কেবিনেট
azadi ka amrit mahotsav

জৰুৰীকালীন ঋণ নিশ্চয়তা আঁচনি ৫.০ত অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ

পশ্চিম এছিয়াৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰীয় ঋণ নিশ্চয়তা ট্ৰাষ্টী কোম্পানী লিমিটেডৰ জৰিয়তে সদস্য ঋণ প্ৰদানকাৰী প্ৰতিষ্ঠানসমূহক ঋণ নিশ্চয়তা কভাৰেজৰ অধীনত যোগ্য বাণিজ্যিক ঋণগ্ৰহণকাৰীক প্ৰদান কৰিব অতিৰিক্ত ঋণ সাহাৰ্য

অতিৰিক্ত ঋণ প্ৰবাহৰ মুঠ লক্ষ্য ২,৫৫,০০০ কোটি টকা (বিমান সংস্থাৰ বাবে ৫,০০০ কোটি টকাকে ধৰি)

পোষ্ট কৰা হৈছে: 05 MAY 2026 6:48PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে জৰুৰীকালীন ঋণ নিশ্চয়তা আঁচনি (ইচিএলজিএছ) ৫.০ত অনুমোদন জনাইছে। এই আঁচনিৰ লক্ষ্য হৈছে পশ্চিম এছিয়াৰ সংকটৰ পৰিপ্ৰেক্ষিতত হ্ৰস্বম্যাদী লিকুইডিটিৰ বাধাসমূহ দূৰ কৰিবলৈ যোগ্য ঋণগ্ৰহণকাৰীসকলক প্ৰদান কৰা অতিৰিক্ত ঋণ সুবিধাৰ অধীনত ডিফল্ট হোৱা ধনৰ বাবে ৰাষ্ট্ৰীয় ঋণ নিশ্চয়তা ট্ৰাষ্টী কোম্পানী লিমিটেডে (এনচিজিটিচি) সদস্য ঋণ প্ৰদানকাৰী প্ৰতিষ্ঠানসমূহক (এমএলআই) নিশ্চিত কভাৰেজ প্ৰদান কৰা। ইএমএছএমইৰ বাবে ১০০ শতাংশ আৰু অ-এমএছএমই আৰু বিমান সংস্থাৰ বাবে ৯০ শতাংশ নিশ্চয়তা কভাৰেজ প্ৰদান কৰে।

আঁচনিৰ মূল বৈশিষ্ট্যসমূহ:

  • যোগ্য ঋণগ্ৰহণকাৰী: ২০২৬ চনৰ ৩১ মাৰ্চলৈকে বৰ্তমানৰ কাৰ্য্যকৰী মূলধনৰ সীমা থকা এমএছএমই আৰু অ-এমএছএমই আৰু বকেয়া ঋণৰ সুবিধা থকা নিৰ্ধাৰিত যাত্ৰীবাহী বিমান সংস্থাসমূহ, যদিহে তেওঁলোকৰ একাউণ্ট মানক হয়।
  • গেৰাণ্টি কভাৰেজ: এমএছএমইৰ বাবে ১০০ শতাংশ আৰু অ-এম এছ এম ই আৰু বিমান সংস্থাৰ বাবে ৯০ শতাংশ।
  • গেৰাণ্টি মাচুল: শূন্য
  • সাহায্যৰ পৰিমাণ: ২০২৬ বিত্তীয় বৰ্ষৰ চতুৰ্থ ত্ৰৈমাসিকত ব্যৱহৃত সৰ্বোচ্চ কাৰ্য্যকৰী মূলধনৰ ২০ শতাংশ পৰ্যন্ত অতিৰিক্ত ঋণ (সৰ্বোচ্চ ১০০ কোটি টকা)। বিমান সংস্থাসমূহৰ বাবে ১০০ শতাংশ পৰ্যন্ত (প্ৰতিজন ঋণগ্ৰহণকাৰীৰ বাবে সৰ্বাধিক ১৫০০ কোটি টকা, কিছুমান নিৰ্দিষ্ট চৰ্ত পূৰণৰ অধীনত)।
  • ঋণৰ সময়সীমা:

এমএছএমই/অ-এমএছএমইৰ বাবে (বিমান সংস্থা খণ্ড বাদ দি): ১ বছৰৰ মৰেটৰিয়ামকে ধৰি প্ৰথম বিতৰণৰ তাৰিখৰ পৰা ৫ বছৰ।

  • বিমান সংস্থা খণ্ডৰ বাবে: ২ বছৰৰ মৰেটৰিয়ামকে ধৰি প্ৰথম বিতৰণৰ তাৰিখৰ পৰা ৭ বছৰ।
  • গেৰাণ্টি কভাৰ সময়সীমা: গেৰাণ্টি কভাৰৰ সৰ্বোচ্চ সময়সীমা ঋণৰ সময়সীমাৰ সৈতে সহ-টাৰ্মিনাছ হ’ব লাগিব।
  • আঁচনিৰ সময়সীমা: এনচিজিটিচিয়ে এই নিৰ্দেশনা জাৰি কৰাৰ তাৰিখৰ পৰা ২০২৭ চনৰ ৩১ মাৰ্চলৈকে অনুমোদিত সকলো ঋণৰ ক্ষেত্ৰত এই আঁচনি প্ৰযোজ্য হ’ব।

প্ৰভাৱ:

এই আঁচনিৰ লক্ষ্য হৈছে পশ্চিম এছিয়াৰ সংঘাতৰ ফলত সৃষ্টি হোৱা প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিবলৈ ব্যৱসায়ীসকলক সক্ষম কৰা। তদুপৰি, এই পদক্ষেপে ব্যৱসায়ীসকলক তেওঁলোকৰ কাৰ্য্যকলাপ বজাই ৰখা, চাকৰি সুৰক্ষিত কৰা আৰু যোগান শৃংখল বজাই ৰখাত সহায় কৰিব বুলি আশা কৰা হৈছে।

ব্যৱসায়ীসকলক বিশেষকৈ এমএছএমই আৰু বিমান সংস্থা খণ্ডক তেওঁলোকৰ অতিৰিক্ত কাৰ্য্যকৰী মূলধনৰ প্ৰয়োজনীয়তা বেংক আৰু বিত্তীয় প্ৰতিষ্ঠানসমূহে পূৰণ কৰাটো নিশ্চিত কৰাত সহায় কৰাৰ বাবে প্ৰস্তাৱিত ঋণ নিশ্চয়তা আঁচনিখন এক গুৰুত্বপূৰ্ণ পদক্ষেপ। সময়মতে লিকুইডিটি প্ৰদান কৰি এই আঁচনিখনে ব্যৱসায়ক বৰ্তাই ৰাখিব আৰু যুৱকৃযুৱতীসকলে চাকৰি হেৰুওৱাটো ৰোধ কৰিব। তদুপৰি, ই নিৰৱচ্ছিন্ন ঘৰুৱা উৎপাদনক প্ৰসাৰিত কৰিব আৰু পৰিস্থিতিন্ত্ৰৰ সুস্থিৰতা বজাই ৰাখিব।

 

***

MJPS/DB


(ৰিলিজ আই ডি : 2258245) অতিথি কক্ষ : 11