প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

২০২৬ বৰ্ষৰ পদ্ম বঁটা প্ৰাপকসকলক প্ৰধানমন্ত্ৰীৰ অভিনন্দন

পোষ্ট কৰা হৈছে: 25 JAN 2026 7:16PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ প্ৰতি আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে পদ্ম বঁটা প্ৰাপকসকলক অভিনন্দন জনাইছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে বিভিন্ন ক্ষেত্ৰত বঁটা প্ৰাপকসকলৰ উৎকৃষ্টতা, নিষ্ঠা আৰু সেৱাই সমাজৰ গাঁথনি সমৃদ্ধ কৰে। তেওঁ কয় যে এই সন্মানে প্ৰজন্মৰ অনুপ্ৰেৰণা যোগোৱা প্ৰতিশ্ৰুতি আৰু উৎকৃষ্টতাৰ মনোভাৱক প্ৰতিফলিত কৰে।

২০২৬ বৰ্ষৰ পদ্ম বঁটা ঘোষণা কৰা এটা পোষ্টৰ উত্তৰত শ্ৰী মোদীয়ে কয়;

আমাৰ দেশলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে সকলো পদ্ম বঁটা প্ৰাপকলৈ অভিনন্দন। তেওঁলোকৰ উৎকৃষ্টতা, নিষ্ঠা আৰু বিভিন্ন ক্ষেত্ৰত সেৱা আগবঢ়াই আমাৰ সমাজখনক সমৃদ্ধ কৰিছে। এই সন্মানে প্ৰজন্মৰ পিছত প্ৰজন্মক অনুপ্ৰাণিত কৰি অহা প্ৰতিশ্ৰুতি আৰু উৎকৃষ্টতাৰ মনোভাৱক প্ৰতিফলিত কৰে।


(ৰিলিজ আই ডি : 2254812) অতিথি কক্ষ : 18