প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ফলাফলৰ তালিকাঃ মৰিচাছৰ প্ৰধানমন্ত্ৰীৰ ভাৰত ভ্ৰমণ
प्रविष्टि तिथि:
11 SEP 2025 2:10PM by PIB Guwahati
১) ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগ আৰু মৰিচাছৰ উচ্চ শিক্ষা, বিজ্ঞান আৰু গৱেষণা মন্ত্ৰালয়ৰ মাজত বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত সহযোগিতাৰ বুজাবুজি চুক্তি।
২) বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদ– নেচনেল ইনষ্টিটিউট অৱ অ’চেন’গ্ৰাফী আৰু মৰিচাছ ইনষ্টিটিউট অৱ অ’চেন’গ্ৰাফীৰ মাজত বুজাবুজি চুক্তি।
৩) কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগৰ অধীনত কৰ্মযোগী ভাৰত আৰু মৰিচাছ চৰকাৰৰ লোকসেৱা আৰু প্ৰশাসনিক সংস্কাৰ মন্ত্ৰালয়ৰ মাজত বুজাবুজি চুক্তি।
৪) শক্তি খণ্ডত সহযোগিতাৰ ওপৰত বুজাবুজি চুক্তি।
৫) ক্ষুদ্ৰ উন্নয়ন প্ৰকল্পৰ দ্বিতীয় পৰ্যায় ৰূপায়ণৰ বাবে ভাৰতীয় অনুদান সাহায্য সম্পৰ্কীয় বুজাবুজি চুক্তি।
৬) জলবিজ্ঞানৰ ক্ষেত্ৰত বুজাবুজি চুক্তি নবীকৰণ।
৭) উপগ্ৰহ আৰু উৎক্ষেপণ বাহনৰ বাবে টেলিমেট্ৰি, ট্ৰেকিং আৰু টেলিকমিউনিকেচন ষ্টেচন স্থাপন আৰু মহাকাশ গৱেষণা বিজ্ঞান আৰু প্ৰয়োগত সহযোগিতাৰ বাবে ভাৰত চৰকাৰ আৰু মৰিচাছ চৰকাৰৰ মাজত চুক্তি।
ঘোষণা:
১) ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজি, মাদ্ৰাজ আৰু ইউনিভাৰ্চিটি অৱ মৰিচাছ ৰেডুইটৰ মাজত বুজাবুজি চুক্তি।
২) ভাৰতীয় বাগিচা ব্যৱস্থাপনা প্ৰতিষ্ঠান, বেংগালুৰু আৰু মৰিচাছ বিশ্ববিদ্যালয়ৰ মাজত বুজাবুজি চুক্তি।
৩) টামাৰিন্দ জলপ্ৰপাতত ১৭.৫ মেগাৱাট ভাসমান সৌৰ পিভি স্থাপনৰ বাবে জি টু জি প্ৰস্তাৱ আগবঢ়াই নিয়া। এন টি পি চি লিমিটেডৰ এটা দলে অতি সোনকালে মৰিচাছ ভ্ৰমণ কৰি চিইবিৰ সৈতে হোৱা চুক্তি চূড়ান্ত কৰিব।
****
MJPS/SR/SKS/DB
(रिलीज़ आईडी: 2165861)
आगंतुक पटल : 32
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam