প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

বিগত ৯ বছৰত সৌৰশক্তিৰ ক্ষমতা ৫৪ গুণ বৃদ্ধি পোৱাৰ বাবে মিছন নেট জিৰ’ৰ অগ্ৰগতিৰ উচ্চ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 29 AUG 2023 8:41PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মিছন নেট জিৰ’ৰ দিশত হোৱা উল্লেখযোগ্য অগ্ৰগতিৰ প্ৰশংসা কৰে।

ভাৰতীয় ৰে’লৱেই এই সন্দৰ্ভত এক্সত শ্বেয়াৰ কৰি লিখিছে যে বিগত ৯ বছৰত সৌৰ ক্ষমতা ৫৪ গুণ বৃদ্ধি পাইছে। ২০১৪ চনৰ মাৰ্চ মাহলৈকে সৌৰশক্তিৰ ক্ষমতা ৩.৬৮ মেগাৱাট আছিল, আনহাতে ২০১৪-২৩ চনৰ ভিতৰত ২০০.৩১ মেগাৱাট কাৰ্যক্ষম হৈছিল।

ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে কয়,

“এইটোৱে আমাৰ সেউজ ভৱিষ্যতৰ প্ৰতি দায়বদ্ধতাৰ প্ৰশংসনীয় অগ্ৰগতি দেখুৱাইছে। মাত্ৰ ৯ বছৰৰ ভিতৰত আমি আমাৰ ক্ষমতা বহু পৰিমাণে বৃদ্ধি কৰিছো, #MissionNetZero কাৰ্বন নিৰ্গমনৰ দিশত ডাঙৰ পদক্ষেপ লৈছো। আহক আমি ভাৰতৰ বাবে এক উজ্জ্বল আৰু বহনক্ষম ভৱিষ্যত গঢ়ি তুলিবলৈ আগবাঢ়ি যাওঁ।"

 

*******

DS/ST


(रिलीज़ आईडी: 2188255) आगंतुक पटल : 14
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam