প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

বৰদিনৰ পুৱাৰ প্ৰাৰ্থনাত প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণ

পোষ্ট কৰা হৈছে: 25 DEC 2025 10:43AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীৰ ‘দ্য কেথেড্ৰেল চাৰ্চ অৱ দ্য ৰিডেম্পশ্যন’ত বৰদিনৰ পুৱাৰ প্ৰাৰ্থনাত অংশগ্ৰহণ কৰে। ‘এই প্ৰাৰ্থনাই প্ৰেম, শান্তি আৰু সহানুভূতিৰ কালজয়ী বাৰ্তা প্ৰতিফলিত কৰে। বৰদিনৰ মহত্বই আমাৰ সমাজত সম্প্ৰীতি আৰু সদিচ্ছাক অনুপ্ৰাণিত কৰক’, শ্ৰী মোদীয়ে কয়।

প্ৰধানমন্ত্ৰীয়ে এক্স-ত পোষ্ট কৰেঃ

 ‘দিল্লীৰ দ্য কেথেড্ৰেল চাৰ্চ অৱ দ্য ৰিডেম্পশ্যনত বৰদিনৰ পুৱাৰ প্ৰাৰ্থনাত অংশগ্ৰহণ কৰিলো। এই প্ৰাৰ্থনাই প্ৰেম, শান্তি আৰু সহানুভূতিৰ কালজয়ী বাৰ্তা প্ৰতিফলিত কৰিছে। বৰদিনৰ মহত্বই আমাৰ সমাজত সম্প্ৰীতি আৰু সদিচ্ছাক অনুপ্ৰাণিত কৰক’

 

 ‘দ্য কেথেড্ৰেল চাৰ্চ অৱ দ্য ৰিডেম্পশ্যনৰ বৰদিনৰ পুৱাৰ প্ৰাৰ্থনাৰ কিছু মুহুৰ্ত’।

 

বৰদিনে নতুন আশা, আন্তৰিকতা আৰু দয়াৰ প্ৰতিশ্ৰুতি কঢ়িয়াই আনক।

 

 ‘ইয়াত দ্য কেথেড্ৰেল চাৰ্চ অৱ দ্য ৰিডেম্পশ্যনৰ বৰদিনৰ পুৱাৰ প্ৰাৰ্থনাৰ কিছু আভাস দিয়া হৈছে’।

 

***

MJPS/VJ/MK


(ৰিলিজ আই ডি : 2208513) অতিথি কক্ষ : 36