কেবিনেট
azadi ka amrit mahotsav

৫.৪৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ পুনে মেট্ৰ’ প্ৰথম পৰ্য়ায় প্ৰকল্পৰ স্বৰগেটৰ পৰা দক্ষিণৰ কাটৰাজলৈ সম্প্ৰসাৰণত কেবিনেটৰ অনুমোদন

২০২৯ চনৰ ভিতৰত সম্পূৰ্ণ হ’বলগীয়া প্ৰকল্পটোৰ আনুমানিক ব্যয় ২,৯৫৪.৫৩ কোটি টকা

Posted On: 16 AUG 2024 8:18PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি কেন্দ্ৰীয় কেবিনেটে পুনে মেট্ৰ’ প্ৰথম পৰ্যায়ৰ প্ৰকল্পৰ ৫.৪৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ দক্ষিণৰ স্বৰগেটৰ পৰা কাটৰাজলৈ সম্প্ৰসাৰণৰ বাবে অনুমোদন জনায়। নতুন সম্প্ৰসাৰণৰ দৈৰ্ঘ্য ৫.৪৬ কিলোমিটাৰ। ই লাইন-১বিৰ সম্প্ৰসাৰণ। ইয়াৰ তিনিটা আণ্ডাৰগ্ৰাউণ্ড ষ্টেচন থাকিব। ইয়াৰ জৰিয়তে মাৰ্কেট য়াৰ্ড, বিৱেৱাডী, বালাজী নগৰ আৰু কাটৰাজ উপকণ্ঠৰ দৰে অঞ্চলসমূহ সংযোগ হ’ব।

 

এই প্ৰকল্পৰ কাম ২০২৯ চনৰ ফেব্ৰুৱাৰী মাহৰ ভিতৰত সম্পূৰ্ণ হ’ব।উদ্দেশ্য পুনেত নিৰৱচ্ছিন্ন মেট্ৰ’ সেৱা প্ৰদান কৰা। প্ৰকল্পটোৰ আনুমানিক ব্যয় ২,৯৫৪.৫৩ কোটি টকা। কেন্দ্ৰীয় চৰকাৰ আৰু মহাৰাষ্ট্ৰ চৰকাৰে দুয়োপক্ষৰ বিভিন্ন সংস্থাৰ সৈতে সমানে এই পুঁজি প্ৰদান কৰিব।

 

স্বৰগেটৰ পৰা কাটৰাজলৈ এই ভূগৰ্ভস্থ মেট্ৰ’ লাইনে কেৱল যান-জঁটৰ সমস্যা সমাধান কৰাই নহয়, দুৰ্ঘটনাৰ আশংকাও হ্ৰাস কৰিব আৰু মানুহে নিৰাপদে চলাচল কৰিব পাৰিব। তদুপৰি, মহানগৰীৰ বহনক্ষম উন্নয়নৰ বাবে পৰিৱেশ প্ৰদূষণ ৰোধ কৰাত সহায় কৰিব।

 

প্ৰকল্পটো কাৰ্যকৰী কৰাৰ দায়িত্ব মহা-মেট্ৰ’ৰ। কিছুদিনৰ পাছত নিবিদা আহ্বান কৰিব। পুনে মেট্ৰ’ ৰে’লপথৰ এই সম্প্ৰসাৰণে তাত অৰ্থনৈতিক প্ৰগতিৰ পৰিসৰ বৃদ্ধি কৰিব। ইয়াৰ দ্বাৰা নগৰীয়া আন্তঃগাঁথনিও উন্নত হ’ব।

***

MJPS/BM/SKS


(Release ID: 2181732) Visitor Counter : 5