প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে এছিয়ান গেমছ, ২০২২-ৰ ৫০ মিটাৰ ৰাইফল ৩ পজিচনত ৰূপৰ পদক অৰ্জন কৰা মহিলা টীমক অভিনন্দন জনায়

प्रविष्टि तिथि: 27 SEP 2023 4:34PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হাংঝুত অনুষ্ঠিত এছিয়ান গেমছ, ২০২২-ৰ ৫০ মিটাৰ ৰাইফল ৩ পজিচনত ৰূপৰ পদক অৰ্জনৰ বাবে ছিফ্ট কৌৰ সমৰা, আশী চকছী আৰু মণিনী কৌশিকৰে গঠিত মহিলা টীমটোক অভিনন্দন জ্ঞাপন কৰিছে।

প্ৰধানমন্ত্ৰীয়ে এক্স-ত এইদৰে প’ষ্ট কৰিছেঃ

“আমাৰ সমৰ্পিত আৰু প্ৰতিভাৱান মহিলা টীমে এছিয়ান গেমছৰ ৫০ মিটাৰ ৰাইফল ৩ পজিচনত ৰূপৰ পদক লাভ কৰিছে। তেওঁলোকে অসাধাৰণ প্ৰতিভা প্ৰদৰ্শন কৰিছে। মই ছিফ্ট কৌৰ সমৰা, আশী চকছী আৰু মণিনী কৌশিকক অভিনন্দন জনালোঁ।”

***


DS/TS/SB
 


(रिलीज़ आईडी: 2186224) आगंतुक पटल : 19
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam