প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে ভিকে মালহোত্ৰৰ বাসগৃহলৈ গৈ তেওঁক শ্ৰদ্ধাঞ্জলি জনায়
प्रविष्टि तिथि:
30 SEP 2025 2:21PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আজি প্ৰয়াত ভিকে মালহোত্ৰৰ বাসগৃহলৈ গৈ তেওঁৰ বিদেহ আত্মাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেখেতে লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জনায়।
ভিকে মালহোত্ৰৰ অৱদানক স্মৰণেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে দিল্লীৰ উন্নয়নৰ অৰ্থে তেওঁ গ্ৰহণ কৰা প্ৰচেষ্টাৰাজি সদায় স্মৰণীয় হৈ থাকিব।
এক্স-ৰ এটা প’ষ্টত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;
“প্ৰয়াত ভিকে মালহোত্ৰ ডাঙৰীয়াৰ বাসগৃহলৈ গৈ তেওঁক শ্ৰদ্ধাঞ্জলি জনালোঁ। লগতে তেওঁৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰোঁ। দিল্লীৰ উন্নয়ন আৰু আমাৰ দলৰ সুশাসনৰ কাৰ্য্যপন্থাক আগুৱাই নিয়াৰ ক্ষেত্ৰত তেওঁৰ অৱদান চিৰ-স্মৰণীয় হৈ থাকিব।”
***
MJPS/ST/SB
(रिलीज़ आईडी: 2173422)
आगंतुक पटल : 24
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Odia
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam