মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়
প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বালপুৰস্কাৰৰ বাবে মনোনয়ন আহ্বান
মনোনয়ন দাখিলৰ অন্তিম তাৰিখ ৩১ জুলাই ২০২৬
ৰাষ্ট্ৰীয় এৱাৰ্ড পৰ্টেলৰ জৰিয়তে অনলাইনযোগে দাখিল কৰিব পাৰিব মনোনয়ন
পোষ্ট কৰা হৈছে:
27 APR 2026 12:02PM by PIB Guwahati
সমগ্ৰ দেশৰ শিশুসকলৰ ব্যতিক্ৰমী কৃতিত্বক স্বীকৃতি দিবলৈ প্ৰতি বছৰে প্ৰদান কৰা প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বালপুৰস্কাৰ (PMRBP)ৰ বাবে মনোনয়ন আহ্বান কৰিছে ভাৰত চৰকাৰে। সাহসিকতা, ক্ৰীড়া, সমাজ সেৱা, বিজ্ঞান আৰু প্ৰযুক্তি, পৰিবেশ আৰু কলা তথা সংস্কৃতিৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতিৰ যোগ্য শিশুসকলক এই বঁটা প্ৰদান কৰা হয়।
৫ বছৰৰ ওপৰৰ আৰু ১৮ বছৰতকৈ অধিক নোহোৱা (৩১ জুলাই, ২০২৬ তাৰিখলৈকে), ভাৰতীয় নাগৰিক আৰু ভাৰতত বাস কৰা যিকোনো শিশুৱে এই বঁটাৰ বাবে যোগ্য।
যিকোনো নাগৰিকৰ পৰা মনোনয়ন https://awards.gov.in ৰ ৰাষ্ট্ৰীয় এৱাৰ্ড পৰ্টেলৰ জৰিয়তেহে গ্ৰহণ কৰা হ’ব । বঁটাৰ বাবে স্ব-মনোনয়ন আৰু পৰামৰ্শ, দুয়োটাকে বিবেচনা কৰা হ’ব। অনলাইনৰ জৰিয়তে আবেদন গ্ৰহণৰ শেষ তাৰিখ ৩১ জুলাই, ২০২৬।অধিক জানিবলৈ অনুগ্ৰহ কৰি ৰাষ্ট্ৰীয় এৱাৰ্ড পৰ্টেল (https://awards.gov.in) চাব পাৰে ।
*****
SS/VN/DM
(ৰিলিজ আই ডি : 2256060)
অতিথি কক্ষ : 22
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali-TR
,
Bengali
,
Punjabi
,
Gujarati
,
Telugu
,
Kannada
,
Malayalam