প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

দেশৰ অৰ্থনীতি শক্তিশালী কৰাৰ ব্যাপক অভিযানৰ অংশ হিচাপে ভাৰতৰ মুক্ত বাণিজ্য চুক্তিসমূহৰ ভূমিকা সম্পৰ্কীয় এটা প্ৰবন্ধ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 23 DEC 2025 2:58PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেলে ৰচনা কৰা এটা প্ৰবন্ধ শ্বেয়াৰ কৰে। ভাৰতৰ মুক্ত বাণিজ্য চুক্তিসমূহে শুল্ক হ্ৰাসৰ পৰিধি অতিক্ৰম কৰি অৰ্থনীতি শক্তিশালী কৰাৰ লগতে লাখ লাখ লোকৰ জীৱন উন্নত কৰাৰ এক বিস্তৃত অভিযানৰ অংশ হৈ উঠা সন্দৰ্ভত এই প্ৰবন্ধটোত বিশ্লেষণ কৰা হৈছে। "তেওঁ উল্লেখ কৰে যে ভাৰতৰ মহিলা নেতৃত্বাধীন প্ৰথম মুক্ত বাণিজ্য চুক্তি হিচাপে ভাৰত-নিউজিলেণ্ড মুক্ত বাণিজ্য চুক্তি ঐতিহাসিক বুলি পৰিগণিত হৈছে। আলোচনাত অংশগ্ৰহণ কৰা প্ৰায় সমগ্ৰ দলটোতে মহিলা অন্তৰ্ভুক্ত হৈ আছিল", শ্ৰী মোদীয়ে কয়।

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেলে এক্সত দিয়া এটা পোষ্টৰ সঁহাৰিত শ্ৰী মোদীয়ে কয়ঃ

"এই অন্তর্দৃষ্টিসম্পন্ন প্ৰবন্ধটোত, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী@PiyushGoyal-এ ব্যাখ্যা কৰিছে যে ভাৰতৰ মুক্ত বাণিজ্য চুক্তিসমূহে আজি শুল্ক হ্ৰাসৰ পৰিধি অতিক্ৰম কৰি অৰ্থনীতি শক্তিশালী কৰা আৰু লাখ লাখ লোকৰ জীৱন উন্নত কৰাৰ এক ব্যাপক অভিযানৰ অংশ হিচাপে পৰিগণিত হৈছে।

তেওঁ উল্লেখ কৰে যে ভাৰত-নিউজিলেণ্ড মুক্ত বাণিজ্য চুক্তি এক ঐতিহাসিক মাইলৰ খুঁটি। কিয়নো ই ভাৰতৰ প্ৰথম মহিলা নেতৃত্বাধীন মুক্ত বাণিজ্য চুক্তি। আলোচনাত অংশগ্ৰহণ কৰা প্ৰায় সমগ্ৰ দলটোতে মহিলা অন্তৰ্ভুক্ত হৈ আছিল। "

 

***

MJPS/VJ/DD


(ৰিলিজ আই ডি : 2207732) অতিথি কক্ষ : 49