প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে থিম্ফুত আয়োজিত ভূটানৰ মহামহিম চতুৰ্থ ৰজাৰ ৭০ সংখ্যক জন্মদিনৰ কাৰ্য্যসূচীত তেওঁৰ সম্বোধনৰ কেইটামান মুহূৰ্ত শ্বেয়াৰ কৰিছে
পোষ্ট কৰা হৈছে:
11 NOV 2025 5:24PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি থিম্ফুত আয়োজিত ভূটানৰ মহামহিম চতুৰ্থ ৰজাৰ ৭০ সংখ্যক জন্মদিনৰ কাৰ্য্যসূচীত তেওঁৰ সম্বোধনৰ কেইটামান মুহূৰ্ত শ্বেয়াৰ কৰিছে।
এক্স-ৰ এটা প’ষ্টত শ্ৰী মোদীয়ে কয়ঃ
"কালি সন্ধিয়া দিল্লীত সংঘটিত শোকাৱহ বিস্ফোৰণৰ ঘটনাই সকলোকে শোকাহত কৰিছে। ভাৰতবাসীয়ে এই ঘটনাৰ বলি হোৱাসকলৰ কাষত থিয় দিছে।
সংস্থাসমূহে সমগ্ৰ ষড়যন্ত্ৰৰ শুংসূত্ৰ বিচাৰি উলিয়াব বুলি মই সকলোকে আশ্বাস প্ৰদান কৰিছোঁ।
এই দুষ্কাৰ্য্যৰে জড়িত সকলোকে ন্যায়ৰ অধীনলৈ অনা হ’ব।"
“মহামহিম চতুৰ্থ ৰজাৰ ৭০ সংখ্যক জন্মদিন উপলক্ষে আয়োজিত কাৰ্য্যসূচীত দিল্লীত সংঘটিত বিস্ফোৰণৰ পৰিপ্ৰেক্ষিতত ভূটানৰ জনসাধাৰণে এক অনন্য প্ৰাৰ্থনাৰ জৰিয়তে ভাৰতবাসীৰ সৈতে সংহতিৰ মনোভাৱ প্ৰকাশ কৰিছে। মই এই কাৰ্য্যক কেতিয়াও পাহৰিব নোৱাৰিম।”
“ভূটানৰ মহামহিম চতুৰ্থ ৰজাক এগৰাকী পিতৃ পুৰুষ হিচাপে শ্ৰদ্ধা কৰা হয়। তেওঁৰ দৃষ্টিভংগীয়ে ভূটানে প্ৰগতিৰ নতুন শিখৰত আৰোহণ কৰাটো নিশ্চিত কৰিছে।“
“ভাৰত আৰু ভূটানৰ মাজৰ সম্পৰ্ক বদ্ধমূল। আমাৰ ৰাষ্ট্ৰ দুখনৰ মাজৰ বৈচিত্ৰ্যপূৰ্ণ সহযোগিতা কাৰ্য্যত ইয়াৰ প্ৰতিফলন ঘটিছে।“
“শক্তি আৰু যোগাযোগ ব্যৱস্থাৰ ক্ষেত্ৰতো ভাৰত-ভূটানৰ সহযোগিতা গভীৰ হৈ পৰিছে।“
*****
MJPS/SR/SB
(ৰিলিজ আই ডি : 2189091)
অতিথি কক্ষ : 23
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam