প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav AI Impact Summit 2026

প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰিলে অ’পেনএআইৰ মুখ্য কাৰ্যবাহী বিষয়াই

পোষ্ট কৰা হৈছে: 20 FEB 2026 9:06PM by PIB Guwahati

আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে অ’পেনএআইৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰীমান ছেম অল্টমেনে।

বৈঠকৰ অন্তত প্ৰধানমন্ত্ৰীয়ে এই কথাত গুৰুত্ব আৰোপ কৰে যে ভাৰতে এআইৰ ক্ষেত্ৰত অপৰিসীম অগ্ৰগতি লাভ কৰিছে আৰু দেশখনে প্ৰতিভা তথা উদ্ভাৱনৰ বিশ্বজোৰা কেন্দ্ৰ হ’বলৈ সাজু হৈছে।

প্ৰধানমন্ত্ৰীয়ে আন্তঃৰাষ্ট্ৰীয় সমাজক ভাৰতৰ প্ৰতিভাৱান যুৱক-যুৱতীসকলৰ ক্ষেত্ৰত বিনিয়োগৰ বাবে আমন্ত্ৰণ  জনোৱাৰ লগতে  এই পৰিৱৰ্তনশীল খণ্ডত শক্তি বৃদ্ধি কৰিবলৈ আহ্বান জনায় ।

এক্সত ছেম অল্টমেনৰ এটা পোষ্টৰ উত্তৰত শ্ৰী মোদীয়ে কয়-

‘সঁচাকৈয়ে এয়া  এক  অতি উত্তম বৈঠক আছিল।এআইৰ জগতখনত ভাৰতে অপৰিসীম অগ্ৰগতি লাভ কৰিছে।আমি বিশ্ববাসীক আমাৰ প্ৰতিভাৱান যুৱক-যুৱতীসকলৰ বাবে বিনিয়োগ কৰিবলৈ আৰু এই খণ্ডত শক্তি যোগ কৰিবলৈ আমন্ত্ৰণ জনাইছো।

@OpenAI”

 

***

MJPS/SR/DM


(ৰিলিজ আই ডি : 2231052) অতিথি কক্ষ : 3
ত এই ৰিলিজটো পঢ়ক: English , हिन्दी , Marathi