প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

‘আইনী সাহায্য প্ৰদান ব্যৱস্থা সৱলীকৰণ’ শীৰ্ষক ৰাষ্ট্ৰীয় সন্মিলন ৮ নৱেম্বৰত উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে

Posted On: 06 NOV 2025 2:50PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ উচ্চতম ন্যায়ালয়ত ২০২৫ চনৰ ৮ নৱেম্বৰত সন্ধিয়া প্ৰায় ৫ বজাত ‘আইনী সাহায্য প্ৰদান ব্যৱস্থা সৱলীকৰণ’ শীৰ্ষক ৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰিব। কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় আইনী সেৱা প্ৰাধিকৰণ (এন এ এল এছ এ)ৰ দ্বাৰা প্ৰস্তুত কৰা সামূহিক মধ্যস্থতা প্ৰশিক্ষণ মডিউল মুকলি কৰিব। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে উপস্থিতসকলক সম্বোধন কৰিব।

এন এ এল এছ এৰ দ্বাৰা আয়োজিত দুদিনীয়া সন্মিলনত আইনী সেৱা পৰিকাঠামোৰ মূল দিশসমূহ যেনে আইনী সাহায্য প্ৰতিৰক্ষা পৰামৰ্শ প্ৰণালী, পেনেল অধিবক্তা, পেৰা-আইনী স্বেচ্ছাসেৱক, স্থায়ী লোক আদালত আৰু আইনী সেৱা প্ৰতিষ্ঠানসমূহৰ বিত্তীয় ব্যৱস্থাপনা সন্দৰ্ভত আলোচনা কৰা হ’ব।

 

***

MJPS/VJ/DD


(Release ID: 2187021) Visitor Counter : 4