প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
                
                
                
                
                
                    
                    
                        প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মণিপুৰৰ ইম্ফলত ১২০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰে
                    
                    
                        মণিপুৰ হৈছে ভাৰত মাতৃৰ শিৰত শোভাবৰ্ধন কৰা মুকুটমণিঃ প্ৰধানমন্ত্ৰী
আমি মণিপুৰক স্থায়ী শান্তি আৰু উন্নয়নৰ পথত আগুৱাই নিব লাগিবঃ প্ৰধানমন্ত্ৰী
নেতাজী সুভাষে মণিপুৰক ভাৰতৰ স্বাধীনতাৰ দুৱাৰ আখ্যা দিছিল, এই মাটিয়ে বহু বীৰ শ্বহীদ দিছে। মণিপুৰৰ এনে প্ৰতিজন মহান ব্যক্তিত্বৰ পৰা প্ৰেৰণা লৈ আমাৰ চৰকাৰ আগবাঢ়িছে: প্ৰধানমন্ত্ৰী
মণিপুৰত শান্তি আৰু স্থিতিশীলতা নিশ্চিত কৰাৰ বাবে চৰকাৰে কাম কৰি আছেঃ প্ৰধানমন্ত্ৰী
 
নেপালত শ্ৰীমতী  সুশীলা জীয়ে  অন্তৱৰ্তীকালীন চৰকাৰৰ প্ৰধানমন্ত্ৰীৰ পদ গ্ৰহণ কৰাৰ বাবে  ১৪০ কোটি ভাৰতীয়ৰ হৈ মই  আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।  মই নিশ্চিত যে তেওঁ নেপালত শান্তি, স্থিতিশীলতা  আৰু সমৃদ্ধিৰ পথ প্ৰশস্ত কৰিব: প্ৰধানমন্ত্ৰী
মণিপুৰৰ সম্ভাৱনা অপৰিসীম আৰু আমি পাহাৰ তথা ভৈয়ামৰ মাজত সম্প্ৰীতিৰ এক শক্তিশালী সেতু নিৰ্মাণৰ বাবে আলোচনাক শক্তিশালী কৰিব লাগিব: প্ৰধানমন্ত্ৰী
                    
                
                
                    Posted On:
                13 SEP 2025 5:04PM by PIB Guwahati
                
                
                
                
                
                
                প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মণিপুৰৰ ইম্ফলত ১২০০ কোটিৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ কৰে। সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে মণিপুৰৰ উন্নয়নৰ বাবে আজি হাজাৰ হাজাৰ কোটি মূল্যৰ প্ৰকল্প উদ্বোধন আৰু শুভাৰম্ভ কৰা হৈছে। তেওঁ মন্তব্য কৰে যে এই প্ৰকল্পসমূহে জনসাধাৰণৰ জীৱন-যাপনৰ সুবিধা বৃদ্ধি কৰাৰ লগতে অঞ্চলটোৰ আন্তঃগাঁথনি শক্তিশালী কৰিব। প্ৰধানমন্ত্ৰীয়ে কয় যে মণিপুৰৰ যুৱক-যুৱতীসকলৰ বাবে আৰু ৰাজ্যখনৰ যুৱক-যুৱতীসকলৰ বাবে নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰা হ’ব।
প্ৰধানমন্ত্ৰীয়ে কয় যে আজি আৰম্ভ কৰা প্ৰকল্পসমূহৰ ভিতৰত দুটা বিশেষভাৱে উল্লেখযোগ্য, য’ত ৩,৬০০ কোটি টকাতকৈ অধিক বিনিয়োগেৰে ‘মণিপুৰ নগৰীয়া পথ প্ৰকল্প’ আৰু ৫০০ কোটি টকাতকৈ অধিক বিনিয়োগেৰে ‘মণিপুৰ ইনফ’টেক উন্নয়ন প্ৰকল্প’ৰ বিষয়ত গুৰুত্ব আৰোপ কৰা হৈছে। শ্ৰী মোদীয়ে মন্তব্য কৰে যে এই প্ৰকল্পসমূহে ইম্ফলৰ পথ আন্তঃগাঁথনি শক্তিশালী কৰিব আৰু মণিপুৰৰ উজ্জ্বল ভৱিষ্যতত নতুন শক্তিৰ প্ৰৱেশ ঘটাব। তেওঁ মণিপুৰবাসীলৈ নতুনকৈ আৰম্ভ হোৱা সকলো প্ৰকল্পৰ বাবে অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে।
 
স্বাধীনতাৰ পিছত দেশৰ পশ্চিম আৰু দক্ষিণ অংশৰ ডাঙৰ ডাঙৰ চহৰসমূহে উন্নয়নৰ সাক্ষী হৈ আকাংক্ষাৰ কেন্দ্ৰবিন্দু হৈ পৰা বুলি উল্লেখ  কৰি শ্ৰী মোদীয়ে কয় যে সেই অঞ্চলসমূহৰ যুৱক-যুৱতীসকলে নতুন সুযোগ লাভ কৰিছে।তেওঁ লগতে কয় “একবিংশ শতিকাটো পূব আৰু উত্তৰ-পূবৰ”, । প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ভাৰত চৰকাৰে মণিপুৰৰ উন্নয়নক ধাৰাবাহিকভাৱে অগ্ৰাধিকাৰ দি আহিছে, ইয়াৰ ফলত মণিপুৰৰ বৃদ্ধিৰ হাৰ ক্ৰমাগতভাৱে বৃদ্ধি পোৱা বুলিও তেওঁ কয়।  তেওঁ লগতে  উল্লেখ কৰে যে ২০১৪ চনৰ আগতে মণিপুৰৰ বৃদ্ধিৰ হাৰ এক শতাংশতকৈও কম আছিল। তেওঁ মন্তব্য কৰে যে আজি মণিপুৰ পূৰ্বতকৈ বহুগুণ বেছি দ্ৰুতগতিত আগবাঢ়িছে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে মণিপুৰত আন্তঃগাঁথনি উন্নয়নৰ এক নতুন পৰ্যায় আৰম্ভ হৈছে। ৰাজ্যৰ পথ নিৰ্মাণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ উন্নয়নৰ গতি বহুগুণে বৃদ্ধি পোৱাত তেওঁ সন্তুষ্টি প্ৰকাশ কৰে। তেওঁ লগতে কয় যে প্ৰতিখন গাঁৱলৈ পথ সংযোগ সম্প্ৰসাৰণৰ বাবে দ্ৰুতভাবে  কাম চলি আছে।
 
ইম্ফলক সম্ভাৱনাৰ চহৰ বুলি উল্লেখ  কৰি শ্ৰী মোদীয়ে মন্তব্য কৰে যে তেওঁ ইম্ফলক ভাৰতৰ অন্যতম উন্নত চহৰ হিচাপে কল্পনা কৰে,  যিয়ে যুৱক-যুৱতীসকলৰ সপোন পূৰণ কৰিব আৰু দেখশনৰ  অগ্ৰগতি ত্বৰান্বিত কৰিব। তেওঁ  এই দৃষ্টিভংগীৰে স্মাৰ্ট চিটি মিছনৰ অধীনত ইম্ফলত কেইবাটাও প্ৰকল্প সম্পূৰ্ণ কৰা হৈছে বুলিও কয়। তেওঁ লগতে কয় যে শ শ কোটি টকাৰ আন বহু প্ৰকল্পও দ্ৰুতগতিত আগবাঢ়িছে।
 
ইম্ফলেই হওক বা মণিপুৰৰ অন্যান্য অঞ্চলেই হওক, ষ্টাৰ্টআপ আৰু প্ৰযুক্তিভিত্তিক উদ্যোগৰ বাবে নতুন সুযোগৰ উন্মেষ ঘটিছে বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। তেওঁ লগতে কয় যে আই টি বিশেষ অৰ্থনৈতিক মণ্ডলে এই সম্ভাৱনাসমূহ আৰু অধিক শক্তিশালী কৰিব আৰু এই মণ্ডলৰ প্ৰথমটোৰ  নিৰ্মাণ ইতিমধ্যে সম্পূৰ্ণ হৈছে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে মণিপুৰত নতুন অসামৰিক সচিবালয় ভৱনৰ দাবী দীৰ্ঘদিনীয়া দাবী আছিল। তেওঁ ঘোষণা কৰে যে এই ভৱনটো এতিয়া সাজু হৈছে আৰু এই নতুন সুবিধাই শাসন ব্যৱস্থাত ‘নাগৰিক দেৱ ভৱ’ৰ মনোভাৱক অধিক শক্তিশালী কৰিব।
 
মণিপুৰৰ পৰা বহু লোকে সঘনাই কলকাতা আৰু দিল্লীলৈ অহা-যোৱা কৰাৰ বিষয়টোলৈ  লক্ষ্য কৰি শ্ৰী মোদীয়ে কয়  যে এই চহৰসমূহত সুলভ মূল্যৰ আৱাসৰ ব্যৱস্থা নিশ্চিত কৰিবলৈ দুয়োটা স্থানতে মণিপুৰ ভৱন নিৰ্মাণ কৰা হৈছে। তেওঁ মন্তব্য কৰে যে এই সুবিধাসমূহে মণিপুৰৰ কন্যাসকলক যথেষ্ট সহায় কৰিব। তেওঁ লগতে কয় যে যেতিয়া তাত শিশুসকল নিৰাপদ আৰু সুৰক্ষিত  হ’ব, তেতিয়া ঘৰলৈ উভতি অহাকলৈ অভিভাৱকৰ চিন্তা লাঘৱ হ’ব।
চৰকাৰে জনসাধাৰণে সন্মুখীন হোৱা কষ্ট লাঘৱ কৰাৰ বাবে সম্পূৰ্ণ সংবেদনশীলতাৰে কাম কৰি আছে বুলি উল্লেখ কৰি  শ্ৰী মোদীয়ে স্বীকাৰ কৰে যে মণিপুৰৰ বহু অঞ্চল তীব্ৰ বান-সম্পৰ্কীয় প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। তেওঁ লগতে কয় যে চৰকাৰে এই সমস্যা দূৰ কৰিবলৈ একাধিক প্ৰকল্প হাতত লৈ  সক্ৰিয়ভাৱে কাম কৰি আছে।
 
মণিপুৰৰ অৰ্থনীতিৰ ক্ষেত্ৰত মাতৃ-ভগ্নীসকল আগৰণুৱা ৰাজ্য বুলি আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে ইমা কেইথেলৰ পৰম্পৰাক এই সত্যৰ এক শক্তিশালী প্ৰমাণ হিচাপে আলোকপাত কৰে। তেওঁ মন্তব্য কৰে যে তেওঁ নাৰী সবলীকৰণক ভাৰতৰ উন্নয়ন আৰু আত্মনিৰ্ভৰ ভাৰতৰ দৃষ্টিভংগীৰ এক কেন্দ্ৰীয় স্তম্ভ বুলি গণ্য কৰে। তেওঁ উল্লেখ কৰে যে এই প্ৰেৰণা মণিপুৰত স্পষ্টকৈ দেখা যায়। শ্ৰী মোদীয়ে কয় যে বৰ্তমানৰ চৰকাৰ গঠনৰ পিছত মহিলাসকলৰ বাবে ইমা মাৰ্কেট নামেৰে জনাজাত বিশেষ হাট বজাৰ আৰম্ভ কৰা হৈছে। আজি চাৰিখন নতুন ইমা মাৰ্কেট উদ্বোধন হোৱাত তেওঁ আনন্দ প্ৰকাশ কৰে আৰু এই বজাৰসমূহে মণিপুৰৰ মহিলাসকলক যথেষ্ট সহায় কৰিব বুলি কয় ।
 
প্ৰতিজন নাগৰিকৰ জীৱন সহজ কৰি তোলাটো চৰকাৰৰ লক্ষ্য বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে মণিপুৰে সেই কঠিন দিনবোৰৰ সাক্ষী হৈছে যেতিয়া অঞ্চলটোলৈ সামগ্ৰী পৰিবহণ কৰাটো এটা ডাঙৰ প্ৰত্যাহ্বান আছিল। তেওঁ উল্লেখ কৰে যে দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰী এসময়ত সাধাৰণ পৰিয়ালৰ হাতৰ মুঠিৰ বাহিৰত আছিল। শ্ৰী মোদীয়ে কয় যে শেহতীয়া বছৰবোৰত আমাৰ চৰকাৰে মণিপুৰক সেই পুৰণি কষ্টবোৰ অতিক্ৰম কৰাত সহায় কৰিছে। আমাৰ চৰকাৰে সঞ্চয় বৃদ্ধি কৰি জনসাধাৰণৰ বাবে জীৱনটো অধিক সুবিধাজনক কৰি তুলিব বিচাৰে বুলি উল্লেখ কৰি তেওঁ এক নতুন উন্নয়নৰ কথা ঘোষণা কৰে।  চৰকাৰে জি এছ টি বহু পৰিমাণে হ্ৰাস কৰা বুলি আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ইয়াৰ দ্বাৰা মণিপুৰৰ জনসাধাৰণৰ দুগুণ সুবিধা হ’ব। তেওঁ বুজাই দিয়ে যে দৈনিক ব্যৱহাৰ কৰা বহুতো বস্তু—যেনে চাবোন, চেম্পু, চুলিৰ তেল, কাপোৰ, জোতা—এতিয়া অধিক সুলভ হ’ব। তেওঁ লগতে কয় যে চিমেণ্ট আৰু অন্যান্য নিৰ্মাণ সামগ্ৰীৰ মূল্যও হ্ৰাস পাব। শ্ৰী মোদীয়ে কয়  যে হোটেল আৰু খাদ্য সেৱাৰ ক্ষেত্ৰতো  জি এছ টি যথেষ্ট হ্ৰাস কৰা হৈছে। তেওঁ মন্তব্য কৰে যে ইয়াৰ দ্বাৰা অতিথিশালাৰ মালিক, টেক্সি চালক আৰু পথৰ কাষৰ খাদ্যৰ দোকানসমূহ উপকৃত হ’ব আৰু এই পদক্ষেপে অঞ্চলটোৰ পৰ্যটন বৃদ্ধিতো সহায় কৰিব ।
“মণিপুৰত হাজাৰ হাজাৰ বছৰ ধৰি  এক চহকী ঐতিহ্য আছে। অঞ্চলটোৰ সাংস্কৃতিক শিপা গভীৰ আৰু শক্তিশালী। মণিপুৰ হৈছে ভাৰত মাতৃৰ শিৰত শোভাবৰ্ধন কৰা  মুকুটমণি”, প্ৰধানমন্ত্ৰীয়ে কয়। তেওঁ মণিপুৰৰ উন্নয়নমূলক কামক  অহৰহ শক্তিশালী কৰাৰ প্রয়োজনীয়তাৰ বিষয়ত গুৰুত্ব আৰোপ কৰে৷ শ্ৰী মোদীয়ে উল্লেখ কৰে যে মণিপুৰত যিকোনো ধৰণৰ হিংসা দুৰ্ভাগ্যজনক আৰু এনে হিংসা আমাৰ পূৰ্বপুৰুষ তথা  ভৱিষ্যত প্ৰজন্ম উভয়ৰে বাবে এক ভয়াৱহ অন্যায়। তেওঁ শান্তি আৰু উন্নয়নৰ পথত মণিপুৰক ধাৰাবাহিকভাৱে আগুৱাই নিয়াৰ গুৰুত্বৰ  বিষয়ত আলোকপাত  কৰে। প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ স্বাধীনতা সংগ্ৰাম আৰু ৰাষ্ট্ৰীয় প্ৰতিৰক্ষাত মণিপুৰৰ প্ৰেৰণাদায়ক অৱদানৰ বিষযত আলোকপাত কৰে। তেওঁ স্মৰণ কৰে যে মণিপুৰৰ মাটিতেই ইণ্ডিয়ান নেচনেল আৰ্মিয়ে প্ৰথমবাৰৰ বাবে ভাৰতৰ নিজৰ পতাকা উত্তোলন কৰিছিল। তেওঁ নেতাজী সুভাষ চন্দ্ৰ বসুৰ উদ্ধৃতি দি মণিপুৰক ভাৰতৰ স্বাধীনতাৰ দুৱাৰমুখ বুলি উল্লেখ কৰে আৰু  এই ভূমিৰ পৰাই অহা বহু বীৰ শ্বহীদক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে চৰকাৰে মণিপুৰৰ প্ৰতিগৰাকী  মহান ব্যক্তিৰ  পৰা প্ৰেৰণা লয়। চৰকাৰে গ্ৰহণ কৰা এটা ডাঙৰ পদক্ষেপৰ কথা উল্লেখ কৰি— আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ মাউণ্ট হেৰিয়েটৰ নাম সলনি কৰি মাউণ্ট মণিপুৰ কৰাৰ কথা  শ্ৰী মোদীয়ে উল্লেখ কৰে। তেওঁ  দৃঢ়তাৰে কয় যে এয়া মণিপুৰৰ স্বাধীনতা সংগ্ৰামীসকলৰ প্ৰতি এক ৰাষ্ট্ৰীয়  শ্ৰদ্ধাঞ্জলি।
 
আজিও মণিপুৰৰ বহু পুত্ৰ-কন্যাই ভাৰত মাতৃৰ প্ৰতিৰক্ষাত দেশৰ বিভিন্ন প্ৰান্তত সেৱা আগবঢ়াই থকা বুলি স্বীকাৰ কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে অপাৰেচন সিন্দুৰৰ সময়ত বিশ্বই ভাৰতীয় সশস্ত্ৰ বাহিনীৰ শক্তিৰ সাক্ষী হৈছিল। তেওঁ উল্লেখ কৰে যে ভাৰতীয় সৈন্যই ইমান নিৰ্ণায়ক আঘাত হানিছিল  যে পাকিস্তানী সেনা বিভ্ৰান্ত হৈ পৰিছিল।   শ্ৰী মোদীয়ে আলোকপাত কৰে যে মণিপুৰৰ সাহসী পুত্ৰ-কন্যাই অভিযানৰ সময়ত ভাৰতৰ সফলতাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেনে এজন বীৰ জোৱান শ্বহীদ দীপক চিংখামক তেওঁ শ্ৰদ্ধাঞ্জলি জনাই তেওঁৰ সাহসক প্ৰণাম জনায়। তেওঁ দৃঢ়তাৰে কয় যে অপাৰেচন সিন্দুৰৰ সময়ত দীপক চিংখামৰ ত্যাগ দেশখনে  সদায় মনত ৰাখিব।
 
২০১৪ চনত কৰা মণিপুৰ ভ্ৰমণ আৰু তেতিয়া তেওঁ দিয়া এটা বক্তব্যৰ কথা মনত পেলাই শ্ৰী মোদীয়ে উল্লেখ কৰে যে তেওঁ কৈছিল যে মণিপুৰী সংস্কৃতি অবিহনে ভাৰতীয় সংস্কৃতি অসম্পূৰ্ণ আৰু মণিপুৰৰ খেলুৱৈ অবিহনে ভাৰতীয় ক্ৰীড়া আধৰুৱা হৈয়েই থাকিব। তেওঁ উল্লেখ কৰে যে মণিপুৰৰ যুৱক-যুৱতীসকলে জাতীয় পতাকাৰ গৌৰৱ বজাই ৰখাৰ বাবে সম্পূৰ্ণ হৃদয়েৰে নিজকে উৎসৰ্গা কৰে। তেওঁ দৃঢ়তাৰে  কয় যে এই পৰিচয়ক হিংসাৰ ক’লা ছাঁইৰে ঢাকি পেলাব  নালাগে।
 
“ভাৰত বিশ্বব্যাপী ক্ৰীড়াৰ  শক্তিকেন্দ্ৰ  হিচাপে আত্মপ্ৰকাশ কৰাৰ লগে লগে মণিপুৰৰ যুৱক-যুৱতীসকলৰ দায়িত্ব আৰু অধিক বৃদ্ধি পাইছে। এই কাৰণেই ভাৰত চৰকাৰে দেশৰ প্ৰথমখন ৰাষ্ট্ৰীয় ক্ৰীড়া বিশ্ববিদ্যালয়ৰ বাবে মণিপুৰক বাছি লৈছিল”, প্ৰধানমন্ত্ৰীয়ে কয়। তেওঁ লগতে কয় যে খেলো ইণ্ডিয়া আঁচনি আৰু অলিম্পিক প’ডিয়াম আঁচনিৰ অধীনত মণিপুৰৰ বহু খেলুৱৈক উৎসাহিত কৰা হৈছে আৰু যুৱক-যুৱতীসকলৰ বাবে মণিপুৰত আধুনিক ক্ৰীড়া আন্তঃগাঁথনি গঢ়ি তোলা হৈছে। শ্ৰী মোদীয়ে আলোকপাত কৰে যে প’ল’ৰ প্ৰচাৰৰ বাবে মাৰ্জিং প’ল’ কমপ্লেক্স স্থাপন কৰা হৈছে, য’ত বিশ্বৰ আটাইতকৈ ওখ প’ল’ মূৰ্তি আছে। তেওঁ লগতে কয় যে অঞ্চলটোৰ পৰা অহা অলিম্পিয়ানসকলক সন্মান জনোৱাৰ বাবে এখন অলিম্পিয়ান পাৰ্কো নিৰ্মাণ কৰা হৈছে। শেহতীয়াকৈ চৰকাৰে ৰাষ্ট্ৰীয় ক্ৰীড়া নীতি—খেলো ইণ্ডিয়া নীতি ঘোষণা কৰাৰ কথা উল্লেখ কৰি  প্ৰধানমন্ত্ৰীয়ে এই কথাত গুৰুত্ব আৰোপ কৰে যে ইয়াৰ দ্বাৰা অনাগত বছৰবোৰত মণিপুৰৰ যুৱক-যুৱতীসকল যথেষ্ট উপকৃত হ’ব।
 
“আমাৰ চৰকাৰে মণিপুৰত শান্তি আৰু স্থিতিশীলতা নিশ্চিত কৰাৰ বাবে অহৰহ কাম কৰি আছে”, জনসাধাৰণৰ স্বাৰ্থ সুৰক্ষিত কৰিব লাগিব আৰু শিবিৰত থাকিবলৈ বাধ্য হোৱাসকলে স্বাভাৱিক জীৱনলৈ ঘূৰি আহিব পাৰিব লাগিব বুলি প্ৰধানমন্ত্ৰীয়ে কয় । তেওঁ অৱগত কৰে যে স্থানচ্যুত পৰিয়ালৰ বাবে ৭ হাজাৰ নতুন ঘৰৰ অনুমোদন দিয়া হৈছে। শ্ৰী মোদীয়ে ঘোষণা কৰে যে কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ মণিপুৰৰ বাবে প্ৰায় ৩,০০০ কোটি টকাৰ বিশেষ পেকেজ ঘোষণা কৰিছে। তেওঁ লগতে কয় যে স্থানচ্যুত ব্যক্তিক সহায় কৰিবলৈ বিশেষভাৱে ৫০০ কোটিৰো অধিক ধন আবণ্টন দিয়া হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে মন্তব্য কৰে যে হিংসাত ক্ষতিগ্ৰস্তসকলক স্বাভাৱিক জীৱনলৈ ঘূৰি অহাত সহায় কৰাটো চৰকাৰৰ বাবে সৰ্বোচ্চ অগ্ৰাধিকাৰ। তেওঁ উল্লেখ কৰে যে মণিপুৰ আৰক্ষীৰ বাবে নতুনকৈ নিৰ্মাণ কৰা মুখ্য কাৰ্যালয়েও এই প্ৰচেষ্টাক আগুৱাই নিয়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।
 
প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে মণিপুৰৰ মাটিৰ পৰাই তেওঁ নেপালত থকা বন্ধুসকলক সম্বোধন কৰিব বিচাৰে। তেওঁ মন্তব্য কৰে যে হিমালয়ৰ কোলাত বসবাস কৰা নেপাল ভাৰতৰ ঘনিষ্ঠ বন্ধু আৰু বিশ্বাসযোগ্য অংশীদাৰ। দুয়োখন দেশে  ভাগ-বতৰা কৰা ইতিহাস, বিশ্বাস আৰু সামূহিকভাৱে আগুৱাই যোৱাৰ যাত্ৰাৰ দ্বাৰা বান্ধ খাই থকাৰ কথাত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে ১৪০ কোটি ভাৰতীয়ৰ হৈ নেপালৰ অন্তৱৰ্তীকালীন চৰকাৰৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰা শ্ৰীমতী  সুশীলা জীলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰে । তেওঁ লগতে আত্মবিশ্বাস প্ৰকাশ কৰে যে সুশীলা জীয়ে  নেপালত শান্তি, স্থিতিশীলতা, সমৃদ্ধিৰ পথ প্ৰশস্ত কৰিব। শ্ৰী মোদীয়ে আলোকপাত কৰে যে শ্ৰীমতী সুশীলা জী নেপালৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী হিচাপে  নিযুক্তি লাভৰ কথা নাৰী সবলীকৰণৰ এক উল্লেখযোগ্য নিদৰ্শন। অস্থিৰতাৰ পৰিবেশৰ মাজতো  গণতান্ত্ৰিক মূল্যবোধ ৰক্ষা কৰা নেপালৰ প্ৰতিজন ব্যক্তিৰ তেওঁ শলাগ লৈছিল।
নেপালৰ শেহতীয়া পৰিঘটনাসমূহৰ এটা উল্লেখযোগ্য অথচ বহুতে লক্ষ্য নকৰা বিষয়ত  আলোকপাত কৰি শ্ৰী মোদীয়ে কয়  যে বিগত দুই-তিনি দিনত নেপালৰ যুৱক-যুৱতীসকলে নিষ্ঠা আৰু বিশুদ্ধতাৰ মনোভাৱেৰে ৰাজপথসমূহ  চাফা কৰিছে  আৰু ৰং কৰা দেখা গৈছে। তেওঁ মন্তব্য কৰে যে তেওঁলোকৰ ছবি ছ’চিয়েল মিডিয়াতো প্ৰচাৰ হোৱা দেখা গৈছে । প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ ইতিবাচক মানসিকতা আৰু গঠনমূলক কাৰ্য্যক কেৱল প্ৰেৰণাদায়কেই নহয়, নেপালৰ পুনৰুত্থানৰ স্পষ্ট ইংগিত বুলিও অভিহিত কৰে। তেওঁ নেপাললৈ উজ্জ্বল আৰু সমৃদ্ধিশালী ভৱিষ্যতৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।
 
“একবিংশ শতিকাত ভাৰতে একক লক্ষ্য লৈ আগবাঢ়িছে—উন্নত ভাৰতৰ লক্ষ্য আৰু এই লক্ষ্যত উপনীত হ’বলৈ মণিপুৰৰ উন্নয়নৰ প্ৰয়োজন”, মণিপুৰ সীমাহীন সম্ভাৱনাৰে ভৰা বুলি আলোকপাত কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে এনেদৰে কয় । তেওঁ কয় যে উন্নয়নৰ পথত দৃঢ়তাৰে আগবঢ়াটো  সকলোৰে সামূহিক কৰ্তব্য। প্ৰধানমন্ত্ৰীয়ে মণিপুৰত কোনো সামৰ্থ্যৰ অভাৱ নাই  বুলি দৃঢ়তাৰে কয়, আলোচনাৰ পথ নিৰন্তৰ শক্তিশালী কৰাৰ লগতে পাহাৰ আৰু ভৈয়ামৰ মাজত সম্প্ৰীতিৰ এক শক্তিশালী সেতু নিৰ্মাণৰ প্ৰয়োজনীয়তাৰ বিষয়তো গুৰুত্ব আৰোপ কৰে। মণিপুৰ ভাৰতৰ বৃদ্ধিৰ এক শক্তিশালী কেন্দ্ৰত পৰিণত হ’ব বুলি আস্থা প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণৰ  সামৰণি মাৰে। উন্নয়নমূলক প্ৰকল্পসমূহৰ বাবে তেওঁ পুনৰবাৰ সকলোকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰে।
 
অনুষ্ঠানত মণিপুৰৰ ৰাজ্যপাল শ্ৰী অজয় কুমাৰ ভাল্লাৰ লগতে  অন্যান্য বিশিষ্ট ব্যক্তিসকল  উপস্থিত থাকে।
 
পৃষ্ঠভূমি
প্ৰধানমন্ত্ৰীয়ে ইম্ফলত ১২০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ কৰে। ইয়াৰ ভিতৰত মন্ত্ৰীপুখ্ৰিৰ অসামৰিক সচিবালয়; মন্ত্ৰীপুখ্ৰীত আই টি এছ ই জেড বিল্ডিং আৰু  আৰক্ষীৰ নতুন মুখ্য কাৰ্যালয়; দিল্লী আৰু কলকাতাত মণিপুৰ ভৱন; আৰু ৪খন জিলাত কেৱল  মহিলাৰ দ্বাৰা পৰিচালিত  বজাৰ ইমা মাৰ্কেট উদ্বোধন কৰে। 
 
***
MJPS/SR/DM
                
                
                
                
                
                (Release ID: 2166358)
                Visitor Counter : 6
                
                
                
                    
                
                
                    
                
                Read this release in: 
                
                        
                        
                            Odia 
                    
                        ,
                    
                        
                        
                            English 
                    
                        ,
                    
                        
                        
                            Urdu 
                    
                        ,
                    
                        
                        
                            Marathi 
                    
                        ,
                    
                        
                        
                            हिन्दी 
                    
                        ,
                    
                        
                        
                            Manipuri 
                    
                        ,
                    
                        
                        
                            Bengali 
                    
                        ,
                    
                        
                        
                            Bengali-TR 
                    
                        ,
                    
                        
                        
                            Punjabi 
                    
                        ,
                    
                        
                        
                            Gujarati 
                    
                        ,
                    
                        
                        
                            Tamil 
                    
                        ,
                    
                        
                        
                            Telugu 
                    
                        ,
                    
                        
                        
                            Kannada 
                    
                        ,
                    
                        
                        
                            Malayalam