প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

মধ্যপ্ৰদেশৰ ধৰত উন্নয়নমূলক কামৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ

Posted On: 17 SEP 2025 4:18PM by PIB Guwahati

ভাৰত মাতা কি জয়! ভাৰত মাতা কি জয়! ভাৰত মাতা কি জয়!

 

নৰ্মদা মাৰ  জয়! নৰ্মদা মাৰ জয়! নৰ্মদা মাৰ জয়!

 

মধ্য প্ৰদেশৰ ৰাজ্যপাল মংগুভাই পেটেল, আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰীযুত মোহন যাদৱ, কেন্দ্ৰত মোৰ সহকৰ্মী, ভগ্নী সাবিত্ৰী ঠাকুৰ, সকলো কেন্দ্ৰীয় মন্ত্ৰী, ৰাজ্যপাল, মুখ্যমন্ত্ৰী, মঞ্চত উপস্থিত থকা আন সকলো গণ্যমান্য ব্যক্তি তথা ৰ মোৰ মৰমৰ ভাই-ভনীসকল!

 

জ্ঞানৰ দেৱী আৰু ধৰ ভোজশালাৰ মাতৃ বাগদেৱীৰ চৰণত প্ৰণাম জনাইছো।  আজি দক্ষতা আৰু নিৰ্মাণৰ দেৱতা ভগৱান বিশ্বকৰ্মাৰ জন্ম বাৰ্ষিকী। এনে সময়তে ভগৱান বিশ্বকৰ্মাক শ্ৰদ্ধাঞ্জলি জনাইছো। বিশ্বকৰ্মা জয়ন্তী উপলক্ষে নিজৰ দক্ষতাৰে দেশ -নিৰ্মাণৰ কামত নিয়োজিত লাখ লাখ ভাই-ভনীকো শ্ৰদ্ধাৰে প্ৰণাম জনাইছো।

 

বন্ধুসকল,

 

এই ধৰ ভূমি সদায় শৌৰ্যৰ ভূমি, প্ৰেৰণাৰ ভূমি হৈ আহিছে। মহাৰাজ ভোজৰ শৌৰ্য্য...আমি চাগে সেয়া  শুনা বা দেখা নাপাওঁ। আপোনালোক  যিমানেই দূৰত নাথাকক কিয়, মই বুজি পাওঁ আপোনালোকৰ হৃদয়ত কি আছে। ইয়াৰ টেকনিচিয়ানসকলে যদি সহায় কৰিব পাৰে তেন্তে অনুগ্ৰহ কৰি সহায় কৰক।  মধ্যপ্ৰদেশৰ মানুহ, তেওঁলোক অতি অনুশাসিত। অসুবিধা থাকিলেও সহনশীলতা মধ্যপ্ৰদেশৰ এটা বৈশিষ্ট্য হৈ আহিছে, মই ইয়াতো সেি কথা অনুভৱ কৰিছো।

 

বন্ধুসকল,

 

মহাৰাজ ভোজৰ বীৰত্বই আমাক জাতীয় গৌৰৱ ৰক্ষাৰ বাবে দৃঢ়তাৰে থিয় দিবলৈ শিকাইছে। মহৰ্ষি দধিচীৰ ত্যাগে আমাক মানৱতাৰ সেৱা কৰাৰ সংকল্প দিছে । এই উত্তৰাধিকাৰৰ পৰা প্ৰেৰণা লৈ আজি দেশে ভাৰত মাতৃৰ সুৰক্ষাক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিছে । পাকিস্তানৰ পৰা অহা সন্ত্ৰাসবাদীয়ে আমাৰ ভগ্নী  আৰু কন্যাৰ  সইৰত থকা সেন্দূৰ  ধ্বংস কৰি পেলাইছিল। অপাৰেচন সিন্দূৰৰ জৰিয়তে আমি সন্ত্ৰাসবাদীয়ে  আত্মগোপন কৰা  স্থান ধ্বংস কৰিছো। আমাৰ সাহসী সৈন্যই চকুৰ পলকতে পাকিস্তানক আঁঠু লোৱাইছে । সৌসিদিনা  বিশ্বই পাকিস্তানী সন্ত্ৰাসবাদীয়ে কান্দি কান্দি নিজৰ অধ্যায়ৰ কথা কোৱাৰ সাক্ষী হৈ পৰিল।

 

বন্ধুসকল,

 

এয়া এখন নতুন ভাৰত। কাৰো পাৰমাণৱিক ভাবুকিৰ প্ৰতি ই ভয় নকৰে। শত্ৰুৰ ঘৰত প্ৰৱেশ কৰি হত্যা কৰা এইখন নতুন ভাৰত।

 

বন্ধুসকল,

 

আজি ১৭ ছেপ্টেম্বৰ, আজি আন এক ঐতিহাসিক অনুষ্ঠান। আজিৰ দিনটোতে চৰ্দাৰ পেটেলৰ তীখাৰ দৰে ইচ্ছাৰ নিদৰ্শন দেশখনে প্ৰত্যক্ষ কৰিছিল। ভাৰতীয় সেনাই হায়দৰাবাদক অসংখ্য অত্যাচাৰৰ পৰা মুক্ত কৰি ভাৰতৰ অধিকাৰ ৰক্ষা কৰি ভাৰতৰ গৌৰৱ পুনৰ ঘূৰাই আনিলে। দশক দশক পাৰ হৈ গ’ল এই কীৰ্তিচিহ্নস্বৰূপ কৃতিত্ব, এই কৃতিত্ব, সেনাবাহিনীৰ অপৰিসীম সাহসক কোনেও মনত পেলোৱা নাছিল । কিন্তু আপোনালোকে  মোক সুযোগ দিছে । আমাৰ চৰকাৰে ১৭ ছেপ্টেম্বৰ, চৰ্দাৰ পেটেল  আৰু হায়দৰাবাদৰ কাণ্ডক অমৰ কৰি তুলিছে। ভাৰতৰ ঐক্যৰ প্ৰতীক এই দিৱসটো আমি হায়দৰাবাদ মুক্তি দিৱস হিচাপে উদযাপন কৰিবলৈ আৰম্ভ কৰিছো।  আজি হায়দৰাবাদত অতি আড়ম্বৰেৰে মুক্তি দিৱসৰ কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে। হায়দৰাবাদ মুক্তি দিৱসে আমাক এই কথাত অনুপ্ৰাণিত কৰে যে ভাৰত মাতৃৰ সন্মান আৰু গৌৰৱতকৈ ডাঙৰ একোৱেই নহয়। যদি আমি জীয়াই থাকোঁ, তেন্তে আমি দেশৰ বাবে জীয়াই থকা উচিত আৰু আমাৰ জীৱনৰ প্ৰতিটো মুহূৰ্ত দেশৰ প্ৰতি উৎসৰ্গা কৰা উচিত।

 

বন্ধুসকল,

 

আমাৰ স্বাধীনতা সংগ্ৰামীসকলে দেশৰ বাবে মৃত্যুৰ শপত খাই সকলো উৎসৰ্গা কৰিলে। তেওঁলোকৰ সপোন আছিল ‘উন্নত ভাৰত’; তেওঁলোকে বিচাৰিছিল যে ভাৰতে দাসত্বৰ শিকলি ভাঙি দ্ৰুতগতিত আগবাঢ়ি যাওক। আজি ইয়াৰ দ্বাৰা অনুপ্ৰাণিত হৈ আমি ভাৰতৰ ১৪০ কোটি জনসাধাৰণে এখন উন্নত ভাৰত গঢ়াৰ সংকল্প লৈছো। উন্নত ভাৰতৰ দিশে এই যাত্ৰাৰ চাৰিটা গুৰুত্বপূৰ্ণ স্তম্ভ হ'ল ভাৰতৰ নাৰী শক্তি, যুৱ শক্তি, দুখীয়া লোক , আৰু কৃষক। আজি এই কাৰ্যসূচীত উন্নত ভাৰতৰ এই চাৰিটা স্তম্ভক শক্তিশালী কৰা হৈছে। মোৰ মা, ভনী, কন্যাসকলৰ  বৃহৎ সংখ্যক ইয়ালৈ আহিছে। আজিৰ অনুষ্ঠানত নাৰী শক্তিৰ প্ৰতি যথেষ্ট গুৰুত্ব দিয়া হৈছে। এই কাৰ্যসূচী ধৰত চলি আছে যদিও এয়া সমগ্ৰ দেশৰ বাবে,  সমগ্ৰ  দেশৰ  মাতৃ-ভগ্নীৰ বাবে। ইয়াৰ পৰাই "স্বাস্থ্যৱান মহিলা, সবল পৰিয়াল" শীৰ্ষক এক বৃহৎ অভিযান আৰম্ভ কৰা হৈছে। দেৱী বাগদেৱীৰ আশীৰ্বাদত ইয়াতকৈ ডাঙৰ কাম কি সম্পন্ন হ’ব পাৰে?

 

বন্ধুসকল,

 

ইতিমধ্যে দেশজুৰি বিভিন্ন পৰ্যায়ত শুনা গৈছে "আদি সেৱা পৰ্ব"ৰ প্ৰতিধ্বনি। ইয়াৰ মধ্যপ্ৰদেশ সংস্কৰণো আজিৰ পৰা আৰম্ভ হৈছে। এই অভিযানে মধ্যপ্ৰদেশকে ধৰি ধৰৰ আমাৰ জনজাতীয় জনগোষ্ঠীসমূহক বিভিন্ন আঁচনিৰ জৰিয়তে পোনপটীয়াকৈ সংযোগ কৰা এখন সেতু হিচাবে কাম কৰিব।

বন্ধুসকল,

 

আজি বিশ্বকৰ্মা জয়ন্তী উপলক্ষে এক বৃহৎ ঔদ্যোগিক পদক্ষেপো গ্ৰহণ কৰিবলৈ যোৱা হৈছে।   ইয়াত দেশৰ সৰ্ববৃহৎ সংহত বস্ত্ৰ উদ্যানৰ আধাৰশিলা স্থাপন কৰা হৈছে। এই উদ্যানখনে ভাৰতৰ বস্ত্ৰ উদ্যোগক সজীৱ কৰি তুলিব। কৃষকে তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ উচিত মূল্য লাভ কৰিব। আৰু মই আনন্দিত হৈছো যে কেৱল  ধৰতে নহয়, সমগ্ৰ দেশৰ লাখ লাখ কৃষক বৰ্তমান আমাৰ সৈতে এই কাৰ্যসূচীত জড়িত হৈ আছে।

 

বন্ধুসকল,

 

পি এম মিত্ৰ পাৰ্ক আৰু বস্ত্ৰ উদ্যানৰ আটাইতকৈ ডাঙৰ লাভ হ’ব আমাৰ যুৱক-যুৱতী আৰু মহিলাসকলে লাভ কৰা বৃহৎ সংখ্যক চাকৰি। এই প্ৰকল্প আৰু অভিযানৰ বাবে মোৰ সকলো দেশবাসীক অভিনন্দন জনাইছো। মধ্যপ্ৰদেশলৈ বিশেষ অভিনন্দন জ্ঞাপন কৰিলোঁ।

 

বন্ধুসকল,

 

আমাৰ মাতৃ-ভগ্নীসকল, আমাৰ নাৰী শক্তি, জাতিৰ প্ৰগতিৰ মূল ভেটি। আমি সকলোৱে দেখিবলৈ পাইছো  যে এগৰাকী মাতৃ সুস্থ হ’লেহে গোটেই ঘৰখন সুস্থ হৈ থাকিব ।

 

বন্ধুসকল,

 

এগৰাকী মাতৃ অসুস্থ হ’লে সমগ্ৰ পৰিয়াল ব্যৱস্থাৰ পতন ঘটে। সেইবাবেই এই অভিযান, "সুস্থ মহিলা - শক্তিশালী পৰিয়াল" মাতৃ আৰু ভগ্নীসকলৰ বাবে উৎসৰ্গিত, তেওঁলোকৰ উজ্জ্বল ভৱিষ্যতৰ বাবে উৎসৰ্গিত। সম্পদৰ অভাৱত যাতে এজনো মহিলাই কোনো গুৰুতৰ ৰোগৰ বলি নহয় তাৰ প্ৰতি গুৰুত্ব আৰোপেই  আমাৰ লক্ষ্য। গোপনে অনেক ৰোগে আমাক আক্ৰান্ত কৰে ।

 

বন্ধুসকল,

 

মাতৃ, ভগ্নী, কন্যাৰ স্বাস্থ্য আমাৰ অগ্ৰাধিকাৰ। আমাৰ চৰকাৰেও গৰ্ভৱতী মহিলা আৰু কন্যাৰ উপযুক্ত পুষ্টি নিশ্চিত কৰাৰ বাবে আবিৰতভাবে  কাম কৰি আছো । আজি আমি আৰম্ভ কৰিছো অষ্টম ৰাষ্ট্ৰীয় পুষ্টি মাহ। উন্নয়নশীল ভাৰতত আমি যিমান পাৰি মাতৃ আৰু শিশুৰ মৃত্যুৰ হাৰ হ্ৰাস কৰিব লাগিব। ইয়াৰ বাবে আমি ২০১৭ চনত প্ৰধানমন্ত্ৰী মাত্ৰু বন্দনা যোজনা আৰম্ভ কৰিছিলো।এই আঁচনিৰ অধীনত প্ৰথম সন্তান জন্মৰ বাবে পাঁচ হাজাৰ টকা পোনপটীয়াকৈ বেংক একাউণ্টত আৰু দ্বিতীয় কন্যাৰ জন্মৰ বাবে ছহাজাৰ টকা দিয়া হয়। এই পৰ্যন্ত চাৰে চাৰি কোটি গৰ্ভৱতী মাতৃয়ে মাত্ৰু বন্দনা যোজনাৰ দ্বাৰা উপকৃত হৈছে। আৰু এতিয়ালৈকে ১৯ হাজাৰ কোটি টকাতকৈও অধিক—এই পৰিসংখ্যাৰ অৰ্থ কি সেয়াও হয়তো একাংশ লোকে বুজি নাপাব। ১৯ হাজাৰ কোটিতকৈও অধিক টকা মোৰ মা আৰু ভগ্নীৰ বেংক একাউণ্টত সোমাইছে। আজি এটা ক্লিকতে ১৫ লাখৰো অধিক গৰ্ভৱতী মাতৃলৈ সাহায্য প্ৰেৰণ কৰা হৈছে। আজি তেওঁলোকৰ একাউণ্টত জমা হৈছে ৪৫০ কোটিতকৈ অধিক টকা, সেয়াও  ধৰৰ ভূমিৰ পৰাই।

 

বন্ধুসকল,

 

আজি মধ্যপ্ৰদেশৰ ভূমিৰ পৰা আন এক অভিযানৰ বিষয়ে আলোচনা কৰিব বিচাৰিছো। জানেনে, আমাৰ জনজাতীয় অঞ্চলত ছিকেল চেল এনিমিয়া এটা ডাঙৰ সংকট হৈ পৰিছে। আমাৰ চৰকাৰে আমাৰ জনজাতীয় ভাই-ভনীসকলক এই ৰোগৰ পৰা ৰক্ষা কৰিবলৈ ৰাষ্ট্ৰীয় অভিযান চলাই থকা হৈছে । আমি ২০২৩ চনত মধ্যপ্ৰদেশৰ শ্বাহদলত এই অভিযান আৰম্ভ কৰিছিলো। শ্বাহদোলতেই আমি প্ৰথমখন ছিকেল চেল স্ক্ৰীনিং কাৰ্ড বিতৰণ কৰিছিলোঁ। আজি মধ্যপ্ৰদেশত এক কোটিতম ছিকেল চেল স্ক্ৰীনিং কাৰ্ড বিতৰণ কৰা হয়। এইমাত্ৰ মঞ্চলৈ  অহা এই ছোৱালীজনীক দিয়া কাৰ্ডখন আছিল এক কোটিতম কাৰ্ড, আৰু এই কথা মই মধ্যপ্ৰদেশৰ কথা কৈছো। এই অভিযানৰ অধীনত এই পৰ্যন্ত সমগ্ৰ দেশতে ৫ কোটিতকৈ অধিক লোকৰ স্ক্ৰীনিং কৰা হৈছে। ছিকেল চেল স্ক্ৰীনিঙে আমাৰ জনজাতীয় সমাজৰ লাখ লাখ লোকৰ জীৱন ৰক্ষা কৰিছ, কিন্তু  বহুতে হয়তো এই বিষয়ে অৱগত নহয়।

 

বন্ধুসকল,

 

আমি যি কামত নিয়োজিত হৈ আছো সেয়া আগন্তুক প্ৰজন্মৰ বাবে এক বৃহৎ আশীৰ্বাদ হ’বলৈ গৈ আছে। আজি যিসকলৰ জন্মও হোৱা নাই তেওঁলোকৰ বাবেও কাম কৰি আছো। বৰ্তমানৰ প্ৰজন্ম যদি সুস্থ হৈ উঠে তেন্তে ই তেওঁলোকৰ ভৱিষ্যত সন্তানৰ স্বাস্থ্যৰ নিশ্চয়তা প্ৰদান কৰিব। বিশেষকৈ আমাৰ জনজাতীয় মাতৃ-ভগ্নীসকলক ছিকেল চেল এনিমিয়াৰ পৰীক্ষা কৰিবলৈ আহ্বান জনাম।

 

বন্ধুসকল,

 

মাতৃ-ভগ্নীসকলৰ জীৱন সহজ কৰি তোলা আৰু তেওঁলোকৰ অসুবিধা কমাই দিয়াটো মই সদায়ে প্ৰচেষ্টা চলাই আছো । স্বচ্ছ ভাৰত অভিযানৰ অধীনত নিৰ্মিত লাখ লাখ শৌচাগাৰ, উজ্জ্বলা যোজনাৰ জৰিয়তে প্ৰদান কৰা লাখ লাখ বিনামূলীয়া গেছ সংযোগ, প্ৰতি ঘৰে ঘৰে পানী যোগান ধৰাৰ বাবে জল জীৱন অভিযান, আৰু ৫ লাখ টকা  পৰ্যন্ত বিনামূলীয়া চিকিৎসা প্ৰদান কৰা আয়ুষ্মান যোজনা—এই সকলোবোৰে মাতৃ আৰু ভগ্নীসকলৰ জীৱনৰ অসুবিধা হ্ৰাস কৰিছে আৰু তেওঁলোকৰ স্বাস্থ্যৰ উন্নতি সাধন কৰিছে। ইয়াত ইমানবোৰ ভাই-ভনী থাকিলেও তেওঁলোকৰ পৰিয়ালতো মাক, ভনীয়েক, ছোৱালী আছে। লগতে মোৰ ভাই-ভনীসকলকো আহ্বান জনাইছো যে তেওঁলোকে মোক সহায় কৰক আৰু আপোনালোকৰ মাক, ভগ্নী, কন্যাসকলৰ স্বাস্থ্য পৰীক্ষা কৰাটো নিশ্চিত কৰক।

 

বন্ধুসকল,

 

প্ৰধানমন্ত্ৰী গৰিব কল্যাণ অন্ন যোজনাৰ পৰিসংখ্যা শুনি বিশ্বৰ মানুহে এই সংখ্যাক লৈ আচৰিত হৈ পৰিছে। বন্ধুসকল, কৰ’না মহামাৰীৰ কঠিন সময়ত বিনামূলীয়া ৰেচন আঁচনিখনে দৰিদ্ৰ মাতৃৰ চৌকা জ্বলাই ৰাখিছিল। এই আঁচনিৰ অধীনত এতিয়াও বিনামূলীয়া খাদ্য শস্য বিতৰণ কৰা হৈছে। আনকি পি এম আৱাস যোজনাৰ অধীনতো লাখ লাখ ঘৰ দিয়া হৈছে, ইয়াৰে অধিকাংশই মহিলাৰ নামত দিয়া হৈছে।

 

বন্ধুসকল,

 

আমাৰ চৰকাৰে ভগ্নী-কন্যাক আৰ্থিকভাৱে সবলীকৰণৰ বিষয়ত বিশেষ  গুৰুত্ব আৰোপ কৰিছে। আমাৰ লাখ লাখ ভগ্নীয়ে মুদ্ৰা যোজনাৰ জৰিয়তে ঋণ লৈ নতুন ব্যৱসায় আৰম্ভ কৰি নতুন উদ্যোগ স্থাপন কৰিছে।

 

বন্ধুসকল,

 

আমাৰ চৰকাৰে ৩ কোটি গ্ৰাম্য ভগ্নী, মাতৃ-ভগ্নীক গাঁৱে-ভূঞে, লাখপতি দিদিলৈ ৰূপান্তৰিত কৰাৰ অভিযানত নিয়োজিত হৈছে ।  মই গৌৰৱেৰে ক’ব পাৰো যে এই অভিযানে ইমানেই সফলতা লাভ কৰিছে যে ইমান কম সময়ৰ ভিতৰতে ইতিমধ্যে প্ৰায় দুই কোটি ভগ্নী লাখপতি দিদি  হৈ পৰিছে। আমি নাৰীক বেংক সখী আৰু ড্ৰোন দিদিৰে সবল কৰি গ্ৰাম্য অৰ্থনীতিৰ কেন্দ্ৰলৈ আনিছো। আত্মসহায়ক গোটৰ জৰিয়তে মহিলাসকলে এক নতুন বিপ্লৱৰ নেতৃত্ব দিছে।

 

ভাই-ভনীসকল,

 

বিগত ১১ বছৰ ধৰি দুখীয়াৰ কল্যাণ, দুখীয়াৰ সেৱা, তেওঁলোকৰ জীৱনৰ উন্নতি আমাৰ চৰকাৰৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ হৈ আহিছে। আমি বিশ্বাস কৰোঁ যে দেশখন তেতিয়াহে আগবাঢ়িব যেতিয়া দৰিদ্ৰ লোকসকল দৰিদ্ৰতাৰ ওপৰত উঠি দ্ৰুতগতিত আগবাঢ়িব। আমি দেখিছোঁ যে দুখীয়াৰ সেৱা কৰাটো কেতিয়াও অসাৰ নহয়। মাত্ৰ অলপ সহযোগিতা আৰু সহায়ৰ দ্বাৰা দুখীয়াৰ কষ্টৰ মাজেৰে সাগৰ পাৰ হোৱাৰ সাহস আমাৰ আছে। দুখীয়াৰ এই আৱেগ আৰু অনুভৱবোৰ মই ব্যক্তিগতভাৱে অনুভৱ কৰিছো। গতিকে দুখীয়াৰ দুখ মোৰ নিজৰ দুখ। দুখীয়াৰ সেৱা কৰাটোৱেই মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ উদ্দেশ্য। সেয়ে আমাৰ চৰকাৰে দৰিদ্ৰ লোকক কেন্দ্ৰবিন্দুত ৰাখি  অহৰহ পৰিকল্পনা প্ৰণয়ন কৰি  সেইবোৰ কাৰ্যকৰী কৰি আছে।

 

বন্ধুসকল,

 

অক্লান্তভাৱে, নিষ্ঠাৰে আৰু নিৰ্মল হৃদয়েৰে কাম কৰি আমাৰ নীতিৰ ফলে বিশ্ববাসীৰ দৃষ্টিগোচৰ আকৰ্ষণ কৰিছে । ইয়াত বহি থকা সকলোৱে গৌৰৱ কৰিব যে বিগত ১১ বছৰৰ অবিৰত প্ৰচেষ্টা আৰু কঠোৰ পৰিশ্ৰমৰ ফলত আজি দেশৰ ২৫ কোটি লোক দৰিদ্ৰতাৰ পৰা ওলাই আহিছে। আমাৰ সমগ্ৰ সমাজে এক নতুন আত্মবিশ্বাস লাভ কৰিছে।

 

বন্ধুসকল,

 

আমাৰ চৰকাৰৰ এই প্ৰচেষ্টাবোৰ কেৱল আঁচনি নহয়; সেইবোৰ হৈছে দুখীয়া মাতৃ, ভগ্নী আৰু কন্যাৰ জীৱন ৰূপান্তৰিত কৰাৰ মোদীৰ নিশ্চয়তা। দুখীয়াৰ মুখত হাঁহি বিৰিঙাই, মাতৃ-ভগ্নীৰ মৰ্যাদা ৰক্ষা কৰাটে মোৰ পূজা, এয়া মোৰ ব্ৰত।

বন্ধুসকল,

 

মধ্যপ্ৰদেশত মহেশ্বৰী বস্ত্ৰশিল্পৰ দীৰ্ঘদিনীয়া পৰম্পৰা আছে। মহেশ্বৰী শাৰীখনক নতুন মাত্ৰা প্ৰদান কৰিছে  দেৱী অহিল্যাবাই হোলকাৰে। শেহতীয়াকৈ আমি অহিল্যাবাই হোলকাৰৰ ৩০০ সংখ্যক জন্ম বাৰ্ষিকী উদযাপন কৰিছো। এতিয়া ধৰৰ পি এম মিত্ৰ পাৰ্কৰ জৰিয়তে আমি এক প্ৰকাৰে দেৱী অহিল্যাবাইৰ উত্তৰাধিকাৰক আগুৱাই লৈ গৈ আছো। বোৱাৰ বাবে প্ৰয়োজনীয় সামগ্ৰী যেনে কপাহ আৰু ৰেচম পি এম মিত্ৰ পাৰ্কত সহজে উপলব্ধ হ’ব। গুণগত মান পৰীক্ষা কৰাটোও সহজ হ’ব। বজাৰত প্ৰৱেশ বৃদ্ধি পাব। ইয়াত স্পিনিং হ’ব, ইয়াত ডিজাইনিং হ’ব, ইয়াত প্ৰচেছিং হ’ব আৰু ইয়াৰ পৰাই ৰপ্তানিও হ’ব। অৰ্থাৎ ধৰেও বিশ্বৰ বজাৰত জিলিকিবলৈ সাজু হৈছে । অৰ্থাৎ বস্ত্ৰ উদ্যোগৰ সমগ্ৰ মূল্য শৃংখল এতিয়া একে ঠাইতে উপলব্ধ হ’ব। বস্ত্ৰ উদ্যোগৰ বাবে আমাৰ চৰকাৰৰ  দৃষ্টিভংগী হ’ল: ফাৰ্ম, ফাইবাৰ, ফেক্টৰী, আৰু ফেশ্বন। গতিকে পামৰ পৰা আঁহলৈ, আঁহৰ পৰা কাৰখানালৈ, কাৰখানাৰ পৰা ফেশ্বনলৈ, ফেশ্বনৰ পৰা বিদেশী বজাৰলৈ যোৱা যাত্ৰা দ্ৰুত আৰু সহজে সম্পূৰ্ণ হ’ব।

 

বন্ধুসকল,

 

মোক জনোৱা হৈছে যে ধৰৰ এই পি এম মিত্ৰ পাৰ্কত প্ৰায় ১৩০০ একৰ মাটি ৮০টাতকৈও অধিক গোটক আবণ্টন দিয়া হৈছে। অৰ্থাৎ প্ৰয়োজনীয় আন্তঃগাঁথনিৰ কাম আৰু কাৰখানা নিৰ্মাণ দুয়োটা কাম একেলগে আগবাঢ়িব। এই উদ্যানখনে তিনি লাখ নতুন কৰ্মসংস্থাপনৰ সুযোগো সৃষ্টি কৰিব। তদুপৰি ইয়াৰ ফলত লজিষ্টিক খৰচত যথেষ্ট প্ৰভাৱ পৰিব। পি এম মিত্ৰ পাৰ্কে সামগ্ৰী পৰিবহণৰ খৰচ হ্ৰাস কৰিব, উৎপাদন ব্যয় হ্ৰাস কৰিব, আমাৰ সামগ্ৰীসমূহ সস্তা আৰু বিশ্বজুৰি অধিক প্ৰতিযোগিতামূলক কৰি তুলিব। সেয়ে মধ্যপ্ৰদেশৰ ৰাইজক, বিশেষকৈ মোৰ কৃষক ভাই-ভনীসকলক, আৰু যুৱক-যুৱতীসকলক  এম মিত্ৰ পাৰ্কৰ বাবে   শুভেচ্ছা জনাইছো। আমাৰ চৰকাৰে সমগ্ৰ দেশতে এনেধৰণৰ আৰু ছটা পি এম মিত্ৰ উদ্যান নিৰ্মাণৰ পৰিকল্পনা কৰিছে।

 

বন্ধুসকল,

 

আজি সমগ্ৰ দেশতে বিশ্বকৰ্মা পূজা উদযাপন কৰা হৈছে। প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা যোজনাৰ সফলতাও উদযাপনৰ সময় এয়া। বিশেষকৈ সমগ্ৰ দেশৰ মোৰ বিশ্বকৰ্মা ভাই-ভনীসকলক অভিনন্দন জনাব বিচাৰিছো, য'ত আছে কাঠমিস্ত্ৰী, লোৰ মিস্ত্ৰী, সোণৰ মিস্ত্ৰী, মৃৎশিল্পী, কাঠমিস্ত্ৰী, ৰাজমিস্ত্ৰী, তাম মিস্ত্ৰী,  আৰু নিজৰ হাতৰ শিল্পৰ দ্বাৰা পাৰদৰ্শিতা দেখুওৱা  বহু লোক । মেক ইন ইণ্ডিয়াৰ চালিকা শক্তি আপোনালোকহে । আপোনালোকৰ সামগ্ৰী, আপোনালোকৰ শিল্পই দৈনন্দিন প্ৰয়োজনীয়তা পূৰণ কৰে, সেয়া গাঁৱতেই হওক বা চহৰতেই হওক। মই সন্তুষ্ট যে প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা যোজনাই ইমান কম সময়ৰ ভিতৰতে ৩০ লাখৰো অধিক শিল্পী আৰু শিপিনীক সহায় কৰিছে। এই আঁচনিখনে তেওঁলোকক দক্ষতা বিষয়ক প্ৰশিক্ষণ প্ৰদান কৰিছে  আৰু ডিজিটেল বিপণন তথা আধুনিক সঁজুলিৰ সৈতে সংযোগ কৰিছে। ৬ লাখৰো অধিক বিশ্বকৰ্মা বন্ধুক নতুন সঁজুলি যোগান ধৰা হৈছে । এতিয়ালৈকে বিশ্বকৰ্মা ভাই-ভনীসকলে   ৪ হাজাৰ কোটি টকাৰো অধিক মূল্যৰ ঋণ লাভ কৰিছে।

 

বন্ধুসকল,

 

প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা যোজনাৰ আটাইতকৈ ডাঙৰ লাভ হৈছে সমাজৰ এটা শ্ৰেণীক লাভাৱান্বিত কৰা,  যিটো শ্ৰেণী  দশক দশক ধৰি অৱহেলিত হৈ আছিল। আমাৰ দুখীয়া বিশ্বকৰ্মা ভাই-ভনীসকলৰ প্ৰতিভা আছিল, কিন্তু পূৰ্বৰ চৰকাৰবোৰৰ তেওঁলোকৰ দক্ষতাক প্ৰসাৰিত কৰাৰ কোনো পৰিকল্পনা নাছিল , কোনো পৰিকল্পনা নাছিল তেওঁলোকৰ জীৱন উন্নত কৰাৰ। তেওঁলোকৰ প্ৰতিভাক তেওঁলোকৰ অগ্ৰগতিৰ বাহন হিচাপে গঢ়ি তুলিবলৈ আমি পথ মুকলি কৰিলোঁ। সেইবাবেই মই কওঁ, "যিসকল পিছপৰা তেওঁলোকেই আমাৰ অগ্ৰাধিকাৰ।"

 

বন্ধুসকল,

 

আমাৰ ধৰ পূজনীয় কুশভাউ থাকৰেৰ জন্মস্থান। তেওঁ প্ৰথমে  দেশপ্ৰেমৰ  মনোভাৱেৰে সমগ্ৰ জীৱন সমাজৰ বাবে উৎসৰ্গা কৰিছিল। আজি তেখেতলৈ মোৰ বিনম্ৰ শ্ৰদ্ধাঞ্জলি জনাইছো। এই দেশৰ মনোভাৱ হৈছে প্ৰথমে দেশক নতুন উচ্চতালৈ লৈ যোৱাৰ প্ৰেৰণা।

 

বন্ধুসকল,

 

এয়া  উৎসৱৰ সময়, আৰু এই সময়ত আপোনালোকে অহৰহ স্বদেশী মন্ত্ৰ আওৰাই থাকিব লাগিব আৰু তাক নিজৰ জীৱনত সন্নিৱিষ্ট কৰিব লাগিব। আপোনালোক সকলোলৈ মোৰ বিনম্ৰ অনুৰোধ, ১.৪ বিলিয়ন দেশবাসীলৈ মোৰ অনুৰোধ, আপোনালোকে যি কিনিব সেয়া ভাৰততে তৈয়াৰ কৰা সামগ্ৰী হওক। যি কিনিব তাত কোনোবা ভাৰতীয়ৰ ঘাম থাকিব লাগে। যি কিনিব তাত মাটিৰ সুগন্ধি, মোৰ ভাৰতৰ মাটিৰ গোন্ধ থাকিব লাগে।  আজি মই মোৰ ব্যৱসায়ী ভাই-ভনীসকলক আহ্বান জনাব বিচাৰিছো যে মোক দেশৰ বাবে সহায় কৰক, দেশৰ বাবে মোক সমৰ্থন কৰক আৰু মই দেশৰ বাবে আপোনালোকৰ সহায় বিচাৰো, কাৰণ মই ২০৪৭ চনৰ ভিতৰত এখন উন্নত ভাৰত গঢ়িব বিচাৰো।সেই  পথ নিহিত হৈ আছে এখন স্বাৱলম্বী ভাৰতৰ মাজত। সেয়ে মোৰ সকলো সৰু-বৰ ব্যৱসায়ী ভাই-ভনী, আপোনালোকে যি বিক্ৰী কৰে সেয়া আমাৰ দেশতে তৈয়াৰ কৰা  হ'ব লাগিব। মহাত্মা গান্ধীয়ে স্বদেশীক স্বাধীনতাৰ মাধ্যম কৰি তুলিলে। এতিয়া আমি স্বদেশীক এখন উন্নত ভাৰতৰ ভেটি হিচাপে গঢ়ি তুলিব লাগিব। এয়া  কেনেকৈ  কৰিব? সেয়া হ’ব যেতিয়া আমি আমাৰ দেশত নিৰ্মিত সকলো বস্তুৰ প্ৰতি গৌৰৱ কৰিম। সৰু বস্তুটো কিনোতেও— শিশুৰ বাবে খেলনা, দীপাৱলীৰ মূৰ্তি, আমাৰ ঘৰখন সজাবলৈ কিনা বস্তু, বা যিকোনো ডাঙৰ বস্তু যেনে মোবাইল ফোন, টিভি, ফ্ৰীজ— আমি প্ৰথমে পৰীক্ষা কৰিব লাগিব যে সেয়া আমাৰ দেশত তৈয়াৰ কৰা হৈছে নে নাই। মোৰ দেশবাসীৰ ঘামৰ সুগন্ধি বহন কৰিছেনে নে নাই  ? কাৰণ, স্বদেশী কিনিলে আমাৰ পইচা দেশতেই থাকে। বহিঃৰাজ্যলৈ যোৱাৰ পৰা আমাৰ ধন ৰাহি হয়। সেই একেখিনি টকাই তেতিয়া দেশৰ উন্নয়নৰ বাবে ব্যৱহাৰ কৰা হয়। ৰাস্তা-ঘাট নিৰ্মাণ কৰা হয়, গাঁৱৰ বিদ্যালয় নিৰ্মাণ কৰা হয়, দুখীয়া বিধৱাক সহায় কৰা হয়, প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ নিৰ্মাণ কৰা হয়। একেখিনি টকা কল্যাণমূলক আঁচনিৰ বাবে ব্যৱহাৰ কৰা হয় আৰু আপোনালোকৰ ওচৰ পায়গৈ। মোৰ মধ্যবিত্তীয় ভাই-ভনীৰ সপোন, মোৰ মধ্যবিত্তীয় যৌৱনৰ সপোন পূৰণ কৰিবলৈ বহুত টকাৰ প্ৰয়োজন। এই সৰু সৰু কামবোৰ কৰি আমি সেইবোৰ লাভ কৰিব পাৰো। আমাৰ প্ৰয়োজনীয় বস্তুবোৰ যেতিয়া দেশত নিৰ্মাণ কৰা হয়, তাৰ ফলত সৃষ্টি হোৱা কৰ্মসংস্থাপনে আমাৰ দেশবাসীকো উপকৃত কৰে।

 

 এতিয়া নৱৰাত্ৰিৰ প্ৰথম দিন ২২ ছেপ্টেম্বৰৰ পৰা কম জি এছ টিৰ হাৰ কাৰ্যকৰী হ’বলৈ ওলাইছে, আমি ইয়াৰ সুবিধা ল’ব লাগিব কেৱল থলুৱা সামগ্ৰী ক্ৰয় কৰি। আমি এটা মন্ত্ৰ মনত ৰাখিব লাগিব, আৰু মই বিচাৰো প্ৰতিখন দোকানত লিখা হওক স্বদেশী বুলি  ।

 

আনকি মই ৰাজ্য চৰকাৰক এটা অভিযান আৰম্ভ কৰিবলৈ আহ্বান জনাম,  প্ৰতিখন দোকানতে "গৌৰৱেৰে কওক, এয়া  স্বদেশী!" মোৰ সৈতে এনেদৰেই  ক’বনে?

 

আপোনালোক  সকলোৱে মোৰ সৈতে এই কথা কবনে? মই ক'ম, "গৌৰৱেৰে কওক।" আপোনালোকে  ক'ব, "এয়া  স্বদেশী।" গৌৰৱেৰে কওক: "এয়া  স্বদেশী।" গৌৰৱেৰে কওক: "এয়া  স্বদেশী।" গৌৰৱেৰে কওক: "এয়া  স্বদেশী।" গৌৰৱেৰে কওক: "এয়া  স্বদেশী।" গৌৰৱেৰে কওক: "এয়া  স্বদেশী।"

 

বন্ধুসকল,

 

এই আবেগেৰে আকৌ এবাৰ আপোনালোকলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে  মোৰ ভাষণৰ সামৰণি মাৰিছো। কওক: "ভাৰত মাতা কি জয়।" ভাৰত মাতা কি জয়। ভাৰত মাতা কি জয়। আপোনালোকক অশেষ ধন্যবাদ।

 

 

MJPS/ST/RK/DM


(Release ID: 2167904)