শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়
azadi ka amrit mahotsav

ডোহাত অনুষ্ঠিত হোৱা সামাজিক উন্নয়নৰ বাবে দ্বিতীয় বিশ্ব সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দৰিদ্ৰতা নিৰ্মূল আৰু সামাজিক সুৰক্ষাৰ উন্নতিৰ ক্ষেত্ৰত ভাৰতৰ পৰিৱৰ্তনশীল অগ্ৰগতিৰ বিষয়ত আলোকপাত কৰে ড০ মনসুখ মাণ্ডবিয়াই

সামাজিক অগ্ৰগতি সাধন কৰিব পৰা যায় তেতিয়া যেতিয়া নীতিৰ মূলতে থাকে মানুহ , আৰু তেতিয়াই উন্নয়ন এক সন্মিলিত প্ৰচেষ্টাত পৰিণত হয়: ড° মনসুখ মাণ্ডবিয়া
কেন্দ্ৰীয় শ্ৰম মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘সবকা সাথ, সবকা বিকাশ’ৰ দৃষ্টিভংগীৰ বিষয়ত আলোকপাত কৰে; তেওঁ কয় যে ভাৰতৰ যাত্ৰা অন্ত্যোদয়ৰ দৰ্শনৰ দ্বাৰা পৰিচালিত হৈছে
ভাৰতৰ উন্নয়নৰ কাহিনীয়ে গ্ল’বেল চাউথৰ বাবে এক অনুকৰণমূলক উন্নয়নৰ আৰ্হি আগবঢ়াইছে বুলি কেন্দ্ৰীয় শ্ৰম মন্ত্ৰীগৰাকীয়ে কয়
কাটাৰৰ ডোহাত সামাজিক উন্নয়নৰ বাবে দ্বিতীয় বিশ্ব সন্মিলনৰ পূৰ্ণাংগ অধিৱেশনত ভাৰতৰ বিবৃতিৰ পাঠ

Posted On: 05 NOV 2025 7:12PM by PIB Guwahati

মহামহিম, বিশিষ্ট প্ৰতিনিধি আৰু সতীৰ্থসকল,

এই সন্মানীয়  মঞ্চত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ পোৱাটো মোৰ বাবে গৌৰৱৰ কথা।

৩০ বছৰৰ আগতে কোপেনহেগেন ঘোষণাই মানুহক উন্নয়নৰ কেন্দ্ৰবিন্দুত ৰাখিছিল, দৰিদ্ৰতা নিৰাময়, সম্পূৰ্ণ নিয়োগ আৰু কাম তথা  সামাজিক অন্তৰ্ভুক্তিৰ বিষয়ত গুৰুত্ব আৰোপ কৰিছিল। অৰ্থনৈতিক বৃদ্ধি আৰু সামাজিক প্ৰগতিৰ প্ৰতি ভাৰতৰ দৃষ্টিভংগী এই ঘোষণাত  অনুৰণিত হৈছে ।

ভাৰতৰ উন্নয়নৰ কাহিনী হৈছে ব্যাপক  পৰিসৰত পৰিৱৰ্তনৰ কাহিনী। যোৱা ১০ বছৰত স্থায়ী সংস্কাৰ, কল্যাণমূলক কাৰ্যসূচীৰ অভিসৰণ আৰু ডিজিটেল উদ্ভাৱনৰ জৰিয়তে প্ৰায় ২৫ কোটি ভাৰতীয়ক দৰিদ্ৰতাৰ পৰা মুক্ত কৰা  হৈছে।

মহামহিমসকল

ভাৰতৰ যাত্ৰা অন্ত্যোদয়ৰ গভীৰ দৰ্শনে পৰিচালিত কৰে, অৰ্থাৎ শাৰীৰ  একেবাৰে শেষ ব্যক্তিজনকো শক্তিশালী কৰাই ইয়াৰ লক্ষ্য । আমাৰ অগ্ৰগতি হৈছে জীৱনচক্ৰ ভিত্তিক কাঠামোৰ ফল,  য’ত এটি  শিশুৱে সুস্থ ভেটি লাভ কৰে, এজন যুৱ প্ৰাপ্তবয়স্কই শিক্ষা আৰু জীৱিকাৰ বাবে সমৰ্থন  পায়, এজন শ্ৰমিকে কাম পায় আৰু এগৰাকী বৃদ্ধই বৃদ্ধ বয়সত মৰ্যাদা তথা আয়ৰ সুৰক্ষাৰ নিশ্চিতি লাভ  কৰে।

আজি ১১৮ নিযুত  স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে পুষ্টিকৰ মধ্যাহ্ন ভোজন লাভ কৰিছে, ৮০০ নিযুতৰো  অধিক নাগৰিকক খাদ্য সুৰক্ষা প্ৰদান কৰা হৈছে। ৪২৫ নিযুত  ভাৰতীয়ক স্বাস্থ্য সুৰক্ষা প্ৰদান কৰাৰ লগতে কম আয়ৰ লোকৰ বাবে  ৩৭ নিযুতৰো  অধিক  ঘৰৰ ব্যৱস্থা কৰা হৈছে।

২০১৭–১৮ আৰু ২০২৩–২৪ চনৰ ভিতৰত আমাৰ নিবনুৱাৰ হাৰ ৬%ৰ পৰা ৩.২%লৈ হ্ৰাস পাইছে আৰু মহিলাৰ নিয়োগৰ হাৰ প্ৰায় দুগুণ হৈছে। লাখ লাখ মহিলাক আত্মসহায়ক গোটৰ জড়িয়তে  সংগঠিত কৰা হৈছে। ঋণ প্ৰদানে এই মহিলা নেতৃত্বাধীন স্থানীয় প্ৰতিষ্ঠানসমূহৰ শক্তিৰ পৰিপূৰক হিচাপে কাম কৰিছে।

ভাৰতৰ সামাজিক সুৰক্ষাৰ কভাৰেজ ২০১৫ চনত ১৯%ৰ পৰা ২০২৫ চনত ৬৪.৩%লৈ বৃদ্ধি পাইছে।আমাৰ এই প্ৰচেষ্টাক স্বীকৃতি দি আন্তঃৰাষ্ট্ৰীয় সামাজিক সুৰক্ষা সংস্থাই এই বছৰ ভাৰতক “সামাজিক সুৰক্ষাৰ ক্ষেত্ৰত অসাধাৰণ সাফল্যৰ বাবে আই এছ এছ এ বঁটা” প্ৰদান কৰিছে।

আমাৰ প্ৰচেষ্টাৰ কেন্দ্ৰীয় বিষয় হৈছে এই কাৰ্যসূচীসমূহৰ নিৰৱচ্ছিন্ন প্ৰদানৰ বিষয়ত  গুৰুত্ব দিয়া। বেংক একাউণ্ট, মোবাইল ইণ্টাৰনেটৰ মালিকীস্বত্ব আৰু অনন্য নাগৰিক আইডিৰ নেটৱৰ্কৰ জৰিয়তে আমি প্ৰত্যক্ষ সুবিধা স্থানান্তৰৰ জৰিয়তে শেষ মাইললৈকে সেৱা  প্ৰদান কৰাটো  নিশ্চিত কৰিছো।

মহামহিমসকল

এই শীৰ্ষ সন্মিলনত আমি গ্ৰহণ কৰা ৰাজনৈতিক ঘোষণাপত্ৰখন বিশ্বৰ অগ্ৰাধিকাৰৰ সৈতে অনুৰণিত হৈছে, বিশেষকৈ মহিলা নেতৃত্বাধীন উন্নয়ন, পৰম্পৰাগত চিকিৎসা ব্যৱস্থা, ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি আৰু সমবায়সমূহক সৰ্বাংগীন বৃদ্ধিৰ ইঞ্জিন হিচাপে স্বীকৃতি দিয়া হৈছে ।

আমাৰ অৰ্থনৈতিক বৃদ্ধি আৰু সামাজিক উন্নয়নৰ পথসমূহ বহনক্ষম উন্নয়নৰ লক্ষ্য আৰু জলবায়ু পৰিৱৰ্তনৰ সন্দৰ্ভত আমাৰ প্ৰতিশ্ৰুতিৰ সৈতে মিল আছে। ৰাষ্ট্ৰসংঘৰ ১৭টা বহনক্ষম উন্নয়ন লক্ষ্যৰ কাৰ্যসূচীত আমি অটল হৈ আছো।

পাকিস্তানৰ ৰাষ্ট্ৰপতিয়ে কালি ভাৰতৰ  বিষয়ে কৰা মন্তব্যত  কিছুমান অযুক্তিকৰ উল্লেখৰ ওপৰত আমি তীব্ৰ আপত্তি কৰিছো।

ভাৰতৰ বিৰুদ্ধে ভুল তথ্য বিয়পাই বিশ্বক সামাজিক উন্নয়নত মনোনিৱেশ কৰাৰ পৰা বিচলিত কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় মঞ্চৰ অপব্যৱহাৰ কৰা হৈছে । আমি এই বিষয়টো স্পষ্ট কৰি দিব বিচাৰো।

সিন্ধু জল সন্ধি সন্দৰ্ভত পাকিস্তানে নিৰন্তৰ শত্ৰুতা আৰু সীমা অতিক্ৰম কৰি সন্ত্ৰাসবাদৰ জৰিয়তে এই সন্ধিৰ ভাৱনাক দুৰ্বল কৰিছে। ইয়াৰ উপৰি  ভাৰতৰ বৈধ প্ৰকল্পত বাধাৰ সৃষ্টি কৰিবলৈ সন্ধিৰ ব্যৱস্থাৰ বাৰে বাৰে  অপব্যৱহাৰ কৰা হৈছে।

জম্মু-কাশ্মীৰৰ ভাৰতীয় কেন্দ্ৰীয় শাসিত অঞ্চলৰ কথা ক’বলৈ গ’লে ভাৰতৰ আভ্যন্তৰীণ পৰিক্ৰমা সন্দৰ্ভত  মন্তব্য দিবলৈ পাকিস্তানৰ কোনো অধিকাৰ নাই।  বিশেষকৈ যেতিয়া দেশখনে  ভাৰতৰ নাগৰিকৰ বিৰুদ্ধে সীমা অতিক্ৰম কৰি সন্ত্ৰাসবাদী কাৰ্যত লিপ্ত হয়।

পাকিস্তানে আত্ম  বিশ্লেষণ  কৰি উন্নয়নৰ সৈতে জড়িত নিজৰ গুৰুতৰ প্ৰত্যাহ্বানসমূহৰ সমাধান কৰাটোহে  ভাল হ’ব।  যিবোৰ প্ৰত্যাহ্বানে দেশখনক  আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ ওপৰত নিৰ্ভৰশীল কৰি তুলিছে। আন্তঃৰাষ্ট্ৰীয় মঞ্চৰ অপব্যৱহাৰো বন্ধ কৰিব লাগে।

মহামহিমসকল

আমাৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জীৰ “সবকা সাথ, সবকা বিকাশ” অৰ্থাৎ ‘একেলগে আমি সকলোৱে সকলোৰে বাবে উন্নয়ন’ মন্ত্ৰৰ পৰা অনুপ্ৰাণিত হৈ আমি  আগবাঢ়িছো। আমি বিশ্বাস কৰোঁ যে সামাজিক প্ৰগতি তেতিয়াহে  সাধন হ’ব যেতিয়া মানুহ নীতিৰ মূলত থাকিব। যেতিয়া উদ্ভাৱন অন্তৰ্ভুক্তিৰ সৈতে মিলি যায় তেতিয়া উন্নয়ন এক সন্মিলিত প্ৰচেষ্টাত পৰিণত হয়।

 

এই মঞ্চই প্ৰতিখন দেশৰ সুকীয়া পৰিস্থিতি, অৰ্থনৈতিক প্ৰয়োজনীয়তা, সামাজিক প্ৰয়োজনীয়তাক  স্বীকৃতি দিয়াটোও গুৰুত্বপূৰ্ণ কথা ।

ভাৰতৰ উন্নয়নৰ কাহিনীয়ে গ্ল’বেল চাউথৰ বাবে এক অনুকৰণমূলক উন্নয়নৰ আৰ্হি আগবঢ়াইছে । আমি সামূহিকভাৱে সামাজিক উন্নয়নৰ ভৱিষ্যতৰ গতিপথ নিৰ্ধাৰণ কৰাৰ সময়তে ভাৰতে নিজৰ উত্তম পদ্ধতিসমূহ ভাগ-বতৰা কৰিবলৈ আৰু বিশ্ব অংশীদাৰিত্ব শক্তিশালী কৰিবলৈ সাজু হৈ আছে।

মই ৰাষ্ট্ৰসংঘ আৰু কাটাৰ চৰকাৰক মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিছো, এই সময়োপযোগী সমাৱেশৰ আয়োজন কৰাৰ বাবে,  যিয়ে বিশ্বৰ নেতৃত্বক সামাজিকভাৱে ন্যায়সংগত আৰু এখন উন্নত  বিশ্ব সৃষ্টিৰ বাবে তেওঁলোকৰ প্ৰতিশ্ৰুতি দৃঢ় কৰি তোলাৰ এক মঞ্চ প্ৰদান কৰিছে ।

ধন্যবাদ।


(Release ID: 2186737) Visitor Counter : 12