পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়
পশ্চিম এছিয়াত সংঘাতৰ বাবে বিশ্ব শক্তি যোগান ব্যাঘাতেৰে মোকাবিলা কৰিবলৈ গ্ৰহণ কৰা ব্যৱস্থা সম্পৰ্কে সংসদত কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী শ্ৰী হৰদীপ সিং পুৰীৰ বক্তব্য
পোষ্ট কৰা হৈছে:
12 MAR 2026 5:09PM by PIB Guwahati
কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী শ্ৰী হৰদীপ সিং পুৰীয়ে আজি লোকসভাত এক বিবৃতি প্ৰদানেৰে পশ্চিম এছিয়াত অব্যাহত সংঘাতৰ ফলত বিশ্ব শক্তি যোগানত ব্যাঘাত জন্মাত ইয়াৰে মোকাবিলাৰ অৰ্থে পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে গ্ৰহণ কৰা পদক্ষেপৰাজিৰ বিষয়ে সদনক অৱগত কৰে। পেট্ৰলিয়াম সামগ্ৰীৰ অবিৰত উপলব্ধতা নিশ্চিত কৰাৰ বাবে আৰু পৰিৱৰ্তিত বিশ্ব পৰিস্থিতিত ভাৰতৰ শক্তি সুৰক্ষা অটুত ৰাখিবলৈ গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ সম্পৰ্কে মন্ত্ৰীগৰাকীয়ে সদনক জনায়।
তলত মন্ত্ৰীগৰাকীৰ বক্তব্য সন্নিৱিষ্ট কৰা হৈছেঃ
মাননীয় অধ্যক্ষ মহোদয়,
মই পশ্চিম এছিয়াত অব্যাহত সংঘাতৰ বাবে বিশ্ব শক্তি যোগানত হোৱা ব্যাঘাতৰ প্ৰতি সঁহাৰি জনাই গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে সদনক অৱগত কৰিবলৈ আগবাঢ়িছো।
মাননীয় অধ্যক্ষ মহোদয়,
আধুনিক শক্তিৰ ইতিহাসত বিশ্বই এনে এক মুহূৰ্তৰ সন্মুখীন হোৱা নাছিল। ইৰান, ইজৰাইল আৰু আমেৰিকা যুক্তৰাজ্যৰ মাজত অব্যাহত সামৰিক অভিযানৰ পিছত বিশ্বৰ ২০% খাৰুৱা তেল, বিশ্বৰ ২০% প্ৰাকৃতিক গেছ আৰু ২০% এলপিজি-ৰ প্ৰবাহ হৰমুজ প্ৰণালীৰে পাৰ হোৱাৰ আজি ত্ৰয়োদশ দিন। লিপিবদ্ধ ইতিহাসত প্ৰথমবাৰৰ বাবে হৰমুজ প্ৰণালীক বাণিজ্যিক জাহাজ চলাচলৰ বাবে বন্ধ কৰি দিয়া হৈছে। সংঘাতৰ সৃষ্টি কৰাত ভাৰতৰ কোনো ভূমিকা নথকা সত্ত্বেও বহু দেশৰ দৰে ভাৰতে ইয়াৰ পৰিণতিৰে মোকাবিলা কৰিবলগীয়া হৈছে।
2. আন ৰাষ্ট্ৰসমূহে এই সংকটৰে মোকাবিলা কৰি থকাৰ বিপৰীতে ভাৰতৰ সঁহাৰিয়ে সকাহ দিছে। আমাৰ চুবুৰীৰ এখন দেশে দুসপ্তাহৰ বাবে সকলো বিদ্যালয় বন্ধ কৰি দিছে, চৰকাৰী কাৰ্য্যালয় চাৰিদিনীয়া কৰ্ম সপ্তাহলৈ সলনি কৰিছে, ৫০ শতাংশ ৰাজহুৱা কৰ্মচাৰীক ঘৰৰ পৰাই কাম কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে, চৰকাৰী বাহনৰ ইন্ধনৰ ভাট্টা আধালৈ কৰ্তন কৰিছে আৰু ৬০ শতাংশ চৰকাৰী বাহন পথৰ পৰা আঁতৰ কৰিছে। দেশখনে ইতিহাসত সৰ্বাধিক একক ইন্ধনৰ মূল্য বৃদ্ধিৰ অভিজ্ঞতা লাভ কৰিছে, এসপ্তাহত পেট্ৰলৰ মূল্য প্ৰায় ২০ শতাংশ বৃদ্ধি পাইছে। আন এক চুবুৰীয়াই ইন্ধন ৰাহি কৰিবলৈ বিশ্ববিদ্যালয়সমূহ আগতীয়াকৈ বন্ধ দি ঈদৰ বন্ধৰ দিনটো আগবঢ়াই আনিছে। দক্ষিণ এছিয়াৰ দেশসমূহেও শক্তিৰ সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিবলগীয়া হৈছে।
খাৰুৱা তেল আৰু পেট্ৰল, ডিজেলঃ
মাননীয় অধ্যক্ষ মহোদয়,
3. ভাৰতৰ খাৰুৱা তেলৰ যোগানৰ অৱস্থা সুৰক্ষিত আৰু সুৰক্ষিত পৰিমাণে হৰমুজে যিমানখিনি যোগান ধৰিব পাৰিলেহেঁতেন তাতকৈ অধিক। এই সংকটৰ পূৰ্বে ভাৰতৰ খাৰুৱা তেলৰ আমদানিৰ প্ৰায় ৪৫ শতাংশই হৰমুজ প্ৰণালীৰ মাজেৰে পাৰ হৈছিল। মাননীয় প্ৰধানমন্ত্ৰীৰ অসাধাৰণ কূটনৈতিক প্ৰসাৰ আৰু সদিচ্ছাৰ বাবেই ভাৰতে খাৰুৱা তেলৰ পৰিমাণ লাভ কৰিছে যি একে সময়ছোৱাত বিঘ্নিত পথেৰে যিখিনি যোগান ধৰিব পাৰিলেহেঁতেন, সেইখিনিতকৈ অধিক। নন-হৰমুজ ছ’ৰ্চিং খাৰুৱা তেলৰ আমদানি প্ৰায় ৭০ শতাংশলৈ বৃদ্ধি পাইছে, যি সংঘাত আৰম্ভ হোৱাৰ পূৰ্বে ৫৫ শতাংশ আছিল। ভাৰতে ৪০ খন দেশৰ পৰা খাৰুৱা তেল লাভ কৰে, ২০০৬-০৭ ত ২৭ খন দেশৰ পৰা এয়া লাভ কৰা হৈছিল। একেৰাহে বছৰ-বছৰ ধৰি স্থায়ী নীতিৰ জৰিয়তে গঢ় লৈ উঠা এই গাঁথনিগত বৈচিত্ৰ্যই আমাক এনে বিকল্প প্ৰদান কৰিছে। শোধনাগাৰসমূহে উচ্চ ক্ষমতাৰ ব্যৱহাৰত কাম কৰি আছে; কেইবাটাও ক্ষেত্ৰত ১০০ শতাংশতকৈ অধিক হৈছে।
4. পেট্ৰল, ডিজেল, কেৰাচিন, এটিএফ বা ইন্ধন তেলৰ অভাৱ নাই। পেট্ৰল, ডিজেল, বিমান টাৰ্বাইন ইন্ধন, কেৰাচিন আৰু ইন্ধন তেলৰ উপলব্ধতা সম্পূৰ্ণৰূপে নিশ্চিত। সমগ্ৰ দেশৰ খুচুৰা বিপণীসমূহত মজুত আছে আৰু এই সামগ্ৰীসমূহৰ যোগান শৃংখলসমূহে স্বাভাৱিকভাৱে কাম কৰি আছে। সকলো ৰাজ্যলৈ পিডিএছ কেৰাচিনৰ অতিৰিক্ত আবন্টন জনোৱা হৈছে।
প্ৰাকৃতিক গেছঃ
মাননীয় অধ্যক্ষ মহোদয়,
5. প্ৰাকৃতিক গেছৰ যোগান অগ্ৰাধিকাৰপ্ৰাপ্ত আবন্টনৰ জৰিয়তে পৰিচালনা কৰা হৈছে আৰু তাৎক্ষণিক প্ৰয়োজনীয়তাৰ বহু বাহিৰত অৱস্থাটো সুস্থিৰ। ভাৰতে ঘৰুৱাভাৱে প্ৰায় ৯০ এমএমএছচিএমডি (মিলিয়ন মেট্ৰিক ষ্টেণ্ডাৰ্ড কিউবিক মিটাৰ প্ৰতিদিন) প্ৰাকৃতিক গেছ উৎপাদন কৰে। ইয়াৰ পূৰ্বে আৰু ৩০ এমএমএছচিএমডি উপসাগৰীয় উৎসৰ জৰিয়তে আমদানি কৰা হৈছিল। এয়া এতিয়া কাটাৰৰ এটা গুৰুত্বপূৰ্ণ প্ৰচেছিং সুবিধাৰ অত্যাৱশ্যকীয় ঘোষণাৰ দ্বাৰা প্ৰভাৱিত হৈছে। অত্যাৱশ্যকীয় সামগ্ৰী আইনৰ অধীনত ২০২৬-ৰ ৯ মাৰ্চত জাৰি কৰা প্ৰাকৃতিক গেছ নিয়ন্ত্ৰণ আদেশে তাৎক্ষণিক অগ্ৰাধিকাৰৰ ক্ৰম স্থাপন কৰিছিল। ঘৰুৱা পাইপ গেছ আৰু বাহনৰ বাবে চিএনজিয়ে কোনো কৰ্তন নোহোৱাকৈ ১০০ শতাংশ যোগান লাভ কৰিছে। ঔদ্যোগিক আৰু উৎপাদন উপভোক্তাই পূৰ্বৰ ছমাহৰ গড়ৰ ৮০ শতাংশ পৰ্য্যন্ত লাভ কৰিব। সাৰ প্ৰকল্পই ৭০ শতাংশ পৰ্য্যন্ত লাভ কৰিব। ইয়াৰ ফলত বীজ সিঁচাৰ বতৰৰ পূৰ্বেই কৃষি ইনপুট শৃংখল সুৰক্ষিত হ’ব। শোধনাগাৰ আৰু পেট্ৰকেমিকেল ইউনিটসমূহে পৰিচালিত হ্ৰাস শোষণ কৰে, সেই গেছক উচ্চ অগ্ৰাধিকাৰ খণ্ডত পুনৰ প্ৰয়োগ কৰা হয়। মই সদনক জনাবলৈ পাই সন্তোষ পাইছো যে বিকল্প ক্ৰয়ৰ জৰিয়তে এই অভাৱ যথেষ্ট পৰিমাণে দূৰ কৰা হৈছে। বিকল্প যোগান পথৰ জৰিয়তে প্ৰায় দৈনিক বৃহৎ এলএনজি কাৰ্গ’ আহি আছে আৰু সম্ভাৱ্য দীৰ্ঘদিনীয়া সংঘাতৰ ক্ষেত্ৰতো এই স্থিতি অক্ষুণ্ণ ৰাখিবলৈ ভাৰতত পৰ্য্যাপ্ত গেছ উৎপাদন আৰু যোগানৰ ব্যৱস্থা আছে। প্ৰতিঘৰ গৃহস্থীৰ বাবে আৰু উদ্যোগৰ বাবে বিদ্যুৎ উৎপাদন সম্পূৰ্ণৰূপে সুৰক্ষিত।
এলপিজিঃ
মাননীয় অধ্যক্ষ মহোদয়,
6. মন কৰিবলগীয়া যে ভাৰতে পূৰ্বতে উপসাগৰীয় দেশ যেনেঃ কাটাৰ, ইউএই, চৌদি আৰব আৰু কুৱেইটৰ পৰা প্ৰায় ৬০ শতাংশ এলপিজি আমদানি কৰিছিল তথা ৪০ শতাংশ ঘৰুৱাভাৱে উৎপাদন কৰা হয়। এতিয়া ক্ৰয়ৰ ক্ষেত্ৰত সক্ৰিয়ভাৱে বৈচিত্ৰ্যতা লাভ কৰা হৈছে, উপসাগৰীয় অঞ্চলৰ উপলব্ধ উৎসৰ উপৰিও আমেৰিকা যুক্তৰাষ্ট্ৰ, নৰৱে’, কানাডা, আলজেৰিয়া আৰু ৰাছিয়াৰ পৰাও মালবাহী সামগ্ৰী সুৰক্ষিত কৰা হৈছে।
২০২৬-ৰ ৮ মাৰ্চত জাৰি কৰা এলপিজি নিয়ন্ত্ৰণ আদেশত সকলো শোধনাগাৰকে এলপিজি-ৰ উৎপাদন সৰ্বাধিক কৰিবলৈ আৰু প্ৰপেন, বিউটেন, প্ৰপাইলিন তথা বিউটিনকে প্ৰমুখ্য় কৰি চি৩ আৰু চি৪ হাইড্ৰকাৰ্বন ষ্ট্ৰিমৰ সমগ্ৰ উৎপাদন ঘৰুৱা ৰন্ধন গেছৰ বাবে তিনিটা তেল বিপণন কোম্পানীলৈ একান্তভাৱে প্ৰেৰণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছিল। সেয়েহে যোৱা ৫ দিনত শোধনাগাৰৰ নিৰ্দেশনাৰ জৰিয়তে এলপিজি উৎপাদন ২৮ শতাংশ বৃদ্ধি কৰা হৈছে আৰু অধিক ক্ৰয় সক্ৰিয়ভাৱে অব্যাহত আছে।
7. মোদী চৰকাৰে ভাৰতৰ ৩৩+ কোটি গৃহস্থীৰ পাকঘৰ বিশেষকৈ দৰিদ্ৰ আৰু অভাৱী লোকসকলৰ পাকঘৰত কোনো অভাৱ নোহোৱাটো নিশ্চিত কৰিছে। ঘৰুৱা যোগান সম্পূৰ্ণৰূপে সুৰক্ষিত আৰু ডেলিভাৰী চক্ৰ অপৰিৱৰ্তিত হৈ আছে। ঘৰুৱা এলপিজি চিলিণ্ডাৰৰ বাবে বুকিঙৰ পৰা ডেলিভাৰীলৈকে মানক সময় ২.৫ দিন থাকে, সংকটৰ পূৰ্বৰ নিয়মৰ পৰা এয়া অপৰিৱৰ্তিত হৈ আছে। চিকিৎসালয় আৰু শিক্ষানুষ্ঠানসমূহক নিৰৱচ্ছিন্নভাৱে অগ্ৰাধিকাৰ যোগান ধৰা হৈছে; ব্যাপক চাহিদাৰ পৰিস্থিতি যিয়েই নহওক কিয়, তেওঁলোকৰ এলপিজি-ৰ সুবিধা সম্পূৰ্ণৰূপে নিশ্চিত। ক্ষেত্ৰ প্ৰতিবেদনসমূহে বিতৰক আৰু খুচুৰা পৰ্য্যায়ত জমা আৰু আতংক-বুকিঙৰ ইংগিত দিয়ে, এয়া কোনো প্ৰকৃত যোগানৰ নাটনিৰ পৰিৱৰ্তে উপভোক্তাসকলৰ উদ্বেগৰ বাবেহে হৈছে। এই বিষয়ে সদন স্পষ্ট হ’ব লাগেঃ কিছুমান অঞ্চলত আতংক-বুকিঙৰ চাপে চাহিদাৰ বিকৃতিক প্ৰতিফলিত কৰে, এয়া উৎপাদন বা যোগানৰ বিফলতা নহয়। ডেলিভাৰী প্ৰমাণীকৰণ ক’ডৰ কভাৰেজ ৫০ শতাংশৰ পৰা ৯০ শতাংশলৈ বৃদ্ধি কৰা হৈছে; এই ব্যৱস্থাৰ অধীনত, এটা চিলিণ্ডাৰ কেৱল ডেলিভাৰী কৰা হিচাপে লগ কৰিব পাৰি যেতিয়া উপভোক্তাই তেওঁলোকৰ পঞ্জীয়নভুক্ত ম’বাইলত একক ক'ডৰ জৰিয়তে লাভ নিশ্চিত কৰে, যাৰ ফলত নথিপত্ৰ-বিহীন ডাইভাৰচন লুকুৱাই ৰখাটো ফলপ্ৰসূভাৱে অসম্ভৱ হৈ পৰে। চহৰ অঞ্চলত চাহিদা ব্যৱস্থাপনা প্ৰণালী হিচাপে ২৫ দিনৰ ন্যূনতম বুকিং ব্যৱধান আৰু গ্ৰাম্য তথা দুৰ্গম ক্ষেত্ৰত ৪৫ দিনৰ ব্যৱধান প্ৰৱৰ্তন কৰা হৈছে। অ’এমচি-ৰ ক্ষেত্ৰ বিষয়া আৰু এন্টি-এডাল্টৰেচন চেলে বিতৰক পৰ্য্যায়ত বলবৎকৰণৰ সমন্বয় সাধন কৰি আছে। কেন্দ্ৰীয় যোগান আৰু বলবৎকৰণ কাঠামোৰ সৈতে ৰাজ্য পৰ্য্যায়ৰ প্ৰশাসনক সংপৃক্ত কৰিবলৈ সকলো ৰাজ্যৰ মুখ্য সচিবৰ সৈতে গৃহ সচিবৰ অধ্যক্ষতাত বৈঠক অনুষ্ঠিত হৈছে।
মাননীয় অধ্যক্ষ মহোদয়,
8. আতিথ্য খণ্ডক শাস্তি দিবলৈ নহয়, ক’লা বিপণন ৰোধৰ বাবেহে বাণিজ্যিক এলপিজি-ক নিয়ন্ত্ৰণ কৰা হৈছে। বাণিজ্যিক এলপিজি সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণমুক্ত, কাউন্টাৰৰ বাহিৰৰ বজাৰত বজাৰ মূল্যত বিক্ৰী কৰা হয়, কোনো চৰকাৰী ৰাজসাহায্য নোহোৱাকৈ এয়া সম্পন্ন হয়। কোনো পঞ্জীয়ন ব্যৱস্থা নাই, কোনো বুকিঙৰ প্ৰয়োজনীয়তা নাই, কোনো ডিজিটেল প্ৰমাণীকৰণ নাই আৰু কোনো ডেলিভাৰী নিশ্চিতকৰণ ব্যৱস্থা নাই। যিকোনো ব্যৱসায় বা ব্যক্তিয়ে বিক্ৰীৰ স্থানত যিকোনো পৰিমাণৰ চিলিণ্ডাৰ ক্ৰয় কৰিব পাৰে, সাধাৰণ সময়ত কোনো চৰকাৰী নিয়ন্ত্ৰণ নাথাকে। যোগানৰ বাধাগ্ৰস্ত পৰিবেশত য'ত জনসাধাৰণৰ উদ্বেগ বৃদ্ধি পায়, এই নিয়ন্ত্ৰণমুক্ত গাঁথনিয়ে অসাধাৰণ জমা, ডাইভাৰচন আৰু পুনৰ বিক্ৰীৰ বাবে এক প্ৰত্যক্ষ আৰু অনিয়ন্ত্ৰিত পথ সৃষ্টি কৰে। বাণিজ্যিক যোগান সম্পূৰ্ণৰূপে নিষিদ্ধ কৰি ৰখা হ’লে কাউন্টাৰৰ জৰিয়তে ক্ৰয় কৰা চিলিণ্ডাৰসমূহ প্ৰকৃত বাণিজ্যিক উপভোক্তা আৰু ঘৰুৱা পৰিয়ালৰ মূল্যত ক’লা বজাৰলৈ স্থানান্তৰিত কৰিব পৰা গ’লহেঁতেন। চৰকাৰে সেয়েহে দায়িত্বশীল পথটো গ্ৰহণ কৰিছেঃ স্পষ্ট অগ্ৰাধিকাৰ আৰু স্বচ্ছ আবন্টন ব্যৱস্থাৰে এই চেনেলটো নিয়ন্ত্ৰণ কৰা হৈছে। আইঅ’চিএল, এইচপিচিএল আৰু বিপিচিএল-ৰ কাৰ্য্যবাহী সঞ্চালকসকলক লৈ ২০২৬-ৰ ৯ মাৰ্চত তিনিজনীয়া এখন কমিটি গঠন কৰা হৈছিল। দেশজুৰি ৰাজ্যিক অসামৰিক যোগান বিভাগ আৰু ৰেষ্টুৰেন্ট সংস্থাসমূহৰ সৈতে বিস্তৃত বৈঠক অনুষ্ঠিত হৈছে আৰু অব্যাহত আছে। উপলব্ধ বাণিজ্যিক পৰিমাণ প্ৰথমে প্ৰকৃত ব্যৱহাৰকাৰীৰ ওচৰলৈ যোৱাটো নিশ্চিত কৰিবলৈ স্থান আৰু খণ্ড অনুসৰি কমিটিয়ে প্ৰকৃত প্ৰয়োজনীয়তাৰ মূল্যায়ন কৰিছে। এটি গুৰুত্বপূৰ্ণ সিদ্ধান্ত হিচাপে গড় মাহিলী বাণিজ্যিক এলপিজি-ৰ প্ৰয়োজনীয়তাৰ ২০% আজিৰ পৰা অ’এমচিয়ে আবন্টন জনাব, ৰাজ্য চৰকাৰসমূহৰ সমন্বয়ত যাতে কোনো ধৰণৰ জমা বা ক’লা বিপণন নহয়, সেয়া নিশ্চিত কৰা হ’ব।
মাননীয় অধ্যক্ষ মহোদয়,
9. এলপিজি আৰু গেছ চেনেলৰ চাপ কমোৱাৰ বাবে বিকল্প ইন্ধনৰ বিকল্পক সক্ৰিয় কৰা হৈছে। খুচুৰা বিপণী আৰু পিডিএছ চেনেলৰ জৰিয়তে কেৰাচিন উপলব্ধ কৰা হৈছে তথা ঔদ্যোগিক আৰু বাণিজ্যিক উপভোক্তাৰ বাবে ইন্ধন তেল উপলব্ধ কৰা হৈছে। ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদসমূহক এই সংকটৰ সময়ছোৱাত আতিথ্য আৰু ৰেষ্টুৰেন্ট খণ্ডৰ বাবে বিকল্প ইন্ধন হিচাপে জৈৱবস্তু, আৰডিএফ পেলেট আৰু কেৰাচিন/কয়লা ব্যৱহাৰৰ অনুমতি দিবলৈ পৰামৰ্শ জনোৱা হৈছে। ইয়াৰ ফলত বহল পৰিসৰৰ প্ৰতিষ্ঠানসমূহে অগ্ৰাধিকাৰ উপভোক্তাৰ বাবে এলপিজি সলনি আৰু মুক্ত কৰিব পাৰিব।
10. বিশ্বৰ বজাৰ পৰিস্থিতিৰ পৰা উপভোক্তা মূল্য ৰক্ষা কৰা হৈছে। ২০২৩-ৰ জুলাইৰ পৰা ২০২৬-ৰ মাৰ্চৰ ভিতৰত ছৌদি চুক্তিৰ মূল্য ৪১ শতাংশ বৃদ্ধি পোৱাৰ পাছতো একে সময়ছোৱাতে পিএমইউৱাই-ৰ হিতাধিকাৰীৰ মূল্য ৩২ শতাংশ হ্ৰাস পাই দিল্লীত প্ৰতি ১৪.২ কেজি চিলিণ্ডাৰৰ মূল্য ৬১৩ টকা হয়। শেহতীয়াকৈ ৬০ টকাৰ সালসলনিৰ পিছত ৰাজসাহায্য-বিহীন উপভোক্তা মূল্য ৯১৩ টকাত আছে। ইয়াৰ বিপৰীতে বজাৰে নিৰ্ধাৰিত মূল্য প্ৰায় ৯৮৭ টকা। এটা পিএমইউৱাই পৰিয়ালৰ বাবে কাৰ্য্যকৰী অতিৰিক্ত ব্যয় প্ৰতিদিনে ৮০ পইচাৰ কম। ইয়াৰ বিপৰীতে এলপিজি-ৰ মূল্য পাকিস্তানত ১,০৪৬ টকা, শ্ৰীলংকাত ১,২৪২ টকা আৰু নেপালত ১,২০৮ টকা। ২০২৪-২৫ ত প্ৰায় ৪০ হাজাৰ কোটি টকাৰ লোকচানৰ বিপৰীতে ৩০ হাজাৰ কোটি টকাৰ অ’এমচি-ৰ ক্ষতিপূৰণত অনুমোদন জনোৱা হৈছে।
মাননীয় অধ্যক্ষ মহোদয়,
11. ৰাজ্য চৰকাৰসমূহে সম্পূৰ্ণ সহযোগিতা আৰু সক্ৰিয় সমন্বয়ৰে ইয়াৰ সঁহাৰি জনাইছে। ২০২৬-ৰ ১১ মাৰ্চত অ’এমচি-ৰ জ্যেষ্ঠ বিষয়াসকলে প্ৰতিখন বৃহৎ ৰাজ্যৰ ৰাজ্য প্ৰশাসনক সাক্ষাৎ কৰে। ৰাজ্যসমূহ হৈছেঃ মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ, ছত্তীশগড়, গুজৰাট, গোৱা, ওড়িশা, পশ্চিম বংগ, বিহাৰ, ঝাৰখণ্ড, পঞ্জাৱ, হিমাচল প্ৰদেশ, জম্মু আৰু কাশ্মীৰ, ৰাজস্থান, উত্তৰ প্ৰদেশ, দিল্লী, হাৰিয়ানা, উত্তৰাখণ্ড, কৰ্ণাটক, তামিলনাডু, কেৰালা, তেলেংগানা আৰু অন্ধ্ৰ প্ৰদেশ। মুখ্য সচিব আৰু জ্যেষ্ঠ বিষয়াসকলক যোগানৰ অৱস্থা, অগ্ৰাধিকাৰৰ ক্ৰম আৰু বলবৎকৰণৰ কাঠামোৰ বিষয়ে অৱগত কৰা হৈছে। জিলা পৰ্য্যায়ৰ নিৰীক্ষণ কমিটি গঠন কৰা হৈছে। এন্টি ডাইভাৰচন অভিযান চলাই একাধিক ৰাজ্যত গোচৰ পঞ্জীয়ন কৰা হৈছে। এয়া হৈছে সমবায় ফেডাৰেলিজমে দাবী কৰা সমন্বয়ৰ সৈতে এটা ৰাষ্ট্ৰীয় প্ৰত্যাহ্বানৰ প্ৰতি সঁহাৰি জনোৱা কাৰ্য্য।
মাননীয় অধ্যক্ষ মহোদয়,
12. এয়া উৰাবাতৰি বা ভুৱা কাহিনীৰ মুহূৰ্ত নহয়। ভাৰত লিপিবদ্ধ ইতিহাসৰ আটাইতকৈ ভয়াৱহ বিশ্ব শক্তি বিঘিনিৰ মাজেৰে আগবাঢ়িছে। খাৰুৱা তেলৰ যোগান অব্যাহত আছে। গৃহস্থী আৰু কৃষিকৰ্মৰ বাবে গেছক অগ্ৰাধিকাৰ প্ৰদান কৰা হয়। এলপিজি-ৰ উৎপাদন ২৮ শতাংশ বৃদ্ধি কৰা হৈছে। বজাৰ আৰু আঞ্চলিক তুলনাকাৰীয়ে যি নিৰ্দেশ দিব তাৰ বহু তলত উপভোক্তা মূল্য নিৰ্ধাৰণ কৰা হয়। আমাৰ বিদ্যালয়সমূহ খোলা আছে। ৰাজনৈতিক সংযোগ নিৰ্বিশেষে প্ৰতিগৰাকী নাগৰিকৰে ইয়াত অংশীদাৰিত্ব আছে। ভাৰতে ঐক্যবদ্ধভাৱে থিয় দিব লাগিব। প্ৰস্তুতিৰ অভিলেখ আৰু সঁহাৰিৰ অভিলেখে এই কথাই কয়।
***
MN/SB
(ৰিলিজ আই ডি : 2239361)
অতিথি কক্ষ : 10
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Nepali
,
Bengali
,
Bengali-TR
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam