পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়
azadi ka amrit mahotsav

পশ্চিম এছিয়াৰ সংকটৰ পৰিপ্ৰেক্ষিতত মূল খণ্ডসমূহৰ বিষয়ে তথ্য প্ৰকাশ

বৈধ আইডিৰে এলপিজি বিতৰকত ৫ কিলোগ্ৰামৰ এফটিএল চিলিণ্ডাৰ উপলব্ধ, ঠিকনাৰ প্ৰমাণৰ প্ৰয়োজন নাই

কালি বিক্ৰী হৈছে ৭১,০০০ৰো অধিক ৫ কিলোগ্ৰামৰ এফটিএল চিলিণ্ডাৰ; ২৩ মাৰ্চৰ পৰা ৫.৭ লাখ বিতৰণ কৰা হৈছে

২০২৬ চনৰ মাৰ্চ মাহৰ পৰা ৩.৫ লাখতকৈ অধিক পিএনজি সংযোগ দিয়া হৈছে

সাৰ উদ্যোগলৈ গেছৰ যোগান ৬ এপ্ৰিলৰ পৰা ছমাহৰ গড় ব্যৱহাৰৰ প্ৰায় ৯০% লৈ বৃদ্ধি পাব

ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত এলপিজিৰ অবৈধ মজুতকৰণ আৰু ক’লা ব্যৱসায়ৰ বিৰুদ্ধে অভিযান অব্যাহত আছে; কালি ৩৭০০ৰো অধিক অভিযান চলোৱা হয়

৪৬,৬৫০ মেট্ৰিক এম এল পি জি কঢ়িয়াই অনা জাহাজ গ্ৰীণ ছানভিয়ে হৰমুজ জলদ্বীপ অতিক্ৰম কৰিছে

এতিয়ালৈকে ১৩২০ জনতকৈ অধিক ভাৰতীয় নাৱিকক দেশলৈ ঘূৰাই অনাৰ সুবিধা কৰি দিয়া হৈছে

ভাৰতীয় মিছনে ২৪x৭ হেল্পলাইন পৰিচালনা কৰিছে, সমগ্ৰ অঞ্চলৰ নাগৰিকসকলক সহায় আগবঢ়াইছে

পোষ্ট কৰা হৈছে: 04 APR 2026 3:06PM by PIB Guwahati

ভাৰত চৰকাৰে পশ্চিম এচিয়াৰ সংকট চলি থকাৰ মাজতে মূল খণ্ডসমূহৰ প্রস্তুতি আৰু সুচাৰুৰূপে কাম-কাজ সুনিশ্চিত কৰাৰ বাবে প্রয়োজনীয় পদক্ষেপ অব্যাহত ৰাখিছে৷ পশ্চিম এছিয়াৰ বিৱৰ্তনশীল পৰিস্থিতিৰ পটভূমিত শক্তি যোগান, সামুদ্ৰিক কাৰ্য্যকলাপ, আৰু অঞ্চলটোৰ ভাৰতীয় নাগৰিকসকলক সহায়ৰ ক্ষেত্ৰত গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বিষয়ত তথ্য দাঙি ধৰা হৈছেঃ

শক্তি যোগান আৰু ইন্ধনৰ উপলব্ধতা

হৰমুজ জলদ্বীপত  চলি থকা সংকটৰ  প্ৰেক্ষাপটত পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে সমগ্ৰ দেশতে পেট্ৰলিয়াম সামগ্ৰী আৰু এল পি জিৰ নিৰৱচ্ছিন্ন উপলব্ধতা নিশ্চিত কৰাৰ বাবে সক্ৰিয় পদক্ষেপ গ্ৰহণ কৰিছে । মন্ত্ৰালয়ৰ মতে:

পৰামৰ্শ আৰু নাগৰিক সজাগতা

• চৰকাৰে  পেট্ৰল, ডিজেল আৰু এল পি জিৰ উপলব্ধতা নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা চলাইছে  আৰু নাগৰিকসকলক পেট্ৰল তথা ডিজেল আতংকিত হৈ ক্ৰয় কৰাৰ পৰা বিৰত থাকিবলৈ ,  এল পি জিৰ অপ্ৰয়োজনীয় বুকিঙৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিয়া হৈছে।

• নাগৰিকসকলক উৰাবাতৰিৰ পৰা সাৱধান হ’বলৈ আৰু শুদ্ধ তথ্যৰ বাবে কেৱল চৰকাৰী উৎসৰ ওপৰত নিৰ্ভৰ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।

• এল পি জিৰ বাবে নাগৰিকসকলক এল পি জি চিলিণ্ডাৰ বুকিঙৰ বাবে ডিজিটেল মোড ব্যৱহাৰ কৰিবলৈ আৰু প্ৰয়োজন নহ’লে এল পি জি বিতৰকসকলৰ ওচৰলৈ যোৱাৰ পৰা বিৰত থাকিবলৈ অনুৰোধ জনোৱা হৈছে।

• নাগৰিকসকলক য’তেই সম্ভৱ তাতেই বিকল্প ইন্ধন যেনে পিএনজি, ইণ্ডাকচন আৰু ইলেক্ট্ৰিক কুকটপ ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰা হৈছে।

• বৰ্তমানৰ পৰিস্থিতিত সকলো নাগৰিককে দৈনন্দিন ব্যৱহাৰত শক্তি সংৰক্ষণৰ বাবে প্ৰয়োজনীয় প্ৰচেষ্টা চলাবলৈ অনুৰোধ জনোৱা হৈছে।

চৰকাৰী প্ৰস্তুতি আৰু যোগান ব্যৱস্থাপনা

• সাম্প্ৰতিক  যুদ্ধ পৰিস্থিতিৰ মাজতো চৰকাৰে ঘৰুৱা এল পি জি আৰু পি এন জিক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়াৰ লগতে চিকিৎসালয় আৰু শিক্ষানুষ্ঠানসমূহক অধিক অগ্ৰাধিকাৰ দিছে।

• চৰকাৰে ইতিমধ্যে যোগান আৰু চাহিদা দুয়োটা দিশতে কেইবাটাও যুক্তিসংগতকৰণ ব্যৱস্থা ৰূপায়ণ কৰিছে, য’ত শোধনাগাৰৰ উৎপাদন বৃদ্ধি কৰা, চহৰ অঞ্চলত বুকিংৰ ব্যৱধান ২১ দিনৰ পৰা ২৫ দিনলৈ আৰু গ্ৰাম্য অঞ্চলত ৪৫ দিনলৈ বৃদ্ধি কৰা আৰু যোগানৰ বাবে খণ্ডসমূহক অগ্ৰাধিকাৰ দিয়া আদি আছে।

• এল পি জিৰ চাহিদাৰ ওপৰত চাপ কমোৱাৰ বাবে কেৰাচিন আৰু কয়লাৰ দৰে বিকল্প ইন্ধনৰ বিকল্প আগবঢ়োৱা হৈছে।

• কয়লা মন্ত্ৰালয়ে ইতিমধ্যে কল ইণ্ডিয়া আৰু চিংগাৰেনী কলিয়াৰীক ক্ষুদ্ৰ, মজলীয়া আৰু অন্যান্য গ্ৰাহকক কয়লা বিতৰণৰ বাবে ৰাজ্যসমূহক অধিক পৰিমাণৰ আবণ্টন দিবলৈ নিৰ্দেশ জাৰি কৰিছে।

• ৰাজ্যসমূহক ঘৰুৱা আৰু বাণিজ্যিক গ্ৰাহক উভয়ৰে বাবে নতুন পিএনজি সংযোগৰ সুবিধা প্ৰদান কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।

 

• শেহতীয়াকৈ সচিব (এম অ’ পি এন জি)ৰ অধ্যক্ষতাত সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ অতিৰিক্ত মুখ্য সচিব আৰু প্ৰধান সচিব (খাদ্য আৰু অসামৰিক যোগান)ৰ সৈতে এখন বৈঠকত ইন্ধন যোগানৰ পৰিস্থিতি পৰ্যালোচনা কৰে আৰু পৰ্যাপ্ত উপলব্ধতা নিশ্চিত কৰাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বিষয়ত  আলোকপাত কৰে। ৰাজ্যসমূহক বিশেষকৈ ঘৰুৱা আৰু অত্যাৱশ্যকীয় প্ৰয়োজনীয়তাৰ বাবে এল পি জি বিতৰণক অগ্ৰাধিকাৰ দিবলৈ নিৰ্দেশ দিয়া হৈছে, একে সময়তে জমা কৰা, ডাইভাৰচন আৰু ভুল তথ্যৰ বিৰুদ্ধে কঠোৰ সতৰ্কতা বজাই ৰখা হৈছে। প্ৰব্ৰজিত শ্ৰমিকসকলক এফটিএল এলপিজি যোগান সম্পৰ্কীয় প্ৰতিবেদনসমূহৰ বিষয়ত  ৰাজ্যসমূহে স্পষ্ট কৰি দিয়ে যে প্ৰব্ৰজনকাৰীসকলক প্ৰভাৱান্বিত  কৰা এলপিজি যোগানত কোনো ধৰণৰ ব্যাঘাত ঘটা নাই আৰু যোগান সুস্থিৰ হৈ আছে। সচিবে জনাইছে যে ৰাজ্যসমূহে অ’এমচিৰ লগতে স্থানীয় প্ৰয়োজনীয়তাৰ ওপৰত ভিত্তি কৰি ৫ কিলোগ্ৰাম এফটিএল এলপিজি চিলিণ্ডাৰৰ লক্ষ্য নিৰ্ধাৰিত বিতৰণ পৰিচালনা কৰাৰ কথা চিন্তা কৰিব পাৰে।

 

ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল আৰু প্ৰতিষ্ঠানিক ব্যৱস্থাৰ সৈতে সমন্বিত প্ৰচেষ্টা

• অত্যাৱশ্যকীয় সামগ্ৰী আইন, ১৯৫৫ আৰু এল পি জি নিয়ন্ত্ৰণ আদেশ, ২০০০ৰ অধীনত ৰাজ্য চৰকাৰে যিকোনো অবৈধ মজুত আৰু ক'লা ব্যৱসায়ৰ বিৰুদ্ধে কাম কৰিবলৈ ক্ষমতা প্ৰদান কৰা হৈছে। চৰকাৰে কৈছে যে  ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে পেট্ৰল, ডিজেল আৰু এলপিজিকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগানৰ পৰিস্থিতি নিৰীক্ষণ আৰু নিয়ন্ত্ৰণ কৰাত প্ৰাথমিক ভূমিকা পালন কৰিব লাগিব। চৰকাৰে সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চললৈ একাধিক পত্ৰ আৰু ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে একেখিনি কথা পুনৰবাৰ উল্লেখ কৰিছে।

• সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ সকলো মুখ্য সচিব, এচিএছ/প্ৰধান সচিব/সচিব, খাদ্য আৰু অসামৰিক যোগান বিভাগৰ বিষয়াক এই বিষয়ত  বাবে অনুৰোধ কৰা হৈছে –

Ø ৰাজ্য/জিলা পৰ্যায়ত দৈনিক সংবাদমেল অনুষ্ঠিত  কৰা আৰু নিয়মীয়াকৈ ৰাজহুৱা উপদেশ প্রকাশ কৰা।

Ø নিৰ্দিষ্ট নিয়ন্ত্ৰণ কক্ষ/হেল্পলাইন স্থাপন কৰা

Ø ছ’চিয়েল মিডিয়াত ভুৱা বাতৰি / ভুল তথ্য সক্ৰিয়ভাৱে নিৰীক্ষণ কৰি সেয়া প্ৰতিহত কৰা।

Ø জিলা প্ৰশাসকৰ দ্বাৰা দৈনিক বলৱৎকাৰী অভিযান তীব্ৰতৰ কৰা আৰু অ’এমচিৰ সৈতে সমন্বয়ত অভিযান আৰু পৰিদৰ্শন অব্যাহত ৰখা

Ø তেওঁলোকৰ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত বাণিজ্যিক এল পি জি আবণ্টনৰ আদেশ জাৰি কৰা

Ø ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক আবণ্টিত অতিৰিক্ত এছ কে অ’ৰ বাবে এছ কে অ’ আবণ্টনৰ আদেশ জাৰি কৰা।

Ø দ্ৰুত ট্ৰেক চিজিডি সম্প্ৰসাৰণ আৰঅডব্লিউ/ আৰঅইউ অনুমতি, ২৪x৭ ঘণ্টাই  কামৰ অনুমতি প্ৰদান  আদি ক্ষিপ্ৰ কৰা।

Ø পিএনজি গ্ৰহণ আৰু বিকল্প ইন্ধনক প্ৰসাৰ কৰা।

Ø পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ সৈতে সমন্বয়ৰ বাবে জ্যেষ্ঠ ন’ডেল বিষয়াক মনোনীত কৰা

• চৰকাৰে  ২৭.০৩.২০২৬ আৰু ০২.০৪.২০২৬ তাৰিখৰ পত্ৰৰ ভিত্তিত সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য সচিবক সক্ৰিয় আৰু নিয়মীয়া ৰাজহুৱা যোগাযোগ তীব্ৰতৰ কৰিবলৈ অনুৰোধ জনাইছে, উপযুক্ত জ্যেষ্ঠ পৰ্যায়ত দৈনিক সংবাদমেল  অনুষ্ঠিত কৰাৰ লগতে সামাজিক আৰু বৈদ্যুতিন মাধ্যমৰ জৰিয়তে সঠিক তথ্য সময়মতে প্ৰচাৰ কৰি ভুল তথ্য ফলপ্ৰসূভাৱে প্ৰতিহত কৰিবলৈ আৰু পৰ্যাপ্ত উপলব্ধতাৰ সন্দৰ্ভত নাগৰিকসকলক আশ্বস্ত কৰিবলৈ অনুৰোধ জনাইছে ।

• বৰ্তমান ২১ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলে সংবাদমে অনুষ্ঠিত কৰি আছে।  

বলৱৎকৰণ আৰু নিৰীক্ষণ কাৰ্য্য

• বহু ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত এল পি জিৰ অবৈধ মজুতকৰণ  আৰু ক’লা ব্যৱসায় ৰোধ কৰিবলৈ  অভিযান অব্যাহত আছে। কালি ৩৭০০ৰো অধিক অভিযান চলোৱা হৈছে।

• পিএছইউ অ’এমচিৰ বিষয়াসকলক অবৈধ মজুতকৰণ  আৰু ক’লা ব্যৱসায়ৰ যিকোনো ঘটনা বাধা দিবলৈ হঠাতে  পৰিদৰ্শনৰ ব্যৱস্থা শক্তিশালী কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

 

 

• পিএছইউৰ অ’এমচিয়ে আজিলৈকে এলপিজি বিতৰকলৈ ১০০০টা কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে। তদুপৰি আজিলৈকে ২৭টা এল পি জি বিতৰকক নিলম্বিত কৰি  ৰখা হৈছে।

এল পি জি যোগান

ঘৰুৱা এল পি জি যোগানৰ স্থিতি:

• প্ৰচলিত ভূ-ৰাজনৈতিক পৰিস্থিতিৰ বাবে এল পি জিৰ যোগান প্ৰভাৱান্বিত  হৈছে। ইয়াৰ পিছতো এল পি জি বিতৰকত কোনো ধৰণৰ নাটনিৰ খবৰ পোৱা হোৱা নাই।

• কালি উদ্যোগৰ ভিত্তিত অনলাইন এল পি জি চিলিণ্ডাৰ বুকিং ৯৫% লৈ বৃদ্ধি পাইছে।

• বিতৰক পৰ্যায়ত ডাইভাৰচন ৰোধ কৰিবলৈ ডেলিভাৰী প্ৰমাণীকৰণ ক’ড (DAC) ভিত্তিক ডেলিভাৰী কালি ৫৩% (ফেব্ৰুৱাৰী-২০২৬)ৰ পৰা ৮৯%লৈ বৃদ্ধি কৰা হৈছে।

 

• কালি প্ৰায় ৫১ লাখ ঘৰুৱা এল পি জি চিলিণ্ডাৰ ডেলিভাৰী কৰা হয়।

বাণিজ্যিক এল পি জি যোগান আৰু আবণ্টনৰ ব্যৱস্থা:

• ০১.০৪.২০২৬ তাৰিখৰ চৰকাৰী  আদেশ অনুসৰি ভাৰতৰ পেট্ৰ’কেমিকেল কমপ্লেক্সকে ধৰি শোধন কোম্পানীসমূহক উচ্চ প্ৰযুক্তি কেন্দ্ৰ (চি এইচ টি)ৰ দ্বাৰা নিৰ্ধাৰণ কৰা নিৰ্দিষ্ট পৰিমাণ আৰু শোধনাগাৰৰ উৎসৰ ভিত্তিত ঔষধ বিভাগ, খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগ, ৰাসায়নিক আৰু পেট্ৰ’ ৰাসায়নিক বিভাগ আদিৰ দৰে জটিল খণ্ডৰ বাবে কিছুমান নূন্যতম পৰিমাণৰ চি৩ আৰু   চি ৪  ষ্ট্ৰিম উপলব্ধ কৰাৰ অনুমতি দিছে।

• চৰকাৰে  সংকটৰ পূৰ্বৰ স্তৰৰ ৭০% মুঠ বাণিজ্যিক আবণ্টন ১০% সংস্কাৰ ভিত্তিত দিয়াৰ সিদ্ধান্ত লৈছে

• কালি ৭১,০০০ – ৫কিলোগ্ৰামতকৈ  অধিক এফটিএল চিলিণ্ডাৰ বিক্ৰী হৈছে।

• ২০২৬ চনৰ ২৩ মাৰ্চৰ পৰা প্ৰায় ৫.৭ লাখ – ৫ কেজি এফটিএল চিলিণ্ডাৰ বিক্ৰী হৈছে।

 

• ৫ কিলোগ্ৰামৰ এফটিএল চিলিণ্ডাৰসমূহ ওচৰৰ এলপিজি বিতৰকৰ ওচৰত  উপলব্ধ আৰু যিকোনো বৈধ আইডি প্ৰমাণ দেখুৱাই ক্ৰয় কৰিব পাৰি। কোনো ঠিকনাৰ প্ৰমাণৰ প্ৰয়োজন নাই।

• আই অ’ চি এল, এইচ পি চি এল আৰু বি পি চি এলৰ কাৰ্যবাহী সঞ্চালকৰ তিনিজনীয়া কমিটীয়ে ৰাজ্যিক কৰ্তৃপক্ষ আৰু উদ্যোগ সংস্থাসমূহৰ সৈতে আলোচনা কৰি ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলসমূহত বাণিজ্যিক এল পি জি বিক্ৰীৰ পৰিকল্পনা চূড়ান্ত কৰে।

• ২০২৬ চনৰ ১৪ মাৰ্চৰ পৰা মুঠ ৭২০৪৭ মেট্ৰিক টন বাণিজ্যিক এল পি জি বিক্ৰী হৈছে।

প্ৰাকৃতিক গেছ যোগান আৰু পিএনজি সম্প্ৰসাৰণৰ পদক্ষেপ

• ডি-পিএনজি আৰু চিএনজি-ট্ৰেন্সপ’ৰ্টলৈ ১০০% যোগানৰ জৰিয়তে গ্ৰাহকক অগ্ৰাধিকাৰ দিয়া হৈছে।

• গ্ৰীডত সংযুক্ত ঔদ্যোগিক আৰু বাণিজ্যিক গ্ৰাহকসকলক যোগান তেওঁলোকৰ গড় ব্যৱহাৰৰ ৮০%।

• চলি থকা ইউৰিয়া উদ্যোগসমূহলৈ যোগান এতিয়া যোৱা ৬ মাহৰ গড় ব্যৱহাৰৰ প্ৰায় ৭০-৭৫% ত স্থিৰ হৈ আছে। উপলব্ধ তথ্য আৰু নিৰ্ধাৰিত এল এন জি কাৰ্গোৰ আগমনৰ কথা বিবেচনা কৰিলে সাৰ উদ্যোগসমূহে উপলব্ধ সামগ্ৰিক গেছৰ যোগান পূৰ্বৰ ছমাহৰ গড় ব্যৱহাৰৰ প্ৰায় ৯০% লৈ বৃদ্ধি কৰা হ’ব, যিটো ০৬.০৪.২০২৬ৰ পৰা কাৰ্যকৰী হ’ব। ইয়াৰ উপৰি  চিজিডি নেটৱৰ্কৰ জৰিয়তে যোগানকে ধৰি অন্যান্য ঔদ্যোগিক আৰু বাণিজ্যিক খণ্ডলৈ গেছ যোগান আৰু ১০% বৃদ্ধি কৰা হ’ব, যিটো ০৬.০৪.২০২৬ৰ পৰা কাৰ্যকৰী হ’ব।

• সাৰ উদ্যোগকে ধৰি সকলো ঔদ্যোগিক গ্ৰাহকক তেওঁলোকৰ অতিৰিক্ত প্ৰয়োজনীয়তা স্থানীয়ভাৱে প্ৰদান কৰিবলৈ পৰামৰ্শ দিয়া হৈছে যাতে গেছ বিপণন কোম্পানীসমূহেও একেই ব্যৱস্থা কৰিব পাৰে।

• চিজিডি সত্তাসমূহকো চৰকাৰে পৰামৰ্শ দিছে। ভাৰতৰ সকলো গেছতে ৰেষ্টুৰেণ্ট, হোটেল আৰু কেণ্টিনৰ দৰে বাণিজ্যিক প্ৰতিষ্ঠানসমূহৰ বাবে পিএনজি সংযোগক অগ্ৰাধিকাৰ দিবলৈ, বাণিজ্যিক এলপিজিৰ উপলব্ধতাৰ সম্পৰ্কে উদ্বেগসমূহ সমাধান কৰিবলৈ।

• আইজিএল, এমজিএল, গেইল গেছ আৰু বিপিচিএলৰ দৰে চিজিডি কোম্পানীয়ে ঘৰুৱা আৰু বাণিজ্যিক পিএনজি সংযোগ লোৱাৰ বাবে প্ৰৰোচনা আগবঢ়াইছে।

• ভাৰত চৰকাৰে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল আৰু কেন্দ্ৰীয় মন্ত্ৰালয়ৰ দ্বাৰা চিজিডি নেটৱৰ্ক সম্প্ৰসাৰণৰ বাবে প্ৰয়োজনীয় আবেদনসমূহৰ অনুমোদন ক্ষিপ্ৰতাৰে কৰিবলৈ অনুৰোধ জনাইছে।

• ১৮-৩-২০২৬ৰ চৰকাৰী পত্ৰ অনুসৰি  সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলক ৰাজ্যসমূহলৈ বাণিজ্যিক এল পি জিৰ অতিৰিক্ত ১০% আবণ্টনৰ প্ৰস্তাৱ দিছে,  যদিহে তেওঁলোকে এল পি জিৰ পৰা পি এন জিলৈ দীৰ্ঘম্যাদী পৰিৱৰ্তনত সহায় কৰিব পাৰে। পিএনজি সম্প্ৰসাৰণৰ সংস্কাৰমূলক ব্যৱস্থাৰ অধীনত ১২খন ৰাজ্যই অতিৰিক্ত বাণিজ্যিক এলপিজি আবণ্টন লাভ কৰিছে। ইয়াৰ উপৰি  এখন  কেন্দ্ৰীয় শাসিত অঞ্চলৰ আবেদন লাভ কৰা হৈছে আৰু পৰীক্ষা চলি আছে।

• পিএনজিআৰবিয়ে ২৩.০৩.২০২৬ তাৰিখৰ আদেশৰ ভিত্তিত সকলো চিজিডি সত্তাক নিৰ্দেশ দিছে যে আৱাসিক বিদ্যালয় আৰু মহাবিদ্যালয়, হোষ্টেল, কমিউনিটি পাকঘৰ, অংগনবাড়ী পাকঘৰ আদি ৫ দিনৰ ভিতৰত পিএনজিৰ জৰিয়তে সংযোগ কৰাৰ বাবে যোগানৰ প্ৰচেষ্টা চলাব লাগে, য'তেই  ওচৰত পাইপলাইনৰ আন্তঃগাঁথনি উপলব্ধ।

• পথ, পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে ২৪.০৩.২০২৬ তাৰিখৰ পত্ৰৰ ভিত্তিত উল্লেখ কৰিছে যে তেওঁলোকে ৩ মাহৰ বাবে বিশেষ ব্যৱস্থা হিচাপে “হ্ৰাস কৰা সময়সীমাৰ সৈতে চিজিডি আন্তঃগাঁথনিৰ বাবে ত্বৰান্বিত অনুমোদন কাঠামো” গ্ৰহণ কৰিছে য’ত চিজিডি আন্তঃগাঁথনিৰ সৈতে জড়িত আবেদনসমূহ অগ্ৰাধিকাৰ ভিত্তিত প্ৰক্ৰিয়াকৰণ কৰা হ’ব।

• ২৪-৩-২০২৬ৰ চৰকাৰী পত্ৰ অনুসৰি  অত্যাৱশ্যকীয় সামগ্ৰী আইন, ১৯৫৫ৰ অধীনত প্ৰাকৃতিক গেছ আৰু পেট্ৰলিয়াম সামগ্ৰী বিতৰণ (পাইপলাইন আৰু অন্যান্য সুবিধাসমূহৰ বিস্তাৰ, নিৰ্মাণ, পৰিচালনা আৰু সম্প্ৰসাৰণৰ জৰিয়তে) আদেশ, ২০২৬ অধিসূচনা কৰিছে। অনুমোদনত পলম হোৱা আৰু আৱাসিক অঞ্চলকে ধৰি প্ৰাকৃতিক গেছৰ আন্তঃগাঁথনিৰ দ্ৰুত উন্নয়ন সক্ষম কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে। ইয়াৰ দ্বাৰা পিএনজি নেটৱৰ্ক বৃদ্ধি ত্বৰান্বিত হ’ব, শেষ মাইলৰ সংযোগ বৃদ্ধি হ’ব, আৰু নিকা  ইন্ধনলৈ পৰিৱৰ্তনত সহায় হ’ব, যাৰ ফলত শক্তি সুৰক্ষা শক্তিশালী হ’ব আৰু ভাৰতৰ গেছ ভিত্তিক অৰ্থনীতি আগুৱাই নিব।

 

• প্ৰতিৰক্ষা মন্ত্ৰালয়ে ২৭.০৩.২০২৬ পত্ৰৰ ভিত্তিত সকলো আৱাসিক অঞ্চল/ প্ৰতিৰক্ষা লাইনত পিএনজি আন্তঃগাঁথনি স্থাপনৰ কাম ক্ষিপ্ৰ কৰিবলৈ ২০২৬ চনৰ ৩০ জুনলৈকে কাৰ্যকৰী হোৱা হ্ৰস্বম্যাদী নীতি পৰিৱৰ্তন জাৰি কৰিছে।

• পিএনজিআৰবিয়ে চিজিডি সত্তাসমূহক ক্ষিপ্ৰতাৰে কাম কৰিবলৈ নিৰ্দেশ দিছে

• পিএনজিআৰবিয়ে চিজিডি সত্তাসমূহক ডি-পিএনজি সংযোগ ক্ষিপ্ৰ কৰিবলৈ নিৰ্দেশ দিছে। লগতে, পিএনজি সম্প্ৰসাৰণৰ গতি বজাই ৰাখিবলৈ এতিয়া নেচনেল পিএনজি অভিযান  ২.০ (০১.০১.২০২৬-৩১.০৩.২০২৬) ৩০.০৬.২০২৬ লৈকে বৃদ্ধি কৰা হৈছে।

• ২০২৬ চনৰ মাৰ্চ মাহৰ পৰা ৩.৫ লাখতকৈ অধিক পিএনজি সংযোগ প্ৰদান  কৰা হৈছে। তদুপৰি নতুন সংযোগৰ বাবে ৩৮ লাখতকৈ অধিক গ্ৰাহক পঞ্জীয়ন কৰা হৈছে।

খাৰুৱা তেলৰ স্থিতি আৰু শোধনাগাৰৰ কাৰ্য্যকলাপ

• সকলো শোধনাগাৰে উচ্চ ক্ষমতাৰে কাম কৰি আছে, পৰ্যাপ্ত খাৰুৱা তেলৰ মজুতৰ তথ্য  দিছে।  দেশত পেট্ৰ’ল-ডিজেলৰ পৰ্যাপ্ত মজুতো  আছে।

• ঘৰুৱা ব্যৱহাৰক সহায় কৰিবলৈ শোধনাগাৰত ঘৰুৱা এল পি জি উৎপাদন বৃদ্ধি কৰা হৈছে।

খুচুৰা ইন্ধনৰ উপলব্ধতা আৰু মূল্য নিৰ্ধাৰণৰ ব্যৱস্থা

• সমগ্ৰ দেশতে সকলো খুচুৰা বিপণী স্বাভাৱিকভাৱে চলি আছে।

• মধ্যপ্ৰাচ্যৰ সংকটৰ ফলত খাৰুৱা তেলৰ মূল্য অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে। এই প্ৰভাৱৰ পৰা গ্ৰাহকক ৰক্ষা কৰিবলৈ ভাৰত চৰকাৰে পেট্ৰ’ল আৰু ডিজেলৰ আবকাৰী শুল্ক প্ৰতি লিটাৰত ১০ টকাকৈ  হ্ৰাস কৰি এই বোজাৰ এটা অংশ দূৰ কৰাৰ সিদ্ধান্ত লৈছে।

• ইয়াৰ উপৰি  ভাৰত চৰকাৰে  ঘৰুৱা বজাৰত এই সামগ্ৰীসমূহৰ উপলব্ধতা নিশ্চিত কৰিবলৈ ডিজেলৰ ওপৰত প্ৰতি লিটাৰত ২১.৫ টকা আৰু বিমান টাৰ্বাইন ইন্ধন (এ টি এফ)ৰ ওপৰত প্ৰতি লিটাৰত ২৯.৫ টকা ৰপ্তানি শুল্ক আৰোপ কৰিছে।

• কিছুমান বিশেষ অঞ্চলত উৰাবাতৰিৰ বাবে আতংকিত হৈ ক্ৰয় কৰাৰ ঘটনা ঘটা লক্ষ্য কৰা হৈছে, যাৰ ফলত অস্বাভাৱিকভাৱে অধিক বিক্ৰী আৰু খুচুৰা বিপণীসমূহত প্ৰচণ্ড ভিৰ হৈছে। অৱশ্যে দেশৰ সকলো পেট্ৰ’ল পাম্পতে পৰ্যাপ্ত পৰিমাণৰ পেট্ৰ’ল আৰু ডিজেলৰ মজুত থকা বুলি অৱগত কৰা হৈছে।

• পেট্ৰ’ল আৰু ডিজেলৰ নিয়মীয়া খুচুৰা মূল্য অপৰিৱৰ্তিত হৈ আছে।

• উৰাবাতৰিত বিশ্বাস নকৰিবলৈ চৰকাৰে দিয়া পৰামৰ্শ পুনৰবাৰ প্ৰকাশ কৰিছে। উৰাবাতৰি ৰোধ কৰাৰ স্বাৰ্থত ৰাজ্য চৰকাৰসমূহক সংবাদমেলৰ জড়িয়তে   শুদ্ধ তথ্য প্রচাৰ কৰিবলৈও অনুৰোধ জনোৱা হৈছে৷

কেৰাচিনৰ উপলব্ধতা আৰু বিতৰণৰ ব্যৱস্থা

• নিয়মীয়া আবণ্টনৰ ওপৰত ৪৮০০০ কেল কেৰাচিনৰ অতিৰিক্ত আবণ্টন সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চললৈ কৰা হৈছে।

• ২৯.০৩.২০২৬ তাৰিখৰ গেজেট অধিসূচনা অনুসৰি ভাৰত চৰকাৰে  কেৱল ৰন্ধা-বঢ়া আৰু পোহৰৰ উদ্দেশ্যে পিডিএছ এছকেঅ’ মুক্ত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত পিডিএছ এছকেঅ’ বিতৰণৰ সুবিধা প্ৰদান কৰিছে –

o প্ৰতিখন জিলাত সৰ্বাধিক দুটা পিএছইউ অ’এমচি চাৰ্ভিচ ষ্টেচন (কোম্পানী মালিকানাধীন কোম্পানী পৰিচালিত হ’লে ভাল) ৫,০০০ লিটাৰ পৰ্যন্ত পিডিএছ এছকেঅ’ জমা কৰাৰ অনুমতি দিয়া হৈছে।

o এই পিএছইউ অ’এমচি সেৱা কেন্দ্ৰসমূহ প্ৰতিখন জিলাৰ ৰাজ্য চৰকাৰ বা কেন্দ্ৰীয় শাসিত অঞ্চল প্ৰশাসনে নিৰ্ধাৰণ কৰিব লাগিব।

• ১৮ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলে এছ কে অ’ আবণ্টনৰ আদেশ জাৰি কৰিছে। ইয়াৰ উপৰি  হিমাচল প্ৰদেশ আৰু লাডাখে যোগাযোগ কৰিছে যে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত এছ কে অ’ৰ কোনো প্ৰয়োজনীয়তা নাই।

সামুদ্ৰিক সুৰক্ষা আৰু জাহাজ চলোৱাৰ কাৰ্য্যকলাপ

অঞ্চলটোত চলি থকা ভাৰতীয় জাহাজ আৰু নাৱিকসকলক সুৰক্ষিত কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে, বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ে। মন্ত্ৰালয়ে উল্লেখ কৰিছে যে:

• বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ে জাহাজৰ গতিবিধি, বন্দৰৰ কাৰ্য্যকলাপ আৰু ভাৰতীয় নাৱিকসকলৰ সুৰক্ষাৰ বিষয়টো  নিবিড়ভাৱে নিৰীক্ষণ কৰি থকা হৈছে,  লগতে সামুদ্ৰিক বাণিজ্যৰ ধাৰাবাহিকতা নিশ্চিত কৰা হৈছে।

• অঞ্চলটোৰ সকলো ভাৰতীয় নাৱিক সুৰক্ষিত হৈ আছে, বিগত ২৪ ঘণ্টাত ভাৰতীয় পতাকা থকা জাহাজৰ সৈতে জড়িত কোনো কূটাঘাত সংঘটিত হোৱাৰ বাতৰি পোৱা হোৱা নাই।

• এল পি জি জাহাজ গ্ৰীণ ছানভিয়ে নিৰাপদে হৰমুজ জলদ্বীপ অতিক্ৰম কৰিছে, জাহাজখনে ২৫ জন নাৱিকৰ সৈতে ৪৬,৬৫০ মেট্ৰিক টন এল পি জি কাৰ্গো কঢ়িয়াই আনি আছে।

• ৪৬০ জন ভাৰতীয় নাৱিকৰ সৈতে মুঠ ১৭খন ভাৰতীয় পতাকা থকা জাহাজ পশ্চিম পাৰ্চী উপসাগৰীয় অঞ্চলত আছে; জাহাজৰ মালিক, আৰ পি এছ এল সংস্থা আৰু ভাৰতীয় মিছনৰ সৈতে সমন্বয় সাধন কৰি জাহাজ সঞ্চালকালয়ে (ডি জি শিপিং) পৰিস্থিতি সক্ৰিয়ভাৱে নিৰীক্ষণ কৰি আছে।

• ডিজি শ্বিপিং কণ্ট্ৰল ৰুম ২৪×৭ কাৰ্যক্ষম হৈ আছে আৰু সক্ৰিয় হোৱাৰ পিছত ৫,০১৫টা কল আৰু ১০,৪২৫টা ইমেইল চম্ভালিছে; যোৱা ২৪ ঘণ্টাত ৩১টা ফোন আৰু ১২৯টা ইমেইল লাভ কৰা হৈছে।

• ডি জি শ্বিপিঙে এতিয়ালৈকে ১,৩২০ জনতকৈ অধিক ভাৰতীয় নাৱিকক নিৰাপদে প্ৰত্যাৱৰ্তনৰ সুবিধা প্ৰদান কৰিছে, য’ত যোৱা ২৪ ঘণ্টাত সমগ্ৰ উপসাগৰীয় অঞ্চলৰ বিমানবন্দৰ আৰু বিভিন্ন আঞ্চলিক স্থানৰ পৰা ১৯০ জন নাৱিকক নিৰাপদে প্ৰত্যাৱৰ্তনৰ সুবিধা প্ৰদান কৰিছে।

• সমগ্ৰ ভাৰতত বন্দৰৰ কাৰ্য্যকলাপ স্বাভাৱিক হৈয়ে আছে, কোনো ধৰণৰ অসুবিধাৰ  কথা কোৱা হোৱা নাই; গুজৰাট, মহাৰাষ্ট্ৰ, গোৱা, কেৰালা, অন্ধ্ৰ প্ৰদেশ আৰু পুডুচেৰীৰ ৰাজ্যিক সামুদ্ৰিক ব’ৰ্ডে সুচাৰুৰূপে কাম কৰাটো নিশ্চিত কৰিছে।

• নাৱিকৰ কল্যাণ আৰু নিৰৱচ্ছিন্ন সামুদ্ৰিক কাৰ্য্যকলাপ নিশ্চিত কৰিবলৈ মন্ত্ৰালয়ে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়, ভাৰতীয় মিছন আৰু সামুদ্ৰিক অংশীদাৰসকলৰ সৈতে সমন্বয় অব্যাহত ৰাখিছে।

অঞ্চলটোত ভাৰতীয় নাগৰিকৰ সুৰক্ষা

সমগ্ৰ অঞ্চলটোত ভাৰতীয় মিছন আৰু পোষ্টসমূহে ভাৰতীয় সম্প্ৰদায়ৰ সৈতে ঘনিষ্ঠ যোগাযোগত আছে, একে সময়তে তেওঁলোকৰ সুৰক্ষা আৰু মংগলৰ বাবে সহায় আৰু প্ৰয়োজনীয় পৰামৰ্শ প্ৰদান অব্যাহত ৰাখিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জনোৱা মতে:

• ইৰাণত আবদ্ধ হৈ থকা ভাৰতীয় মাছমৰীয়াৰ এটা দল আজি আৰ্মেনিয়া হৈ ঘৰলৈ উভতি আহিছে; তেওঁলোকৰ বিমানখন আজি সন্ধিয়া ভাৰতত উপস্থিত হোৱাৰ সম্ভাৱনা আছে।

• ভাৰতীয় লোকৰ  সুৰক্ষা, নিৰাপত্তা আৰু কল্যাণক সৰ্বোচ্চ অগ্ৰাধিকাৰ দি উপসাগৰ আৰু পশ্চিম এছিয়া অঞ্চলৰ বিৱৰ্তনশীল পৰিস্থিতিৰ বিষয়ত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে নিৰীক্ষণ অব্যাহত ৰাখিছে।

• মন্ত্ৰালয়ত এটা নিৰ্দিষ্ট বিশেষ নিয়ন্ত্ৰণ কক্ষ কাৰ্যক্ষম হৈ আছে; ভাৰতীয় মিছনৰ লগতে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সৈতে নিয়মীয়া সমন্বয় বজাই ৰখা হৈছে।

• মিছন আৰু পোষ্টসমূহে ২৪ ঘণ্টাই হেল্পলাইন চলাই আছে, নিয়মীয়া পৰামৰ্শ জাৰি কৰি আছে আৰু ভাৰতীয় সম্প্ৰদায়ৰ সংস্থা, কোম্পানী আৰু স্থানীয় কৰ্তৃপক্ষৰ সৈতে জড়িত হৈ আছে।

• মিছনসমূহে ভিছা, কনছুলাৰ সেৱা, আকাশমাৰ্গৰ নিষেধাজ্ঞাৰ মাজত চুবুৰীয়া দেশসমূহৰ মাজেৰে ট্ৰেনজিটৰ সুবিধা প্ৰদান কৰি আছে আৰু প্ৰয়োজন সাপেক্ষে লজিষ্টিক সহায় আগবঢ়াইছে।

• ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ কল্যাণ অগ্ৰাধিকাৰ হৈয়েই আছে; মিছনসমূহে স্থানীয় কৰ্তৃপক্ষ, ভাৰতীয় বিদ্যালয়, ব’ৰ্ড আৰু ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ সৈতে সমন্বয় সাধন কৰি উদ্বেগসমূহৰ সমাধান কৰিছে।

• মিছনসমূহে জাহাজত থকা ভাৰতীয় ক্ৰুৰ সৈতে নিৰন্তৰ যোগাযোগত থাকে, কনছুলাৰ সহায় আগবঢ়াইছে, পৰিয়ালৰ সৈতে যোগাযোগত সহায় আগবঢ়াইছে আৰু উভতি অহাৰ অনুৰোধৰ সুবিধা প্ৰদান কৰিছে।

• বিমানৰ পৰিচালনাৰ উন্নতি হৈছে; ২৮ ফেব্ৰুৱাৰীৰ পৰা এই অঞ্চলৰ পৰা ভাৰতলৈ প্ৰায় ৬,৭৫,০০০ যাত্ৰীয়ে যাত্ৰা কৰিছে।

Ø ইউ এ ই: সীমিত অ-নিৰ্ধাৰিত বিমান সেৱা অব্যাহত আছে; ভাৰতলৈ প্ৰায় ৯০খন বিমান সেৱা পৰিচালনাৰ  আশা কৰা হৈছে।

Ø চৌদি আৰব আৰু ওমান: একাধিক বিমানবন্দৰৰ পৰা ভাৰতলৈ বিমান চলাচল।

Ø কাটাৰঃ আকাশমাৰ্গ আংশিকভাৱে মুকলি হোৱাৰ লগে লগে আজি ভাৰতলৈ প্ৰায় ৮–১০খন বিমান সেৱাৰ সম্ভাৱনা আছে।

Ø কুৱেইট আৰু বাহৰেইন: আকাশমাৰ্গ বন্ধ হৈ আছে; ডাম্মাম (চৌদি আৰব)ৰ মাজেৰে নিজ নিজ বিমান সংস্থাৰ দ্বাৰা পৰিচালিত বিমান।

Ø ইৰাণ: আকাশমাৰ্গ বন্ধ হোৱাৰ বাবে আৰ্মেনিয়া আৰু আজাৰবাইজানৰ মাজেৰে ভ্ৰমণৰ সুবিধা লাভ কৰিছে।

Ø ইজৰাইল: নিষেধাজ্ঞাৰ মাজত ইজিপ্ত আৰু জৰ্ডানৰ মাজেৰে ভ্ৰমণৰ সুবিধা দিয়া হৈছে।

Ø ইৰাক: জৰ্ডান আৰু চৌদি আৰৱৰ মাজেৰে ভ্ৰমণৰ সুবিধা দিয়া হৈছে।

Ø কুৱেইট আৰু বাহৰেইনত বন্ধ হোৱাৰ পৰিপ্ৰেক্ষিতত চৌদি আৰৱৰ মাজেৰে যাত্ৰাৰ সুবিধা প্ৰদান কৰা হৈছে।

• আবুধাবিত সংঘটিত আক্ৰমণত পাঁচজন ভাৰতীয় নাগৰিক আহত হৈছে; চাৰিজনক স্বাস্থকেন্দ্ৰ পৰা যাবলৈ  দিয়া হৈছে, এজন চিকিৎসাধীন হৈ আছে। মিছনে সম্পূৰ্ণ সহায় আগবঢ়াইছে আৰু স্থানীয় কৰ্তৃপক্ষৰ সৈতে সমন্বয় ৰক্ষা কৰি চলিছে।

 

***

MN/DM


(ৰিলিজ আই ডি : 2249070) অতিথি কক্ষ : 8