প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

দিল্লীত বিভিন্ন উন্নয়নমূলক কামৰ উদ্বোধনী তথা আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ ইংৰাজী প্ৰতিৰূপ

Posted On: 03 JAN 2025 4:50PM by PIB Guwahati

ভাৰত মাতা কি – জয়!

ভাৰত মাতা কি – জয়!

কেন্দ্ৰীয় মন্ত্ৰীসভাত মোৰ সহযোগীসকল— মনোহৰ লাল জী, ধৰ্মেন্দ্ৰ প্ৰধান জী, টোখান সাহু জী, ড° সুকান্ত মজুমদাৰ জী, হৰ্ষ মালহোত্ৰা জী, দিল্লীৰ উপ-ৰাজ্যপাল, বিনয় কুমাৰ সক্সেনা জী তথা মোৰ সকলো সতীৰ্থ সংসদ সদস্য, বিধায়ক, আৰু মোৰ মৰমৰ ভাতৃ-ভগ্নীসকল।

আপোনালোক সকলোকে ২০২৫ চনৰ নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনাইছো।২০২৫ বৰ্ষই ভাৰতৰ উন্নয়নৰ বাবে অসংখ্য নতুন সুযোগ কঢ়িয়াই আনিছে। বিশ্বৰ তৃতীয় বৃহৎ অৰ্থনৈতিক শক্তি হোৱাৰ দিশত আমাৰ যাত্ৰাই এই বছৰ আৰু অধিক গতি লাভ কৰিব। সম্প্ৰতি ভাৰত বিশ্বৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক স্থিতিশীলতাৰ প্ৰতীক হিচাপে পৰিগণিত হৈছে। ভাৰতৰ এই ভূমিকা ২০২৫ চনত আৰু অধিক শক্তিশালী হৈ উঠিব।এই বছৰে ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় ভাবমূৰ্তি বিশ্বজুৰি বৃদ্ধি কৰিব। এই বৰ্ষটোৱে ভাৰতক এক বৃহৎ উৎপাদন কেন্দ্ৰলৈ ৰূপান্তৰিত কৰিব। এই বৰ্ষই যুৱক-যুৱতীসকলৰ মাজত নতুন ষ্টাৰ্ট-আপ আৰু উদ্যোগীকৰণৰ উত্থান ত্বৰান্বিত কৰিব। এই বৰ্ষই কৃষি খণ্ডত নতুন মাইলৰ খুঁটি স্থাপন কৰিব। এই বৰ্ষই আমাৰ "মহিলাৰ নেতৃত্বত উন্নয়ন" মন্ত্ৰক নতুন শিখৰলৈ লৈ যাব।আৰু এই বৰ্ষই জীৱন-যাপনৰ সূচলতা তথা জীৱনৰ মান ত্বৰান্বিত কৰাৰ ওপৰত গুৰুত্ব দিব। আজিৰ অনুষ্ঠানটোও এই প্ৰতিশ্ৰুতিৰ এটা অংশ।

বন্ধুসকল,

আজি উদ্বোধন আৰু স্থাপন কৰা প্ৰকল্পসমূহৰ ভিতৰত আছে অভাৱগ্ৰস্ত লোকৰ বাবে গৃহ নিৰ্মাণ আৰু বিদ্যালয়-মহাবিদ্যালয়ৰ সৈতে জড়িত প্ৰকল্পসমূহ। আপোনালোক সকলোকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলো। বিশেষকৈ সেইসকল পৰিয়াল আৰু মাতৃ-ভগ্নীসকলক অভিনন্দন জনাইছো, যাৰ নতুন জীৱন এক প্ৰকাৰে আৰম্ভ হৈছে। জুপুৰীৰ পৰা স্থায়ী ঘৰলৈ, ভাড়াঘৰৰ পৰা নিজৰ ঘৰৰ মালিক হোৱালৈকে—এয়া সঁচাকৈয়ে এক নতুন আৰম্ভণি। তেওঁলোকে লাভ কৰা বাসগৃহসমূহ মৰ্যাদা আৰু আত্মসন্মানৰ ঘৰ৷ এই ঘৰবোৰ নতুন আশা আৰু সপোনৰ। আপোনালোকৰ সুখ আৰু উদযাপনৰ অংশ হ'বলৈ আজি মই ইয়াত উপস্থিত হৈছো। আৰু আজি ইয়াত থিয় হৈ থকাৰ সময়তে বহু পুৰণি স্মৃতি সজীৱ হোৱাটো স্বাভাৱিক। হয়তো আপোনালোকৰ মাজৰ কিছুমানে জানে যে জৰুৰীকালীন সময়ত যেতিয়া জাতিটোৱে ইন্দিৰা গান্ধীৰ স্বৈৰাচাৰী শাসনৰ বিৰুদ্ধে যুঁজি আছিল, তেতিয়া জৰুৰীকালীন অৱস্থাৰ বিৰুদ্ধেও এখন যুঁজ চলি আছিল। আন বহুতৰ দৰে ময়ো তলে তলে চলি থকা সেই আন্দোলনৰ অংশ আছিলো। সেই সময়ত অশোক বিহাৰ মোৰ বাসস্থান আছিল। গতিকে, আজি অশোক বিহাৰত উপস্থিত হৈ স্মৃতিৰ মণিকূট সজীৱ হৈ উঠিছে।

বন্ধুসকল,

আজি সমগ্ৰ জাতিটোৱে ‘বিকশিত ভাৰত’ (উন্নত ভাৰত) গঢ়ি তোলাত মনোনিৱেশ কৰিছে। ‘বিকশিত ভাৰত’ মানে প্ৰতিজন নাগৰিকৰ মূৰৰ ওপৰত মজবুত চাল আৰু ভাল বাসগৃহ। আমি এই সংকল্পৰ সৈতে কাম কৰি আছো আৰু ইয়াক লাভ কৰাত দিল্লীৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। সেইবাবেই বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে বস্তিৰ ঠাইত স্থায়ী গৃহ নিৰ্মাণৰ অভিযান আৰম্ভ কৰিলে। দুবছৰ আগতে কলকাজী এক্সটেনচনত বস্তিত বসবাস কৰা আমাৰ ভাই-ভনীসকলৰ বাবে ৩০০০ৰো অধিক ঘৰ উদ্বোধন কৰাৰ সুযোগ পাইছিলো। আশা নোহোৱাকৈ বস্তিত প্ৰজন্মৰ পিছত প্ৰজন্ম কটাবলগীয়া হোৱা পৰিয়ালসমূহ এতিয়া প্ৰথমবাৰৰ বাবে স্থায়ী ঘৰলৈ স্থানান্তৰিত হৈছে। সেই সময়ত মই কৈছিলো যে এইটো মাত্ৰ আৰম্ভণিহে। আজি আৰু ১৫০০ ঘৰ যোগ্য গৰাকীৰ হাতত গতাই দিয়া হৈছে। এই ‘স্বাভিমান এপাৰ্টমেণ্ট’সমূহ হৈছে অভাৱগ্ৰস্ত লোকসকলৰ বাবে মৰ্যাদা আৰু আত্মসন্মানৰ প্ৰতীক। ইয়াৰ আগতে কিছুসংখ্যক হিতাধিকাৰীৰ সৈতে মত বিনিময় কৰিছিলো আৰু তেওঁলোকৰ মাজত থকা আনন্দ, গৌৰৱ আৰু নৱলব্ধ শক্তি অনুভৱ কৰিব পাৰিছিলো। তাত কিছুমান ল’ৰা-ছোৱালীক লগ পাই এনে লাগিল যেন তেওঁলোকৰ সপোনবোৰ ‘স্বাভিমান এপাৰ্টমেণ্ট’ৰ উচ্চতাও অতিক্ৰম কৰিছে।

আৰু বন্ধুসকল,

এই বাসগৃহসমূহৰ গৰাকী দিল্লীৰ বিভিন্ন প্ৰান্তৰ পৰা আহিব পাৰে, কিন্তু তেওঁলোক সকলো মোৰ পৰিয়ালৰ সদস্য।

বন্ধুসকল,

দেশে ভালদৰে জানে যে মোদীয়ে কেতিয়াও নিজৰ বাবে ঘৰ সজা নাই, কিন্তু যোৱা ১০ বছৰত ৪ কোটিতকৈও অধিক অসুবিধাগ্ৰস্ত লোকৰ বাবে বাসগৃহৰ ব্যৱস্থা কৰি তেওঁলোকৰ সপোন পূৰণ কৰিছে। মইও নিজৰ বাবে এটা ‘ছিছ মহল’ (প্ৰাসাদ) সাজিব পাৰিলোহেঁতেন। কিন্তু মোৰ একমাত্ৰ সপোন আছিল মোৰ দেশৰ নাগৰিকসকলৰ মূৰৰ ওপৰত যাতে এখন মজবুত চাল থাকে। মই আপোনালোক সকলোকে আহ্বান জনাইছো, যেতিয়াই আপুনি মানুহক লগ পায়— বিশেষকৈ যিসকলে এতিয়াও বস্তি অঞ্চল আৰু জুপুৰীত থাকে-তেওঁলোকক মোৰ হৈ প্ৰতিশ্ৰুতি দিয়ক। তেওঁলোকক কওক যে আজি হওক বা কাইলৈ ​​হওক, তেওঁলোকৰ বাবে এটা স্থায়ী ঘৰ নিৰ্মাণ কৰা হ’ব, আৰু তেওঁলোকৰ নিজৰ বাসগৃহ হ’ব। মোৰ বাবে ‘আপোনালোক সকলো মোদী’, গতিকে আপোনালোকে এই প্ৰতিশ্ৰুতি আত্মবিশ্বাসেৰে দিব পাৰে। অভাৱগ্ৰস্ত লোকৰ বাবে এই ঘৰবোৰ উন্নত জীৱনৰ বাবে প্ৰয়োজনীয় প্ৰতিটো সুবিধাৰে সজ্জিত। এই সুবিধাসমূহে মৰ্যাদা জাগ্ৰত কৰে, আত্মবিশ্বাস বৃদ্ধি কৰে, আৰু ‘বিকশিত ভাৰত’ৰ প্ৰকৃত শক্তিক প্ৰতিনিধিত্ব কৰে। কিন্তু আমি ইয়াতেই ৰৈ নাযাওঁ৷ দিল্লীত আৰু প্ৰায় ৩০০০ টা এনে ঘৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱাৰ উপক্ৰম হৈছে। অদূৰ ভৱিষ্যতে হাজাৰ হাজাৰ নতুন ঘৰ দিল্লীবাসীৰ হাতত গতাই দিয়া হ’ব। এই অঞ্চলত বৃহৎ সংখ্যক চৰকাৰী কৰ্মচাৰীও থাকে। তেওঁলোকৰ বাসগৃহসমূহ যথেষ্ট পুৰণি হৈ গৈছিল আৰু তেওঁলোকৰ বাবেও নতুন গৃহ নিৰ্মাণ কৰা হৈছে। দিল্লী মহানগৰৰ অভূতপূৰ্ব সম্প্ৰসাৰণৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে ৰোহিনী আৰু দ্বাৰকা উপ-নগৰৰ সম্প্ৰসাৰণৰ পাছতে নৰেলা উপ-নগৰৰ উন্নয়ন ত্বৰান্বিত কৰিছে।

বন্ধুসকল,

‘বিকশিত ভাৰত’ গঢ়ি তোলাত আমাৰ চহৰসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এই চহৰবোৰেই হৈছে সেই স্থান, য’ত দূৰ-দূৰণিৰ অঞ্চলৰ মানুহে ডাঙৰ ডাঙৰ সপোন লৈ আহি সেই সপোন পূৰণৰ বাবে সম্পূৰ্ণ হৃদয়েৰে নিজৰ জীৱন উচৰ্গা কৰে। সেইবাবেই বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ আমাৰ চহৰত বসবাস কৰা প্ৰতিটো পৰিয়ালৰ গুণগত জীৱন নিশ্চিত কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। আমাৰ প্ৰচেষ্টা সকলোকে, সেয়া অসুবিধাগ্ৰস্ত হওক বা মধ্যবিত্তই হওক, ভাল বাসগৃহ পাবলৈ সহায় কৰাত কেন্দ্ৰীভূত। যিসকলে শেহতীয়াকৈ গাঁৱৰ পৰা চহৰলৈ স্থানান্তৰিত হৈছে তেওঁলোকৰ বাবে আমি সুলভ মূল্যৰ ভাড়াঘৰৰ ব্যৱস্থা কৰাৰ লক্ষ্য ৰাখিছো। মধ্যবিত্ত পৰিয়ালসমূহৰ বাবে চৰকাৰে তেওঁলোকৰ ঘৰৰ মালিক হোৱাৰ সপোন পূৰণ কৰাত সহায় কৰিবলৈ পূৰ্ণ সমৰ্থন আগবঢ়াইছে। এই কাম বিগত দশক ধৰি ধাৰাবাহিকভাৱে চলি আছে। প্ৰধানমন্ত্ৰী আবাস যোজনা (নগৰীয়া)ৰ অধীনত বিগত ১০ বছৰত সমগ্ৰ দেশতে ১ কোটিৰো অধিক ঘৰ নিৰ্মাণ কৰা হৈছে। খোদ দিল্লীতো এই আঁচনিৰ অধীনত প্ৰায় ৩০ হাজাৰ নতুন ঘৰ নিৰ্মাণ কৰা হৈছে।

বন্ধুসকল,

আমি এতিয়া এই প্ৰচেষ্টা আৰু অধিক সম্প্ৰসাৰণৰ পৰিকল্পনা কৰিছো। প্ৰধানমন্ত্ৰী আবাস যোজনাৰ (নগৰীয়া) পৰৱৰ্তী পৰ্যায়ত নগৰীয়া দৰিদ্ৰ লোকৰ বাবে ১ কোটি নতুন ঘৰ নিৰ্মাণ কৰা হ’ব। বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে এই ঘৰসমূহৰ বাবে আৰ্থিক সাহায্য আগবঢ়াব। বাৰ্ষিক আয় ৯ লাখ টকাতকৈ কম হোৱা পৰিয়ালে এই আঁচনিৰ অধীনত বিশেষ সুবিধা লাভ কৰিব। ইয়াৰ উপৰিও মধ্যবিত্ত পৰিয়ালসমূহক ঘৰৰ মালিক হোৱাৰ সপোন বাস্তৱায়িত কৰাত সহায় কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে গৃহ ঋণৰ ওপৰত যথেষ্ট সুদৰ ৰাজসাহায্য আগবঢ়াইছে, য’ত চৰকাৰে সুদৰ এটা ডাঙৰ অংশ আদায় দিছে।

বন্ধুসকল,

প্ৰতিটো পৰিয়ালে সপোন দেখে যে সন্তানে ভাল শিক্ষা লাভ কৰক, ভালকৈ শিকক, স্বাৱলম্বী হওক। সমগ্ৰ দেশতে গুণগত মানৰ বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়, পেছাদাৰী প্ৰতিষ্ঠানৰ উপলব্ধতা নিশ্চিত কৰাত বিজেপি চৰকাৰে যথেষ্ট গুৰুত্ব আৰোপ কৰিছে। আমাৰ লক্ষ্য কেৱল শিশুসকলক শিক্ষিত কৰাই নহয়, বৰ্তমান আৰু ভৱিষ্যতৰ প্ৰয়োজনীয়তাৰ বাবে নতুন প্ৰজন্মক প্ৰস্তুত কৰা। এই দৃষ্টিভংগীৰ প্ৰতি লক্ষ্য ৰাখি নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি (এন ই পি) ৰচনা কৰা হৈছে। দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ শিশুসকলক নতুন সুযোগ প্ৰদানৰ লক্ষ্যৰে নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি এক পৰিবৰ্তনশীল পদক্ষেপ। মধ্যবিত্ত আৰু অসুবিধাগ্ৰস্ত পৰিয়ালৰ শিশুৰ বাবেও প্ৰতিষ্ঠিত আদালতত অধিবক্তা, চিকিৎসক বা অভিযন্তা হোৱাৰ সপোনবোৰো ঠিক তেনেকুৱাই তাৎপৰ্যপূৰ্ণ। কিন্তু মধ্যবিত্ত পৰিয়ালসমূহৰ বাবে ইংৰাজী মাধ্যমৰ শিক্ষাৰ খৰচ বহন কৰাটো প্ৰত্যাহ্বানজনক হৈ আহিছে আৰু দৰিদ্ৰসকলৰ বাবে এই অসুবিধা আৰু অধিক। কিন্তু ইয়াৰ অৰ্থ এইটো নেকি যে ইংৰাজী ভাষাত দক্ষতাৰ অভাৱৰ বাবেই মধ্যবিত্ত আৰু দৰিদ্ৰ পৰিয়ালৰ শিশুসকলক ডাক্তৰ বা অভিযন্তা হোৱাৰ সুযোগৰ পৰা বঞ্চিত কৰা উচিত? তেওঁলোকেও ডাক্তৰ আৰু অভিযন্তা হোৱাৰ সপোন পূৰণ কৰাৰ সুযোগ পোৱা উচিত নহয়নে? এইখিনিতে আপোনাৰ সেৱকে বহুদিনীয়া সংস্কাৰ ৰূপায়ণ কৰিছে। আজি ল’ৰা-ছোৱালীয়ে নিজৰ মাতৃভাষাত পঢ়া-শুনা কৰিও চিকিৎসক, অভিযন্তা হ’ব পাৰে, আনকি দেশৰ সৰ্বোচ্চ আদালতত গোচৰ বিবাদ কৰিব পাৰে।

বন্ধুসকল,

আমাৰ দেশৰ শিক্ষা ব্যৱস্থাৰ উন্নতিৰ ক্ষেত্ৰত চিবিএছই (Central Board of Secondary Education)ৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। ইয়াৰ পৰিসৰ ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। এই কথা মনত ৰাখি চিবিএছইৰ বাবে এটা নতুন ভৱন নিৰ্মাণ কৰা হৈছে। এই নতুন সুবিধাই আধুনিক শিক্ষাৰ সম্প্ৰসাৰণ আৰু পৰীক্ষা অনুষ্ঠিত কৰাৰ উন্নত পদ্ধতি গ্ৰহণ কৰাত সহায় কৰিব।

বন্ধুসকল,

উচ্চ শিক্ষাৰ ক্ষেত্ৰত দিল্লী বিশ্ববিদ্যালয়ৰ সুনাম অধিক শক্তিশালী হৈ আহিছে। মই সৌভাগ্যৱান যে মই নিজেই এই সন্মানীয় বিশ্ববিদ্যালয়খনৰ ছাত্ৰ আছিলো। আমাৰ প্ৰয়াস হৈছে দিল্লীৰ যুৱক-যুৱতীসকলক ইয়াতেই উচ্চ শিক্ষা গ্ৰহণৰ বাবে অধিকতম সুযোগ প্ৰদান কৰা। আজি যিবোৰ নতুন কেম্পাছৰ আধাৰশিলা স্থাপন কৰা হৈছে, সেইবোৰে প্ৰতি বছৰে শ শ অতিৰিক্ত ছাত্ৰ-ছাত্ৰীক দিল্লী বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিবলৈ সক্ষম কৰিব। দিল্লী বিশ্ববিদ্যালয়ৰ ইষ্ট কেম্পাছ আৰু ৱেষ্ট কেম্পাছ বহুদিনৰ পৰা সাজু হৈ আছে। এতিয়া এই অপেক্ষা অতি সোনকালে শেষ হ’ব। সুৰজমল বিহাৰৰ ইষ্ট কেম্পাছ আৰু দ্বাৰকাৰ পশ্চিম কেম্পাছৰ কাম দ্ৰুতগতিত আগবাঢ়িবলৈ সাজু হৈছে। ইয়াৰ উপৰিও নাজাফগড়ত এখন নতুন মহাবিদ্যালয় স্থাপন কৰা হ’ব, যাৰ নাম বীৰ সাৱৰকাৰ জীৰ নামেৰে ৰখা হ’ব।

বন্ধুসকল,

এফালে দিল্লীৰ শিক্ষা ব্যৱস্থাৰ উন্নতিৰ বাবে কেন্দ্ৰীয় চৰকাৰে উল্লেখযোগ্য প্ৰচেষ্টা চলাই থকাৰ বিপৰীতে ইয়াৰ ৰাজ্য চৰকাৰে প্ৰকাশ্য মিছা কথাত লিপ্ত হৈ আহিছে। বিগত ১০ বছৰে ক্ষমতাত থকা বৰ্তমানৰ ৰাজ্য চৰকাৰখনে দিল্লীৰ বিদ্যালয় শিক্ষা ব্যৱস্থাৰ অপৰিসীম ক্ষতি কৰিছে। পৰিস্থিতি ইমানেই ভয়াৱহ হৈ পৰিছে যে সমগ্ৰ শিক্ষা অভিযানৰ অধীনত কেন্দ্রীয় চৰকাৰে শিক্ষাৰ বাবে আগবঢ়োৱা ধনৰ উপযুক্ত ব্যৱহাৰ নহ’ল৷ দিল্লীৰ শিশুসকলৰ ভৱিষ্যতৰ প্ৰতি উদাসীন যেন লগা এই ৰাজ্য চৰকাৰখনে কেন্দ্রীয় চৰকাৰে শিক্ষাৰ বাবে আবণ্টন দিয়া ধনৰ আধাও খৰচ কৰিব নোৱাৰিলে৷

বন্ধুসকল,

এইখন দেশৰ ৰাজধানী, দিল্লীৰ জনসাধাৰণৰ সুশাসনৰ সপোন দেখাৰ অধিকাৰ আছে। কিন্তু বিগত ১০ বছৰে দিল্লীক আগুৰি ধৰিছে এক বৃহৎ ‘আপ-দা’ই (সংকট)। কিছুমান দুৰ্নীতিগ্ৰস্ত ব্যক্তিয়ে, আন্না হাজাৰে জীক আগস্থানত ৰাখি দিল্লীক এই ‘আপ-দা’ৰ মাজলৈ ঠেলি দিছে। সুৰাৰ চুক্তিৰ কেলেংকাৰিৰ পৰা আৰম্ভ কৰি শিশুৰ বিদ্যালয়ত অনিয়ম, দুখীয়াৰ স্বাস্থ্যসেৱাত হোৱা প্ৰবঞ্চনা, আনকি প্ৰদূষণৰ বিৰুদ্ধে যুঁজ দিয়াৰ আঁৰত আৰু নিযুক্তিৰ ক্ষেত্ৰতো দুৰ্নীতি পৰিলক্ষিত হৈছে। এসময়ত দিল্লীৰ উন্নয়নৰ কথা কোৱা এইসকল লোকে চহৰখনৰ বাবে ‘আপ-দা’ৰ উৎসলৈ পৰিণত হৈছে। তেওঁলোকে কেৱল প্ৰকাশ্য দুৰ্নীতিত লিপ্ত হোৱাই নহয়, ইয়াক মহিমামণ্ডিত হ’ব পাৰে। যেন তেওঁলোকে জ্বলা জুইত ঘিউ ঢালিছে। এই সংকট, এই ‘আপ-দা’ দিল্লীৰ ওপৰত নামি আহিছে। সেইবাবেই এই ‘আপ-দা’ৰ বিৰুদ্ধে দিল্লীৰ জনসাধাৰণে যুদ্ধ আৰম্ভ কৰিছে৷ দিল্লীৰ ভোটাৰসকলে এই ‘আপ-দা’ৰ পৰা মহানগৰখনক মুক্ত কৰিবলৈ দৃঢ়প্ৰতিজ্ঞ। দিল্লীৰ প্ৰতিজন নাগৰিক, দিল্লীৰ প্ৰতিটো শিশুৱে চহৰৰ চুক-কোণৰ ​​পৰা মাত মাতিছে, "আমি এই ‘আপ-দা’ সহ্য নকৰো, পৰিবৰ্তন আনিম!"; "আমি এই ‘আপ-দা’ সহ্য নকৰো, আমি পৰিবৰ্তন আনিম!"; "আমি এই ‘আপ-দা’ সহ্য নকৰো, আমি পৰিবৰ্তন আনিম!"; " আমি এই ‘আপ-দা’ সহ্য নকৰো, পৰিবৰ্তন আনিম!"; " আমি এই ‘আপ-দা’ সহ্য নকৰো, পৰিবৰ্তন আনিম!"।

বন্ধুসকল,

দিল্লী দেশৰ ৰাজধানী হোৱাৰ বাবে কেন্দ্রীয় চৰকাৰৰ দায়িত্বত থকা কেইবাটাও উচ্চ খৰচী প্রকল্পৰ গৃহভূমি৷ ইয়াৰ বেছিভাগ পথ, মেট্ৰ’ লাইন, বৃহৎ চিকিৎসালয়, কলেজ চৌহদ নিৰ্মাণৰ দায়িত্ব কেন্দ্ৰীয় চৰকাৰৰ। কিন্তু ইয়াত নিজৰ অংশৰ কৰ্তব্য চম্ভালিব লগা ‘আপ-দা’ চৰকাৰে এই ক্ষেত্ৰত যিকোনো অগ্ৰগতিৰ ওপৰত প্ৰতিবন্ধকতা সৃষ্টি কৰিছে। মহানগৰখনক সংকটেৰে আগুৰি থকা ‘আপ-দা’ৰ ভৱিষ্যতৰ কোনো দৃষ্টিভংগীৰ অভাৱ। এই ‘আপ-দা’ৰ উদাহৰণ হ’ল আমাৰ যমুনা নদীৰ অৱস্থা। ইয়াত উপস্থিত হোৱাৰ ঠিক আগতে মই স্বাভিমান ফ্লেটৰ হিতাধিকাৰীসকলৰ সৈতে কথা পাতি আছিলো, যাৰ অধিকাংশই দিল্লীৰ উত্তৰ অংশত বাস কৰে। মই তেওঁলোকক তেওঁলোকৰ ষট পূজা উদযাপনৰ কথা সুধিলো, হাত ভাঁজ কৰি তেওঁলোকে মোক ক’লে যে যমুনা জীৰ অৱস্থা ইমানেই বেয়া হৈছে যে তেওঁলোকে ৰীতি-নীতিবোৰো সঠিকভাৱে কৰিব পৰা নাই৷ নদী মাতৃৰ পৰা ক্ষমা বিচাৰি অনুষ্টুপীয়া অৰ্চনাত সন্তুষ্ট হ’বলগীয়া হ’ল। দিল্লীৰ প্ৰতিগৰাকী বাসিন্দাই যমুনা জীৰ দুখজনক অৱস্থাৰ বিষয়ে অৱগত।

বন্ধুসকল,

দহ বছৰৰ পাছত তেওঁলোকৰ ক’বলৈ দুঃসাহস আছে, আৰু কোনো লাজ নাই, কোনো দায়িত্ববোধ নাই- এইটোৱেই হৈছে আমি মোকাবিলা কৰা ‘আপ-দা’৷ তেওঁলোকে দাবী কৰে যে যমুনা চাফা কৰিলে তেওঁলোকে ভোট নাপাব। যমুনা চাফা কৰিলে যদি ভোট উপাৰ্জন নহয়, তাৰমানে আমি নদীখনক দুখজনক অৱস্থাত এৰি দিয়া উচিত নেকি? যমুনা চাফা নকৰিলে দিল্লীয়ে খোৱাপানী কেনেকৈ পাব? এই ব্যক্তিসকলৰ কার্যৰ বাবেই দিল্লীবাসীয়ে দূষিত পানী খাবলৈ বাধ্য হৈছে৷ এই ‘আপ-দা’ই দিল্লীবাসীৰ জীৱন টেংকাৰ মাফিয়াৰ হাতত অৰ্পণ কৰিছে। এই ‘আপ-দা’ ব্যক্তিসকল থাকিলে তেওঁলোকে দিল্লীক আৰু ভয়াৱহ ভৱিষ্যতৰ দিশেহে লৈ যাব।

বন্ধুসকল,

দেশৰ বাবে ৰূপায়ণ কৰা সকলো ভাল আঁচনিয়ে যাতে দিল্লীত থকা মোৰ ভাই-ভনীসকলৰো উপকাৰ সাধে, সেয়া মোৰ অহৰহ প্ৰচেষ্টা। বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ আঁচনিসমূহে দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীক সুবিধা প্ৰদান কৰাৰ লগতে ধন সঞ্চয়তো সহায় কৰিছে।

বন্ধুসকল,

বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে কেৱল বিদ্যুতৰ বিল শূন্যলৈ হ্ৰাস কৰাই নহয়, বিদ্যুতৰ পৰা জনসাধাৰণক উপাৰ্জনৰ সুযোগো প্ৰদান কৰিছে। প্ৰধানমন্ত্ৰী সূৰ্যঘৰ বিনামূলীয়া বিজুলী যোজনাৰ জৰিয়তে প্ৰতিটো পৰিয়ালেই শক্তি উৎপাদক হৈ পৰিছে। এই পদক্ষেপৰ অধীনত চৰকাৰে প্ৰতিটো ইচ্ছুক পৰিয়ালক সৌৰ পেনেল স্থাপনৰ বাবে ৭৫,০০০ টকাৰ পৰা ৮০,০০০ টকালৈকে যোগান ধৰিছে। এতিয়ালৈকে সমগ্ৰ দেশৰ ৭.৫ লাখৰো অধিক ঘৰৰ ছাদত পেনেল স্থাপন কৰা হৈছে। ইয়াৰ দ্বাৰা পৰিয়ালসমূহে তেওঁলোকৰ প্ৰয়োজনৰ বাবে বিনামূলীয়া বিদ্যুৎ লাভ কৰাটো নিশ্চিত হ’ব, আৰু যিকোনো অতিৰিক্ত বিদ্যুৎ উৎপাদন হ’লে ধন উপাৰ্জন হ’ব, যি ধন চৰকাৰে পৰিয়ালটোক ঘূৰাই দিব। দিল্লীবাসীক আশ্বাস দিছো যে ইয়াত বিজেপিয়ে চৰকাৰ গঠন কৰাৰ লগে লগে আমি দিল্লীতো প্ৰধানমন্ত্ৰী সূৰ্যঘৰ বিনামূলীয়া বিজুলী যোজনা দ্ৰুতগতিত ৰূপায়ণ কৰিম।

বন্ধুসকল,

আজি কেন্দ্ৰীয় চৰকাৰে দিল্লীৰ প্ৰায় ৭৫ লাখ আৰ্তজনক বিনামূলীয়া ৰেচন প্ৰদান কৰিছে। ৱান নেচন ৱান ৰেচন কাৰ্ড আঁচনিৰ জৰিয়তে দিল্লীবাসী যথেষ্ট উপকৃত হৈছে। মাত্ৰ কেইবছৰমান আগতে দিল্লীত ৰেচন কাৰ্ড পোৱাটোও কঠিন হৈ পৰিছিল। পুৰণি বাতৰি কাকতবোৰ চালে দেখা যাব মানুহে কেনেধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। ‘আপ-দা’ ৰাইজে ৰেচন কাৰ্ড দিয়াৰ বাবেও উৎকোচ বিচাৰিছিল। আজি দুৰ্নীতিৰ বাট বন্ধ হৈ গৈছে, আৰু ৰেচনৰ খৰচতো সঞ্চয় হৈছে।

বন্ধুসকল,

দিল্লীৰ দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালসমূহক সুলভ মূল্যৰ ঔষধ যোগান ধৰাৰ বাবে মহানগৰীত প্ৰায় ৫০০ খন ঔষধি কেন্দ্ৰ স্থাপন কৰা হৈছে। এই কেন্দ্ৰসমূহত ৮০% তকৈ অধিক ৰেহাইৰ সৈতে ঔষধ উপলব্ধ। উদাহৰণস্বৰূপে ১০০ টকাৰ ঔষধ মাত্ৰ ১৫ টকা বা ২০ টকাত পোৱা যায়।

বন্ধুসকল,

মই দিল্লীবাসীক বিনামূলীয়া চিকিৎসা প্ৰদান কৰা আয়ুষ্মান ভাৰত আঁচনিৰ সুবিধা প্ৰদান কৰিব বিচাৰো। অৱশ্যে ‘আপ-দা’ চৰকাৰৰ দিল্লীৰ জনসাধাৰণৰ প্ৰতি গভীৰ শত্ৰুতা আছে। সমগ্ৰ দেশতে আয়ুষ্মান ভাৰত আঁচনি ৰূপায়ণ হোৱাৰ বিপৰীতে দিল্লীত ‘আপ-দা’ ৰাইজে ইয়াক ৰূপায়ণত বাধা দিছে। ফলত দিল্লীৰ জনসাধাৰণ ক্ষতিগ্ৰস্ত হৈছে। আটাইতকৈ উল্লেখযোগ্য বিষয়টো হ’ল দিল্লীৰ ব্যৱসায়ী, পেছাদাৰী, যুৱক-যুৱতীসকলে প্ৰায়ে সমগ্ৰ দেশতে ভ্ৰমণ কৰে। যদি তেওঁলোকে ভাৰতৰ যিকোনো চুকলৈ যায় আৰু তেওঁলোকৰ কিবা এটা হয়, তেন্তে আয়ুষ্মান কাৰ্ড থাকিলে দেশৰ যিকোনো ঠাইতে তেওঁলোকৰ চিকিৎসাৰ নিশ্চয়তা থাকিব। কিন্তু দিল্লীৰ ‘আপ-দা’ চৰকাৰে তেওঁলোকক আয়ুষ্মান আঁচনিৰ সৈতে সংযোগ কৰিবলৈ অস্বীকাৰ কৰাৰ বাবে এই সুবিধা দিল্লীবাসীৰ বাবে উপলব্ধ নহয়। গতিকে ভ্ৰমণৰ সময়ত কিবা এটা হ’লেও মই মোদীয়ে আপোনাৰ সেৱা কৰিব বিচাৰো, কিন্তু ‘আপ-দা’ৰ পাপৰ বাবে মই সেয়া কৰিবলৈ অক্ষম।

বন্ধুসকল,

বিজেপি চৰকাৰে আয়ুষ্মান ভাৰত আঁচনিৰ সম্প্ৰসাৰণ কৰি ৭০ বছৰৰ ওপৰৰ জ্যেষ্ঠ নাগৰিকক সামৰি লৈছে।এতিয়া যিকোনো পৰিয়ালৰ সন্তানসকলে বৃদ্ধ পিতৃ-মাতৃৰ স্বাস্থ্যসেৱাৰ বাবে আৰু চিন্তা কৰাৰ প্ৰয়োজন নাই। এই পুত্ৰই তেওঁলোকৰ মংগলৰ ওপৰত গুৰুত্ব দিব পাৰে। কিন্তু, অতি আক্ষেপেৰে ক’ব লাগিব যে এই পুত্ৰই দিল্লীত নিজৰ বৃদ্ধ পিতৃ-মাতৃক যিমানেই সেৱা আগবঢ়াব বিচাৰিলেও ‘আপ-দা’ লোকে দিল্লীৰ জ্যেষ্ঠ নাগৰিকসকলক এই সেৱাৰ পৰা বঞ্চিত কৰিছে। এই আঁচনিৰ দ্বাৰা তেওঁলোকে লাভৱান হ’ব পৰা নাই। দিল্লীৰ বৃদ্ধ নাগৰিকৰ মংগলতকৈ ‘আপ-দা’ৰ সদস্যৰ স্বাৰ্থপৰতা, হঠকাৰীতা, অহংকাৰ তেওঁলোকৰ বাবে অধিক গুৰুত্বপূৰ্ণ।

বন্ধুসকল,

ভাৰত চৰকাৰে দিল্লীবাসীৰ বাবে অতি সংবেদনশীলতাৰে কাম কৰি আছে। বিজেপি চৰকাৰে অসংখ্য উপনিবেশ নিয়মীয়া কৰি লাখ লাখ লোকৰ উদ্বেগ লাঘৱ কৰিছে। কিন্তু ‘আপ-দা’ চৰকাৰ, ৰাজ্য চৰকাৰে এই বাসিন্দাসকলক ‘আপ-দা’ৰ ভুক্তভোগীলৈ ৰূপান্তৰ কৰিছে। কেন্দ্রৰ বিজেপি চৰকাৰে মানুহক সহায়ৰ বাবে বিশেষ ছিংগল উইণ্ডো শিবিৰ চলাই থকাৰ সময়তে ‘আপ-দা’ চৰকাৰে এই কলনীসমূহত পানী আৰু নলাৰ দৰে মৌলিক সুবিধা প্রদান কৰাত ব্যর্থ হৈছে৷ ফলত লাখ লাখ দিল্লীবাসীয়ে যথেষ্ট কষ্টৰ সন্মুখীন হৈছে। ঘৰ সাজিবলৈ লাখ লাখ টকা বিনিয়োগ কৰাৰ পাছতো উপযুক্ত নলা-নৰ্দমা, ভঙা নলা, বা ৰাজপথত বৈ যোৱা লেতেৰা পানী পথেৰে বাগৰি থকাৰ সময়ত দিল্লীৰ ৰাইজে হৃদয়ত দুখ অনুভৱ কৰাটো স্বাভাৱিক। দিল্লীবাসীৰ আস্থাক বিশ্বাসঘাতকতা কৰি, মিছা শপত খাই, নিজৰ বাবে ‘ছিছ মহল’ (প্ৰাসাদ) নিৰ্মাণ কৰাসকলে অতি সোনকালে ইয়াৰ পৰিণামৰ সন্মুখীন হ’ব। যেতিয়া ‘আপ-দা’ৰ ঠাইত বিজেপি আহিব তেতিয়া এই সকলোবোৰ সমস্যা সমাধান হ’ব৷

বন্ধুসকল,

মনত ৰখা ভাল যে য’ত ‘আপ-দা’ৰ কোনো হস্তক্ষেপ নাথাকে তাতেই কামবোৰ দক্ষতাৰে কৰা হয়। ইয়াৰ এক প্ৰধান উদাহৰণ হ’ল দিল্লী উন্নয়ন কৰ্তৃপক্ষ (ডি ডি এ)। যিহেতু ডি ডি এত ‘আপ-দা’ৰ পৰা নূন্যতম হস্তক্ষেপ থাকে, সেয়েহে ই দুখীয়া আৰু মধ্যবিত্ত শ্ৰেণীৰ বাবে নতুন ঘৰ নিৰ্মাণ কৰিবলৈ সক্ষম হয়। দিল্লীৰ প্ৰতিটো ঘৰলৈ পাইপলাইনৰ জৰিয়তে সুলভ মূল্যৰ গেছ অনাৰ কাম দ্ৰুতগতিত আগবাঢ়িছে আৰু এইটো হৈছে কাৰণ তাত ‘আপ-দা’ৰ কোনো হস্তক্ষেপ নাই। একেদৰে দিল্লীত ঘাইপথ আৰু এক্সপ্ৰেছৱে নিৰ্মাণৰ কামো সুকলমে চলি আছে কাৰণ তাত ‘আপ-দা’ৰ কোনোধৰণৰ হস্তক্ষেপ নাই।

বন্ধুসকল,

‘আপ-দা’ৰ সদস্যই কেৱল দিল্লীত সমস্যাৰ সৃষ্টি কৰিব পাৰে, আনহাতে বিজেপি দিল্লীৰ জনসাধাৰণৰ সমস্যা সমাধানৰ বাবে উৎসৰ্গিত। মাত্ৰ দুদিন পূৰ্বে দিল্লীৰ সাতগৰাকী সাংসদে যান-বাহন সমস্যাৰ সমাধানৰ বাবে ভাৰত চৰকাৰক গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়াইছিল। এই প্ৰস্তাৱসমূহৰ ভিতৰত আছিল দিল্লী বিমানবন্দৰৰ সমীপৰ শিৱ মূৰ্তিৰ পৰা নেলছন মেণ্ডেলা মাৰ্গলৈ সুৰংগ নিৰ্মাণ, দিল্লী-অমৃতসৰ-কাটৰা এক্সপ্ৰেছৱেক কেএমপি এক্সপ্ৰেছৱে’ৰ সৈতে সংযোগ কৰা, দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে’ক আৰ্বান এক্সটেনচন ৰোড-টুৰ সৈতে সংযোগ কৰা, দিল্লীৰ বাবে ইষ্টাৰ্ণ বাইপাছ নিৰ্মাণ কৰা। ভাৰত চৰকাৰে এই পৰামৰ্শসমূহ মানি লৈ নীতিগতভাৱে ইয়াৰ বাবে অনুমোদন দিছে। এই প্ৰকল্পসমূহে অদূৰ ভৱিষ্যতে দিল্লীৰ যাতায়তৰ সমস্যা সমাধান কৰিব।

বন্ধুসকল,

২০২৫ বৰ্ষই দিল্লীত সুশাসনৰ এক নতুন ধাৰা সংজ্ঞায়িত কৰিব। এই বছৰে "জাতি প্ৰথম, দেশবাসী প্ৰথম আৰু মোৰ বাবে দিল্লী প্ৰথম"ৰ অনুভৱক শক্তিশালী কৰিব। এইবাৰ দিল্লীত জাতি-নিৰ্মাণ আৰু জনকল্যাণমূলক ৰাজনীতিৰ এক নতুন যুগৰ আৰম্ভণি হ’ব। আৰু সেইবাবেই আমি ‘আপ-দা’ আঁতৰাই বিজেপি আনিব লাগিব; ‘আপ-দা’ আঁতৰাই, বিজেপি আনিব; ‘আপ-দা’ আঁতৰাই, বিজেপি আনিব আৰু ‘আপ-দা’ আঁতৰাই, বিজেপি আনিব। এই বিশ্বাসেৰে পুনৰবাৰ আপোনালোক সকলোকে নতুন ঘৰ আৰু নতুন শিক্ষানুষ্ঠানৰ বাবে অভিনন্দন জনাইছো। মোৰ লগত যোগ দি কওঁক—

ভাৰত মাতা কি – জয়!

দুয়োখন হাত দাঙি সমস্ত শক্তিৰে কওক, "আমি আপ-দাৰ পৰা স্বাধীনতা বিচাৰো!"

ভাৰত মাতা কি – জয়!

ভাৰত মাতা কি – জয়!

ভাৰত মাতা কি – জয়!

আপোনাক অশেষ ধন্যবাদ।

***

MJPS/ST/VK/DD


(Release ID: 2161903) Visitor Counter : 8