰ পিছত প্ৰজন্ম শিল্পীক লালন-পালন কৰা এক পৰিয়াল বুলি উল্লেখ কৰি তেওঁ আশা প্ৰকাশ কৰে যে এই সমৃদ্ধ সাংস্কৃতিক পৰম্পৰা আগন্তুক দিনতো সমানে বিকশিত হৈ থাকিব আৰু দেশৰ শ্ৰোতাসকলৰ মৰম-স্নেহ আকাশবাণীয়ে সদায় লাভ কৰি থাকিব।

এই অনুষ্ঠানত পণ্ডিত হৰিপ্ৰসাদ চৌৰাছীয়াৰ অন্যতম বিশিষ্ট শিষ্য পণ্ডিত ৰূপক কুলকাৰ্ণীয়ে মনোমোহা বাঁহী বাদনৰ অনুষ্ঠান পৰিৱেশন কৰি অনুষ্ঠানটোক অধিক গাম্ভীৰ্য প্ৰদান কৰে। মাইহাৰ ঘৰানাৰ এজন বিশিষ্ট প্ৰতিনিধি পণ্ডিত কুলকাৰ্ণী আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বাঁহীবাদক, বহু ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সন্মানৰ অধিকাৰী আৰু আকাশবাণীৰ শীৰ্ষ-শ্ৰেণীৰ শিল্পী। তেওঁৰ পূজনীয় গুৰুৰ উপস্থিতিত পৰিৱেশিত হৃদয়স্পৰ্শী বাঁহী বাদনে উপস্থিত দৰ্শকৰ উষ্ম সমাদৰ লাভ কৰে।

‘স্বৰ প্ৰেৰণাৰ বীথিকা’ৰ উদ্বোধনে ভাৰতৰ সমৃদ্ধ সংগীত ঐতিহ্য সংৰক্ষণ আৰু দেশৰ জনসেৱামূলক সম্প্ৰচাৰৰ ঐতিহ্য সমৃদ্ধ কৰা কিংবদন্তি শিল্পীসকলক সন্মান জনোৱাৰ ক্ষেত্ৰত আকাশবাণীৰ ধাৰাবাহিক প্ৰচেষ্টাৰ আন এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে পৰিগণিত হ’ল।

 

*****

Mahesh Kumar/ Vivek Vishwash/ Aparajita Priyadarshini/AA


(रिलीज़ आईडी: 2280059) आगंतुक पटल : 10
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Telugu , English , Urdu , हिन्दी , Marathi , Gujarati , Tamil , Kannada , Malayalam