বিত্ত মন্ত্ৰালয়
azadi ka amrit mahotsav

প্ৰত্যক্ষ কৰ সংস্কাৰৰ দ্বাৰা জীৱন ধাৰণৰ সূচলতাঃ কেন্দ্ৰীয় বাজেট ২০২৬-২০২৭

মটৰ দুৰ্ঘটনা দাবী ন্যায়ধীকৰণে স্বাভাৱিক ব্যক্তি এজনক প্ৰদান কৰা যিকোনো সুত আয়কৰৰ পৰা ৰেহাই দিয়াৰ ব্যৱস্থা

ক্ষুদ্ৰ কৰদাতাসকলৰ সহায়ক হোৱাকৈ নিয়ম-আধাৰিত স্বয়ংক্ৰিয় প্ৰক্ৰিয়াৰ দ্বাৰা নিম্ন বা শূন্য কৰ্তন প্ৰমাণপত্ৰ আহৰণৰ বাবে বিশেষ আঁচনি

ৰিটাৰ্ণসমূহ জমা দিয়াৰ বাবে সময় সীমা নামমাত্র মাচুলসহ ৩১ ডিচেম্বৰৰ পৰা ৩১ মাৰ্চলৈ বৃদ্ধি
ক্ষুদ্ৰ কৰদাতাসকলৰ আয় অথবা সম্পত্তি প্ৰকাশৰ বাবে ‘৬মহীয়া বিদেশী সম্পত্তি প্ৰকাশ আঁচনি’

পোষ্ট কৰা হৈছে: 01 FEB 2026 12:52PM by PIB Guwahati

আজি সংসদত কেন্দ্ৰীয় বাজেট ২০২৬-২৭ সন্দৰ্ভত দিয়া ভাষণত কেন্দ্ৰীয় বিত্ত আৰু কৰ্পোৰেট পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে কৰদাতাসকলৰ বাবে 'জীৱন ধাৰণৰ সূচলতা' নিশ্চিত কৰিবলৈ প্ৰত্যক্ষ কৰৰ ওপৰত কেইবাটাও প্ৰস্তাৱ ঘোষণা কৰিছে।

 

জীৱন ধাৰণৰ সূচলতা

বাজেটত প্ৰস্তাৱ দিয়া হৈছে যে মটৰ দুৰ্ঘটনা দাবী ন্যায়াধিকৰণে এজন স্বাভাৱিক ব্যক্তিৰ ক্ষেত্ৰত প্ৰদান কৰা যিকোনো সুত আয়কৰৰ পৰা ৰেহাই দিয়া হ'ব আৰু এই একাউণ্টত থকা যিকোনো টিডিএছ আঁতৰ কৰা হ' ব। কোনো ধৰণৰ চৰ্ত অবিহনে বিদেশী ভ্ৰমণ কাৰ্যসূচী পেকেজৰ বিক্ৰীৰ ওপৰত টিচিএছৰ হাৰ বৰ্তমানৰ ৫ শতাংশ আৰু ২০  শতাংশৰ পৰা ২ শতাংশলৈ হ্ৰাস কৰাৰ প্ৰস্তাৱ দিয়া হৈছে।

ইয়াৰ লক্ষ্য হৈছে শিক্ষা গ্ৰহণৰ বাবে আৰু চিকিৎসাৰ উদ্দেশ্যে উদাৰীকৃত ৰেমিটেন্স আঁচনি (এল আৰ এছ) ৰ অধীনত টি চি এছ ৰ হাৰ ৫ শতাংশৰ পৰা ২শতাংশলৈ হ্ৰাস কৰা। অস্পষ্টতা পৰিহাৰ কৰিবলৈ টিডিএছৰ বাবে ঠিকাদাৰসকলক ধনাদায়ৰ পৰিসৰৰ ভিতৰত বিশেষভাৱে মানৱশক্তি সেৱাৰ যোগানৰ প্ৰস্তাৱ দিয়া হৈছে। সেয়েহে, এই সেৱাসমূহৰ ওপৰত টিডিএছ মাত্ৰ ১ শতাংশ বা ২ শতাংশ হাৰত হ’ব।

কৰদাতাসকলৰ বাবে সূচলতা

ক্ষুদ্ৰ কৰদাতাসকলৰ বাবে এখন আঁচনিৰ প্ৰস্তাৱ দিয়া হৈছে য’ত এক নিয়ম-আধাৰিত স্বয়ংক্ৰিয় প্ৰক্ৰিয়াই মূল্যায়ন বিষয়াৰ ওচৰত আবেদন দাখিল কৰাৰ পৰিৱৰ্তে নিম্ন বা শূন্য কৰ্তন প্ৰমাণপত্ৰ লাভ কৰিবলৈ সক্ষম হ’ব। একাধিক কোম্পানীত প্রতিভূতি থকা কৰদাতাসকলৰ সূচলতাৰ বাবে, বাজেটত বিনিয়োগকাৰীসকলৰ পৰা প্ৰ-পত্ৰ ১৫জি বা প্ৰ-পত্ৰ ১৫এইচ গ্ৰহণ কৰিবলৈ আৰু ইয়াক প্ৰত্যক্ষভাৱে বিভিন্ন প্ৰাসংগিক কোম্পানীক প্ৰদান কৰিবলৈ আমানতকাৰীসকলক সক্ষম কৰাৰ প্ৰস্তাৱ দিয়া হৈছে। ইয়াৰ জৰিয়তে সামান্য মাচুলসহ ৰিটাৰ্ণ সংশোধনৰ সময় ৩১ ডিচেম্বৰৰ পৰা ৩১ মাৰ্চলৈকে বৃদ্ধি কৰা হৈছে।

কৰ ৰিটাৰ্ণৰ সময়সীমা শিথিল

বাজেটত কৰ ৰিটাৰ্ণ দাখিলৰ সময়সীমা শিথিল কৰাৰ প্ৰস্তাৱ দিয়া হৈছে। আই টি আৰ ১ আৰু আই টি আৰ ২ৰ ব্যক্তিসকলে ৩১ জুলাইলৈকে ৰিটাৰ্ণ দাখিল কৰিব পাৰিব আৰু হিচাপ পৰীক্ষা নোহোৱা ব্যৱসায় অথবা ন্যাসসমূহৰ বাবে ৩১ আগষ্টলৈকে ৰিটাৰ্ণ দাখিলৰ সময় প্ৰদানৰ প্ৰস্তাৱ দিয়া হৈছে। কোনো প্ৰবাসীৰ দ্বাৰা স্থাবৰ সম্পত্তিৰ বিক্ৰীৰ ওপৰত টিডিএছ কাটিবলৈ আৰু ট্যানৰ প্ৰয়োজন হোৱাৰ পৰিৱৰ্তে বাসিন্দা ক্ৰেতাৰ পেন আধাৰিত চালানৰ জৰিয়তে জমা কৰাৰ প্ৰস্তাৱ দিয়া হৈছে।

ক্ষুদ্ৰ কৰদাতাসকলৰ ওপৰত গুৰুত্ব

ছাত্ৰ-ছাত্ৰী, যুৱ পেছাদাৰী, কাৰিকৰী কৰ্মচাৰী, স্থানান্তৰিত প্ৰবাসী ভাৰতীয় আদিৰ দৰে ক্ষুদ্ৰ কৰদাতাসকলৰ ব্যৱহাৰিক সমস্যা সমাধানৰ উদ্দেশ্যে এই কৰদাতাসকলৰ বাবে এক নিৰ্দিষ্ট পৰিমাণতকৈ কম আয় বা সম্পত্তি প্ৰকাশ কৰাৰ বাবে এবাৰত ৬ মাহৰ বিদেশী সম্পত্তি প্ৰকাশ আঁচনি প্ৰৱৰ্তন কৰাৰ লক্ষ্য ৰখা হৈছে। এই আঁচনিখন দুটা শ্ৰেণীৰ কৰদাতাসকলৰ বাবে প্ৰযোজ্য হ'ব, যেনে (ক) যিসকলে তেওঁলোকৰ বিদেশী আয় বা সম্পত্তি প্ৰকাশ কৰা নাছিল আৰু (খ) যিসকলে তেওঁলোকৰ বিদেশী আয় প্ৰকাশ কৰিছিল আৰু/বা প্ৰয়োজনীয় কৰ পৰিশোধ কৰিছিল, কিন্তু অধিগ্ৰহণ কৰা সম্পত্তি ঘোষণা কৰিব পৰা নাছিল।

শ্ৰেণী (ক) ৰ বাবে অঘোষিত আয়/সম্পত্তিৰ সীমা ১ কোটি টকা পৰ্যন্ত হোৱাৰ প্ৰস্তাৱ দিয়া হৈছে। তেওঁলোকে সম্পত্তিৰ ন্যায্য বজাৰ মূল্যৰ ৩০ শতাংশ বা অঘোষিত আয়ৰ ৩০ শতাংশ কৰ হিচাপে আৰু জৰিমনাৰ বিনিময়ত অতিৰিক্ত আয়কৰ হিচাপে ৩০ শতাংশ পৰিশোধ কৰিব লাগিব আৰু ইয়াৰ ফলত মোকৰ্দমাৰ পৰা ৰক্ষা পাব। শ্ৰেণী (খ) ৰ বাবে সম্পত্তিৰ মূল্য ৫ কোটি টকা পৰ্যন্ত হোৱাৰ প্ৰস্তাৱ দিয়া হৈছে। ইয়াত, ১ লাখ টকা মাচুল পৰিশোধৰ সৈতে জৰিমনা আৰু গোচৰ দুয়োটাৰ পৰা ৰক্ষা  পোৱাৰ সুবিধা থাকিব।

****

NB/VM/DAM/NB


(ৰিলিজ আই ডি : 2222220) অতিথি কক্ষ : 31