গৃহ মন্ত্ৰালয়
যুদ্ধত প্ৰাণাহুতি দিয়া সাহসী শ্বহীদসকললৈ বিজয় দিৱসত কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন
১৯৭১ চনৰ এই দিনটোতে নিৰাপত্তা বাহিনীয়ে তেওঁলোকৰ অদম্য সাহস আৰু নিখুঁত ৰণনীতিৰে পাকিস্তানী সেনাক পৰাস্ত কৰি তেওঁলোকক আত্মসমৰ্পণ কৰিবলৈ বাধ্য কৰিছিল
অন্যায় আৰু নিপীড়নৰ বিৰুদ্ধে ঢাল স্ৱৰূপ এই বিজয়ে বিশ্বজুৰি মানৱতা সুৰক্ষিত কৰাৰ এক উজ্জ্বল নজিৰ সৃষ্টি কৰি ভাৰতীয় সশস্ত্ৰ বাহিনীৰ অতুলনীয় সামৰিক শক্তি আৰু বীৰত্ব প্ৰদৰ্শন কৰিছিল
प्रविष्टि तिथि:
16 DEC 2025 10:29AM by PIB Guwahati
কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে বিজয় দিৱসত যুদ্ধত প্ৰাণাহুতি দিয়া সাহসী শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
'এক্স’ত এটা পোষ্টত কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে ১৯৭১ চনৰ এই দিনটোতে নিৰাপত্তা বাহিনীয়ে তেওঁলোকৰ অদম্য সাহস আৰু নিখুঁত ৰণনীতিৰে পাকিস্তানী বাহিনীক পৰাস্ত কৰি তেওঁলোকক আত্মসমৰ্পণ কৰিবলৈ বাধ্য কৰিছিল। শ্ৰী শ্বাহে কয় যে এই বিজয়ে অন্যায় আৰু নিপীড়নৰ বিৰুদ্ধে ঢাল হিচাপে কাম কৰাৰ লগতে বিশ্বজুৰি মানৱতা সুৰক্ষিত কৰাৰ এক উজ্জ্বল উদাহৰণ স্থাপন কৰিছিল তথা ভাৰতীয় সশস্ত্ৰ বাহিনীৰ অতুলনীয় সামৰিক শক্তি আৰু বীৰত্ব প্ৰদৰ্শন কৰিছিল।
***
RR / PS/DD
(रिलीज़ आईडी: 2204446)
आगंतुक पटल : 10
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali-TR
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam