প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

২০২৮ চনৰ অলিম্পিকত ক্ৰিকেটৰ অন্তৰ্ভুক্তিৰ বাবে প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

प्रविष्टि तिथि: 16 OCT 2023 8:03PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ২০২৮ চনৰ লছ এঞ্জেলছ অলিম্পিক গেমছত বেছবল-ছফটবল, ক্ৰিকেট, ফ্লেগ ফুটবল, লেক্ৰ'ছ আৰু স্কোৱাছ খেল অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্তক আদৰণি জনায়। তেওঁ কয় যে ক্ৰিকেটৰ অন্তৰ্ভুক্তিকৰণে এই সুন্দৰ খেলবিধৰ বিশ্বজনীন জনপ্ৰিয়তা বৃদ্ধি কৰিছে।

 

প্ৰধানমন্ত্ৰীয়ে X ত পোষ্ট কৰিছে:

 

@LA28ত বেছবল-ছফ্টবল, ক্ৰিকেট, ফ্লেগ ফুটবল, লেক্ৰ'ছ আৰু স্কোৱাছ খেলৰ প্ৰদৰ্শন হ'ব বুলি জানিব পাৰি আমি অতিশয় আনন্দিত। ক্ৰীড়াবিদসকলৰ বাবে এইটো এটা ভাল খবৰ। ক্ৰিকেটপ্ৰেমী ৰাষ্ট্ৰ হিচাপে আমি ক্ৰিকেটৰ অন্তৰ্ভুক্তিক বিশেষভাৱে স্বাগতম জনাইছো, যি এই সুন্দৰ খেলবিধৰ বিশ্বজনীন জনপ্ৰিয়তা বৃদ্ধিৰ প্ৰতিফলন।


(रिलीज़ आईडी: 2187291) आगंतुक पटल : 18
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam