প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰবীণ অভিনেতা শ্ৰী ধৰ্মেন্দ্ৰৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক
प्रविष्टि तिथि:
24 NOV 2025 3:06PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কিংবদন্তি অভিনেতা শ্ৰী ধৰ্মেন্দ্ৰ জীৰ বিয়োগত শোক প্ৰকাশ কৰি তেওঁ মৃত্যুত ভাৰতীয় চিনেমাৰ এটা যুগৰ অন্ত পৰা বুলি কয়।
প্ৰধানমন্ত্ৰীয়ে কয় যে ধৰ্মেন্দ্ৰ জী চলচ্চিত্ৰজগতৰ এগৰাকী প্ৰথিতযশা ব্যক্তিত্ব আছিল। এগৰাকী অসাধাৰণ অভিনেতা হিচাপে তেওঁ অভিনয় কৰা প্ৰতিটো ভূমিকাত আকৰ্ষণ আৰু গাম্ভীৰ্যতা ফুটি উঠিছিল। বিভিন্ন চৰিত্ৰক চিত্ৰিত কৰাৰ ক্ষমতাই প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি সকলোৰে হৃদয় চুই গৈছিল।
এক্সৰ এটা পোষ্টত শ্ৰী মোদীয়ে কয়ঃ
‘ধৰ্মেন্দ্ৰ জীৰ মৃত্যুৰ লগে লগে ভাৰতীয় চিনেমাৰ এটা যুগৰ অন্ত পৰিল। তেওঁ চলচ্চিত্ৰজগতৰ এগৰাকী প্ৰথিতযশা ব্যক্তিত্ব আছিল। এগৰাকী অসাধাৰণ অভিনেতা হিচাপে তেওঁ অভিনয় কৰা প্ৰতিটো ভূমিকাত আকৰ্ষণ আৰু গাম্ভীৰ্যতা ফুটি উঠিছিল। তেওঁ অভিনয় কৰা বিভিন্ন চৰিত্ৰই অগণন লোকৰ হৃদয় চুই গৈছিল। ধৰ্মেন্দ্ৰ জী তেওঁৰ সৰলতা, নম্ৰতা আৰু সৌহাৰ্দ্যতাৰ বাবে সমানে পৰিচিত আছিল।এই শোকাকুল মুহুৰ্তত মই পৰিয়াল, শুভাকাংক্ষী আৰু অগণন অনুৰাগীৰ প্ৰতি মোৰ সমবেদনা জ্ঞাপন কৰিলোঁ।”
***
MJPS/SR/DB
(रिलीज़ आईडी: 2193564)
आगंतुक पटल : 27
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam