প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
নিটি আয়োগৰ বিশিষ্ট অৰ্থনীতিবিদসকলক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
বৈঠকৰ মূল বিষয় : বিশ্বৰ অনিশ্চয়তাৰ সময়ত ভাৰতৰ বৃদ্ধিৰ গতি বজাই ৰখা
২০৪৭ চনৰ ভিতৰত ভাৰতৰ উন্নয়নৰ লক্ষ্যত উপনীত হ’বলৈ মানসিকতাৰ মৌলিক পৰিৱৰ্তনৰ প্ৰয়োজন: প্ৰধানমন্ত্ৰী
অৰ্থনীতিবিদসকলে নিয়োগ, দক্ষতা বিকাশ, কৃষি উৎপাদনশীলতা, বিনিয়োগ আকৰ্ষণ আৰু ৰপ্তানি বৃদ্ধিকে ধৰি কেইবাটাও বিষয়ত পৰামৰ্শ আগবঢ়ায়
प्रविष्टि तिथि:
24 DEC 2024 6:47PM by PIB Guwahati
২০২৫-২৬ বৰ্ষৰ কেন্দ্ৰীয় বাজেটৰ প্ৰস্তুতিৰ অংশ হিচাপে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নিটি আয়োগত বিশিষ্ট অৰ্থনীতিবিদ আৰু থিংক টেংকৰ এটা দলক সাক্ষাৎ কৰে।
বৈঠকৰ মূল বিষয় আছিল “গোলকীয় অনিশ্চয়তাৰ সময়ত ভাৰতৰ বৃদ্ধিৰ গতি বজাই ৰখা”।
প্ৰধানমন্ত্ৰীয়ে বক্তাসকলক তেওঁলোকৰ অন্তৰ্দৃষ্টিসম্পন্ন মতামতৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। ২০৪৭ চনৰ ভিতৰত ভাৰতক উন্নত দেশ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে মানসিকতাৰ মৌলিক পৰিৱৰ্তনৰ জৰিয়তেহে উন্নত ভাৰত সম্ভৱ বুলি তেওঁ গুৰুত্ব আৰোপ কৰে।
অংশগ্ৰহণকাৰীসকলে একাধিক গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত নিজৰ মতামত আৰু প্ৰস্তাৱসমূহ ভাগ-বতৰা কৰে। ইয়াৰ ভিতৰত আছিল বিশ্ব অৰ্থনৈতিক অনিশ্চয়তা আৰু ভূ-ৰাজনৈতিক উত্তেজনাৰ প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰাৰ উপায়, যুৱক-যুৱতীসকলৰ বাবে কৰ্মসংস্থাপনৰ সুযোগ বৃদ্ধি আৰু বিভিন্ন খণ্ডত বহনক্ষম চাকৰিৰ সৃষ্টি, পৰিৱৰ্তিত চাকৰিৰ বজাৰৰ সৈতে শিক্ষা আৰু প্ৰশিক্ষণ কাৰ্যসূচীক একাকাৰ কৰা, কৃষি উৎপাদনশীলতা বৃদ্ধি আৰু গ্ৰাম্য নিয়োগ সম্প্ৰসাৰণ, ব্যক্তিগত বিনিয়োগক আকৰ্ষণ কৰা আৰু ৰাজহুৱা পুঁজিৰ জৰিয়তে আন্তঃগাঁথনি উন্নয়নত বিনিয়োগ বৃদ্ধি কৰা, আৰ্থিক বিনিয়োগ শক্তিশালী কৰা, বিদেশী বিনিয়োগ আকৰ্ষণ কৰিবলৈ ৰপ্তানি আৰু কৌশল সম্প্ৰসাৰণ কৰা।
আলোচনাত কেইবাজনো বিশিষ্ট অৰ্থনীতিবিদ আৰু বিশ্লেষক ক্ৰমে - ড° সুৰজিৎ এছ ভল্লা, ড° অশোক গুলাতী, ড° সুদীপ্ত মুণ্ডেল, শ্ৰী ধৰ্মকৰ্তী যোশী, শ্ৰী জনমেজয় সিনহা, শ্ৰী মদন সবনৱী, অধ্যাপিকা অমিতা বাত্ৰ, শ্ৰী ৰিধাম দেশাই, অধ্যাপক চেতন ঘাটে, অধ্যাপক ভাৰত ৰামাস্বামী, ড. সৌম্য কান্তি ঘোষ, শ্ৰী সিদ্ধাৰ্থ সন্যাল, ড° লভিশ ভাণ্ডাৰী, শ্ৰীমতী ড. ৰজনী সিনহা, অধ্যাপক কেশৱ দাস, ড° প্ৰীতম বেনাৰ্জী, শ্ৰী ৰাহুল বজোৰিয়া, শ্ৰী নিখিল গুপ্তা আৰু অধ্যাপক শাস্বত আলোক উপস্থিত থাকে।
***
MJPS/ST
(रिलीज़ आईडी: 2178409)
आगंतुक पटल : 20
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam