আয়ুষ
azadi ka amrit mahotsav

ইউটিউব লাইভ যোগ ধাৰাবাহিক সম্প্ৰচাৰৰ সৰ্ববৃহৎ দৰ্শকৰ সংখ্যাৰ বাবে আয়ুষ মন্ত্ৰালয়ে গঢ়িলে নতুন গিনিছ ৱৰ্ল্ড ৰেকৰ্ড

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ২০২৬ৰ পূৰ্বে বিশ্বজোৰা অনলাইন যোগ অনুষ্ঠানত অংশগ্ৰহণ ৪,৩৫,৮৩১ গৰাকী প্ৰমাণিত দৰ্শকৰ

प्रविष्टि तिथि: 14 JUN 2026 12:56PM by PIB Guwahati

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস, ২০২৬ৰ পূৰ্বে এক ঐতিহাসিক সফলতা অৰ্জন কৰি আয়ুষ মন্ত্ৰালয়ে আজি ইউটিউব লাইভ যোগ ধাৰাবাহিক সম্প্ৰচাৰত সৰ্বাধিক দৰ্শকৰ বাবে এক নতুন গিনিছ ৱৰ্ল্ড ৰেকৰ্ড গঢ়ি তুলিছে। আয়ুষ মন্ত্ৰালয়ৰ অফিচিয়েল ইউটিউব চেনেলৰ জৰিয়তে পোনপটীয়াকৈ সম্প্ৰচাৰিত হোৱা এক বিশেষ গোলকীয় অনলাইন যোগ অধিবেশনত ৪,৩৫,৮৩১গৰাকী দৰ্শকে অংশগ্ৰহণ কৰে।

এই অভিলেখ গঢ়াৰ প্ৰয়াসটো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ২০২৬ৰ বাবে মন্ত্ৰালয়ৰ জনসম্পৰ্ক কাৰ্যসূচীৰ অংশ হিচাপে আয়োজন কৰা হৈছিল আৰু ইয়াত সমগ্ৰ ভাৰত তথা বিশ্বৰ যোগ সাধক, ছাত্ৰ-ছাত্ৰী, প্ৰতিষ্ঠান, বৃত্তিপ্ৰতিষ্ঠ আৰু স্বাস্থ্যপ্ৰেমীসকলৰ উৎসাহজনক অংশগ্ৰহণ প্ৰত্যক্ষ কৰা হয়। অনুষ্ঠানত 'কমন যোগ প্ৰট’কল' প্ৰদৰ্শন কৰা হয় আৰু ইয়াৰ জৰিয়তে 'যোগ ৩৬৫'  আন্দোলনৰ অধীনত যোগক এক দৈনিক অভ্যাস হিচাপে প্ৰসাৰিত কৰাৰ মন্ত্ৰালয়ৰ দৃষ্টিভংগীক অধিক শক্তিশালী কৰা হয়।

আয়ুষ মন্ত্ৰালয়ে ৪,৩৫,৮৩১ গৰাকী প্ৰমাণিত দৰ্শকৰ উপস্থিতি নথিভুক্ত কৰি ২০২৪ চনত স্থাপন হোৱা ২,৪৬,২৫২গৰাকী দৰ্শকৰ পূৰ্বৰ গিনিছ ৱৰ্ল্ড ৰেকৰ্ডক অতিক্ৰম কৰে। এই নতুন অভিলেখে পূৰ্বৰ মানদণ্ডতকৈ ১,৮৯,৫৭৯গৰাকী অধিক দৰ্শক লাভ কৰি ইউটিউব লাইভ যোগ ধাৰাবাহিক সম্প্ৰচাৰৰ সৰ্ববৃহৎ দৰ্শকৰ সংখ্যাৰ এক নতুন বিশ্ব অভিলেখ স্থাপন কৰে।

অংশগ্ৰহণকাৰীসকলক উদ্দেশ্যি কেন্দ্ৰীয় আয়ুষ (স্বতন্ত্ৰ দায়িত্ব) তথা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ ৰাজ্যিক মন্ত্ৰী শ্ৰী প্ৰতাপৰাও যাদৱে এই ঐতিহাসিক সফলতাত অৰিহণা যোগোৱাৰ বাবে বিশ্বৰ নাগৰিকসকলক অভিনন্দন জনাই কয়, "আজিৰ এই সফলতাই স্বাস্থ্য আৰু সুস্থতাৰ প্ৰতি থকা এক উমৈহতীয়া প্ৰতিশ্ৰুতিৰ জৰিয়তে বিভিন্ন অঞ্চল, সংস্কৃতি আৰু দেশৰ মানুহক সংযোগ কৰাৰ ক্ষেত্ৰত যোগৰ অসাধাৰণ শক্তিক প্ৰদৰ্শন কৰিছে। এই নতুন গিনিছ ৱৰ্ল্ড ৰেকৰ্ডে জীৱনশৈলী হিচাপে যোগৰ বৰ্ধিত গোলকীয় গ্ৰহণযোগ্যতাক প্ৰতিফলিত কৰিছে আৰু যোগক দৈনিক জীৱনৰ এক অবিচ্ছেদ্য অংগ কৰি তোলাৰ আমাৰ সামূহিক সংকল্পক পুনৰ প্ৰমাণ কৰিছে। আমি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ২০২৬ৰ দিশে অগ্ৰসৰ হোৱাৰ সময়ত, মই সকলোকে 'যোগ ৩৬৫'-ৰ ভাৱনাক আঁকোৱালি ল’বলৈ আৰু এক সুস্থ, শক্তিশালী তথা অধিক সহনশীল সমাজ গঢ়ি তোলাত অৰিহণা যোগাবলৈ আহ্বান জনাচ্ছোঁ।"

আয়ুষ মন্ত্ৰালয়ৰ সচিব বৈদ্য ৰাজেশ কোটেচাই এই ঐতিহাসিক সফলতাত অৰিহণা যোগোৱা সকলো অংশীদাৰ আৰু অংশগ্ৰহণকাৰীক অভিনন্দন জনাই উল্লেখ কৰে, "এই সফলতা কেৱল এটা নতুন বিশ্ব অভিলেখ স্থাপন কৰাই নহয়; ইয়াৰ দ্বাৰা আমি বিশ্ববাসীলৈ এক বাৰ্তাও প্ৰেৰণ কৰিছোঁ। এই ব্যাপক অংশগ্ৰহণেই প্ৰমাণ কৰে যে স্বাস্থ্য আৰু সুস্থতাৰ বাবে যোগ এক শক্তিশালী আহিলা হিচাপে ক্ৰমান্বয়ে স্বীকৃতি লাভ কৰিছে। আমাৰ উদ্দেশ্য হৈছে মানুহক যোগক কেৱল এদিনৰ অনুষ্ঠান হিচাপে নহয়, বৰঞ্চ এক আজীৱন অভ্যাস হিচাপে গ্ৰহণ কৰিবলৈ উৎসাহিত কৰা আৰু 'যোগ ৩৬৫'ক বাস্তৱায়িত কৰা।"

কাৰ্যসূচীত ওড়িশাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী মুকেশ মহালিং, কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা আৰু সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী শ্ৰী কিৰেণ ৰিজিজু আৰু মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী ড০ মোহন যাদৱকে ধৰি মাননীয় মন্ত্ৰীসকলৰ বিশেষ বাৰ্তা সম্প্ৰচাৰ কৰা হয়। এই ঐতিহাসিক সফলতাৰ বাবে অংশগ্ৰহণকাৰীসকলক অভিনন্দন জনাই তেওঁলোকে প্ৰতিৰোধমূলক স্বাস্থ্যসেৱা আৰু সামগ্ৰিক সুস্থতাৰ আহিলা হিচাপে যোগৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে আৰু নাগৰিকসকলক নিজৰ দৈনিক দিনচৰ্য্যাত যোগক অন্তৰ্ভুক্ত কৰি 'যোগ ৩৬৫'-ৰ ভাৱনাক আঁকোৱালি ল’বলৈ আহ্বান জনায়।

আয়ুষ মন্ত্ৰালয়ে মোৰাৰজী দেশাই ৰাষ্ট্ৰীয় যোগ প্ৰতিষ্ঠান আৰু অন্যান্য সহযোগী সংগঠনসমূহৰ সহযোগত এই অনুষ্ঠানটোৰ আয়োজন কৰিছিল। সমগ্ৰ ভাৰত আৰু বিশ্বৰ বিভিন্ন প্ৰান্তৰ অংশগ্ৰহণকাৰীসকলে আয়ুষ মন্ত্ৰালয়ৰ অফিচিয়েল ইউটিউব চেনেলৰ জৰিয়তে এই পোনপটীয়া অধিবেশনত অংশগ্ৰহণ কৰে আৰু সমগ্ৰ কাৰ্যসূচীত 'হাবিল্ড' দলৰ বিশেষজ্ঞৰ নিৰ্দেশনাত সমূহীয়াভাৱে 'কমন যোগ প্ৰট’কল' প্ৰদৰ্শন কৰে।

ভাৰতে "সুস্থ বাৰ্ধক্যৰ বাবে যোগ" ("Yoga for Healthy Ageing.") শীৰ্ষক বিষয়বস্তুৰ অধীনত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ২০২৬ উদযাপনৰ প্ৰস্তুতি চলাই থকাৰ সময়তে এই সফলতা লাভ কৰা হৈছে। এই মূল বিষয়বস্তুৱে সকলো বয়সৰ গোটৰ মাজত স্বাস্থ্যকৰ দীৰ্ঘায়ু বৃদ্ধি কৰা, জীৱনৰ মানদণ্ড উন্নত কৰা আৰু শাৰীৰিক, মানসিক তথা আৱেগিক সুস্থতাক সমৰ্থন কৰাৰ ক্ষেত্ৰত যোগৰ ভূমিকাক প্ৰতিপন্ন কৰে। আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ২০২৬ৰ মূল উদযাপন ২১ জুনত পশ্চিম বংগৰ কলকাতাত অনুষ্ঠিত হ’ব, যিয়ে স্বাস্থ্য আৰু সম্প্ৰীতিৰ বাবে এই বিশ্ব আন্দোলনক চিহ্নিত কৰিবলৈ যোগ প্ৰেমী, সাধক আৰু অংশীদাৰসকলক একগোট কৰিব।

আয়ুষ মন্ত্ৰালয়ে সকলো অংশগ্ৰহণকাৰী, যোগ প্ৰতিষ্ঠান, শিক্ষানুষ্ঠান, চৰকাৰী বিভাগ, কৰ্পোৰেট প্ৰতিষ্ঠান, সামাজিক গোট আৰু গোলকীয় ভাৰতীয় প্ৰবাসীসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে, যাৰ উৎসাহজনক অংশগ্ৰহণে এই ঐতিহাসিক সফলতাক সম্ভৱ কৰি তুলিলে।

দেশখন আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ২০২৬ৰ দিশে অগ্ৰসৰ হোৱাৰ সময়ত, মন্ত্ৰালয়ে নাগৰিকসকলক যোগক এক জীৱনশৈলী হিচাপে গ্ৰহণ কৰিবলৈ আৰু "হৰ ঘৰ যোগ, হৰ দিন যোগ" (ঘৰে ঘৰে যোগ, প্ৰতিদিনে যোগ) বাৰ্তাক আগুৱাই লৈ যাবলৈ পুনৰ আহ্বান জনায়।

***

SR/SV/SG/DB


(रिलीज़ आईडी: 2272667) आगंतुक पटल : 6
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam