প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
এষ্টোনিয়া গণৰাজ্যৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
18 FEB 2026 8:35PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ১৮ ফেব্ৰুৱাৰীত নতুন দিল্লীত অনুষ্ঠিত এআই ইম্পেক্ট সন্মিলনৰ অৱসৰত এষ্টোনিয়া গণৰাজ্যৰ ৰাষ্ট্ৰপতি শ্ৰীযুত আলাৰ কাৰিছক সাক্ষাৎ কৰে।
প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি কাৰিছে যোৱা বছৰ পেৰিছত অনুষ্ঠিত এআই একশ্যন সন্মিলনৰ সুযোগতে হোৱা তেওঁলোকৰ বৈঠকৰ কথা আন্তৰিকতাৰে স্মৰণ কৰে। তেওঁলোকে গণতন্ত্ৰ আৰু আইনৰ শাসনৰ অংশীদাৰী মূল্যবোধ তথা আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু সুস্থিৰতাৰ উমৈহতীয়া লক্ষ্যৰ ওপৰত আধাৰিত ভাৰত-এষ্টোনিয়া সম্পৰ্ক ত্বৰান্বিত কৰাৰ বাবে তেওঁলোকৰ প্ৰতিশ্ৰুতি পুনৰ দোহাৰে।
দুয়োগৰাকী নেতাই ২০২৬ চনৰ জানুৱাৰী মাহত ষোড়শ ভাৰত-ইউৰোপীয় সংঘ সন্মিলনৰ সময়ত ভাৰত-ইউৰোপীয় সংঘ মুক্ত বাণিজ্য চুক্তিৰ সফল সমাপ্তিৰ সৈতে ভাৰত-ইউৰোপীয় সংঘৰ সম্পৰ্কত গুৰুত্বপূৰ্ণ কৌশলগত উত্থানক আদৰণি জনায়।
দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পৰ্ক, বিশেষকৈ তথ্য প্ৰযুক্তি আৰু ডিজিটেলাইজেশ্যনত চলি থকা সহযোগিতাৰ পৰ্যালোচনা কৰে তথা শিক্ষা আৰু দক্ষতাকে ধৰি ভৱিষ্যতৰ প্ৰযুক্তি, ই-প্ৰশাসন, চাইবাৰ সুৰক্ষা, ষ্টাৰ্টআপ আৰু এ আইত সহযোগিতা বৃদ্ধিৰ সম্ভাৱনাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁলোকে পৰিষ্কাৰ শক্তি আৰু স্মাৰ্ট শক্তি ব্যৱস্থাপনাৰ ক্ষেত্ৰত সহযোগিতাৰ সম্ভাৱনাৰ বিষয়েও আলোচনা কৰে।
দুয়োগৰাকী নেতাই আঞ্চলিক আৰু আন্তৰ্জাতিক বিষয়সমূহ সন্দৰ্ভত মত বিনিময় কৰে।
দুয়োগৰাকী নেতাই ভাৰত আৰু এষ্টোনিয়াৰ মাজত বৰ্ধিত সাংস্কৃতিক আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্ক সন্দৰ্ভত সন্তুষ্টি প্ৰকাশ কৰে। ৰাষ্ট্ৰপতি কাৰিছে এষ্টোনিয়াত ভাৰতীয় পেছাদাৰীসকলৰ অৱদানৰ প্ৰশংসা কৰাৰ লগতে দুয়োপক্ষই অধিক প্ৰতিভাৰ বিকাশ আৰু পৰ্যটনৰ সুবিধাৰ দিশত কাম কৰিবলৈ সন্মত হয়।
****
MJPS/SR/DD
(ৰিলিজ আই ডি : 2254107)
অতিথি কক্ষ : 6
ত এই ৰিলিজটো পঢ়ক:
Bengali
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam