বিত্ত মন্ত্ৰালয়
গ্ৰাম্য আন্তঃগাঁথনিৰ দ্ৰুত অগ্ৰগতি – ৰাস্তা, গৃহ নিৰ্মাণ, টেপৰ পানী সংযোগ আৰু ডিজিটেল সংযোগক উন্নত কৰিছে
পিএমজিএছৱাই-I ৰ অধীনত সংযোগ প্ৰদান কৰা যোগ্য পৰিয়ালসমূহৰ সংখ্যা ৯৯.৬%তকৈ অধিক
৬৬৬৪ টা পথ (৪৯,৭৯১ কিলোমিটাৰ) আৰু ৭৫৯ খন দলং সম্পূৰ্ণ কৰা হৈছে
‘সকলোৰে বাবে গৃহ নিৰ্মাণ’ৰ লক্ষ্যত উপনীত হৈছো, প্ৰধানমন্ত্ৰী
আবাস যোজনা গ্ৰামীণৰ অধীনত যোৱা ১১ বছৰত সম্পূৰ্ণ হৈছে ৩.৭০ কোটি ঘৰ
গ্ৰাম্য অঞ্চলত ‘হৰ ঘৰ জল’ৰ আকাংক্ষা পূৰণ কৰিবলৈ, প্ৰায় ১৫.৭৪ কোটি (৮১.৩১ শতাংশ) জাল জীৱন মিছন
(জেজেএম)ৰ অধীনত সামৰি লোৱা হৈছে
প্ৰায় ৩.৪৪ লাখ গাঁৱৰ লক্ষ্যৰে ৩.২৮ লাখ গাঁৱত স্বামীত্বভাৰ অধীনত ড্ৰ’ন জৰীপ সম্পূৰ্ণ কৰা হৈছে
পোষ্ট কৰা হৈছে:
29 JAN 2026 1:58PM by PIB Guwahati
ৰাস্তা, গৃহ নিৰ্মাণ, টেপ পানীৰ সংযোগ, আৰু ডিজিটেল সংযোগকে ধৰি শক্তিশালী আন্তঃগাঁথনি অন্তৰ্ভুক্তিৰ বাবে অতি প্ৰয়োজনীয় হৈ পৰিছে, কিয়নো ই সম্প্ৰদায়সমূহক বজাৰ, সেৱা, আৰু জীৱনৰ মান বৃদ্ধি কৰা সুযোগসমূহৰ সৈতে সংযোগ কৰিছে। চৰকাৰে ২০০০ চনৰ ২৫ ডিচেম্বৰত প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনা (পিএমজিএছৱাই)আৰম্ভ কৰিছিল। যাৰ প্ৰধান উদ্দেশ্য আছিল ভাৰতৰ গ্ৰাম্য অঞ্চলৰ অসংলগ্ন বাসস্থানসমূহলৈ (ভৈয়ামত ৫০০ আৰু ততোধিক আৰু ২০০১ চনৰ মতে পাহাৰীয়া আৰু উত্তৰ-পূব অঞ্চলত ২৫০ জন আৰু তাতকৈ অধিক লোক থকা এলেকা )। ২০২৬ চনৰ ১৫ জানুৱাৰীলৈকে ৯৯.৬ শতাংশতকৈ অধিক যোগ্য পৰিয়ালক সংযোগৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি পিএমজিএছৱাই-১ ৰ অধীনত ১,৬৪,৫৮১ টা পথ (৬,৪৪,৭৩৫ কিলোমিটাৰ) & ৭,৪৫৩ টা দলং অনুমোদন কৰা হৈছে, আৰু ১,৬৩,৬৬৫ টা পথ (৬,২৫,১১৭ কিলোমিটাৰ) & ৭,২১০ টা দলং নিৰ্মাণ সম্পূৰ্ণ কৰা হৈছে। ২০১৩ চনত মুকলি কৰা পিএমজিএছৱাই-২ৰ অধীনত ২০২৬ চনৰ ১৫ জানুৱাৰীলৈকে ৬,৬৬৪ টা পথ (৪৯,৭৯১ কিলোমিটাৰ) & ৭৫৯ টা দলং অনুমোদিত হৈছে আৰু ৬,৬১২ টা পথ (৪৯,০৮৭ কিলোমিটাৰ) & ৭৪৯ টা দলং নিৰ্মাণ সম্পূৰ্ণ হৈছে। চৰকাৰে ২০১৯ চনৰ জুলাই মাহত পিএমজিএছৱাই তৃতীয় পৰ্যায়ত অনুমোদন জনাইছিল যে ১,২৫,০০০ কিলোমিটাৰ পথ আৰু অন্যান্য বিষয়ৰ লগতে বাসস্থানসমূহক গ্ৰামিন কৃষি বজাৰ (গ্ৰাম), উচ্চতৰ মাধ্যমিক বিদ্যালয়, আৰু চিকিৎসালয়সমূহৰ সৈতে সংযোগ কৰা প্ৰধান গ্ৰাম্য সংযোগসমূহ একত্ৰিত কৰা হৈছে। পিএমজিএছৱাই-III ৰ অধীনত ১৫,৯৬৫ টা পথ (১,২২,৩৬৩ কিলোমিটাৰ) & ৩,২১১ টা দলং অনুমোদন জনোৱা হৈছে আৰু ১৫ জানুৱাৰী ২০২৬ তাৰিখে ১২,৬৯৯ টা পথ (১,০২,৯২৬ কিলোমিটাৰ) আৰু ১,৭৩৪ খন দলঙৰ নিৰ্মাণ সম্পূৰ্ণ কৰা হৈছে।
‘সকলোৰে বাবে গৃহ নিৰ্মাণ’ৰ লক্ষ্যত উপনীত হোৱাৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী আৱাস যোজনা -গ্ৰামীন ৰূপায়ণ কৰা হৈছে ১ এপ্ৰিল ২০১৬ তাৰিখ ২০২৯ চনৰ পৰা। ইয়াৰ ভিতৰত গ্ৰাম্য অঞ্চলৰজৰাজীৰ্ণ ঘৰত বাস কৰা সকলো যোগ্য গৃহহীন পৰিয়ালক মৌলিক সুবিধাযুক্ত ৪.৯৫ কোটি পুক্কা ঘৰ প্ৰদান কৰাৰ লক্ষ্যৰে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক মুঠ ৪.১৪ কোটি ঘৰ আবণ্টন দিয়া হৈছে, ইয়াৰে ৩.৮৬ কোটি ঘৰ অনুমোদন কৰা হৈছে, আৰু ২.৯৩ কোটি ঘৰ এতিয়ালৈকে সম্পূৰ্ণ হৈছে। তদুপৰি পূৰ্বৰ আঁচনিসমূহৰ পৰা বাকী থকা ৭৬.৯৮ লাখ ঘৰো সম্পূৰ্ণ হৈছিল, যাৰ ফলত যোৱা ১১ বছৰত গ্ৰাম্য অঞ্চলত ঘৰৰ সামগ্ৰিক কাম সম্পূৰ্ণ হোৱাৰ পৰিমাণ ৩.৭০ কোটিলৈ বৃদ্ধি পাইছে।
গ্ৰামাঞ্চলত ‘হৰ ঘৰ জল’ৰ আকাংক্ষা পূৰণৰ বাবে চৰকাৰে ২০১৯ চনৰ আগষ্টৰ পৰা ৰাজ্যসমূহৰ সৈতে অংশীদাৰিত্বৰে জল জীৱন অভিযান (জেজেএম) ৰূপায়ণ কৰি আহিছে। মুকলিৰ সময়ত মাত্ৰ ৩.২৩ কোটি (১৭ শতাংশ) গ্ৰাম্য পৰিয়ালতহে টেপ সংযোগ আছিল। ২০২৫ চনৰ ২০ নৱেম্বৰৰ ভিতৰত ১২.৫০ কোটিতকৈ অধিক পৰিয়াল সামৰি লোৱা হৈছিল, যাৰ ফলত মুঠ কভাৰেজ প্ৰায় ১৫.৭৪ কোটি (৮১.৩১ শতাংশ) লৈ বৃদ্ধি পাইছিল, যাৰ ফলত গ্ৰাম্য পৰিয়ালৰ জীৱন ধাৰণৰ মান উন্নত হৈছিল।
প্ৰযুক্তি –গ্ৰাম্য ভাৰতৰ পৰিচালিত অংশগ্ৰহণ
প্ৰযুক্তিয়ে অন্তৰ্ভুক্তিৰ বাবে এক শক্তিশালী অনুঘটক হিচাপে কাম কৰে, বাধাসমূহ ভাঙি পেলায় আৰু সকলোৰে বাবে প্ৰৱেশ বহল কৰে। উন্নত মোবাইল ফোন, চেটেলাইট ইণ্টাৰনেট, আৰু কৃষিৰ বাবে ডিজিটেল সঁজুলিৰ দৰে উদ্ভাৱনে ‘ডিজিটেল বিভাজন’ বন্ধ কৰাত সহায় কৰিছে, আনকি অতি দূৰৱৰ্তী অঞ্চললৈও গুৰুত্বপূৰ্ণ সেৱাসমূহ কঢ়িয়াই আনিছে। শেহতীয়াকৈ বিস্তৃত মডুলাৰ জৰীপ: টেলিকম ২০২৫ য়ে এই ইতিবাচক ধাৰাটো নিশ্চিত কৰিছে। গাঁৱৰ জৰীপ আবাদি আৰু গাঁও অঞ্চলত ইম্প্ৰভাইজড টেকন’লজিৰ সৈতে মেপিং (SVAMITVA) আৰু নমো ড্ৰ’ন দিদিৰ দৰে আঁচনিসমূহ প্ৰযুক্তিয়ে গাঁৱৰ জীৱনত কেনেদৰে অন্তৰ্ভুক্তিক লাভাৱান্বিত কৰিব পাৰে তাৰেই শক্তিশালী উদাহৰণ।
২০২৫ চনৰ ডিচেম্বৰ মাহলৈকে ড্ৰ’ন জৰীপৰ বাবে অধিসূচনা জাৰি কৰা প্ৰায় ৩.৪৪ লাখ গাঁৱৰ লক্ষ্যৰ বিপৰীতে ৩.২৮ লাখ গাঁৱত স্বামীত্বৰ অধীনত ড্ৰ’ন জৰীপ সম্পূৰ্ণ হৈছে। প্ৰায় ১.৮২ লাখ গাঁৱৰ বাবে ২.৭৬ কোটি প্ৰপাৰ্টি কাৰ্ড প্ৰস্তুত কৰা হৈছে। লিড ফাৰ্টিলাইজাৰ কোম্পানীয়ে ২০২৩-২৪ চনত নিজৰ সম্পদ ব্যৱহাৰ কৰি এছ এইচ জি ড্ৰ’ন ডিডিছক ১০৯৪ খন ড্ৰ’ন বিতৰণ কৰিছিল, ইয়াৰে ৫০০ ড্ৰ’ন নামো ড্ৰ’ন ডিডি আঁচনিৰ অধীনত প্ৰদান কৰা হৈছিল।
ইয়াৰ উপৰি চৰকাৰে বিত্তীয় বৰ্ষ ২০৮ৰ পৰা ডিজিটেল ইণ্ডিয়া লেণ্ড ৰেকৰ্ডছ আধুনিকীকৰণ কাৰ্যসূচী (ডি আই এল আৰ এম পি)ৰ জৰিয়তে গ্ৰাম্য ভূমিৰ অভিলেখৰ কম্পিউটাৰাইজেচন আৰু ডিজিটেলাইজেচন ৰূপায়ণ কৰি আহিছে ।সৰ্বভাৰতীয় পৰ্যায়ত গ্ৰাম্য অঞ্চলত উপলব্ধ ভূমিৰ ৰেকৰ্ডৰ ৯৯.৮ শতাংশৰ পৰিসৰলৈকে ৰেকৰ্ড অৱ ৰাইটছৰ ডিজিটেলাইজেচন সম্পূৰ্ণ হৈছে।
*****
NB/KV/Sri/DM
(ৰিলিজ আই ডি : 2220662)
অতিথি কক্ষ : 6
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Punjabi
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam