প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

জি-২০ নেতৃবৰ্গৰ সন্মিলনত অংশগ্ৰহণৰ বাবে দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গ ভ্ৰমণ প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 19 NOV 2025 5:38PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৫ চনৰ ২১-২৩ নৱেম্বৰত দক্ষিণ আফ্ৰিকা গণৰাজ্যত আয়োজিত ২০সংখ্যক জি-২০ নেতৃবৃন্দৰ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ দক্ষিণ আফ্ৰিকা ভ্ৰমণ কৰিব। এয়া হ'ব গোলকীয় দক্ষিণত অনুষ্ঠিত হৈ থকা একেৰাহে চতুৰ্থটো জি-২০ সন্মিলন। এই সন্মিলনত প্ৰধানমন্ত্ৰীয়ে জি-২০ৰ কাৰ্যসূচীত ভাৰতৰ দৃষ্টিভংগী দাঙি ধৰিব। সন্মিলনৰ তিনিওখন অধিৱেশনত প্ৰধানমন্ত্ৰীয়ে ভাষণ প্ৰদান কৰিব বুলি আশা কৰা হৈছে। এই অধিবেশনসমূহ হ'লঃ

১। অন্তৰ্ভুক্ত আৰু বহনক্ষম অৰ্থনৈতিক বৃদ্ধিয়ে কাকো পিছুৱাই নিদিয়া : আমাৰ অৰ্থনীতি গঢ়ি তোলা; বাণিজ্যৰ ভূমিকা; উন্নয়নৰ বাবে বিত্তীয় সাহায্য আৰু ঋণৰ বোজা

২। এক স্থিতিস্থাপক বিশ্ব -  জি-২০ৰ অৱদানঃ দুৰ্যোগৰ সম্ভাৱনা হ্ৰাস কৰা; জলবায়ু পৰিৱৰ্তন; ন্যায্য শক্তিৰ পৰিবৰ্তন; খাদ্য ব্যৱস্থা

৩। সকলোৰে বাবে এক ন্যায্য আৰু ন্যায়পৰায়ণ ভৱিষ্যৎ: গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থ; সন্মানীয় কাম; কৃত্ৰিম বুদ্ধিমত্তা

জি-২০ নেতৃবৰ্গৰ সন্মিলনৰ সমান্তৰালভাৱে প্ৰধানমন্ত্ৰীয়ে জোহান্সবাৰ্গত উপস্থিত থকা নেতাসকলৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব বুলি আশা কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে দক্ষিণ আফ্ৰিকাত আয়োজিত ভাৰত-ব্ৰাজিল-দক্ষিণ আফ্ৰিকা (আইবিএছএ) নেতৃবৰ্গৰ বৈঠকত অংশগ্ৰহণ কৰিব।


(ৰিলিজ আই ডি : 2194071) অতিথি কক্ষ : 16