প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে তেখেতৰ বাসগৃহত জন্ম পোৱা গৰু পোৱালীৰ নাম ৰাখিলে ‘দীপজ্যোতি’

পোষ্ট কৰা হৈছে: 14 SEP 2024 12:21PM by PIB Guwahati

 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেখেতৰ বাসগৃহত জন্ম পোৱা গৰু পোৱালী এটাৰ নাম দীপজ্যোতি ৰাখিছে।

এই সন্দৰ্ভত এক্সত ভিডিঅ’ আৰু ফটো প’ষ্টৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে লিখিছেঃ

“আমাৰ শাস্ত্ৰত হৈছে – গাবঃ সৰ্বসুখ প্ৰদাঃ।

লোক কল্যাণ মাৰ্গস্থিত প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ পৰিয়াললৈ এজন নতুন সদস্যৰ শুভ আগমন ঘটিছে।

প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ মৰমৰ গো মাতাই এটা পোৱালী জন্ম দিছে, যাৰ কপালত জ্যোতিৰ চিহ্ন বিৰাজমান।

সেয়ে, মই ইয়াৰ নাম ৰাখিছোঁ ‘দীপজ্যোতি’।”

“৭ লোক কল্যাণ মাৰ্গলৈ এজন নতুন সদস্যৰ আগমন!

দীপজ্যোতি সঁচাকৈয়ে মৰমলগা।”

***

MJPS/TS/SB
 


(ৰিলিজ আই ডি : 2178541) অতিথি কক্ষ : 22