প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
পৰম্পৰাগত চিকিৎসা সম্পৰ্কীয় দ্বিতীয় বিশ্ব স্বাস্থ্য সন্মিলনৰ সামৰণি অনুষ্ঠানৰ প্ৰধান দিশবোৰত আলোকপাত প্ৰধানমন্ত্ৰী
प्रविष्टि तिथि:
19 DEC 2025 10:58PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত অনুষ্ঠিত হোৱা পৰম্পৰাগত চিকিৎসা সম্পৰ্কীয় দ্বিতীয় বিশ্ব স্বাস্থ্য সন্মিলনৰ সামৰণি অনুষ্ঠানৰ বিভিন্ন গুৰুত্বপূৰ্ণ দিশত আলসোকপাত কৰে।
এক্সত এলানি পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয় যে পৰম্পৰাগত স্বাস্থ্যসেৱাত কেৱল বৰ্তমানৰ প্ৰয়োজনীয়তাৰ ওপৰতে গুৰুত্ব দিয়া উচিত নহয়, কিয়নো ভৱিষ্যত প্ৰজন্মৰ স্বাস্থ্য আৰু কল্যাণৰ বাবেও দায়িত্ব আছে। তেওঁ লগতে কয় যে বিভিন্ন স্তৰত স্থায়ী প্ৰচেষ্টাৰ জৰিয়তে ভাৰতে দেখুৱাইছে যে জটিল পৰিস্থিতিতো পৰম্পৰাগত চিকিৎসাই এক ফলপ্ৰসূ আৰু অৰ্থপূৰ্ণ ভূমিকা ল’ব পাৰে।
প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে বিশ্ব স্বাস্থ্য সংস্থাৰ গ্ল’বেল ছামিট অন ট্ৰেডিচনেল মেডিচিন শীৰ্ষক প্ৰদৰ্শনীত বিশ্বৰ বিভিন্ন প্ৰান্তৰ বনৌষধি আৰু প্ৰাচীন চিকিৎসা ব্যৱস্থাসমূহ প্ৰদৰ্শন কৰা হয়, যাৰ ফলত আধুনিক স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত ইয়াৰ ক্ৰমবৰ্ধমান প্ৰাসংগিকতা আৰু সম্ভাৱনাৰ ওপৰত আলোকপাত কৰা হয়।
@WHO
তেওঁ লগতে কয় যে অশ্বগন্ধাৰ এক স্মৃতিচাৰণ ডাকটিকটো মুকলি কৰা হৈছে দ্বিতীয় বিশ্ব স্বাস্থ্য সংস্থাৰ গ্ল’বেল ছামিট অন ট্ৰেডিচনেল মেডিচিন শীৰ্ষক অনুষ্ঠানত।
@WHO
ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে তেওঁ বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্ৰধান ডাঃ টেড্ৰছ আধানম গেব্ৰেইছাছৰ সৈতে এক মননশীল বৈঠকত কেতবোৰ বিষয় আলোচনা কৰিছিল। বৈঠকৰ সময়ত তেওঁলোকে সামগ্ৰিক স্বাস্থ্য, প্ৰতিৰোধমূলক যত্ন আৰু সামগ্ৰিক সুস্থতাক প্ৰসাৰিত কৰাৰ ক্ষেত্ৰত পৰম্পৰাগত চিকিৎসাৰ বিশাল সম্ভাৱনাৰ বিষয়ে আলোচনা কৰে। পৰম্পৰাগত চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত প্ৰমাণভিত্তিক পদ্ধতি আৰু বিশ্বব্যাপী সহযোগিতাৰ গুৰুত্বৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। @WHO
@DrTedros
***
MJPS/ST
(रिलीज़ आईडी: 2207037)
आगंतुक पटल : 4