কেবিনেট কমিটি - বিত্তীয় পৰিক্ৰমা
azadi ka amrit mahotsav

কেবিনেটে অসমত ব্ৰহ্মপুত্ৰৰ তলেদি মুঠ ৩৩.৭ কিমি দৈৰ্ঘ্যৰ এটা টিউবত ৰেলৱে আন্তঃগাঁথনি ব্যৱস্থাসহ টুইন টিউব টিবিএম ৰোড আণ্ডাৰৱাটাৰ টানেল ২ লেনৰ নিৰ্মাণত অনুমোদন জনায়

পোষ্ট কৰা হৈছে: 14 FEB 2026 12:56PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অৰ্থনৈতিক পৰিক্ৰমা কেবিনেট কমিটিয়ে কালি অসমৰ গহপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথ-১৫ ৰপৰা নুমলীগড়ৰ ৰাষ্ট্ৰীয় ঘাইপথ-৭১৫ লৈ ব্ৰহ্মপুত্ৰ নদীৰ তলেদি ১৫.৭৯ কিমি-ৰ পথ তথা ৰেল সুৰংগসহ ৪-লেনৰ প্ৰৱেশ-নিয়ন্ত্ৰিত গ্ৰীনফিল্ড যোগাযোগ ব্যৱস্থাৰ নিৰ্মাণত অনুমোদন জনাইছে। অভিযান্ত্ৰিক ক্ৰয় নিৰ্মাণ (EPC) ম’ডত মুঠ ১৮,৬৬২ কোটি টকা মূলধনী ব্যয় সাপেক্ষে প্ৰকল্পটো ৰূপায়ণ কৰা হ’ব।

বৰ্তমান নুমলীগড়ৰ ৰাষ্ট্ৰীয় ঘাইপথ-৭১৫ আৰু গহপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথ-১৫ ৰ মাজৰ দূৰত্ব ২৪০ কিমি। শিলঘাটৰ ওচৰত ৰাষ্ট্ৰীয় ঘাইপথ-৫২ ৰ বৰ্তমানৰ কলীয়াভোমোৰা ৰোড ব্ৰীজেদি নুমলীগড়ৰপৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান হৈ বিশ্বনাথ টাউন পাবলৈ ৬ ঘন্টা সময় লাগে। উক্ত প্ৰত্যাহ্বানেৰে মোকাবিলা কৰিবলৈ প্ৰকল্পটোক গহপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথ-১৫ ৰপৰা নুমলীগড়লৈ ব্ৰহ্মপুত্ৰ নদীৰ তলেদি ৪-লেনৰ প্ৰৱেশ-নিয়ন্ত্ৰিত গ্ৰীনফিল্ড যোগাযোগ ব্যৱস্থা হিচাপে তথা পথ আৰু ৰেল সুৰংগৰ সৈতে বিকশিত কৰাৰ প্ৰস্তাৱ জনোৱা হৈছে। প্ৰকল্পটো ভাৰতৰ প্ৰথম আণ্ডাৰৱাটাৰ ৰোড তথা ৰেল টানেল আৰু বিশ্বৰ দ্বিতীয়টো হ’ব। এই প্ৰকল্পই অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু উত্তৰ -পূৰ্বাঞ্চলৰ বাকী ৰাজ্য কেইখনক যথেষ্ট উপকৃত কৰিব। ইয়াৰ ফলশ্ৰুতিত মালবাহী পৰিবহণৰ ফলপ্ৰসূতা বৃদ্ধি, লজিষ্টিক ব্যয় হ্ৰাস পাব আৰু অঞ্চলটোৰ আৰ্থ-সামাজিক বিকাশৰ সূচনা হ’ব।

এই প্ৰকল্প ইয়াৰ দুয়ো প্ৰান্তত ০২ টা প্ৰধান ৰাষ্ট্ৰীয় ঘাইপথ (ৰাষ্ট্ৰীয় ঘাইপথ-১৫ আৰু ৰাষ্ট্ৰীয় ঘাইপথ-৭১৫) আৰু ০২ টা ৰেলপথ যথাঃ গহপুৰৰ ফালে এনএফআৰ-ৰ ৰঙিয়া সংমণ্ডলৰ অন্তৰ্গত ৰঙিয়া-মুৰ্কংচেলেক ৰেলৱে অংশ আৰু নুমলীগড়ৰ ফালে এনএফআৰ-ৰ তিনিচুকীয়া সংমণ্ডলৰ অন্তৰ্গত ফৰকাটিং-মৰিয়নি লুপ লাইন অংশৰ সৈতে একত্ৰিত হৈছে। প্ৰকল্পটোৱে সমগ্ৰ অসমৰ মূল-মূল অৰ্থনৈতিক, সামাজিক আৰু লজিষ্টিক কেন্দ্ৰসমূহলৈ নিৰৱচ্ছিন্ন যোগাযোগ ব্যৱস্থা প্ৰশস্ত কৰিব। ইয়াৰ উপৰিও প্ৰকল্পটোৱে ১১ টা অৰ্থনৈতিক কেন্দ্ৰ, ০৩ টা সামাজিক কেন্দ্ৰ, ০২ টা পৰ্যটন কেন্দ্ৰ আৰু ০৮ টা লজিষ্টিক কেন্দ্ৰক সংযোগ কৰি মাল্টি-মডেল সংহতিৰ বৰ্ধন ঘটাব। একেদৰে ০৪ টা মূল ৰেলৱে ষ্টেচন, ০২ বিমানবন্দৰ আৰু দুটা অভ্যন্তৰীণ জলপথৰ সৈতে বৰ্ধিত যোগাযোগ ব্যৱস্থা প্ৰশস্ত কৰাৰ ফলশ্ৰুতিত সমগ্ৰ অঞ্চলটোত সামগ্ৰী আৰু যাত্ৰীসকলৰ দ্ৰুত সৰবৰাহ তথা যাতায়াতৰ সুবিধা হ’ব।

সম্পূৰ্ণ হোৱাৰ পিছত প্ৰকল্পটোৱে কৌশলগত বিবেচনা, আঞ্চলিক অৰ্থনৈতিক বিকাশ, প্ৰধান অৰ্থনৈতিক কেন্দ্ৰসমূহৰ মাজত যোগাযোগক সম্প্ৰসাৰিত কৰা আৰু বাণিজ্য তথা ঔদ্যোগিক উন্নয়নৰ বাবে নতুন পথ মুকলি কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। প্ৰকল্পটোৱে প্ৰায় ৮০ লাখ ব্যক্তি-দিনৰ প্ৰত্যক্ষ আৰু পৰোক্ষ নিয়োগো সৃষ্টি কৰিব। ইয়াৰ জৰিয়তে আশে-পাশে থকা অঞ্চলসমূহত বিকাশ, উন্নয়ন আৰু সমৃদ্ধিৰ নতুন পথ মুকলি হ’ব।

কৰিডৰৰ মানচিত্ৰঃ

প্ৰকল্পৰ বিৱৰণ

বৈশিষ্ট্য

বিৱৰণ

প্ৰকল্পৰ নাম

অসমত ইপিচি ম’ডত ব্ৰহ্মপুত্ৰৰ তলেদি মুঠ ৩৩.৭ কিমি দৈৰ্ঘ্যৰ এটা টিউবত ৰেলৱে আন্তঃগাঁথনি ব্যৱস্থাসহ টুইন টিউব টিবিএম ৰোড আণ্ডাৰৱাটাৰ টানেল ২ লেনৰ নিৰ্মাণ।

কৰিডৰ

গহপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথ-১৫ আৰু নুমলীগড়ৰ ৰাষ্ট্ৰীয় ঘাইপথ-৭১৫

দৈৰ্ঘ্য (কিমি)

৩৩.৭ কিমি

মুঠ চিভিল ব্যয় (কোটি টকা)

১১,৯৮২.৩৬ কোটি টকা

ভূমি অধিগ্ৰহণৰ ব্যয় (কোটি টকা)

৭১৬.৬৫ কোটি টকা

মুঠ মূলধনী ব্যয় (কোটি টকা)

১৮,৬৬২.০২  

ম’ড

অভিযান্ত্ৰিক ক্ৰয় নিৰ্মাণ (EPC)

প্ৰকল্পৰ দৈৰ্ঘ্য

৩৩.৭৭ কিমি দৈৰ্ঘ্যৰ তাৎক্ষণিক প্ৰকল্প

এটা টিউবত ৰেলৱেসহ টুইন টিউব টিবিএম টানেল

১৫.৭৯ কিমি

মুঠ ৰোড কাট-ক’ভাৰ

১.২৬ কিমি

মুঠ ৰেল কাট-ক’ভাৰ

৪ কিমি

সংযোগ কৰিবলগীয়া মূল পথ

ৰাষ্ট্ৰীয় ঘাইপথ – ৰাষ্ট্ৰীয় ঘাইপথ-১৫ আৰু ৰাষ্ট্ৰীয় ঘাইপথ-৭১৫

সংযোগ কৰিবলগীয়া ৰেল পথ

গহপুৰৰ ফালে এনএফআৰ-ৰ ৰঙিয়া সংমণ্ডলৰ অন্তৰ্গত ৰঙিয়া-মুৰ্কংচেলেক ৰেলৱে অংশ

 

নুমলীগড়ৰ ফালে এনএফআৰ-ৰ তিনিচুকীয়া সংমণ্ডলৰ অন্তৰ্গত ফৰকাটিং-মৰিয়নি লুপ লাইন অংশ

সংযোগ কৰিবলগীয়া অৰ্থনৈতিক / সামাজিক / পৰিবহণ কেন্দ্ৰ

বিমানবন্দৰ (০২ ) : ডনি-প'ল' হোলোংগী বিমানবন্দৰ, ইটানগৰ আৰু তেজপুৰ বিমানবন্দৰ

ৰেলৱে ষ্টেচন (০৪) : নুমলীগড় ৰেলৱে ষ্টেচন, গহপুৰ ৰেলৱে ষ্টেচন, গোলাঘাট টাউন ৰেলৱে ষ্টেচন, শিমলুগুৰি জংচন

অভ্যন্তৰীণ জলপথ টাৰ্মিনেল (০২): বিশ্বনাথঘাট জলপথ টাৰ্মিনেল, তেজপুৰ জলপথ টাৰ্মিনেল

 

অৰ্থনৈতিক কেন্দ্ৰ (১১) : নুমলীগড় ঔদ্যোগিক এলেকা, যোৰহাট-ডিআইচি, আইআইডিচি-তিতাবৰ, ঔদ্যোগিক এলেকা-জোনাকীনগৰ, ঔদ্যোগিক পাম-নগাঁও, আইআইডিচি-ডিমৌ, ঔদ্যোগিক পাম-শিৱসাগাৰ, আইআইডিচি-নলতলি, ঔদ্যোগিক এলেকা-দোলাবাৰী, মিনি ঔদ্যোগিক এলেকা-বিশ্বনাথ, এমএমএলপি-যোগীঘোপা

সামাজিক কেন্দ্ৰ (০৩) : ১ জনজাতীয় জিলা – ডিমা হাচাও; ০২ আকাংক্ষী জিলা-ওদালগুৰি আৰু দৰং

পৰ্যটন কেন্দ্ৰ (০২): কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু দেওপাহাৰ প্ৰত্নতাত্ত্বিক স্থান

সংযোগ কৰিবলগীয়া প্ৰধান নগৰ / চহৰ

অসমৰ নুমলীগড়, তেজপুৰ, গহপুৰ আৰু ডিব্ৰুগড়

অৰুণাচল প্ৰদেশৰ ইটানগৰ

নিয়োগ সৃষ্টিৰ সম্ভাৱনা

৮০ লাখ ব্যক্তি-দিনৰ প্ৰত্যক্ষ আৰু পৰোক্ষ নিয়োগ

বাৰ্ষিক গড় দৈনিক যাতায়াত (AADT)

৪৬৮০ পেছেঞ্জাৰ কাৰ ইউনিটৰ (PCU) অনুমান

 

 

 

****

MJPS/VJ/SB


(ৰিলিজ আই ডি : 2228094) অতিথি কক্ষ : 35