প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে পৰিৱেশ সংৰক্ষণৰ প্ৰশংসনীয় কৃতিত্বৰ বাবে অসমবাসীক অভিনন্দন জ্ঞাপন কৰে

प्रविष्टि तिथि: 05 JUN 2026 11:42PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পৰিবেশ সংৰক্ষণৰ ক্ষেত্ৰত প্ৰশংসনীয় কৃতিত্ব অৰ্জন কৰাৰ বাবে অসমবাসীক,  বিশেষকৈ ৰাজ্যখনৰ নাৰী শক্তিক আন্তৰিক অভিনন্দন জ্ঞাপন কৰে।  ৰাজ্যখনৰ নাৰী শক্তিয়ে আমাৰ  গ্ৰহটোৰ বহনক্ষম নিৰ্মাণৰ লক্ষ্যৰে গ্ৰহণ কৰা উল্লেখযোগ্য প্ৰচেষ্টাত আগভাগ লৈছে বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছে:

"প্ৰশংসনীয় কৃতিত্ব। বহনক্ষম গ্ৰহ নিৰ্মাণৰ লক্ষ্যৰে এই প্ৰচেষ্টাত আগভাগ লোৱাৰ বাবে অসমবাসীলৈ, বিশেষকৈ ৰাজ্যখনৰ নাৰী শক্তিলৈ অভিনন্দন"।

******

MJPS/SS/PRK/DM


(रिलीज़ आईडी: 2269762) आगंतुक पटल : 7
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Malayalam , English , Urdu , Marathi , हिन्दी , Bengali , Gujarati , Tamil