প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
দেশবাসীক সম্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
মহিলাসকলে সকলো পাহৰিব পাৰে, কিন্তু আত্মসন্মানৰ অপমান কেতিয়াও পাহৰিব নোৱাৰে : প্ৰধানমন্ত্ৰী
সংসদত ‘নাৰী শক্তি বন্দন অধিনিয়ম’ৰ সংশোধনীৰ বিৰোধিতা কৰা দলবোৰে মহিলাৰ ক্ষমতাক সহজভাৱে লৈছে : প্ৰধানমন্ত্ৰী
‘নাৰী শক্তি বন্দন অধিনিয়ম’ সংশোধনী আছিল একবিংশ শতিকাৰ মহিলা সবলীকৰণৰ বাবে ‘মহাযজ্ঞ’ : প্ৰধানমন্ত্ৰী
বংশবাদী দলসমূহে ‘নাৰী শক্তি বন্দন অধিনিয়ম’ৰ বিৰোধিতা কৰাৰ এটা প্ৰধান কাৰণ হৈছে তেওঁলোকৰ ভয় : প্ৰধানমন্ত্ৰী
দেশৰ ১০০ শতাংশ নাৰী শক্তিৰ আশীৰ্বাদ আমাৰ লগত আছে : প্ৰধানমন্ত্ৰী
মহিলাৰ সংৰক্ষণৰ বাটত থকা প্ৰতিটো বাধা আমি আঁতৰাই পেলাম : প্ৰধানমন্ত্ৰী
নাৰীৰ অধিকাৰ কাঢ়ি নিয়াৰ সময়ত এই মানুহবোৰে টেবুলত থপৰিয়াই আছিল; এইটো আছিল নাৰীৰ মৰ্যাদা আৰু আত্মসন্মানৰ ওপৰত আক্ৰমণ : প্ৰধানমন্ত্ৰী
মহিলাৰ সংৰক্ষণৰ বিৰোধিতাৰে কৰা পাপৰ শাস্তি বিৰোধীয়ে পাব : প্ৰধানমন্ত্ৰী
পোষ্ট কৰা হৈছে:
18 APR 2026 11:39PM by PIB Guwahati
ভাৰতৰ মাতৃ, ভগ্নী, কন্যাক লৈ এটা গুৰুত্বপূৰ্ণ বিষয়ত দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে নাৰীৰ প্ৰগতিৰ স্থৱিৰতাত গভীৰ শোক প্ৰকাশ কৰে। তেওঁ উল্লেখ কৰে যে চৰকাৰৰ আন্তৰিক প্ৰচেষ্টা সত্ত্বেও নাৰী শক্তি বন্দন অধিনিয়ম সংশোধনী গৃহীত নহ’ল, যাৰ ফলত মহিলাসকলৰ বৈধ সপোন সম্পূৰ্ণৰূপে মোহাৰি পেলোৱা হল। শ্ৰী মোদীয়ে কয় যে এই দুৰ্ভাগ্যজনক ফলাফলৰ বাবে দেশৰ সকলো মাতৃ-ভগ্নীৰ ওচৰত আন্তৰিকতাৰে ক্ষমা বিচাৰিছো।
ৰাষ্ট্ৰীয় স্বাৰ্থ সৰ্বোচ্চ বুলি গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰৰ মংগলৰ সলনি ৰাজনৈতিক লাভালাভক অগ্ৰাধিকাৰ দিয়া নিৰ্দিষ্ট একাংশ ৰাজনৈতিক দলক তীব্ৰ সমালোচনা কৰে।
সমগ্ৰ দেশতে বিয়পি পৰা গভীৰ হতাশাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে আঙুলিয়াই দিয়ে যে এই বিধেয়কখন গৃহীত নকৰাটো নাৰীৰ আত্মসন্মানৰ ওপৰত প্ৰত্যক্ষ আঘাত— যিটো অপমান মহিলা ভোটাৰসকলে চিৰদিন মনত ৰাখিব। শ্ৰী মোদীয়ে দৃঢ়তাৰে কয়, "নাৰীয়ে হয়তো বাকী সকলো পাহৰি যাব, কিন্তু তেওঁলোকে নিজৰ মৰ্যাদাৰ অপমান কেতিয়াও পাহৰিব নোৱাৰে।"
প্ৰধানমন্ত্ৰীগৰাকীয়ে আলোকপাত কৰে যে ভাৰতৰ মহিলাসকলে এই নেতাসকলৰ কু-অভিপ্ৰায় খুব ভালদৰে বুজি পায় আৰু ভৱিষ্যতে এই দোষী ৰাজনীতিবিদসকলক নিশ্চয়কৈ জবাবদিহি কৰিব। নাৰী শক্তি বন্দন অধিনিয়ম সংশোধনীৰ সুদূৰপ্ৰসাৰী দৃষ্টিভংগী ব্যাখ্যা কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে ব্যাখ্যা কৰে যে এই আইনখন দেশৰ আধা জনসংখ্যাক দীৰ্ঘদিনীয়া অধিকাৰ প্ৰদান আৰু তেওঁলোকৰ বাবে নতুন সুযোগ সৃষ্টিৰ লক্ষ্যৰে চলোৱা এক বৃহৎ প্ৰচেষ্টা। তেওঁ কয় যে এই বিধেয়কখনৰ লক্ষ্য আছিল ব্যৱস্থাটোত থকা বাধাসমূহ আঁতৰাই সকলো ৰাজ্যৰ পৰিসৰ বা ভৌগোলিক অৱস্থান নিৰ্বিশেষে ৰাজনৈতিক ক্ষমতা সমানে বৃদ্ধি কৰা। শ্ৰী মোদীয়ে আঙুলিয়াই দিয়ে যে এই সংশোধনী ভাৰতৰ উন্নয়ন যাত্ৰাত মহিলাসকলক সমান অংশীদাৰ হিচাপে গঢ়ি তোলাৰ এক আন্তৰিক প্ৰয়াস আছিল।
প্ৰধানমন্ত্ৰীগৰাকীয়ে এই কুৎসিত ৰাজনৈতিক কৌশলক ভাৰতৰ নাগৰিকে ভালদৰে চিনি পাইছে আৰু ইয়াৰ আঁৰৰ প্ৰকৃত উদ্দেশ্য বুজি পাইছে বুলি গুৰুত্বসহকাৰে উল্লেখ কৰে। শ্ৰী মোদীয়ে কয়, "নাৰীৰ অধিকাৰ কাঢ়ি নিবলৈ ব্যৱহাৰ কৰা কুৎসিত ৰাজনৈতিক কৌশল দেশখনে এতিয়া সম্পূৰ্ণৰূপে বুজি পাইছে।"
প্ৰধানমন্ত্ৰীগৰাকীয়ে ব্যাখ্যা কৰে যে বংশবাদী দলসমূহে পৰিয়ালৰ বাহিৰৰ মহিলাসকলৰ সবলীকৰণে তেওঁলোকৰ স্থানীয় নেতৃত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব পাৰে বুলি শংকিত হৈ পৰিছে। তেওঁ এই কথাত গুৰুত্ব আৰোপ কৰে যে বৰ্তমান পঞ্চায়তসমূহত সেৱা আগবঢ়োৱা হাজাৰ হাজাৰ সক্ষম মহিলাই বংশবাদী ৰাজনীতিবিদসকলৰ গভীৰভাৱে শিপাই থকা নিৰাপত্তাহীনতাৰ প্ৰতি প্ৰত্যক্ষ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে।
সীমা নিৰ্ধাৰণৰ বিষয়ে প্ৰচাৰিত ভুৱা আখ্যান নাকচ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি কয়- চৰকাৰে নিশ্চিত কৰিছে যে কোনো ৰাজ্যই প্ৰতিনিধিত্ব হেৰুৱাবলগীয়া নহয়, কিয়নো সকলো ৰাজ্যৰ বাবে আসন সমানে আৰু উচিত অনুপাতত বৃদ্ধি কৰা হ’ব। আঞ্চলিক বিকাশৰ বাবে হেৰুৱা সুযোগসমূহৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এই সংশোধনীৰ ফলত তামিলনাডু, বংগ, উত্তৰ প্ৰদেশৰ দৰে ৰাজ্যৰ সংসদীয় আসন যথেষ্ট বৃদ্ধি পালেহেঁতেন।
পূৰ্বতে বিৰোধিতা কৰা এলানি পৰিৱৰ্তনশীল পদক্ষেপৰ তালিকা দাঙি ধৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে আঙুলিয়াই দিয়ে যে জনধন-আধাৰ-ম’বাইল তিনি তত্ব, ডিজিটেল পেমেণ্ট, জি এছ টি, আৰু তিনি তালাকৰ বিৰুদ্ধে অনা আইনৰো বিৰোধিতা কৰা হৈছিল। তেওঁ কয় যে প্ৰথম অৱস্থাত কা(CAA)ক লৈও বিশৃংখলতাৰ সন্মুখীন হৈছিল আৰু মাওবাদী হিংসাৰ অন্ত পেলোৱাৰ প্ৰচেষ্টা ধাৰাবাহিকভাৱে বাধাগ্ৰস্ত হৈ আহিছে।
ভাৰতৰ ঐতিহাসিক উন্নয়নত বিলম্ব হোৱাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে গুৰুত্বপূৰ্ণ সিদ্ধান্ত স্থগিত ৰখাৰ ধাৰাবাহিক কৌশলৰ বাবে স্বাধীনতাৰ পিছৰে পৰা আন দেশসমূহে ভাৰতক অতিক্ৰমি আগবাঢ়িছিল। তেওঁ আলোকপাত কৰে যে সীমান্তৰ বিবাদ নিষ্পত্তি, অ’বিচি সংৰক্ষণ, সৈনিকৰ বাবে ‘ৱান ৰেংক ৱান পেঞ্চন’ আঁচনি আদি দেশৰ বাবে গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ লোৱাত পলম হোৱা বাবে ৪০ বছৰ অপচয় হৈছে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এনেধৰণৰ বিভ্ৰান্তি আৰু প্ৰতাৰণাত বাবে ভাৰতীয় প্ৰজন্মই গভীৰভাৱে ক্ষতিগ্ৰস্ত হৈছে। তেওঁ কয় যে বৰ্তমানৰ ৰাজনৈতিক যুঁজখন কেৱল আইন প্ৰণয়নৰ বাবেই নহয়, গভীৰ নেতিবাচক আৰু সংস্কাৰবিৰোধী মানসিকতাৰ বিৰুদ্ধেও এখন বিস্তৃত যুঁজ। শ্ৰী মোদীয়ে কয় যে দেশৰ সকলো ভগ্নী-কন্যাই যে এই বিষাক্ত মানসিকতাৰ উপযুক্ত উত্তৰ দিব, তাত মোৰ কোনো সন্দেহ নাই।
বিধেয়কখনৰ বিফলতা চৰকাৰৰ বাবে বিফলতা বুলি কৰা ধাৰণাক নস্যাত কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে যদি বিৰোধীয়ে এই আইনখনক সমৰ্থন কৰিছিল তেন্তে বিজ্ঞাপনৰ জৰিয়তে তেওঁলোকক সম্পূৰ্ণ কৃতিত্ব দিবলৈ তেওঁ সম্পূৰ্ণ সাজু। শ্ৰী মোদীয়ে কয় যে, "এই বিষয়টো কেতিয়াও ৰাজনৈতিক কৃতিত্ব লোৱাৰ বিষয় নাছিল; ই আছিল অধিকাৰ সুৰক্ষিত কৰাৰ।"
নাৰী সৱলীকৰণৰ প্ৰতি নিজৰ অদম্য দায়বদ্ধতাক পুনৰবাৰ উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে লাখ লাখ মহিলাই অনুভৱ কৰা দুখবোধৰ প্ৰতি একাত্মতা প্ৰকাশ কৰে আৰু তেওঁলোকক আশ্বাস দিয়ে যে সংসদত প্ৰয়োজনীয় সংখ্যাৰ অভাৱ হোৱাৰ পিছতো তেওঁৰ সংকল্প অদম্য হৈয়ে আছে। দেশৰ ১০০ শতাংশ মহিলাৰ আশীৰ্বাদত চৰকাৰখনে অৱশেষত সফল হ’ব বুলি উল্লেখ কৰি ভৱিষ্যতে আইনখনৰ প্ৰতি থকা যিকোনো বাধা আঁতৰোৱাৰ প্ৰতিশ্ৰুতি দিয়ে। শ্ৰী মোদীয়ে কয়, "দেশৰ আধা জনসংখ্যাৰ সপোন আৰু ভৱিষ্যতৰ বাবে আমি এই সংকল্প পূৰণ কৰিবই লাগিব।"
****
MJPS/PRK/KD
(ৰিলিজ আই ডি : 2253462)
অতিথি কক্ষ : 10
ত এই ৰিলিজটো পঢ়ক:
Malayalam
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada