প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
                
                
                
                
                
                    
                    
                        প্ৰধানমন্ত্ৰীয়ে নেপালৰ শান্তি আৰু স্থিৰতা পুনৰুদ্ধাৰৰ বাবে ভাৰতৰ দৃঢ় সমৰ্থন পুনৰ নিশ্চিত কৰে 
                    
                    
                        
                    
                
                
                    Posted On:
                18 SEP 2025 1:05PM by PIB Guwahati
                
                
                
                
                
                
                প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নেপালৰ অন্তৱৰ্তীকালীন চৰকাৰৰ প্ৰধানমন্ত্ৰী শ্ৰীমতী সুশীলা কাৰ্কিৰ সৈতে এক উষ্ম বাৰ্তালাপ কৰে। শ্ৰী মোদীয়ে শেহতীয়াকৈ প্ৰাণ হেৰুওৱা লোক সকলৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰে আৰু শান্তি তথা সুস্থিৰতা ঘূৰাই অনাৰ বাবে শ্ৰীমতী সুশীলা কাৰ্কিৰ প্ৰচেষ্টাৰ প্ৰতি ভাৰতৰ অটল সমৰ্থন পুনৰ নিশ্চিত কৰে। "লগতে, মই তেওঁক আৰু নেপালৰ জনসাধাৰণক কাইলৈৰ ৰাষ্ট্ৰীয় দিৱসৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছো", শ্ৰী মোদীয়ে লগতে কয়।
এক্সৰ এটা পোষ্টত শ্ৰী মোদীয়ে কয়ঃ
"নেপালৰ অন্তৱৰ্তীকালীন চৰকাৰৰ প্ৰধানমন্ত্ৰী শ্ৰীমতী সুশীলা কাৰ্কীৰ সৈতে উষ্ম বাৰ্তালাপ কৰি শেহতীয়া শোকাৱহ ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰো আৰু শান্তি তথা সুস্থিৰতা পুনৰুদ্ধাৰৰ বাবে তেওঁৰ প্ৰচেষ্টাৰ প্ৰতি ভাৰতৰ অটল সমৰ্থন পুনৰ নিশ্চিত কৰো, লগতে কাইলৈৰ ৰাষ্ট্ৰীয় দিৱসত মই তেওঁক আৰু নেপালৰ জনসাধাৰণক শুভেচ্ছা জনাইছো।"
 
***
MJPS/VJ/MK
                
                
                
                
                
                (Release ID: 2168002)
                Visitor Counter : 9
                
                
                
                    
                
                
                    
                
                Read this release in: 
                
                        
                        
                            Odia 
                    
                        ,
                    
                        
                        
                            English 
                    
                        ,
                    
                        
                        
                            Urdu 
                    
                        ,
                    
                        
                        
                            Marathi 
                    
                        ,
                    
                        
                        
                            हिन्दी 
                    
                        ,
                    
                        
                        
                            Nepali 
                    
                        ,
                    
                        
                        
                            Bengali 
                    
                        ,
                    
                        
                        
                            Bengali-TR 
                    
                        ,
                    
                        
                        
                            Manipuri 
                    
                        ,
                    
                        
                        
                            Punjabi 
                    
                        ,
                    
                        
                        
                            Gujarati 
                    
                        ,
                    
                        
                        
                            Tamil 
                    
                        ,
                    
                        
                        
                            Telugu 
                    
                        ,
                    
                        
                        
                            Kannada 
                    
                        ,
                    
                        
                        
                            Malayalam