প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
টেল আভিভত উপস্থিত হোৱাৰ পিছতে ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়েআদৰিলে প্ৰধানমন্ত্ৰী মোদীক
পোষ্ট কৰা হৈছে:
25 FEB 2026 7:42PM by PIB Guwahati
আজি চৰকাৰী ভ্ৰমণসূচীৰে ইজৰাইলত উপস্থিত হয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী। টেল আভিভৰ বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰী মোদীক উষ্ম আদৰণি জনায় ইজৰাইলৰ প্ৰধানমন্ত্ৰী মহামহিম বেঞ্জামিন নেতানিয়াহু আৰু তেওঁৰ পত্নী শ্ৰীমতী চাৰা নেতানিয়াহুৱে।
আদৰণি অনুষ্ঠানৰ পিছতে দুয়োখন দেশৰ প্ৰধানমন্ত্ৰীৰ মাজত চমু বৈঠকো অনুষ্ঠিত হয়। হোটেলত প্ৰধানমন্ত্ৰীক ভাৰতীয় সম্প্ৰদায়ৰ সদস্য আৰু প্ৰবাসী ইহুদী ভাৰতীয়সকলৰ প্ৰতিনিধিয়ে উষ্ম আদৰণি জনায়। এই অভ্যৰ্থনা অনুষ্ঠানত ভাৰতীয় আৰু ইজৰাইলী শিল্পীসকলে পৰিবেশন কৰা আটকধুনীয়া সাংস্কৃতিক কাৰ্যসূচীয়ে দুয়োখন দেশৰ মাজত থকা চিৰস্থায়ী বন্ধুত্বৰ কথাকেই প্ৰতিফলিত কৰে।
****
MJPS/PKK/DM
(ৰিলিজ আই ডি : 2232938)
অতিথি কক্ষ : 6
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam