পোষ্ট কৰা হৈছে:
03 SEP 2025 10:48AM by PIB Guwahati
কাৰেগুট্টালু পাহাৰত সফলতাৰে ‘অপাৰেচন ব্লেক ফৰেষ্ট’ সম্পন্ন কৰা চি আৰ পি এফ, ছত্তীশগড় আৰক্ষী, ডি আৰ জি আৰু কোব্ৰা জোৱানসকলক নতুন দিল্লীত সাক্ষাৎ কৰি কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে সম্বৰ্ধনা জনায়। এই উপলক্ষত ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী শ্ৰী বিষ্ণু দেৱ ছাই আৰু উপ-মুখ্যমন্ত্ৰী শ্ৰী বিজয় শৰ্মাও উপস্থিত আছিল।
কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰীগৰাকীয়ে কাৰেগুট্টালু পাহাৰত এতিয়ালৈকে চলোৱা সৰ্ববৃহৎ নক্সালবিৰোধী অভিযান ‘অপাৰেচন ব্লেক ফৰেষ্ট’ক সফল কৰি তোলাৰ ক্ষেত্ৰত বীৰত্ব প্ৰদৰ্শন কৰাৰ বাবে জোৱানসকলক অভিনন্দন জনায়। তেওঁ কয় যে ‘অপাৰেচন ব্লেক ফৰেষ্ট’ৰ সময়ত জোৱানসকলৰ সাহস আৰু বীৰত্ব নক্সালবিৰোধী অভিযানৰ ইতিহাসৰ এক সোণালী অধ্যায় হিচাপে স্মৰণীয় হৈ থাকিব।
শ্ৰী অমিত শ্বাহে কয় যে সকলো নক্সালবাদীয়ে আত্মসমৰ্পণ নকৰাপৰ্যন্ত অথবা ধৰা নপৰা বা নিৰ্মূল নোহোৱালৈকে মোদী চৰকাৰে জিৰণি নলয়। তেওঁ কয়- ‘প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আমি ভাৰতক নক্সালমুক্ত কৰিম।’
কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে কয় যে গৰম, উচ্চতা আৰু প্ৰতিটো পদক্ষেপতে আই ই ডিৰ বিপদৰ মাজতো নিৰাপত্তা বাহিনীয়ে উচ্চ মনোভাৱেৰে অভিযান সফল কৰি নক্সালবাদীৰ মূল ঘাটী ধ্বংস কৰে। তেওঁ কয় যে কাৰেগুট্টালু পাহাৰত নিৰ্মিত নক্সালবাদীৰ সামগ্ৰীৰ ভাণ্ডাৰ আৰু যোগান শৃংখল ছত্তীশগড় আৰক্ষী, চি আৰ পি এফ, ডি আৰ জি আৰু কোব্ৰাৰ জোৱানসকলে সাহসেৰে ধ্বংস কৰে।
শ্ৰী অমিত শ্বাহে কয় যে নক্সালবাদীয়ে দেশৰ অনুন্নত অঞ্চলবোৰৰ যথেষ্ট ক্ষতি কৰিছে, বিদ্যালয়, চিকিৎসালয় বন্ধ কৰি চৰকাৰী আঁচনিৰ সুবিধা ৰাইজৰ মাজলৈ যাবলৈ নিদিয়ে। তেওঁ কয় যে নক্সালবিৰোধী অভিযানৰ বাবে পশুপতিনাথৰ পৰা তিৰুপতিলৈকে অঞ্চলটোৰ ৬.৫ কোটি লোকৰ জীৱনত নতুনকৈ সূৰ্য্যোদয় হৈছে। শ্ৰী শ্বাহে কয় যে মোদী চৰকাৰে নক্সালবিৰোধী অভিযানত গুৰুতৰভাৱে শাৰীৰিক আঘাত পোৱা নিৰাপত্তা বাহিনীৰ জীৱন সূচল কৰাৰ বাবে সকলো প্ৰচেষ্টা চলাইছে। তেওঁ কয় যে ২০২৬ চনৰ ৩১ মাৰ্চৰ ভিতৰত দেশখনক নক্সালবাদৰ পৰা মুক্ত কৰিবলৈ মোদী চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ।
*****
RK / VV / RR / PS / HS