প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে দৃষ্টিহীন মহিলা টি-২০ বিশ্বকাপ বিজয়ী ভাৰতীয় দৃষ্টিহীন মহিলা ক্ৰিকেট দলক সাক্ষাৎ কৰে

प्रविष्टि तिथि: 27 NOV 2025 10:03PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শেহতীয়াকৈ দৃষ্টিহীন মহিলা টি-২০ বিশ্বকাপত জয়লাভ কৰা ভাৰতীয় দৃষ্টিহীন মহিলা ক্ৰিকেট দলটোক সাক্ষাৎ কৰে। শ্ৰী মোদীয়ে খেলুৱৈসকলৰ সৈতে পৰম আগ্ৰহেৰে মত-বিনিময় কৰে। খেলুৱৈসকলে প্ৰতিযোগিতাখনত নিজ-নিজ অভিজ্ঞতাসমূহ ব্যক্ত কৰে।

এক্স-ৰ এটা বাৰ্তাত শ্ৰী মোদীয়ে কয়ঃ

“দৃষ্টিহীন মহিলা টি-২০ বিশ্বকাপত জয়লাভ কৰা ভাৰতীয় দৃষ্টিহীন মহিলা ক্ৰিকেট দলক সাক্ষাৎ কৰি আনন্দিত হৈছো! তেওঁলোকে ব্যক্ত কৰা নিজ-নিজ অভিজ্ঞতাসমূহ সঁচাকৈয়ে অতিশয় প্ৰেৰণাদায়ক।”

***

MJPS/SR/SB


(रिलीज़ आईडी: 2195911) आगंतुक पटल : 5
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Bengali-TR , Manipuri , Gujarati , Tamil , Kannada , Malayalam