মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়
azadi ka amrit mahotsav

২০২৬ চনৰ ৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব পৰীক্ষা পে চৰ্চাৰ নৱম সংস্কৰণ

পৰীক্ষ পে চৰ্চাই প্ৰথমবাৰৰ বাবে দেশৰ বিভিন্ন স্থানক সংযোগক কৰিব

পোষ্ট কৰা হৈছে: 05 FEB 2026 4:42PM by PIB Guwahati

পৰীক্ষাৰ মানসিক চাপৰ বিষয়ে আলোচনা কৰিবলৈ আৰু পৰীক্ষাক উৎসৱ তথা জীৱনৰ অবিচ্ছেদ্য অংগ  হিচাপে উদযাপন কৰিবলৈ ২০২৬ চনৰ ৬ ফেব্ৰুৱাৰী শুকুৰবাৰে পুৱা  ১০ বজাত নৱম সংস্কৰণৰ সৈতে  পুনৰ  আহি আছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে  ছাত্ৰ-ছাত্ৰীৰ সৈতে কৰা অনন্য পাৰস্পৰিক মত-বিনিময়ৰ  কাৰ্যসূচী পৰীক্ষা পে চৰ্চা (পিপিচি)।  এই অনুষ্ঠান প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ইউটিউব চেনেল , দূৰদৰ্শন (ডি ডি), আৰু শিক্ষা মন্ত্ৰালয়ৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মত প্ৰচাৰ কৰা হ’ব । ইয়াৰ উপৰি ইয়াত  উল্লেখ কৰা অ’টিটি প্লেটফৰ্ম যেনে ৱেভছ অ’টিটি  , এমাজন প্ৰাইম ভিডিঅ', জিঅ', জি৫, ছনি লাইভ, আৰু স্পটিফাই (অডিঅ’ প্লেটফৰ্ম)ত  পৰীক্ষ পে চৰ্চাৰ লাইভ ষ্ট্ৰীম  কৰা হ'ব।

এন ই পি ২০২০ৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত কৰা  পিপিচিৰ লক্ষ্য হৈছে ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষাৰ অভিজ্ঞতাক আত্মবিশ্বাস, ইতিবাচ চিন্তা আৰু সামগ্ৰিক মংগলৰ পোষকতা কৰি পৰীক্ষাৰ বতৰক উৎসৱ হিচাপে উদযাপন কৰা । প্ৰধানমন্ত্ৰীয়ে তেওঁৰ মতামতসমূহ সংক্ষিপ্তভাৱে প্ৰকাশ কৰিছে তেওঁৰ “এক্সাম ৱাৰিয়ৰছ” শীৰ্ষক গ্ৰন্থখনত, যিখন গ্ৰন্থ একাধিক ভাষাৰ লগতে ব্ৰেইলতো উপলব্ধ।  য’ত তেওঁ আত্মবিশ্বাসৰ বিষয়ত  গুৰুত্ব আৰোপ কৰিছে আৰু এই বিষয়সমূহ সন্দৰ্ভত কথা পতাৰ প্ৰয়োজনীয়তাৰ  বিষয়ত গুৰুত্ব আৰোপ কৰিছে।  যাতে ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ আনন্দেৰে ভৰা শৈশৱৰ দিনবোৰলৈ উভতি যাব পাৰে।

প্ৰধানমন্ত্ৰীয়ে ধাৰণা কৰা পৰীক্ষা পে চৰ্চা গতিশীল আৰু উদ্ভাৱনীমূলক, প্ৰতি বছৰে  এই অনুষ্ঠানে   সতেজ চিন্তাৰ প্ৰবাহ ঘটায়। প্ৰথমবাৰৰ বাবে দেশৰ সকলো প্ৰান্তক সামৰি একাধিক স্থানত পিপিচি ২০২৬অনুষ্ঠিত কৰা হ'ব।  দিল্লীৰ উপৰি  দেশৰ পূব, পশ্চিম, উত্তৰ, দক্ষিণ আৰু কেন্দ্ৰক সামৰি ৪ (চাৰি)টা  ভিন্ন স্থান - তামিলনাডুৰ কইম্বাটুৰ, ছত্তীশগড়ৰ ৰায়পুৰ, গুজৰাটৰ দেৱ মগৰা আৰু অসমৰ গুৱাহাটীত পিপিচি ২০২৬  অনুষ্ঠিত হ'ব । পৰীক্ষ পে চৰ্চা ২০২৬ৰ অংশ হিচাপে দেশজুৰি বিদ্যালয়সমূহৰ ভিতৰতে ছাত্ৰ-ছাত্ৰীকেন্দ্ৰিক কাৰ্যসূচীৰ আয়োজন কৰা হৈছিল, য’ত স্বদেশী সংকল্প , আত্মনিৰ্ভৰশীলতাৰ মনোভাৱক প্ৰসাৰিত কৰাৰ লগতে  ছাত্ৰ-ছাত্ৰীৰ নেতৃত্বত দৌৰ/খোজকঢ়া আৰু পৰাক্ৰম দিৱসৰ দিনা চিনাক্ত কৰা কেন্দ্ৰীয় বিদ্যালয়ত কুইজ আৰু লেখনি প্ৰতিযোগিতা আদি অন্তৰ্ভুক্ত কৰা হৈছিল। এই কাৰ্যসূচীত প্ৰায় ৪.৮১ কোটি ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল।

 

বছৰ বছৰ ধৰি এই কাৰ্যসূচী দেশজুৰি এক জন আন্দোলনলৈ পৰিৱৰ্তিত  হৈছে। ইয়াত  সমগ্ৰ দেশৰ ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু শিক্ষকসকল অভূতপূৰ্ব অংশগ্ৰহণৰ সাক্ষী হৈ আহিছে। এইবাৰ পৰীক্ষ পে চৰ্চাৰ নৱম সংস্কৰণৰ বাবে কৰা পঞ্জীয়নে পূৰ্বৰ সকলো মান অতিক্ৰম কৰিছে, মাইগভ পৰ্টেলৰ জৰিয়তে ৪.৫০ কোটিতকৈ অধিক ছাত্ৰ-ছাত্ৰী, শিক্ষক আৰু অভিভাৱকে ইয়াৰ বাবে  পঞ্জীয়ন কৰিছে। 

ইমান বিশাল অংকৰ লোকৰ  অংশগ্ৰহণে শিক্ষা মন্ত্ৰালয়ৰ  অংশীদাৰিত্বৰে পৰিচালিত এই পদক্ষেপৰ লক্ষ্যসমূহ আগুৱাই নিয়াৰ ক্ষেত্ৰত সকলো ৰাজ্য তথা  কেন্দ্ৰীয় শাসিত অঞ্চলৰ লগতে শিক্ষা মন্ত্ৰালয়ৰ অধীনস্থ স্বায়ত্তশাসিত সংস্থাসমূহৰ অবিৰত সমৰ্থন তথা ভাগ-বতৰা কৰা প্ৰতিশ্ৰুতিকেই প্ৰতিফলিত কৰিছে।  পিপিচি হৈছে অধিক অংশীদাৰৰ স্বতঃস্ফূৰ্ত  অন্তৰ্ভুক্তি। সময়ৰ লগে লগে  এই কাৰ্যসূচীত অধিক অংশগ্ৰহণে  সকলোৰে বাবে অনুষ্ঠানটিৰ বিশেষ মূল্য কঢ়িয়াই আনিছে।

*****

AK/DM


(ৰিলিজ আই ডি : 2224167) অতিথি কক্ষ : 9