বিত্ত মন্ত্ৰালয়
তিনিখন জন সুৰক্ষা আঁচনি - প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা (PMSBY), প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা (PMJJBY) আৰু অটল পেঞ্চন যোজনাই (APY) সামাজিক সুৰক্ষা প্ৰদানৰ ১১ বছৰ সম্পূৰ্ণ কৰিছে
পিএমজেজেবিৱাইৰ অধীনত ক্ৰমবৰ্ধমান নামভৰ্তি ২৭.৪৩ কোটিতকৈ অধিক হৈছে আৰু প্ৰদান কৰা ধনৰ পৰিমাণ ২৯.০৪.২০২৬ তাৰিখলৈকে ২১,৫১২.৫০ কোটি টকা হৈছে
পিএমএছবিৱাইৰ অধীনত সঞ্চিত নামভৰ্তি ৫৮.০৯ কোটিতকৈ অধিক আৰু ইয়াৰ বাবদ একে সময়ছোৱাত ১,৮৪,৬৬২ টা দাবীৰ বাবে ৩,৬৬৭.৫২ কোটি টকা প্ৰদান কৰা হৈছে
৩০.০৪.২০২৬ পৰ্যন্ত ৯.০৪ কোটিতকৈ অধিক ব্যক্তিয়ে এ পি ৱাই আঁচনিত নামভৰ্তি কৰিছে
পোষ্ট কৰা হৈছে:
09 MAY 2026 9:07AM by PIB Guwahati
২০১৫ চনৰ ৯ মে’ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আৰম্ভ কৰা জনসুৰক্ষা আঁচনি- প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা (PMJJBY), প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা (PMSBY), আৰু অটল পেঞ্চন যোজনা (APY) সমূহে সকলোকে, বিশেষকৈ অনগ্ৰসৰ আৰু দুৰ্বল শ্ৰেণীক সুলভ আৰ্থিক সুৰক্ষা প্ৰদান কৰাৰ কথা চিন্তা কৰা হৈছিল। এই ফ্লেগশ্বিপ আঁচনিসমূহৰ লক্ষ্য হৈছে নাগৰিকসকলক জীৱনৰ অনিশ্চয়তাৰ পৰা ৰক্ষা কৰি বীমা আৰু পেঞ্চনৰ পৰিৱেশ বহল কৰা আৰু দীৰ্ঘম্যাদী আৰ্থিক স্থিতিস্থাপকতাক লাভান্বিত কৰা।
তিনিখন জন সুৰক্ষা আঁচনিৰ পথ প্ৰদৰ্শক নীতিৰ কথা উল্লেখ কৰি কেন্দ্ৰীয় বিত্ত আৰু কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে কয়, “মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কম খৰচী বীমা আৰু পেঞ্চন সুবিধা প্ৰদানৰ বাবে প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা, পিএম সুৰক্ষা বীমা যোজনা আৰু অটল পেঞ্চন আঁচনিৰে গঠিত জন সুৰক্ষা আঁচনি মুকলি কৰে।”
জন সুৰক্ষা আঁচনিৰ একাদশ বৰ্ষপূৰ্তিৰ তথ্য উদ্ধৃতি দি শ্ৰীমতী শ্ৰীমতী সীতাৰমনে কয় যে পিএমজেজেবিৱাই, পিএমএছবিৱাই আৰু এপিৱাইৰ অধীনত ক্ৰমে ২৭ কোটি, ৫৮ কোটি আৰু ৯ কোটিৰো অধিক নামভৰ্তি কৰা হৈছে।
পিএমজেজেবিৱাই আঁচনিৰ সন্দৰ্ভত বিত্তমন্ত্ৰীয়ে কয় যে এই আঁচনিখনে ১০.৭ লাখৰো অধিক পৰিয়ালৰ বাবে ২১,৫০০ কোটি টকাতকৈ অধিক মূল্যৰ দাবী নিষ্পত্তি কৰিছে।
পিএমএছবিৱাই আঁচনিৰ অধীনত শ্ৰীমতী ড. সীতাৰমনে কয় যে এই আঁচনিখনে ১.৮৪ লাখৰো অধিক পৰিয়ালৰ প্ৰায় ৩,৬৬০ কোটি টকাতকৈ অধিক মূল্যৰ দাবী নিষ্পত্তি কৰিছে।
“জন সুৰক্ষা আঁচনিসমূহৰ ১১ বছৰীয়া জয়ন্তী উপলক্ষে বেংক আৰু বীমা কোম্পানীসমূহৰ ক্ষেত্ৰ কৰ্মীকে ধৰি সকলো অংশীদাৰক আন্তৰিক প্ৰশংসা কৰিছো, যিসকলৰ নিষ্ঠাবান প্ৰচেষ্টাই এই আঁচনিসমূহক বিপুল সফলতা প্ৰদান কৰিছে” শ্ৰীমতী সীতাৰমণে কয়।
এই উপলক্ষ্যে কেন্দ্ৰীয় বিত্ত ৰাজ্য মন্ত্ৰী শ্ৰীযুত পংকজ চৌধুৰীয়ে কয়, ‘এই আঁচনিসমূহৰ উদ্দেশ্য হৈছে দৰিদ্ৰৰ ভিতৰত দৰিদ্ৰ লোকসকলক বীমা কভাৰেজ আৰু পেঞ্চনৰ সহায় আগবঢ়োৱা দাবী প্ৰক্ৰিয়াই দ্ৰুত নিষ্পত্তি নিশ্চিত কৰিছে, যাৰ ফলত শোকসন্তপ্ত পৰিয়ালসমূহক সময়মতে সহায় কৰিবলৈ সক্ষম হৈছে যেতিয়া তেওঁলোকৰ আটাইতকৈ প্ৰয়োজন হয়।”
তিনিখন সামাজিক সুৰক্ষা (জন সুৰক্ষা) আঁচনি — প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা আঁচনি (PMJJBY), প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা (PMSBY) আৰু অটল পেঞ্চন যোজনা (APY)ৰ ১১ বছৰীয়া জয়ন্তী উদযাপন কৰাৰ সময়ত আহক এই আঁচনিসমূহে কেনেকৈ মানুহৰ বাবে সুলভ মূল্যৰ বীমা আৰু নিৰাপত্তা সক্ষম কৰিছে (জন সুৰক্ষা), সেইবোৰৰ কৃতিত্ব আৰু উল্লেখযোগ্য বৈশিষ্ট্যসমূহ।
প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা (PMJJBY)
প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা (PMJJBY) ৰ দ্বাৰা যিকোনো কাৰণত হোৱা মৃত্যুৰ জীৱন বীমা কভাৰ ৫০ টকাতকৈ কম প্ৰিমিয়ামত প্ৰদান কৰা হৈছে, প্ৰতিদিনে ২/- টকা।
আঁচনিখনৰ মূল বৈশিষ্ট্য: পিএমজেজেবিৱাই হৈছে এবছৰৰ বাবে কভাৰ, বছৰৰ পিছত বছৰ ধৰি নবীকৰণযোগ্য। এই আঁচনিখন এল আই চি আৰু অন্যান্য জীৱন বীমা কোম্পানীসমূহৰ জৰিয়তে প্ৰদান / প্ৰশাসন কৰা হয় যিয়ে এই উদ্দেশ্যে প্ৰয়োজনীয় অনুমোদন আৰু বেংক / ডাকঘৰৰ সৈতে জৰিত হৈ একে চৰ্তত এই সেৱা আগবঢ়োৱা হৈছে। অংশগ্ৰহণকাৰী বেংক/ ডাকঘৰসমূহে তেওঁলোকৰ গ্ৰাহকসকলৰ বাবে আঁচনিখন ৰূপায়ণৰ বাবে এনে যিকোনো জীৱন বীমা কোম্পানীক নিয়োগ কৰিব পাৰে।
যোগ্যতাৰ চৰ্তঃ ১৮ৰ পৰা ৫০ বছৰ বয়সৰ অংশগ্ৰহণকাৰী বেংক/ ডাকঘৰৰ সকলো ব্যক্তিগত বেংক/ ডাকঘৰৰ একাউণ্টধাৰীয়ে, যিসকলে যোগদান / অটো-ডেবিট সক্ষম কৰিবলৈ সন্মতি দিয়ে, তেওঁলোক আঁচনিখনত যোগদান কৰাৰ অধিকাৰী। এটা বা বেলেগ বেংক/ ডাকঘৰত কোনো ব্যক্তিৰ হাতত থকা একাধিক বেংক / ডাকঘৰৰ একাউণ্টৰ ক্ষেত্ৰত ব্যক্তিজনে কেৱল এটা বেংক/ ডাকঘৰৰ একাউণ্টৰ জৰিয়তেহে আঁচনিখনত যোগদান কৰাৰ যোগ্যতা অৰ্জন কৰিব পাৰে।
নামভৰ্তিৰ সময়সীমা: ১ জুনৰ পৰা ৩১ মে’লৈকে এবছৰৰ বাবে হ’ব যাৰ বাবে নিৰ্দিষ্ট প্ৰ-পত্ৰত নিৰ্দিষ্ট ব্যক্তিগত বেংক / ডাকঘৰৰ একাউণ্টৰ পৰা অটো-ডেবিটৰ জৰিয়তে যোগদান / ধন পৰিশোধ কৰাৰ বিকল্পৰ প্ৰয়োজন হ’ব।
প্ৰিমিয়ামঃ প্ৰতিজন সদস্যৰ বাবে বছৰি ৪৩৬/- টকা। আঁচনিৰ অধীনত নামভৰ্তিৰ সময়ত দিয়া বিকল্প অনুসৰি এটা কিস্তিত ‘অটো ডেবিট’ সুবিধাৰ জৰিয়তে একাউণ্টধাৰীৰ বেংক / ডাকঘৰৰ একাউণ্টৰ পৰা প্ৰিমিয়াম কৰ্তন কৰা হ’ব। সম্ভাৱ্য কভাৰৰ বাবে পলমকৈ নামভৰ্তি কৰাটো তলত বৰ্ণনা কৰা ধৰণে প্ৰিমিয়াম পৰিশোধৰ দ্বাৰা সম্ভৱ;
ক) জুন, জুলাই আৰু আগষ্ট মাহত নামভৰ্তিৰ বাবে – ৪৩৬/- টকা সম্পূৰ্ণ বাৰ্ষিক প্ৰিমিয়াম প্ৰদান কৰিব লাগিব।
খ) ছেপ্টেম্বৰ, অক্টোবৰ, আৰু নৱেম্বৰ মাহত নামভৰ্তিৰ বাবে – অনুপাতে ৩৪২/- টকা দিব লাগিব
গ) ডিচেম্বৰ, জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত নামভৰ্তিৰ বাবে – অনুপাতে ২২৮/- টকা দিব লাগিব।
ঘ) মাৰ্চ, এপ্ৰিল আৰু মে’ মাহত নামভৰ্তিৰ বাবে – অনুপাতে ৫০ ১১৪/- টকা দিব লাগিব।
সুবিধাঃ যিকোনো কাৰণত গ্ৰাহকৰ মৃত্যু হ’লে ২ লাখ টকা আদায় দিব লাগিব। নামভৰ্তিৰ তাৰিখৰ পৰা ৩০ দিনৰ লিয়েন সময়সীমা প্ৰযোজ্য হ’ব।
কৃতিত্বঃ ২৯.০৪.২০২৬ তাৰিখলৈকে পিএমজেজেবিৱাইৰ অধীনত নামভৰ্তি ২৭.৪৩ কোটিতকৈ অধিক হৈছে আৰু ১০,৭৫,৬২৫ টা দাবীৰ বাবে ২১,৫১২.৫০ কোটি টকা প্ৰদান কৰা হৈছে।
২৯.০৪.২০২৬ তাৰিখলৈকে এই আঁচনিখনত ১২.৭২ কোটি মহিলাই নামভৰ্তি কৰিছে আৰু পিএমজেডিৱাই একাউণ্টধাৰীৰ পৰা ৮.০৯ কোটি নামভৰ্তি হৈছে।

উৎস: ক্ৰমবৰ্ধমান নামভৰ্তিৰ বাবে বেংক আৰু বীমা কোম্পানী, মহিলা হিতাধিকাৰী আৰু পিএমজেডিৱাই একাউণ্টধাৰীৰ বাবে বেংক

উৎস: বীমা কোম্পানী
প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা (PMSBY)
প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা (পিএমএছবিৱাই) এনেদৰে গঠন কৰা হৈছে যাতে দুৰ্ঘটনাৰ ফলত হোৱা মৃত্যু বা অক্ষমতাৰ বাবে আকস্মিক মৃত্যু আৰু অক্ষমতাৰ আৱৰণ, ১৮-৭০ বছৰৰ ভিতৰৰ ব্যক্তিক ২ লাখ টকা পৰ্যন্ত, নূন্যতম প্ৰিমিয়াম প্ৰতিমাহে ২/- টকা।
আঁচনিখনৰ মূল বৈশিষ্ট্য: পিএমএছবিৱাই হৈছে এবছৰৰ কভাৰ, বছৰৰ পিছত বছৰ ধৰি নবীকৰণযোগ্য। এই আঁচনিখন ৰাজহুৱা খণ্ডৰ সাধাৰণ বীমা কোম্পানী (পিএছজিআইচি) আৰু অন্যান্য সাধাৰণ বীমা কোম্পানীসমূহৰ জৰিয়তে আগবঢ়োৱা হয় যিয়ে প্ৰয়োজনীয় অনুমোদনৰ সৈতে একে চৰ্তত সামগ্ৰীটো আগবঢ়াবলৈ ইচ্ছুক আৰু এই উদ্দেশ্যে বেংক / ডাকঘৰৰ সৈতে জৰিত হৈছে । অংশগ্ৰহণকাৰী বেংক / ডাকঘৰসমূহে তেওঁলোকৰ গ্ৰাহকসকলৰ বাবে আঁচনিখন ৰূপায়ণৰ বাবে এনে যিকোনো বীমা কোম্পানীক নিয়োগ কৰিবলৈ সক্ষম হ’ব।
যোগ্যতাৰ চৰ্তঃ ১৮ৰ পৰা ৭০ বছৰ বয়সৰ অংশগ্ৰহণকাৰী বেংক/ ডাকঘৰৰ সকলো ব্যক্তিগত বেংক/ ডাকঘৰ একাউণ্টধাৰীয়ে, যিসকলে যোগদান / অটো-ডেবিট সক্ষম কৰিবলৈ সন্মতি দিয়ে, তেওঁলোকে আঁচনিখনত যোগদান কৰাৰ অধিকাৰী। এটা বা বেলেগ বেলেগ বেংক/ ডাকঘৰত কোনো ব্যক্তিৰ হাতত থকা একাধিক বেংক / ডাকঘৰৰ একাউণ্টৰ ক্ষেত্ৰত ব্যক্তিজনে কেৱল এটা বেংক/ ডাকঘৰৰ একাউণ্টৰ জৰিয়তেহে আঁচনিখনত যোগদান কৰাৰ যোগ্যতা অৰ্জন কৰিব পাৰে।
নামভৰ্তিৰ সময়সীমা: ১ জুনৰ পৰা ৩১ মে’লৈকে এবছৰৰ বাবে হ’ব যাৰ বাবে নিৰ্দিষ্ট প্ৰ-পত্ৰত নিৰ্দিষ্ট ব্যক্তিগত বেংক / ডাকঘৰৰ একাউণ্টৰ পৰা অটো-ডেবিটৰ দ্বাৰা যোগদান / ধন পৰিশোধ কৰাৰ বিকল্প দিব লাগিব।
প্ৰিমিয়ামঃ প্ৰতিজন সদস্যৰ বাবে বছৰি ২০/- টকা। আঁচনিৰ অধীনত নামভৰ্তিৰ সময়ত দিয়া বিকল্প অনুসৰি এটা কিস্তিত ‘অটো ডেবিট’ সুবিধাৰ জৰিয়তে একাউণ্টধাৰীৰ বেংক / ডাকঘৰৰ একাউণ্টৰ পৰা প্ৰিমিয়াম কৰ্তন কৰা হ’ব।
সুবিধাসমূহ: তলত দিয়া তালিকা অনুসৰি:
|
|
সুবিধাৰ তালিকা
|
বীমা কৰা ধনৰাশি
|
|
ক
|
মৃত্যু
|
২ লাখ টকা
|
|
খ
|
দুয়োটা চকুৰ সম্পূৰ্ণ আৰু আৰোগ্যহীন ক্ষতি বা ব্যৱহাৰ হেৰুওৱা,দুয়োখন হাত বা ভৰি বা এটা চকুৰ দৃষ্টিশক্তি হেৰুৱাই পেলোৱা
|
২ লাখ টকা
|
|
গ
|
এটা চকুৰ দৃষ্টিশক্তি সম্পূৰ্ণৰূপে হেৰুওৱা আৰু আৰোগ্যহীন হৈ পৰা বা এখন হাত বা ভৰিৰ অক্ষমতা
|
১ লাখ টকা
|
সাফল্যঃ ২৯.০৪.২০২৬ তাৰিখলৈকে পিএমএছবিৱাইৰ অধীনত সঞ্চিত নামভৰ্তি ৫৮.০৯ কোটিতকৈ অধিক আৰু ১,৮৪,৬৬২ টা দাবীৰ বাবে ৩,৬৬৭.৫২ কোটি টকা প্ৰদান কৰা হৈছে।২৯.০৪.২০২৬ তাৰিখলৈকে এই আঁচনিখনত ২৭.৪৫ কোটি মহিলা নামভৰ্তি আৰু পিএমজেডিৱাই একাউণ্টধাৰীৰ পৰা ১৯.৩০ কোটি নামভৰ্তি লাভ কৰিছে।

উৎস: ক্ৰমবৰ্ধমান নামভৰ্তিৰ বাবে বেংক আৰু বীমা কোম্পানী, মহিলা হিতাধিকাৰী আৰু পিএমজেডিৱাই একাউণ্টধাৰীৰ বাবে বেংক

উৎস: বীমা কোম্পানী
৩/ অটল পেঞ্চন যোজনা (এ পি ৱাই)
সকলো ভাৰতীয়, বিশেষকৈ দৰিদ্ৰ, অসুবিধাগ্ৰস্ত আৰু অসংগঠিত খণ্ডৰ শ্ৰমিকসকলৰ বাবে এক সাৰ্বজনীন সামাজিক সুৰক্ষা ব্যৱস্থা গঢ়ি তোলাৰ উদ্দেশ্যে অটল পেঞ্চন যোজনা আৰম্ভ কৰা হৈছিল। অসংগঠিত খণ্ডৰ জনসাধাৰণৰ বাবে আৰ্থিক সুৰক্ষা প্ৰদান আৰু ভৱিষ্যতৰ প্ৰয়োজনীয়তাসমূহ সামৰি লোৱাৰ বাবে চৰকাৰৰ এক পদক্ষেপ। এপিৱাই ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থাৰ (এনপিএছ) সামগ্ৰিক প্ৰশাসনিক আৰু প্ৰতিষ্ঠানিক স্থাপত্যৰ অধীনত পেঞ্চন পুঁজি নিয়ন্ত্ৰণ আৰু উন্নয়ন কৰ্তৃপক্ষই (পিএফআৰডিএ) পৰিচালিত কৰে।
যোগ্যতা: এপিৱাই ১৮ৰ পৰা ৪০ বছৰ বয়সৰ সকলো বেংক একাউণ্টধাৰীৰ বাবে মুকলি যিসকল আয়কৰদাতা নহয় আৰু বৰঙণিৰ পাৰ্থক্য আছে, নিৰ্বাচিত পেঞ্চনৰ পৰিমাণৰ ওপৰত ভিত্তি কৰি।
সুবিধা: গ্ৰাহকে নিশ্চিত নূন্যতম মাহিলী পেঞ্চন লাভ কৰিব। ১০০০ বা ২০০০ বা ৩০০০ বা ৪০০০ টকা। ৬০ বছৰ বয়সৰ পিছত ৫০০০ টকা, আঁচনিখনত যোগদান কৰাৰ পিছত গ্ৰাহকে দিয়া অৱদানৰ ওপৰত ভিত্তি কৰি সেয়া প্ৰদান কৰাৰ ব্যৱস্থা ৰখা হৈছে ।
আঁচনিৰ সুবিধাঃ মাহিলী পেঞ্চন গ্ৰাহকে লাভ কৰে আৰু তেওঁৰ পিছত তেওঁৰ পত্নীক তথা তেওঁলোকৰ মৃত্যুৰ পিছত গ্ৰাহকৰ ৬০ বছৰ বয়সত জমা হোৱা পেঞ্চন কৰ্পাছ গ্ৰাহকৰ মনোনীত ব্যক্তিক ঘূৰাই দিয়া হ’ব।
গ্ৰাহকৰ অকাল মৃত্যুৰ ক্ষেত্ৰত (৬০ বছৰ বয়সৰ আগতে মৃত্যু), গ্ৰাহকৰ পত্নীয়ে গ্ৰাহকৰ এপিৱাই একাউণ্টত অৱদান আগবঢ়াই যাব পাৰে, বাকী থকা নিয়োগ সময়ৰ বাবে, যেতিয়ালৈকে মূল গ্ৰাহকে ৬০ বছৰ বয়সত উপনীত নহয়।
ধন পৰিশোধ : গ্ৰাহকে এপিৱাইলৈ মাহেকীয়া/ ত্ৰিমাসিক / ডেৰ বছৰীয়া ভিত্তিত অৱদান আগবঢ়াব পাৰে।
আঁচনিৰ পৰা প্ৰত্যাহাৰ: চৰকাৰী সহযোগী অৱদান আৰু তাৰ ওপৰত ৰিটাৰ্ণ/সুদ কৰ্তন কৰিলে, কিছুমান চৰ্তৰ অধীনত গ্ৰাহকে স্বেচ্ছাই এপিৱাইৰ পৰা ওলাই আহিব পাৰে।
আঁচনিৰ অগ্ৰগতি – লাখত ক্ৰমবৰ্ধমান নামভৰ্তি:

আঁচনিৰ অধীনত মুঠ নামভৰ্তিৰ প্ৰায় ৪৯% মহিলা
কৃতিত্বঃ ৩০.০৪.২০২৬ তাৰিখলৈকে ৯.০৪ কোটিতকৈ অধিক ব্যক্তিয়ে আঁচনিখনত নামভৰ্তি কৰিছে।
*****
AD/DM
(ৰিলিজ আই ডি : 2259357)
অতিথি কক্ষ : 5
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Nepali
,
Marathi
,
Bengali
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam