প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
পশ্চিম এছিয়াত চলি থকা সংঘাত সন্দৰ্ভত লোকসভাত ভাষণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
এই মুহূৰ্তত পশ্চিম এছিয়াৰ পৰিস্থিতি উদ্বেগজনক: প্ৰধানমন্ত্ৰী
বিগত দুই-তিনি সপ্তাহত শ্ৰী জয়শংকৰ আৰু শ্ৰী হৰদীপ পুৰীয়ে এই বিষয়ত সদনত প্ৰয়োজনীয় তথ্য প্ৰদান কৰিছে: প্ৰধানমন্ত্ৰী
এই সংকট যোৱা তিনি সপ্তাহতকৈও অধিক সময় ধৰি অব্যাহত আছে, ই বিশ্ব অৰ্থনীতি আৰু জনসাধাৰণৰ জীৱনত অতি বিৰূপ প্ৰভাৱ পেলাইছে, সমগ্ৰ বিশ্বই এই সংকটৰ শীঘ্ৰে সমাধানৰ বাবে সকলো পক্ষকে আহ্বান জনাইছে: প্ৰধানমন্ত্ৰী
এই অঞ্চলটো আন এক কাৰণতো আমাৰ বাবে গুৰুত্বপূৰ্ণ, কিয়নো উপসাগৰীয় দেশসমূহত প্ৰায় এক কোটি ভাৰতীয়ই বাস কৰে আৰু কাম কৰে: প্ৰধানমন্ত্ৰী
এই সাগৰসমূহত চলাচল কৰা বাণিজ্যিক জাহাজসমূহৰ ভিতৰত ভাৰতীয় কৰ্মচাৰীৰ সংখ্যাও অধিকঃ প্ৰধানমন্ত্ৰী
এই বিভিন্ন কাৰণৰ বাবে ভাৰতৰ উদ্বেগ স্বাভাৱিকতে অধিক আৰু এই সংকটৰ সন্দৰ্ভত ভাৰতৰ সংসদৰ পৰা এটা সৰ্বসন্মত আৰু ঐক্যবদ্ধ মত বিশ্বত প্ৰচাৰিত হোৱাটো অতি আৱশ্যকীয়: প্ৰধানমন্ত্ৰী
যুদ্ধৰ সৈতে জড়িত আৰু যুদ্ধৰ দ্বাৰা প্ৰভাৱিত দেশসমূহৰ সৈতে ভাৰতৰ সুদূৰপ্ৰসাৰী বাণিজ্যিক সম্পৰ্ক আছে, যুদ্ধ চলা অঞ্চলটো বিশ্বৰ আন দেশসমূহৰ সৈতে আমাৰ বাণিজ্যৰ বাবেও এক গুৰুত্বপূৰ্ণ পথঃ প্ৰধানমন্ত্ৰী
খাৰুৱা তেল, গেছ আৰু সাৰ আদিৰ দৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ বৃহৎ পৰিমান হৰমুজ প্ৰণালীৰ মাজেৰে ভাৰতলৈ আহে। যুদ্ধ আৰম্ভ হোৱাৰ পিছত হৰমুজ প্ৰণালীৰ মাজেৰে জাহাজৰ চলাচল অত্যন্ত প্ৰত্যাহ্বানজনক হৈ পৰিছে: প্ৰধানমন্ত্ৰী
ইয়াৰ পাছতো আমাৰ চৰকাৰে পেট্ৰ'ল, ডিজেল আৰু গেছৰ যোগান যাতে প্ৰভাৱিত নহয় আৰু দেশৰ সাধাৰণ পৰিয়ালসমূহে যাতে ন্যূনতম অসুবিধাৰ সন্মুখীন নহয়, সেয়া সুনিশ্চিত কৰিবলৈ চেষ্টা কৰি আছে
ভাৰতে সদায়েই মানৱতাৰ স্বাৰ্থত শান্তিৰ পক্ষত থিয় দিছে, এই সমস্যাৰ একমাত্ৰ সমাধান হৈছে আলোচনা আৰু কূটনীতি: প্ৰধানমন্ত্ৰী
আমাৰ প্ৰচেষ্টাৰ লক্ষ্য হৈছে উত্তেজনা হ্ৰাস কৰা আৰু এই সংঘাতৰ অন্ত পেলোৱা: প্ৰধানমন্ত্ৰী
এই যুদ্ধত কাৰো জীৱন বিপদাপন্ন কৰাটো মানৱতাৰ স্বাৰ্থত নহয়, ভাৰতৰ প্ৰচেষ্টা হৈছে সকলো পক্ষকে শীঘ্ৰে শান্তিপূৰ্ণ সমাধানত উপনীত হ'বলৈ উৎসাহিত কৰা: প্ৰধানমন্ত্ৰী
পোষ্ট কৰা হৈছে:
23 MAR 2026 3:47PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লোকসভাত পশ্চিম এছিয়াত চলি থকা সংঘাত আৰু ভাৰতৰ সন্মুখত দেখা দিয়া ইয়াৰ ব্যাপক প্ৰত্যাহ্বানৰ সন্দৰ্ভত ভাষণ প্ৰদান কৰে। এই সংকট তিনি সপ্তাহতকৈও অধিক সময় ধৰি চলি আছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে ইয়াৰ সমাধানৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। পৰিস্থিতিৰ গুৰুত্ব সম্পৰ্কে উল্লেখ কৰি শ্ৰী মোদীয়ে কয়, "সমগ্ৰ বিশ্বই এই সংকটৰ শীঘ্ৰে সমাধানৰ বাবে সকলো পক্ষকে আহ্বান জনাইছে"।
ভাৰতে সন্মুখীন হোৱা প্ৰত্যাহ্বানৰ প্ৰকৃতিৰ বিষয়ে বিশদভাৱে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে যুদ্ধই অভূতপূৰ্ব অৰ্থনৈতিক, ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু মানৱীয় চাপ সৃষ্টি কৰিছে। তেওঁ উল্লেখ কৰে যে যুদ্ধৰত আৰু যুদ্ধবিধ্বস্ত দেশসমূহৰ সৈতে ভাৰতৰ সুদূৰপ্ৰসাৰী বাণিজ্যিক সম্পৰ্ক আছে। সংঘাত চলি থকা অঞ্চলটো গুৰুত্বপূৰ্ণ বাণিজ্যিক পথত অৱস্থিত আৰু ভাৰতৰ খাৰুৱা তেল আৰু গেছৰ প্ৰয়োজনীয়তাৰ এক বৃহৎ অংশ এই অঞ্চলটোৱে পূৰণ কৰে। উপসাগৰীয় দেশসমূহত বসবাস কৰা আৰু কাম কৰা প্ৰায় এক কোটি ভাৰতীয়ৰ লগতে সেই জলপথেৰে চলা বাণিজ্যিক জাহাজৰ কৰ্মীসকলৰ যথেষ্ট সংখ্যক ভাৰতীয়ৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, "ভাৰতৰ উদ্বেগ স্বাভাৱিকতে অধিক আৰু সেয়েহে এই সংকটৰ সন্দৰ্ভত ভাৰতৰ সংসদৰ পৰা এক ঐক্যবদ্ধ আৰু সৰ্বসন্মত মত বিশ্ববাসীৰ ওচৰলৈ যোৱাটো অতিশয় প্ৰয়োজনীয়"।
ভাৰতীয় নাগৰিকৰ সুৰক্ষাৰ বাবে চৰকাৰে গ্ৰহণ কৰা ত্বৰান্বিত প্ৰতিক্ৰিয়াৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে সদনত কয় যে যুদ্ধ আৰম্ভ হোৱাৰ পিছৰে পৰা প্ৰভাৱিত দেশসমূহত থকা প্ৰতিগৰাকী ভাৰতীয়ক প্ৰয়োজনীয় সাহায্য প্ৰদান কৰা হৈছে। পশ্চিম এছিয়াৰ অধিকাংশ দেশৰ মুৰব্বীসকলৰ সৈতে তেওঁ ব্যক্তিগতভাৱে দুবাৰকৈ বাৰ্তালাপ কৰিছে বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কয়, "যিসকল ভাৰতীয় আহত হৈছে, তেওঁলোকক উন্নত চিকিৎসা প্ৰদান কৰা হৈছে আৰু এনে জটিল পৰিস্থিতিত শোকসন্তপ্ত পৰিয়ালক প্ৰয়োজনীয় সাহায্য প্ৰদান কৰা হৈছে"।
প্ৰধানমন্ত্ৰীয়ে বিদেশত ভাৰতীয়সকলৰ বাবে সক্ৰিয় কৰি তোলা বাণিজ্যদূত আৰু প্ৰতিষ্ঠানিক সহায়ৰ পৰিকাঠামোৰ বিষয়েও বিশদভাৱে উল্লেখ কৰে। তেওঁ কয় যে প্ৰভাৱিত দেশসমূহত থকা সকলো ভাৰতীয় মিছনে নিৰন্তৰভাৱে সাহায্য প্ৰদান কৰি আছে, নিয়মীয়াকৈ পৰামৰ্শৱলী জাৰি কৰি আছে আৰু ভাৰত আৰু আন প্ৰভাৱিত দেশসমূহত ২৪ ঘণ্টাই নিয়ন্ত্ৰণ কক্ষ আৰু জৰুৰীকালীন হেল্পলাইন স্থাপন কৰা হৈছে। সক্ৰিয় প্ৰসাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "এই ব্যৱস্থাৰ জৰিয়তে ভাৰতীয় শ্ৰমিক বা পৰ্যটক যিসকল প্ৰভাৱিত হৈছে তেওঁলোকক তাৎক্ষণিকভাৱে তথ্য প্ৰদান কৰা হৈছে"।
এই প্ৰত্যাৱৰ্ত প্ৰচেষ্টাৰ পৰিসৰৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে সদনক জনায় যে যুদ্ধ আৰম্ভ হোৱাৰ পিছৰে পৰা ৩,৭৫,০০০তকৈও অধিক ভাৰতীয় সুৰক্ষিতভাৱে ভাৰতলৈ উভতি আহিছে। ইয়াৰে প্ৰায় ১,০০০ ভাৰতীয় কেৱল ইৰানৰ পৰা আহিছে। ইয়াৰে ৭০০ৰো অধিক যুৱ চিকিৎসা ছাত্ৰ। তেওঁ লগতে কয় যে চিবিএছইয়ে উপ-সাগৰীয় দেশসমূহৰ ভাৰতীয় বিদ্যালয়সমূহত দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা বাতিল কৰিছে আৰু শিক্ষাৰ ধাৰাবাহিকতা সুনিশ্চিত কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিছে। চৰকাৰৰ দৃষ্টিভংগীৰ বিষয়ে উল্লেখ কৰি শ্ৰী মোদীয়ে কয়, "চৰকাৰ সংবেদনশীল, সজাগ আৰু সকলো ধৰণৰ সহায় আগবঢ়াবলৈ সাজু।
শক্তি যোগানৰ গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয় যে বৃহৎ পৰিমাণৰ খাৰুৱা তেল, গেছ, সাৰ আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী ভাৰতলৈ হৰমুজ প্ৰণালীৰ মাজেৰে প্ৰৱেশ কৰে আৰু যুদ্ধৰ পিছত এই প্ৰণালীৰ মাজেৰে জাহাজ চলাচল অত্যন্ত প্ৰত্যাহ্বানমূলক হৈ পৰিছে। সাধাৰণ পৰিয়ালক অসুবিধাৰ পৰা ৰক্ষা কৰাত চৰকাৰে গুৰুত্ব আৰোপ কৰিছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এলপিজিৰ ঘৰুৱা ব্যৱহাৰক অগ্ৰাধিকাৰ প্ৰদান কৰা আৰু ইয়াৰ ঘৰুৱা উৎপাদন বৃদ্ধি কৰাৰ দৰে পদক্ষেপ গ্ৰহণ কৰা হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে কয় সমগ্ৰ দেশতে পেট্ৰ'ল আৰু ডিজেলৰ যোগান সুচল কৰি ৰখাৰ বাবে নিৰন্তৰ কাম কৰি থকা হৈছে।
প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে বিগত এটা দশকত শক্তিৰ বৈচিত্ৰকৰণৰ কৌশলে বৰ্তমানৰ সংকটৰ সময়ত ইয়াৰ মূল্য প্ৰমাণ কৰিছে। তেওঁ সদনক জনায় যে ভাৰতে যোৱা ১১ বছৰত শক্তিৰ আমদানি উৎস ২৭খন দেশৰ পৰা ৪১খন দেশলৈ সম্প্ৰসাৰিত কৰিছে, যাৰ ফলত কোনো এটা অঞ্চলৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস পাইছে। এই দৃষ্টিভংগীৰ দূৰদৰ্শীতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি শ্ৰী মোদীয়ে কয়, "আজিৰ পৰিস্থিতিত শক্তি সুৰক্ষাৰ ক্ষেত্ৰত বিগত দশকত গ্ৰহণ কৰা পদক্ষেপসমূহ অধিক প্ৰাসংগিক হৈ পৰিছে"।
কৌশলগত ভাণ্ডাৰৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে এই সংকটৰ সময়ত খাৰুৱা তেল মজুত ৰখাক অগ্ৰাধিকাৰ দিছে। তেওঁ সদনক জনায় যে ভাৰতে বৰ্তমান ৫৩ লাখ মেট্ৰিক টনৰো অধিক তেলৰ কৌশলগত ভাণ্ডাৰ আছে আৰু তেল কোম্পানীসমূহৰ পৃথক ভাণ্ডাৰৰ উপৰিও ৬৫ লাখ মেট্ৰিক টনৰো অধিক ভাণ্ডাৰ গঢ়ি তোলাৰ কাম চলি আছে। ভাৰতৰ শোধনাগাৰ পৰিস্থিতিতন্ত্ৰৰ সামগ্ৰিক উন্নতিৰ বিষয়ে আলোকপাত কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "যোৱা ১১ বছৰত আমাৰ শোধনাগাৰৰ সামৰ্থও উল্লেখযোগ্যভাৱে বৃদ্ধি পাইছে।
তেল, গেছ, সাৰ আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িয়াই অনা জাহাজসমূহ যাতে নিৰাপদে পাৰ হৈ ভাৰতলৈ আহিব পাৰে তাৰ বাবে প্ৰধানমন্ত্ৰীয়ে বিশ্ব যোগানকাৰীসকলৰ সৈতে চৰকাৰৰ সক্ৰিয় সম্পৰ্ক আৰু উপসাগৰীয় জাহাজ পৰিবহণ পথৰ ওপৰত সতৰ্ক দৃষ্টি ৰখা সন্দৰ্ভত বিশদভাৱে উল্লেখ কৰে। সামুদ্ৰিক কৰিড'ৰসমূহ সুৰক্ষিত কৰি ৰখাৰ বাবে সকলো বিশ্ব অংশীদাৰৰ সৈতে নিৰন্তৰ বাৰ্তালাপৰ কথা উল্লেখ কৰি শ্ৰী মোদীয়ে কয়, "এই ধৰণৰ প্ৰচেষ্টাৰ ফলত হৰমুজ প্ৰণালীত আৱদ্ধ হৈ থকা আমাৰ কেইবাখনো জাহাজ কেইদিনমান পূৰ্বে ভাৰত আহি পাইছে"।
ভাৰতৰ ঘৰুৱা শক্তি ৰূপান্তৰক লৈ প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ইথানল মিশ্ৰণৰ ক্ষেত্ৰত অসাধাৰণ অগ্ৰগতি হৈছে, যিটো এটা দশকৰ পূৰ্বে মাত্ৰ ১.৫ শতাংশৰ পৰা বৰ্তমান প্ৰায় ২০ শতাংশ হৈছে। ইয়াৰ ফলত বছৰি তেলৰ আমদানি প্ৰায় চাৰি কোটি ৫০ লাখ বেৰেল হ্ৰাস পাইছে। তেওঁ লগতে ৰে'লৱেৰ বৈদ্যুতিকীকৰণৰ কথা উল্লেখ কৰে, যাৰ জৰিয়তে বছৰি প্ৰায় ১৮০ কোটি লিটাৰ ডিজেলৰ ৰাহি হৈছে। ২০১৪ চনত ২৫০ কিলোমিটাৰৰ পৰা বৰ্তমান ১১০০ কিলোমিটাৰলৈ মেট্ৰ' নেটৱৰ্ক সম্প্ৰসাৰিত কৰা হৈছে আৰু কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহক ১৫,০০০ বৈদ্যুতিক বাছ প্ৰদান কৰিছে। ভাৰতৰ ইন্ধনৰ ভৱিষ্যতৰ প্ৰতি আস্থা প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "বিকল্প ইন্ধনৰ ক্ষেত্ৰত যি পৰিসৰত কাম কৰা হৈছে, সেয়া ভাৰতৰ ভৱিষ্যতক অধিক সুৰক্ষিত কৰিব। "
বৃহত্তৰ অৰ্থনৈতিক প্ৰভাৱসমূহৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে শক্তি হৈছে আধুনিক অৰ্থনীতিৰ মেৰুদণ্ড আৰু পশ্চিম এছিয়া হৈছে বৈশ্বিক শক্তিৰ প্ৰয়োজনীয়তাৰ এক প্ৰধান উৎস, যাৰ বাবে বৰ্তমানৰ সংকটে সমগ্ৰ বিশ্বৰ অৰ্থনীতিৰ বাবে এক প্ৰত্যাহ্বান হৈ পৰিছে। তেওঁ সদনক জনায় যে চৰকাৰে শক্তিশালী অৰ্থনৈতিক বুনিয়াদ, ক্ষেত্ৰ বিশেষৰ সৈতে জড়িতসকলৰ সৈতে আলোচনা আৰু ভাৰতৰ আমদানি-ৰপ্তানি শৃংখলাৰ প্ৰতিটো অসুবিধাৰ মূল্যায়ন আৰু সমাধানৰ বাবে প্ৰতিদিনে মিলিত হোৱা এটা আন্তঃমন্ত্ৰালয় দলক লৈ এক ব্যাপক হস্ৰকালীন, মধ্যমীয়া আৰু দীৰ্ঘকালীন কৌশলৰ সৈতে কাম কৰি আছে। শ্ৰী মোদীয়ে আশা প্ৰকাশ কৰি কয়, "মোৰ সম্পূৰ্ণ বিশ্বাস আছে যে চৰকাৰ আৰু উদ্যোগৰ যুটীয়া প্ৰচেষ্টাৰ জৰিয়তে আমি এই পৰিস্থিতিৰ সৈতে কাৰ্যকৰীভাৱে মোকাবিলা কৰিবলৈ সক্ষম হ'ম"।
কৃষিৰ ওপৰত যুদ্ধৰ প্ৰভাৱ সন্দৰ্ভত সদনক আশ্বাস দি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ কৃষকসকলে পৰ্যাপ্ত খাদ্যশস্যৰ মজুতকৰণ সুনিশ্চিত কৰিছে আৰু চৰকাৰে সঠিক খাৰিফ শস্য ৰোপণৰ সুবিধাৰ্থে কাম কৰি আছে আৰু শেহতীয়া বছৰসমূহত জৰুৰীকালীন খাদ্যৰ সুদৃঢ় ব্যৱস্থা কৰিছে। ক'ভিড-১৯ মহামাৰী আৰু ইয়াৰ সৈতে জড়িত বিশ্ব যোগান শৃংখলৰ বিসংগতিৰ সময়তো যেতিয়া আন্তঃৰাষ্ট্ৰীয় বজাৰত ইউৰিয়াৰ দাম প্ৰতি বেগত ৩০০০ টকালৈ বৃদ্ধি পাইছিল, তেতিয়াও চৰকাৰে ভাৰতীয় কৃষকসকলক একেটা বেগ ৩০০ টকাতকৈ কম মূল্যত প্ৰদান কৰাটো নিশ্চিত কৰিছিল। শ্ৰী মোদীয়ে কয়, "অতীততো আমাৰ চৰকাৰে বিশ্ব সংকটৰ বোজা কৃষকসকলৰ ওপৰত পৰিব দিয়া নাছিল"।
বিদেশত দেখা দিয়া সংকটৰ পৰা ভাৰতীয় কৃষিখণ্ডক সুৰক্ষিত কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে বিশদভাৱে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে যোৱা এটা দশকত ৬টা নতুন ইউৰিয়া প্লান্ট স্থাপন কৰা হৈছে, যাৰ ফলত বাৰ্ষিক ৭৬ লাখ মেট্ৰিক টন উৎপাদন ক্ষমতা বৃদ্ধি পাইছে। আনহাতে, ডিএপি আৰু এনপিকেএছ সাৰৰ ঘৰুৱা উৎপাদন প্ৰায় ৫০ লাখ মেট্ৰিক টন বৃদ্ধি কৰা হৈছে আৰু সাৰৰ আমদানি উৎসৰ বৈচিত্ৰতা বৃদ্ধি কৰা হৈছে। এই প্ৰচেষ্টাৰ পৰিসৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "যেনেকৈ আমি তেল আৰু গেছৰ আমদানি প্ৰসাৰ কৰিছো, তেনেকৈ আমি ডিএপি আৰু এনপিকেএছৰ আমদানিৰ বাবে আমাৰ বিকল্পও সম্প্ৰসাৰিত কৰিছো"।
প্ৰধানমন্ত্ৰীয়ে মেড ইন ইণ্ডিয়া নেন' ইউৰিয়া, প্ৰাকৃতিক কৃষিৰ প্ৰচাৰ আৰু পিএম-কুসুম আঁচনিৰ অধীনত ২২ লাখতকৈও অধিক সৌৰ পাম্প বিতৰণৰ জৰিয়তে কৃষকসকলক সৱলীকৰণ কৰাৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতিৰ কথা উল্লেখ কৰে।
চলিত যুদ্ধৰ মাজতে গ্ৰীষ্মকালীন বিদ্যুতৰ চাহিদা বৃদ্ধিৰ প্ৰত্যাহ্বানৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে সদনক জনায় যে দেশৰ সকলো শক্তি প্ৰকল্পত কয়লাৰ পৰ্যাপ্ত মজুত আছে আৰু ভাৰতে একেৰাহে দ্বিতীয় বছৰত ১০০ কোটি টন কয়লা উৎপাদন কৰি অভিলেখ ৰচনা কৰিছে। তেওঁ উল্লেখ কৰে যে বিদ্যুৎ উৎপাদনৰ পৰা বিদ্যুৎ যোগানলৈকে সকলো ব্যৱস্থা নিৰন্তৰ নিৰীক্ষণ কৰি থকা হৈছে আৰু বিগত দশকত নৱীকৰণযোগ্য শক্তিৰ ক্ষেত্ৰত কৰা পৰিৱৰ্তনশীল পদক্ষেপৰ বাবে চৰকাৰৰ প্ৰস্তুতি যথেষ্ট বৃদ্ধি পাইছে। ভাৰতৰ মুঠ সংস্থাপিত বিদ্যুৎ উৎপাদন ক্ষমতাৰ আধা অংশ এতিয়া নৱীকৰণযোগ্য উৎসৰ পৰা আহিছে আৰু দেশৰ মুঠ নৱীকৰণযোগ্য ক্ষমতাই ২৫০ গিগাৱাটৰ ঐতিহাসিক মাইলৰ খুঁটি অতিক্ৰম কৰিছে। কেৱল সৌৰশক্তিৰ ক্ষমতা যোৱা ১১ বছৰত প্ৰায় ৩ গিগাৱাটৰ পৰা ১৪০ গিগাৱাটলৈ বৃদ্ধি পাইছে, প্ৰায় ৪০ লাখ ছাদত সৌৰশক্তি স্থাপন কৰা হৈছে, ২০০টা কম্প্ৰেছ বায়'গেছ প্ৰকল্প এতিয়া গোৱৰ্ধন আঁচনিৰ অধীনত কাৰ্যক্ষম হৈ আছে আৰু নতুনকৈ অনুমোদিত ক্ষুদ্ৰ জলবিদ্যুৎ উন্নয়ন আঁচনিৰ সৈতে পাৰমাণৱিক শক্তিৰ উৎপাদনক উৎসাহিত কৰা হৈছে, যাৰ জৰিয়তে পৰৱৰ্তী কেইটামান বছৰত ১৫০০ মেগাৱাট ক্ষমতা সংযোজন কৰা হ'ব বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কয়, "এই সকলো প্ৰচেষ্টাই আজি দেশক যথেষ্ট সহায় কৰিছে আৰু ই ভাৰতৰ শক্তিৰ ভৱিষ্যতক আৰু অধিক সুৰক্ষিত কৰি তুলিব"।
পশ্চিম এছিয়াৰ সংঘৰ্ষৰ ক্ষেত্ৰত ভাৰতৰ কূটনৈতিক প্ৰতিক্ৰিয়া সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ স্থিতি আৰম্ভণিৰে পৰা স্পষ্ট আছিল। আমি এই পৰিস্থিতিক লৈ অতি উদ্বেগ প্ৰকাশ কৰিছো। আমি উত্তেজনা হ্ৰাসৰ পোষকতা কৰাৰ লগতে অসামৰিক লোক, শক্তি আৰু পৰিবহণ আন্তঃগাঁথনিৰ ওপৰত আক্ৰমণৰ বিৰোধিতা কৰিছো। তেওঁ পশ্চিম এছিয়াৰ সকলো নেতাৰ সৈতে আলোচনাত মিলিত হৈছে বুলি সদনক অৱগত কৰি উত্তেজনা হ্ৰাস কৰিবলৈ আৰু সংঘাতৰ অন্ত পেলাবলৈ আহ্বান জনোৱা বুলি কয়। বাণিজ্যিক জাহাজৰ ওপৰত আক্ৰমণ আৰু হৰমুজ প্ৰণালীৰ দৰে আন্তঃৰাষ্ট্ৰীয় জলপথত বাধা দিয়াটো সম্পূৰ্ণৰূপে গ্ৰহণযোগ্য নহয় বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "যুদ্ধৰ পৰিৱেশৰ মাজতো কূটনীতিৰ জৰিয়তে ভাৰতে ভাৰতীয় জাহাজৰ সুৰক্ষিত যাত্ৰাৰ বাবে নিৰন্তৰ প্ৰচেষ্টা চলাই আছে"।
মানৱতা আৰু শান্তিৰ প্ৰতি ভাৰতৰ অটল প্ৰতিশ্ৰুতিৰ কথা দোঁহাৰি প্ৰধানমন্ত্ৰীয়ে কয় যে সমাধানৰ একমাত্ৰ পথ হৈছে আলোচনা আৰু কূটনীতি। সকলো ভাৰতীয় প্ৰচেষ্টাই সংঘাত হ্ৰাস কৰা আৰু শত্ৰুতাৰ অৱসান ঘটাবলৈ প্ৰয়াস কৰা বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে এই যুদ্ধত কোনো লোকৰ জীৱন বিপন্ন কৰাটো মানৱতাৰ স্বাৰ্থৰ পৰিপন্থী।
প্ৰধানমন্ত্ৰীয়ে এই সংকটৰ আভ্যন্তৰীণ নিৰাপত্তা দিশটোৰ প্ৰতিও সদনৰ দৃষ্টি আকৰ্ষণ কৰে আৰু সতৰ্ক কৰি দিয়ে যে একাংশই এই ধৰণৰ পৰিস্থিতিৰ সুযোগ ল'বলৈ চেষ্টা কৰে। ইয়াৰ বাবে সকলো আইন-শৃংখলা বাহিনীক সতৰ্ক কৰি দিয়া হৈছে। সকলো ক্ষেত্ৰ, উপকূল, সীমান্ত, চাইবাৰ আৰু কৌশলগত প্ৰতিষ্ঠানসমূহৰ নিৰাপত্তা অধিক শক্তিশালী কৰা হৈছে বুলি সদনক অৱগত কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "বৰ্তমান উপকূলীয় সুৰক্ষা, সীমান্ত সুৰক্ষা, চাইবাৰ সুৰক্ষা বা কৌশলগত প্ৰতিষ্ঠান আদি সকলোৰে সুৰক্ষা শক্তিশালী কৰা হৈছে"।
ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীয়ে কয় যে এই যুদ্ধৰ ফলত সৃষ্টি হোৱা জটিল বিশ্বজনীন পৰিস্থিতি দীৰ্ঘদিন ধৰি অব্যাহত থকাৰ সম্ভাৱনা আছে আৰু ক'ভিড-১৯ মহামাৰীৰ সময়ত দেশবাসীক একত্ৰিত হৈ থকাৰ দৰে সদায় প্ৰতিকূল পৰিস্থিতিৰ বাবে প্ৰস্তুত আৰু ঐক্যবদ্ধ হৈ থাকিবলৈ আহ্বান জনায়। ধৈৰ্য, সংযম আৰু সতৰ্কতা বজাই ৰাখিবলৈ আহ্বান জনোৱাৰ লগতে মিছা বাতৰি প্ৰচাৰ, ক'লা বজাৰত জড়িত হৈ বা অবৈধ মজুত কৰি পৰিস্থিতিৰ সুযোগ ল'ব বিচৰাসকলক সতৰ্ক কৰি দি শ্ৰী মোদীয়ে সদনৰ জৰিয়তে সকলো ৰাজ্য চৰকাৰক কঠোৰ নিৰীক্ষণ আৰু এই ধৰণৰ কাৰকৰ বিৰুদ্ধে দ্ৰুত ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনায়। ৰাষ্ট্ৰৰ সামূহিক সংকল্পৰ প্ৰতি তেওঁৰ অটল বিশ্বাস ব্যক্ত কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "যদি দেশৰ প্ৰতিগৰাকী চৰকাৰ আৰু প্ৰতিগৰাকী নাগৰিক একত্ৰিত হৈ কাম কৰে, তেন্তে আমি প্ৰতিটো প্ৰত্যাহ্বানৰ মুখামুখি হ'ব পাৰিম, এয়াই আমাৰ পৰিচয় আৰু এয়াই আমাৰ শক্তি"।
****
MJPS/PRK
(ৰিলিজ আই ডি : 2244195)
অতিথি কক্ষ : 4