পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়
azadi ka amrit mahotsav

পশ্চিম এছিয়াত উদ্ভৱ হোৱা পৰিস্থিতিৰ সন্দৰ্ভত আন্তঃমন্ত্রালয় সংবাদমেল

চিজিডি কোম্পানীসমূহে পিএনজিৰ সংযোগ বৃদ্ধিৰ বাবে উৎসাহিত

বৰ্তমানৰ ভূ-ৰাজনৈতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নিয়ন্ত্ৰণত ৰখা হৈছে এলপিজি যোগান

৩৬ শতাংশলৈ বৃদ্ধি ঘৰুৱা এলপিজি উৎপাদন

অনলাইন এলপিজি চিলিণ্ডাৰৰ বুকিং প্ৰায় ৮৪%ৰ পৰা প্ৰায় ৯০% লৈ বৃদ্ধি

অবৈধ মজুত আৰু ক'লা বজাৰ প্ৰতিৰোধৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰসমূহে

আজি ভাৰত পাবহি এলপিজি কেৰিয়াৰ শিৱালিক; কাইলৈ পুৱা নন্দা দেৱী ভাৰত পাবহি বুলি আশা কৰা হৈছে

২৮ ফেব্ৰুৱাৰীৰ পৰা পশ্চিম এছিয়া আৰু উপ-সাগৰীয় অঞ্চলৰ পৰা প্ৰায় ২,২০,০০০ যাত্ৰী উভতি আহিছে ভাৰতলৈ
সম্পূৰ্ণৰূপে কাৰ্যক্ষম হৈ আছে তেহৰানস্থিত ভাৰতৰ দূতাবাস

পোষ্ট কৰা হৈছে: 16 MAR 2026 5:09PM by PIB Guwahati

পশ্চিম এছিয়াৰ বিভিন্ন বিষয় সামৰি নেচনেল মিডিয়া চেণ্টাৰত আন্তঃমন্ত্ৰালয় সংবাদমেলৰ আয়োজন কৰা হয়। আজিৰ সংবাদমেলত (১৬ মাৰ্চ, ২০২৬) পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়, বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয় আৰু বিদেশ মন্ত্ৰালয়ে ইন্ধন যোগান, সামুদ্ৰিক কাৰ্যকলাপ, অঞ্চলটোত থকা ভাৰতীয় নাগৰিকৰ কল্যাণ আৰু সংশ্লিষ্ট জন সজাগতামূলক কাৰ্যসূচীৰ বিষয়ে অৱগত কৰে। ইয়াৰ পূৰ্বে ১১, ১২, ১৩ আৰু ১৪ মাৰ্চত অনুৰূপ সংবাদমেল অনুষ্ঠিত কৰা হৈছিল।

 

ইন্ধনৰ যোগান আৰু উপলব্ধতা

হৰমুজ প্ৰণালী বন্ধ হৈ পৰাৰ পৰিপ্ৰেক্ষিতত পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে ইন্ধন যোগানৰ বৰ্তমানৰ স্থিতি আৰু পেট্ৰ'লিয়ামজাত সামগ্ৰী আৰু এলপিজিৰ নিৰৱচ্ছিন্ন যোগান সুনিশ্চিত কৰিবলৈ গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে সংবাদ মাধ্যমক অৱগত কৰে। মন্ত্ৰণালয়ৰ তথ্য অনুসৰিঃ

 

খাৰুৱা তেল আৰু শোধনাগাৰসমূহ

  • দেশৰ সকলো শোধনাগাৰ সম্পূৰ্ণ ক্ষমতাৰে চলি আছে আৰু যথেষ্ট পৰিমাণৰ খাৰুৱা তেল মজুত আছে। পেট্ৰ'ল আৰু ডিজেলৰ উৎপাদনৰ ক্ষেত্ৰত ভাৰত সম্পূৰ্ণৰূপে স্বনিৰ্ভৰশীল, যাৰ ফলত দেশীয় চাহিদা পূৰণৰ বাবে ইন্ধন আমদানিৰ প্ৰয়োজন নাই।

 

খুচুৰা বিক্ৰী কেন্দ্ৰসমূহ

  • তেল বিপণন কোম্পানীসমূহে কোনো খুচুৰা বিক্ৰী কেন্দ্ৰৰ পৰা ইন্ধন নাটনি হোৱাৰ বাতৰি পোৱা নাই। পেট্ৰ'ল আৰু ডিজেলৰ যোগান নিয়মীয়াকৈ অব্যাহত আছে।
  • পেট্ৰ'ল আৰু ডিজেলৰ পৰ্যাপ্ত মজুত আছে, জনসাধাৰণক আতংকিত নহ'বলৈ বা আতংকিত হৈ অধিক ইন্ধন ক্ৰয় নকৰিবলৈ পৰামৰ্শ দিয়া হৈছে।

 

প্ৰাকৃতিক গেছ

 

  • পিএনজি আৰু চিএনজি খণ্ডৰ বাবে ১০০ শতাংশ গেছ যোগান ধৰি অগ্ৰাধিকাৰ ক্ষেত্ৰত গেছ যোগান অব্যাহত ৰখা হৈছে। ইফালে, উদ্যোগ আৰু বাণিজ্যিক গ্ৰাহকৰ বাবে গেছ যোগান বৰ্তমান প্ৰায় ৮০ শতাংশ সীমিত বা নিয়ন্ত্ৰিত অৱস্থাত আছে।
  • প্ৰধান চহৰ আৰু নগৰীয়া এলেকাত থকা বাণিজ্যিক এলপিজি গ্ৰাহকসকলক পিএনজি সংযোগ গ্ৰহণৰ বাবে উৎসাহিত কৰা হৈছে। হোটেল, ৰেষ্টুৰেণ্ট, হাস্পতাল আৰু হোষ্টেলৰ দৰে প্ৰতিষ্ঠানসমূহে অনুমোদিত চিটি গেছ ডিষ্ট্ৰিবিউচন (চিজিডি) এজেন্সিৰ জৰিয়তে পিএনজি সংযোগ লাভ কৰিব পাৰে।
  • গ্ৰাহকে পিএনজি সংযোগৰ বাবে ই-মেইল, গ্ৰাহক পৰ্টেল, চিঠিপত্ৰ বা সংশ্লিষ্ট চিজিডি কোম্পানীৰ কল চেণ্টাৰৰ জৰিয়তে আবেদন কৰিব পাৰে। পাইপলাইন নেটৱৰ্ক থকা ঠাইসমূহত অতি দ্ৰুত গতিত সংযোগ প্ৰদান কৰা হ'ব।
  • পিএনজি সংযোগৰ জনপ্ৰিয়তা বৃদ্ধিৰ বাবে বিভিন্ন চিজিডি কোম্পানীয়ে বিভিন্ন ৰেহাইৰ কথা ঘোষণা কৰিছে। ইন্দ্ৰপ্ৰস্থ গেছ লিমিটেড আৰু গেইল গেছ লিমিটেডৰ দ্বাৰা ঘৰুৱা গ্ৰাহকলৈ ৫০০ টকাৰ বিনামূলীয়া গেছ যোগান ধৰা হৈছে। মহানগৰ গেছ লিমিটেডে ঘৰুৱা পিএনজি গ্ৰাহকসকলৰ বাবে ৫০০ টকাকৈ ৰেহাই দিয়া পঞ্জীয়ন মাচুল আৰু বাণিজ্যিক গ্ৰাহকসকলৰ বাবে আমানত জমা ৰেহাই প্ৰদান কৰিছে আৰু বিপিচিএলে সকলো বাণিজ্যিক সংযোগৰ ক্ষেত্ৰত আমানত জমা ৰেহাই প্ৰদান কৰিছে।
  • চৰকাৰে চিজিডি নেটৱৰ্ক সম্প্ৰসাৰিত কৰিছে।

 

এল পি জি

  • সাম্প্ৰতিক ভূ-ৰাজনৈতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এলপিজি যোগান নিয়ন্ত্ৰণ কৰা হৈছে।
  • এলপিজি বিতৰণ কেন্দ্ৰসমূহত নাটনিৰ কোনো বাতৰি পোৱা নাই।
  • অনলাইনত এলপিজি চিলিণ্ডাৰ বুকিংৰ হাৰ ৮৪% ৰ পৰা ৯০%লৈ বৃদ্ধি পাইছে।
  • ডেলিভাৰী অথেণ্টিকেশ্যন কোড (ডিএচি)ৰ ব্যৱহাৰ সংকট পূৰ্বৰ ৫৩%ৰ পৰা প্ৰায় ৭২% লৈ বৃদ্ধি কৰা হৈছে।
  • বিহাৰ, দিল্লী, হাৰিয়ানা, ৰাজস্থান, মণিপুৰ আৰু মহাৰাষ্ট্ৰকে ধৰি কেবাখনো ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশে ভাৰত চৰকাৰৰ নিৰ্দেশনা অনুসৰি নন-ডমষ্টিক এলপিজি আৱণ্টনৰ ক্ষেত্ৰত নিৰ্দেশনা জাৰি কৰিছে।

ৰাজ্য চৰকাৰৰ দ্বাৰা আয়োজিত বৈঠকসমূহ

 

  • পেট্ৰ'ল, ডিজেল আৰু এলপিজিকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।
  • ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে পৰিস্থিতি পৰ্যবেক্ষণৰ বাবে নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰিছে আৰু নাগৰিকসকলক অৱগত কৰিবলৈ নিয়মীয়াকৈ সংবাদমেলৰ আয়োজন কৰিছে।

 

আইন বলৱৎকাৰী পদক্ষেপ

  • পেট্ৰ'ল, ডিজেল আৰু এলপিজিৰ মজুতকাৰী আৰু ক'লা বজাৰ প্ৰতিৰোধৰ বাবে ৰাজ্য চৰকাৰে কঠোৰ আইন প্ৰণয়ন কৰিছে।
  • এলপিজিৰ মজুতকৰণ আৰু ক'লা বজাৰ প্ৰতিৰোধৰ বাবে উত্তৰপ্ৰদেশ, হাৰিয়ানা, অন্ধ্ৰপ্ৰদেশ, মধ্য প্ৰদেশ, অসম আৰু মিজোৰামকে ধৰি কেইবাখনো ৰাজ্যত অভিযান চলোৱা হৈছে।
  • চৰকাৰী নিয়ন্ত্ৰিত তেল বিপণন সংস্থাৰ (পিএছইউ অইল মাৰ্কেটিং কোম্পানী) বিষয়াসকলে ১১০০ৰো অধিক খুচুৰা বিক্ৰী কেন্দ্ৰ আৰু এলপিজি বিতৰণ কেন্দ্ৰত আকস্মিক পৰিদৰ্শন কৰে যাতে বিৰামহীন যোগান সুনিশ্চিত কৰিব পৰা যায় আৰু অনিয়ম ৰোধ কৰিব পৰা যায়।

চৰকাৰৰ অন্যান্য পদক্ষেপ

  • সাধাৰণ পৰিয়াল, চিকিৎসালয় আৰু শিক্ষানুষ্ঠানৰ দৰে অগ্ৰাধিকাৰমূলক ক্ষেত্ৰসমূহত এলপিজিৰ যোগান সুনিশ্চিত কৰাত চৰকাৰে অগ্ৰাধিকাৰ প্ৰদান কৰিছে।
  • তেল শোধনাগাৰসমূহৰ পৰা ঘৰুৱা এলপিজিৰ উৎপাদন প্ৰায় ৩৬ শতাংশ বৃদ্ধি কৰা হৈছে।
  • ১৪ মাৰ্চ, ২০২৬ তাৰিখৰ সংশোধিত এলপিজি নিয়ন্ত্ৰণ নিৰ্দেশনা অনুসৰি পিএনজি সংযোগ থকা গ্ৰাহকসকলে তেওঁলোকৰ ঘৰুৱা এলপিজি সংযোগ জমা দিব নোৱাৰিব আৰু নতুন এলপিজি সংযোগ গ্ৰহণ কৰিব নোৱাৰিব।
  • এলপিজিৰ সুষম বিতৰণ সুনিশ্চিত কৰাৰ বাবে বুকিং অন্তৰালৰ নিয়ম সংশোধন কৰা হৈছে। চহৰাঞ্চলত এই ব্যৱধান ২৫ দিন আৰু গ্ৰামাঞ্চলত ৪৫ দিনলৈ বৃদ্ধি কৰা হৈছে।
  • ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ অতিৰিক্ত ৪৮,০০০ কিলোলিটাৰ কেৰাচিনৰ আৱণ্টন দিয়া হৈছে; যাতে কেৰাচিন আৰু কয়লাৰ দৰে বিকল্প ইন্ধনে এলপিজিৰ চাহিদাৰ চাপ হ্ৰাস কৰে।
  • চৰকাৰী তেল বিপণন সংস্থাসমূহে এলপিজি ৰিফিলৰ বুকিং ডিজিটেল পদ্ধতিৰে কৰাৰ বাবে উৎসাহিত কৰিছে আৰু আতংকিত হৈ বুকিং নকৰিবলৈ পৰামৰ্শ দিছে। ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক অনিয়ম প্ৰতিৰোধৰ বাবে সমন্বিত পৰিদৰ্শন কৰিবলৈ আহ্বান জনোৱা হৈছে।

জনসাধাৰণৰ বাবে পৰামৰ্শ

  • জনসাধাৰণক আতংকিত নহ'বলৈ আহ্বান জনোৱা হৈছে, কিয়নো চৰকাৰ পৰিয়াল আৰু জৰুৰীকালীন সেৱাৰ ক্ষেত্ৰত পৰ্যাপ্ত এলপিজি যোগান ধৰাৰ প্ৰতি সংকল্পবদ্ধ।
  • বাণিজ্যিক এলপিজি চিলিণ্ডাৰৰ বিক্ৰী আংশিকভাৱে পুনৰ আৰম্ভ কৰা হৈছে আৰু অগ্ৰাধিকাৰ ভিত্তিত বিতৰণৰ বাবে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ চৰকাৰসমূহলৈ উপলব্ধ কৰা হৈছে।
  • এলপিজি চিলিণ্ডাৰ বুকিঙৰ বাবে আইভিআৰএছএছএমএছ হোৱাটছএপ, তেল বিপণন কোম্পানীৰ ম'বাইল এপ আৰু জনপ্ৰিয় ই-কমাৰ্চ প্লেটফৰ্মৰ দৰে ডিজিটেল মাধ্যম ব্যৱহাৰ কৰিব পাৰিব।
  • জনসাধাৰণক অতিৰিক্ত বুকিং কৰাৰ পৰা বিৰত থাকিবলৈ, ডিজিটেল বুকিং প্লেটফৰ্ম ব্যৱহাৰ কৰিবলৈ আৰু এলপিজি সৰবৰাহকাৰীৰ কাৰ্যালয়লৈ অনাৱশ্যকীয় ভ্ৰমণ এৰাই চলিবলৈ অনুৰোধ জনোৱা হৈছে।
  • যিমান পাৰি, পিএনজি আৰু বিকল্প ইন্ধন যেনে ইণ্ডাকশ্যন বা ইলেকট্ৰিক কুকটপ ব্যৱহাৰ কৰি শক্তি সঞ্চয় কৰিবলৈ গ্ৰাহকসকলক উৎসাহিত কৰা হৈছে।
  • চৰকাৰ আৰু চৰকাৰী তেল বিপণন কোম্পানীয়ে এলপিজিৰ অবিৰত যোগানৰ বিষয়ে সজাগতা সৃষ্টি কৰি আছে; সংবাদ মাধ্যমক মিছা তথ্য আৰু অপ্ৰয়োজনীয় আতংক ৰোধ কৰিবলৈ চৰকাৰী সূত্ৰৰ ওপৰত নিৰ্ভৰ কৰিবলৈ অনুৰোধ জনাইছে।

সামুদ্ৰিক সুৰক্ষা আৰু জাহাজ চলাচল কাৰ্যসূচী

 

বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ে উপসাগৰীয় অঞ্চলত সামুদ্ৰিক পৰিস্থিতি আৰু ভাৰতীয় জাহাজ আৰু নাবিকসকলৰ সুৰক্ষাৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে অৱগত কৰে। মন্ত্ৰণালয়ৰ তথ্য অনুসৰিঃ

 

  • এই অঞ্চলত থকা সকলো ভাৰতীয় নাৱিক সুৰক্ষিত আৰু যোৱা ২৪ ঘণ্টাত ভাৰতীয় নাৱিকৰে জড়িত কোনো জাহাজ দুৰ্ঘটনাৰ খবৰ পোৱা হোৱা নাই।
  • বৰ্তমানে ভাৰতৰ ২২খন জাহাজ পাৰস্য উপসাগৰৰ পশ্চিম প্ৰান্তত ৬১১জন নাৱিকৰ সৈতে আছে। ভাৰতীয় জাহাজ পৰিবহণ সঞ্চালকালয় (ডিজিএছএছ)য়ে জাহাজৰ মালিক, আৰপিএছএল আৰু বিদেশত থকা ভাৰতীয় দূতাবাসৰ সৈতে সমন্বয় ৰক্ষা কৰি পৰিস্থিতিৰ ওপৰত নিৰন্তৰ নজৰ ৰাখিছে।
  • ভাৰতৰ দুখন এলপিজি পৰিবাহী জাহাজৰ ভিতৰত ১৪ মাৰ্চত ৯২,৭১২ মেট্ৰিক টন এলপিজি লৈ হৰমুজ প্ৰণালী পাৰ হোৱা শিবালিক নামৰ জাহাজখন আজি সন্ধিয়া ৫ বজাত মুন্দ্ৰা বন্দৰত উপস্থিত হ'ব। অগ্ৰাধিকাৰ ভিত্তিত সামগ্ৰীসমূহ ৰিলিজ দিয়াৰ বাবে প্ৰয়োজনীয় নথিপত্ৰ ইতিমধ্যে প্ৰস্তুত কৰা হৈছে। আনহাতে, আন এখন জাহাজ নন্দা দেৱী কাইলৈ পুৱাৰ ভাগত বন্দৰটোত উপস্থিত হ'ব।
  • ভাৰতীয় জাহাজ 'জগ লাডকী'য়ে প্ৰায় ৮০,৮০০ মেট্ৰিক টন মুৰব্বান খাৰুৱা তেল কঢ়িয়াই আনিছে। জাহাজখন ১৪ মাৰ্চত সংযুক্ত আৰব আমিশ্বাহীৰ পৰা ভাৰত অভিমুখে যাত্ৰা আৰম্ভ কৰিছিল আৰু বৰ্তমান ই নিৰাপদে নিজৰ গন্তব্য স্থানত উপনীত হৈছে। জাহাজখনত থকা ভাৰতীয় নাৱিকসকল সুৰক্ষিত অৱস্থাত আছে।
  • জাহাজ নিয়ন্ত্ৰণ কক্ষ মুকলি কৰাৰ পিছত জাহাজা সঞ্চায়লকালয়ৰ নিয়ন্ত্ৰণ কক্ষলৈ মুঠ ৩,০৩০ টা ফোন কল আৰু প্ৰায় ৫,৪৯৭টা ই-মেইল প্ৰেৰণ কৰা হৈছে, য'ত নাৱিক, তেওঁলোকৰ পৰিয়াল আৰু সামুদ্ৰিক ক্ষেত্ৰৰ অংশীদাৰসকলৰ পৰা সহায় বিচৰা হৈছে। বিগত ৪৮ ঘন্টাত ৩১০টাতকৈও অধিক কল আৰু ৫৯৭টা ই-মেইল প্ৰেৰণ কৰা হৈছে।
  • জাহাজ সঞ্চালকালয়ে এতিয়ালৈকে উপসাগৰীয় অঞ্চলৰ পৰা ২৮৬গৰাকী ভাৰতীয় নাৱিকক উদ্ধাৰ কৰিছে। ইয়াৰে ৩৩জনক যোৱা ৪৮ ঘণ্টাত উদ্ধাৰ কৰা হৈছে।
  • সমগ্ৰ দেশৰ মুখ্য বন্দৰসমূহে জাহাজৰ চলাচল আৰু মালভৰ্তি তথা মাল খালী কৰাৰ ওপৰত নজৰ ৰাখিছে। তেওঁলোকে জাহাজ পৰিবহণ কোম্পানীসমূহ আৰু সামগ্ৰী পৰিবহণৰ সৈতে জড়িত ব্যক্তিসকলক সহায় আগবঢ়াইছে। এই আঁচনিৰ অধীনত বৰ্ড ভাড়া, এংকৰ ভাড়া আৰু সামগ্ৰী সংৰক্ষণৰ ক্ষেত্ৰত ৰেহাই প্ৰদান কৰা হৈছে।
  • সামগ্ৰীসমূহৰ পৰিবহণৰ বাবে আবকাৰী বিভাগ আৰু অন্যান্য সংশ্লিষ্ট পক্ষৰ সৈতে সমন্বয় সাধন কৰি বন্দৰ কৰ্তৃপক্ষই কাম কৰি আছে।
  • জেএনপিএয়ে মধ্য প্ৰাচ্যলৈ যোৱা কণ্টেইনাৰসমূহৰ বাবে অস্থায়ী 'ট্ৰান্সশ্বিপমেণ্ট ষ্ট'ৰেজ'ৰ সুবিধা প্ৰদান কৰিছে। জেএনপিএৰ পৰা যাত্ৰা আৰম্ভ কৰা কণ্টেইনাৰসমূহৰ বাবে ১৫ দিনৰ বাবে ভূমি ভাড়া আৰু দ্বৈত সময় ভাড়াৰ ওপৰত ১০০শতাংশ ৰেহাই আৰু ৰেফাৰ কণ্টেইনাৰ প্লাগ-ইন চাৰ্জৰ ওপৰত প্ৰায় ৮০ শতাংশ ৰেহাই প্ৰদান কৰা হৈছে।
  • বৰ্তমান দেশৰ কোনো প্ৰধান বন্দৰত কণ্টেটেইনাৰ বা জাহাজৰ ভিৰ নাই। জেএনপিএত ৰপ্তানি কৰিব পৰা কণ্টেইনাৰ সংখ্যা ৫৬০০ৰ পৰা ৩৯০০লৈ হ্ৰাস পাইছে।
  • বন্দৰ প্ৰাধিকৰণসমূহে বৰ্তমানে উপসাগৰীয় অঞ্চলত চলাচল কৰিব নোৱাৰা জাহাজসমূহৰ বাবে সুৰক্ষিত এংকৰ ব্যৱস্থা কৰিছে।
  • পৰিচালনাৰ সমস্যাসমূহ সমাধানৰ বাবে জাহাজ পৰিবহণ সঞ্চালকালয়ৰ অধীনত এটা আন্তঃ মন্ত্ৰালয় দল গঠন কৰা হৈছে। এই দলটোত আবকাৰী বিভাগ, বন্দৰ প্ৰাধিকৰণ আৰু সামুদ্ৰিক ক্ষেত্ৰৰ অন্যান্য সংশ্লিষ্ট পক্ষৰ প্ৰতিনিধিসকল অন্তৰ্ভুক্ত আছে।
  • সামুদ্ৰিক বাণিজ্য আৰু বন্দৰৰ কাৰ্যকলাপৰ ধাৰাবাহিকতা বজাই ৰখাৰ লগতে ভাৰতীয় নাৱিকৰ সুৰক্ষা আৰু কল্যাণ সুনিশ্চিত কৰাৰ বাবে মন্ত্ৰালয়ে বৈদেশিক মন্ত্ৰালয়, বিদেশত থকা ভাৰতীয় দূতাবাস, জাহাজ কোম্পানী আৰু সামুদ্ৰিক ক্ষেত্ৰৰ অংশীদাৰসকলৰ সৈতে সমন্বয় সাধন কৰি কাম কৰি আছে।

 

অঞ্চলটোত ভাৰতীয় নাগৰিকৰ সুৰক্ষা

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে অঞ্চলটোত থকা ভাৰতীয় নাগৰিকসকলৰ সম্পৰ্কে এক তথ্য দাঙি ধৰি কয় যে ভাৰতীয় মিছনসমূহে স্থানীয় ভাৰতীয় সমুদায়ৰ সৈতে নিবিড়ভাৱে যোগাযোগ অব্যাহত ৰাখিছে। মন্ত্ৰালয়ে কয়:

 

  • ভাৰত চৰকাৰে ইৰানত থকা ভাৰতীয় নাগৰিকসকলৰ পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিছে। তেওঁলোকৰ সুৰক্ষা আৰু কল্যাণ নিশ্চিত কৰাটো চৰকাৰৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ। তেহৰাণস্থিত ভাৰতীয় দূতাবাসৰ সহায়ত ইৰানত থকা ৫৫০গৰাকীৰো অধিক ভাৰতীয়ই আৰ্মেনিয়াত থকা স্থল সীমান্ত পাৰ হৈ আৰ্মেনিয়াত প্ৰৱেশ কৰিছে আৰু ৯০গৰাকীৰো অধিক ভাৰতীয়ই আজাৰবাইজানত প্ৰৱেশ কৰিছে।
  • তেহৰাণস্থিত ভাৰতীয় দূতাবাসৰ কাৰ্যালয়ৰ কাম-কাজ অব্যাহত আছে।
  • বিগত দিন কেইটাত ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলক তেহৰাণৰ বাহিৰৰ বিভিন্ন স্থানৰ পৰা দূতাবাস কৰ্তৃপক্ষই ইৰাণৰ ভিতৰতে নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰিছে।
  • ইৰানত কৰ্মৰত ভাৰতীয় নাৱিক আৰু মৎস্যজীৱী সম্প্ৰদায়ৰ সদস্যসকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে তেওঁলোকৰ নিয়োগকাৰী সংস্থাৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে আৰু সকলো ভাৰতীয় নাগৰিকক দূতাবাসৰ নিৰ্দেশনা আৰু পৰামৰ্শৱলী মানি চলিবলৈ আহ্বান জনাইছে।
  • বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে পশ্চিম এছিয়া আৰু উপসাগৰীয় অঞ্চলৰ পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিছে। এই অঞ্চলত বসবাস কৰা ভাৰতীয় সম্প্ৰদায়ৰ সুৰক্ষা, কল্যাণ আৰু সুৰক্ষাক নিশ্চিত কৰাটো চৰকাৰৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ।
  • ভাৰতীয় নাগৰিক আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়াৰ বাবে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ এটা বিশেষ নিয়ন্ত্ৰণ কক্ষ সদায়ে সক্ৰিয় হৈ আছে। ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সৈতে প্ৰয়োজনীয় সমন্বয় সাধন কৰা হৈছে।
  • ভাৰতীয় মিছন আৰু কূটনৈতিক কাৰ্যালয়সমূহে ২৪ ঘণ্টাই হেল্পলাইনযোগে সেৱা আগবঢ়াই আছে। তেওঁলোকে স্থানীয় ভাৰতীয় সংস্থাসমূহৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে আৰু নিয়মীয়াকৈ নিৰ্দেশনা জাৰি কৰি আছে।
  • ভাৰতীয় মিছনসমূহে স্থানীয় কৰ্তৃপক্ষৰ সৈতে নিবিড়ভাৱে সম্পৰ্ক বজাই ৰাখিছে আৰু ভিছা, লজিষ্টিক আৰু যাতায়াতৰ সুবিধাসমূহকে ধৰি বিভিন্ন ধৰণৰ সহায় আগবঢ়াইছে। নৌ পৰিবহণ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ সৈতে সমন্বয় সাধন কৰি এই অঞ্চলত কৰ্মৰত ভাৰতীয় নাবিকসকলক সহায়ৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
  • ২৮ ফেব্ৰুৱাৰী, ২০২৬ তাৰিখৰ পৰা এতিয়ালৈকে প্ৰায় ২,২০,০০০ যাত্ৰী পশ্চিম এছিয়া আৰু উপসাগৰীয় অঞ্চলৰ পৰা ভাৰতলৈ ঘূৰি আহিছে।
  • সংযুক্ত আৰব আমিৰশ্বাহীত ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা বিমান সেৱা সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছিল যদিও ক্ৰমান্বয়ে পুনৰ আৰম্ভ কৰা হৈছে।
  • আবু ধাবি, ৰাছ আল খাইমাহ আৰু ফুজাইৰাৰ পৰাও সীমিত সংখ্যক ভাৰতীয় আৰু ইউএইৰ এয়াৰলাইন্সৰ বিমান চলাচল কৰিছে। জানিব পৰা মতে, আজি ভাৰতৰ বিভিন্ন স্থানলৈ ৪৫ খনৰো অধিক বিমানৰ চলাচলৰ পৰিকল্পনা কৰা হৈছে। যাত্ৰীসকলক বিমানৰ সঠিক সময়সূচীৰ বাবে সংশ্লিষ্ট বিমান সংস্থাৰ সৈতে যোগাযোগ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।
  • ২৪x৭ হেল্পলাইনৰ জৰিয়তে তেওঁলোকে আবু ধাবিত থকা ভাৰতীয় দূতাবাস বা ডুবাইৰ বাণিজ্য দূতাবাসৰ সৈতে যোগাযোগ কৰিব পাৰে।
  • ছৌদি আৰৱ আৰু ওমানৰ বিমান বন্দৰসমূহৰ পৰা ভাৰতৰ বিভিন্ন স্থানলৈ বিমান সেৱা অব্যাহত আছে।
  • কাটাৰৰ আকাশমাৰ্গ আংশিকভাৱে মুকলি কৰি দিয়া হৈছে আৰু কাটাৰ এয়াৰৱেজে আজি আৰু কাইলৈ ভাৰতলৈ ৩খন বিমান চলাব বুলি আশা কৰা হৈছে।
  • ২৮ ফেব্ৰুৱাৰী, ২০২৬ৰ পৰা কুৱেটৰ আকাশমাৰ্গ বন্ধ। আশা কৰা হৈছে যে ছৌদি আৰৱৰ আল কাইছুমা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা জাজীৰা এয়াৰৱেজৰ বিশেষ অনিৰ্ধাৰিত বাণিজ্যিক বিমান ভাৰতত প্ৰৱেশ কৰিব।
  • বাহৰেইন আৰু ইৰাকত থকা ভাৰতীয় নাগৰিকসকলৰ বাবে ছৌদি আৰৱৰ মাজেৰে বিমান পৰিবহণৰ সুবিধা অব্যাহত ৰখা হৈছে।
  • ১৩ মাৰ্চ, ২০২৬ তাৰিখে ওমানৰ ছোহৰাত হোৱা আক্ৰমণত দুজন ভাৰতীয় নাগৰিকৰ মৃত্যু হোৱাৰ পৰিপ্ৰেক্ষিতত মুছকাটস্থিত ভাৰতীয় দূতাবাসৰ বিষয়াসকলে মৃতকৰ পৰিয়ালবৰ্গ আৰু ওমানৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে। আশা কৰা হৈছে মৃতদেহসমূহ শীঘ্ৰেই দেশলৈ ঘূৰাই অনা হ'ব। ভাৰতীয় দূতাবাসৰ তৰফৰ পৰা আহত ভাৰতীয় নাগৰিকসকলৰ স্বাস্থ্যৰ ওপৰত দৃষ্টি ৰখা হৈছে। আহতসকলৰ কোনোজনৰে অৱস্থা সংকটজনক নহয়।
  • বছৰাস্থিত ভাৰতীয় মিছনৰ দলটোৱে ১৫জন ভাৰতীয় কৰ্মচাৰীক সাহায্য প্ৰদান অব্যাহত ৰাখিছে। কৰ্মচাৰীসকলক নিৰাপদে উদ্ধাৰ কৰা হৈছে আৰু তেওঁলোক বৰ্তমান বছৰাৰ এখন হোটেলত আছে। ভাৰতীয় দূতাবাসৰ তৰফৰ পৰা ইৰাকৰ সৈতে যোগাযোগ অব্যাহত আছে যাতে তেওঁলোকক অতি শীঘ্ৰে ভাৰতলৈ প্ৰত্যাৱৰ্তন কৰা হয় আৰু মৃত ভাৰতীয় লোকৰ মৃতদেহসমূহো স্বদেশলৈ অনা হয়।

পশ্চিম এছিয়াৰ পৰিস্থিতিৰ ওপৰত গভীৰ দৃষ্টি ৰাখি সংশ্লিষ্ট মন্ত্ৰালয় আৰু সংস্থাৰ মাজত প্ৰয়োজনীয় সমন্বয় সাধন কৰি থকা হৈছে বুলি চৰকাৰে দোঁহাৰে। ৰাষ্ট্ৰীয় স্বাৰ্থৰ সুৰক্ষাৰ বাবে প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণ কৰা হৈছে।

***

MONIKA/DB


(ৰিলিজ আই ডি : 2240997) অতিথি কক্ষ : 12