প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ ইজিপ্তৰ বৈদেশিক মন্ত্ৰীৰ
গাজা শান্তি চুক্তিত ইজিপ্তৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ বাবে ৰাষ্ট্ৰপতি চিচিক উষ্ম অভিনন্দন জ্ঞাপন প্ৰধানমন্ত্ৰীৰ
এফ এম আব্দেলাট্টীয়ে প্ৰধানমন্ত্ৰীক তেওঁৰ ভ্ৰমণকালত অনুষ্ঠিত প্ৰথমখন ভাৰত-ইজিপ্ত কৌশলগত আলোচনাৰ বিষয়ে অৱগত কৰে
দ্বিপাক্ষিক সহযোগিতাৰ বিভিন্ন ক্ষেত্ৰত হোৱা অগ্ৰগতিত সন্তোষ প্ৰকাশ প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
17 OCT 2025 4:23PM by PIB Guwahati
ইজিপ্তৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ বদ্ৰ আব্দেলাট্টীয়ে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে গাজা শান্তি চুক্তিত ইজিপ্তৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ বাবে ৰাষ্ট্ৰপতি চিচিক উষ্ম অভিনন্দন জ্ঞাপন কৰে আৰু আশা প্ৰকাশ কৰে যে ই অঞ্চলটোত স্থায়ী শান্তিৰ পথ প্ৰশস্ত কৰিব।
বৈদেশিক মন্ত্ৰী আব্দেলাট্টীয়ে প্ৰধানমন্ত্ৰীক তেওঁৰ ভ্ৰমণকালত অনুষ্ঠিত প্ৰথমখন ভাৰত-ইজিপ্ত কৌশলগত আলোচনাৰ বিষয়ে অৱগত কৰে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে বাণিজ্য, প্ৰযুক্তি, শক্তি, প্ৰতিৰক্ষা আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্ককে ধৰি দ্বিপাক্ষিক সহযোগিতাৰ বিভিন্ন ক্ষেত্ৰত হোৱা অগ্ৰগতিত সন্তোষ প্ৰকাশ কৰে।
***
MJPS/VJ/KD
(रिलीज़ आईडी: 2180399)
आगंतुक पटल : 16
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Odia
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam